জ্ঞানৰ সঁফুৰা

অসমৰ কিছুমান জনা নজনা কথা


# প্রথমখন অসমীয়া চলচ্চিত্র 'জয়মতী'ৰ প্রিমিয়াৰ শ্ব' অনুষ্ঠিত হৈছিল ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে, কলিকতাৰ 'ৰাওনাক থিয়েটাৰ'ত। অনুষ্ঠান উদ্বোধন কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। অসমত চলচ্চিত্র খনে মুক্তি লভিছিল ২০ মাৰ্চত উজান বজাৰ থিয়েটাৰ হলত (বৰ্তমানৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ)।


# মোগলে মুঠ সোতৰ বাৰ অসম আক্রমন কৰিছিল, ইয়াৰে আহোম মোগলৰ প্রথম খন ৰণক 'শিলসাঁকোৰ ৰণ' আৰু শেষৰ খন ৰণক 'ইটাখুলিৰ ৰণ' হিচাপে জনা যায়।

# চিনেমাৰ অসমীয়া প্রতিশব্দ 'বোলছবি' টো প্রথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল পাৰ্বতী প্রসাদ বৰুৱাই।

# বেলেগ চলচ্চিত্র প্রদৰ্শনৰ মাজত 'ট্রেইলাৰ'(Movie Trailer)দেখুওৱা প্রথম অসমীয়া চিনেমা খন আছিল নিপ বৰুৱাৰ 'নতুন পৃথিৱী'(১৯৫৮)।

# অসমীয়া কথাছবিৰ সংগীতত পোন প্রথম বাৰৰ বাবে কণ্ঠদান কৰা অনা অসমীয়া শিল্পী গৰাকী আছিল হেমন্ত কুমাৰ 

# আকাশবানীৰ কেন্দ্রীয় প্রচাৰ যোগে প্রচাৰিত প্রথম খন নাটক আছিল অৰুণ শৰ্মাৰ ত্রিশঙ্কু। সত্যপ্রসাদ বৰুৱাৰ ধৰালৈ নামিব যিদিনা সৰগ খন আছিল আকাশবানী গুৱাহাটীৰ জৰিয়তে প্রচাৰিত প্রথমখন নাটক।

# সাপ্তাহিক বাতৰি কাকত বাতৰি য়ে জ্যোতিপ্রসাদ আগৰৱালাক পোনপ্রথম বাৰৰ বাবে ৰূপকোঁৱৰ উপাধিটো প্রদান কৰিছিল।

# ৰাজস্থানত কিছুমান সম্প্রদায়ৰ কোনো লোকৰ মৃত্যু ঘটিলে কান্দিবৰ বাবে মানুহ ভাড়া কৰি অনাটো এক প্রথা। যাক আমি ৰূদালী বুলি জানো। অসমৰ কাৰ্বি সম্প্রদায়ৰ মাজতো এই প্রথা প্রচলিত। এনে লোকসকলক উচেপী হিচাপে জনা যায়।

# গুৱাহাটী উচ্চ ন্যায়ালয়ক প্রথমে অসম উচ্চ ন্যায়ালয় হিচাপে জনা গৈছিল।

# দুটা ভাষাত মুক্তি পোৱা অসমৰ প্রথম খন কথাছবি আছিল ব্রজেন বৰুৱাৰ মুকুতা(১৯৭০)। কথাছবিখন অসমীয়া আৰু উড়িয়া ভাষাত মুক্তি লভিছিল।


# ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত বৰ্তