ভূপেন হাজৰিকাৰ গীতৰ কথা



1অস্ত আকাশৰে সপোন ৰহন সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায় বৈয়ে যায় বৈয়ে যায়
কোন সুন্দৰৰ শিল্পীয়ে 
পদুম ফুলৰ নাৱেৰে
ময়ুৰপংখী ৰহনবোৰ
দিয়ে ছটিয়াই

দুয়োপাৰে ক'ত মানুহ
ক'ত যে ইতিহাস
ক'ত যুগৰ, শত আশাৰ
নিৰাশাৰে নিশ্বাস

লক্ষ্য যদি দিগন্ত
শিল্পীহে তোমাৰ
পদুমৰ পানচৈ চপোৱা এবাৰ
দেখিবা জীৱনৰে
দিগন্ত অপাৰ
বেলি যে যায়, বেলি যে যায়, বেলি যে যায়

2মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে
অকণি সহানুভুতিৰে
ভাবিব কোনেনো কোৱা, সমনীয়া?
মানুহে মানুহক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহৰিলে
ভুল জানো নহ’ব কোৱা সমনীয়া?
দুৰ্বল মানুহে যদি

জীৱনৰ কোবাল নদীত

পাৰ হয় তোমাৰেই সাহত

তুমি হেৰুৱাবা নো কি?
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয়েই মানুহ
লাজ পাব কোনেনো কোৱা, সমনীয়া 

3বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে 
হাঁহাকাৰ শুনিও নি:শব্দে নীৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়?
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলস ভাৱে বোৱা কিয়?
জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ

নেতৄবিহীনতাত নিমাত কিয়?

সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে

পঙ্গু মানৱক সৱল সংগ্ৰামী

আৰু অগ্ৰগামী কৰি নোতোলা কিয়?

ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক

সমষ্টি যদি ব্যক্তিত্বৰহিত

তেনে শিথিল সমাজক নাভাঙা কিয়?

তুমিয়ে যদি ব্ৰ্হ্মাৰে পুত্ৰ

সেই পিতৄত্ব তেনে নাম মাত্ৰ

নহ’লে প্ৰেৰণা নিদিয়া কিয়?

উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে

শৰ শয্যাকে আলিঙ্গন কৰা

ভীষ্মৰূপী অজস্ৰ বীৰক

জগাই নোতোলা কিয়? 


4বোলো অ' মিচিং ডেকাটি
বজালিযে পেঁপাটি
সুৰেৰে সজালি দেখোন দিচাংমুখৰ নিশাটি
মিবু গোলোক চোলাটি
পেৰেৰোম্বং চাদৰখন
কিয়নো পিন্ধিলি
মূৰত দেখোন দুমেৰ দি গামোচা আতিলি
আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে
সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি

বোলো অ' মিচিং গাভৰু
এগে মেখেলাতে তই এন্ধাৰ সানিলি
অ' ৰিহাখনিত তামুলী টাকা ৰঙা তৰা বাছিলি
ডেকাটিৰ সোণৰ বাঁহীৰ সতে গোংগাং বজালি
সৰিয়হৰ ফুল হেন ৰিবিগাছেং খনি তই বুকুতে বান্ধিলি
আৰু কঁপি উঠিল দিচাঙৰে মিঠা মিঠা মিঠা ঢৌটি

অ' বোলো ঘূণাসুঁতিৰ পাৰতে
বহুতদিনৰ আগতে
অ' মিৰিৰে জীয়ৰী মোৰ পানেই জনী মৰিলে
পিচে জংকিৰে চিঞৰটি
অসমীৰে ভাষাতে শ্ৰীৰজনীকান্তই যুগমীয়া কৰিলে
মনতে পৰেনে সেই কথাটি
অ' দিচাং মুখৰ ডেকাটি

আজিৰ পানেই নমৰে
আৰু জংকিয়ে নাকান্দে
এই জংকি পানেইৰ মিচিং সমাজ
নিজেই দিচাং আবুং হৈ
অসমীৰে বৰলুইতৰ সোঁতটি বঢ়াব
মৰমৰে এই যুগটি

5কহুঁৱা বন মোৰ অশান্ত মন 
আলফুল হাতেৰে লোৱা সাৱটি
অ’ এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভটি
নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট মিট এন্ধাৰৰ নিমাত ৰাতি
এ’ এটি এটি ক্ষণ যেন এটি এটি পণ
এনেয়ে হেৰুৱালে নাহে উভতি
পুঁৱতি নিশাৰ সপোন দেখি

দেখিও নেদেখিলো সেই ক্ষণটি

অনন্ত সময়ৰ সাগৰ খনিৰ

চঞ্চল কোলাহলে ভাঙে ঘূমটি

অ’ বলিয়া মন, কিয় উচাটন?

কালিৰ সূৰুযে আনি দিব পুৱাটি 


6ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ 
কোনে কি ভাও লবা আঁহা সময় যে তাকৰ
আখৰ নালাগে, নালাগে পোচাক, নঙঠা হৈয়ে আহা
ভোকাতুৰ পেটতে গামোচা বান্ধি, উন্মাদ হৈ হাঁহা
তেহে ৰহণ চৰিব নাটৰ, তেহে ৰহণ চৰিব নাটৰ
পৰিচালকক সুধিবৰ হ’ল, মুখাৰে কিমান ঠগিবা

টেকনিক ভৰা নাটেৰে কিমান, নাটনিৰ নাট মেলিবা

সংলাপ নালাগে মিঠা ভাষাৰ, আৰ্তনাদেৰেই কোৱা

দুষ্টজনকে চেতনাৰে যুঁজি, বীৰৰ যোগ্য হোৱা

তেহে ৰহণ চৰিব নাটৰ, তেহে ৰহণ চৰিব নাটৰ


7কপিলী কপিলী ৰাংঢালী ছোৱালী মহিমা বুজাকে টান
কপিলী কপিলী তই হৈ বাউলী বাৰিষাৰ মাৰিলি ধান
কপিলী কপিলী গাভৰু ছোৱালী চঞ্চলা নাই তোৰ মান
কপিলী কপিলী দেহাৰ ভাঁজে ভাঁজে মিঠা যৌৱনৰ গান

কপিলী কপিলী তইতো নাজান তোৰ গাত কিমান শকতি
তইতো নাজান তোতেই লুকাই আছে হেজাৰ সুৰুজৰে জ্যোতি
বিজ্ঞানী ডেকাটি সাজি কাচি ওলালে লগতে ওলালে হাজাৰ
মৃত্যুক নেওচি শ্ৰমিকো ওলালে সাৱটি তোৰ দুয়ো পাৰ

কপিলী কপিলী পাগলী ছোৱালী মানুহক কৰিবি ত্ৰাণ
উমৰংচু জনীও তোৰেই লগে লগে হ'ব চিৰ জ্যোতিষ্মান   

8জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভঁটা ভাঙি প্ৰাগ্জ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ

সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাৱটিব মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ

নতুনৰ গতি খেদি ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ
অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাৰ
জিলিকাব লুইতৰে পাৰ
9আজি ব্রহ্মপুত্র হ’ল বহ্নিমান 
কথাঃ মহা মিলনৰ তীৰ্থ এই ব্রক্ষ্মপুত্র
আজি বহ্নিমান কিয় ?
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান

মনৰ দিগন্তত ধোঁৱা উৰে,

আকাশত পপিয়া তৰা ঘূৰে

পদে পদে কাক কৰে অপমান

আজি ব্রহ্মপুত্র হ’ল বহ্নিমান
এই বহ্নি নহয় শ্যামলী বনৰ
এই বহ্নি ক্রোধান্বিত লক্ষ মনৰ
পুঞ্জীভূত নোপোৱাৰ বেদনা
আগ্নেয়গিৰি সমান
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান
সমদলৰ পদধ্বনি আবাল-বৃদ্ধ,বনিতাৰ

স্ব-নিৰাপত্তা লক্ষ আৰু

আনকো জীয়াই ৰখাৰ ।

সহস্রজনৰ সাহস দেখি পৃথিবী কম্পমান ।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান
সৌৱা বজ্র নিনাদৰ প্রতিধ্বনি
ভৈয়ামে পৰ্বতে বাজে
সংগ্রামী সুস্থ প্রকাশ বলিষ্ঠ সংযম মাজে
প্রচণ্ড আৱহেলা এইবাৰ নাশিবই
জীৱনকো কৰি বলিদান ।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান । 

10অসম আমাৰ ৰূপহী,গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ ।
গোটেই জীৱন বিচাৰিলেও
আলেখ দিবস ৰাতি
অসম দেখৰ দৰে নাপাওঁ
ইমান ৰসাল মাটি ।
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিবেশ

ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ ।
বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে লখিমী আদৰে ।
শৰত নিশাই তৰাৰে সজাই আইৰে কেশ

ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ ।
পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে
লৌহিতৰে বহল পাৰক প্রণিপা কৰো ।

জন্ম ললো ইয়াতেই, ইয়াতে যেন মৰো
পাম ক’ত এনে মধুৰ ৰূৰ সমাবেশ
ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ

11এটুকুৰা আলসুৱা মেঘ ভাঁহি যায় মোৰো বনহংসই বাট হৰুৱাই
মই আছোঁ শাৰদীয় খিড়িকি মুখত
বুকুৰে বিচৰা জনলৈ বাট চাই ।
বিজুলী চাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিছে ছটিয়ায় ।
মই এক যক্ষ মহানগৰীৰ

মিছলিয়া মৰমত কাৰাৰুদ্ধ,

সোৱৰণী শ্রাৱণতে আৱদ্ধ ।
‘নিয়ন’ চাকিয়ে আজি চকু টিপিয়াই
শৰৎ সন্ধ্যা মহানগৰী সজায়
(তাৰে) মাদকতা সানি আজি
লখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায় । 

12দোলা দোলা দোলা দোলা
একা বেকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা
আপোন কৰিলো বনুৱাৰ জীৱনক
দেহা ভাগৰাই তোলা, হে দোলা

দোলাৰ ভিতৰত তিৰবিৰ কৰিছে
চহকী পাটৰে পাগ
ঘনে ঘনে দেখিছো লৰচৰ কৰিছে
শুকুলা চোঁৱৰৰ আগ
মোৰহে লৰাটিক এইবাৰ বিহুতে
নিদিলো সুতাৰে চোলা
চকুলো ওলালেও মনটি নাভাঙো
কঢ়িয়াই লৈ যাওঁ দোলা হে দোলা

যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে
বৰ বৰ মানুহে দোলাত টোপনি যায়
আমাৰহে ঘামবোৰ সৰে

ওখকৈ পাহাৰৰ টিঙটি উঠিছো
ভালকৈ খোজটি মিলা
আমাৰ কান্ধৰ পৰা পিচলিব লাগিলে
বাগৰি পৰিব দোলা
ৰজা মহাৰজাৰ দোলা
বৰ বৰ মানুহৰ দোলা

13চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি 
চিৰ নতুন পানচৈ উটি যায়
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
সময় নদীত পট আকিঁ আকিঁ যায়
অনু পৰমানু হৈ কাৰ আশাৰেণু উৰে
আজি উৰে ?
অ’ অ’ অ’ মোৰ মন-গীতিকাৰ
চোৱাঁহি চোৱাঁহি
হৃদয় বিলাই কোন যায়
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
পদুম সুৰৰ পানচৈ উটি যায়
অনু পৰমানু হৈ

কাৰ আশা ৰেণু উৰে

আজি উৰে
উজনি পানীতে মৰমী সোঁততে
চিত্রলেখীয়ে চিৰসুন্দৰৰ
হংসকাপেৰে বুৰঞ্জী লিখে
অ’ অ’ অ’ মোৰ মন-সুৰকাৰ

গোৱাঁহি গোৱাঁহি

সুৰৰ আজি সীমা নাই ।

14আহ আহ ওলাই আহ সজাগ জনতা 
আহ আহ ওলাই আহ পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোতে
যায় যদি যায় জীৱনটো যাক
সমুখৰে সেনাপতি থমকি জিৰালে
কিনো হ’ব সেনানীয়ে ভাবিলে গুনিলে
ক’লা কাকতী ফৰিং নাশোগৈ আহ
শুন বুভুক্ষ শিশুৰে আৰ্তনাদ

সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ

সেই সংবাদ শুনিও বধিৰ কিয়?

তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?
সংগ্ৰাম আন এটি জীৱনৰে
ইতিহাসে চিঞঁৰে জয় জনতাৰে
ত্ৰাস এৰি দানৱক বধোগৈ আহ

15শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি
বস্ত্ৰ বিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাত
উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ
শীতৰে সেমেকা ৰাতি

খাদ্যবিহীন কোনো দিন মজুৰৰ
প্ৰানতে লুকাই থকা
ক্ষুধা অগনিত হঠাতে ভুমুকি মৰা
প্ৰচণ্ড যেন এটি প্ৰতাপ হওঁ
শীতৰে সেমেকা ৰাতি

সংখ্যা লঘূ কোনো সম্প্ৰদায়
ভয়াৰ্ত মনটিৰ নুফুটা আৰ্তনাদ
নিজেই প্ৰকাশ কৰি
মই যেন এটি নিৰাপত্তা হওঁ
শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্ৰভাত আনিব পৰা, অথচ নোগোৱা এটি
অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ

16প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো 
মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো
কাণ পাতি শুনো মই বুজিব নোৱাৰো
চকু মুদি ভাবো মই ধৰিব নোৱাৰো
হেজাৰ পাহাৰ মই বগাব নাজানো
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো
হ’ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা
হ’ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা
হ’ব পাৰে কোনো ৰংমনৰ কঠীয়া তলিৰ বেথা
চিনা চিনা সুৰটিক চিনিব নাজানো
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো
শেষ হ’ল কোনো গাভৰুৰ শোক ভৰা কথা
শেষ হ’ল কোনো আইতাৰ নিশৰ সাধু কথা
শেষ হ’ল কোনো ৰংমনৰ কঠীয়া তলিৰ বেথা
চিনা চিনা সুৰটিক চিনিব নাজানো
নতুন চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো
মোৰ ক’লা চুলিত ৰাতিপুৱাৰ ৰঙা ৰ’দ পৰে
চকুৰ আগৰ কুঁৱলিবোৰ ভয়ত উৰা মাৰে
জাগি উঠা মানুহে হেজাৰ চিঞঁৰ মাৰে
তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাগি পৰে
মানৱ সাগৰত কোলাহল শুনো
নতুন চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো 

17জীৱন ডিঙা বাই থাকা বান্ধ এ 
গুম গুম গুম গুম মেঘে গৰজিলে
গুম গুম গুম গুম ধুমুহা আহিলে
জীৱন ডিঙা বাই থাকা বান্ধ হে
গভীৰ নদীত কুম্ভীৰ আছে, আছে বন্ধু আছে
কুম্ভীৰৰো মৰণ আছে, আছে বন্ধু আছে
বাহুত তোমাৰ বল আছে
হেজাৰ হাতীৰ ভাৱ আছে
ভয় সঙ্কোচ এৰা বান্ধ হে
কলিজা কঁপোৱা সৌৱা চাঁকনৈয়া

তাতে কিনো হ’ল

মাজ পানীত নাও ভাগে চোৱা

তাতে কিনো হ’ল
এ বঠা ভাগি পৰে
এই হাত কলৈ গ’ল
পাল দেখো চিৰে
সেই বুকু কলৈ গ’ল
কান্দোন এৰি হাঁহি থাকা বান্ধ হে’ 


18লুইতপৰীয়া ডেকা বন্ধু তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুঁজত নামিছা, মৃত্যু শপত খাই

পুৰণি পুৰুষে হাত সাৱটি বহুতো হেৰুৱালে
উদাৰতাক শতৰুৱে দুৰ্বলতা বুলি ল'লে
আজি ব্ৰজৰ দৰে গৰ্জন কৰি শতৰুক ওফৰাই
জীয়াই থকাৰ যুঁজত নামিছা, মৃত্যু শপত খাই

তোমাৰ পবিত্ৰ সাহত কলংক সানোতা যিসৱ আছে
এটি এটিকৈ লাজতে সিঁহতে নিজৰে সমাধি ৰচে

লুইত আজি ফেনে ফোটোকাৰে তীব্ৰ বেগেৰে ব'লে
তোমাৰ সাহৰ জোৱাৰ দেখি নতশিৰে প্ৰণামিলে
পৃথিৱীয়ে আজি তোমাৰ পিনে ডিঙি মেলি মেলি চায়
জীয়াই থকাৰ যুঁজত নামিছা, মৃত্যু শপত খাই
 আগলৈ...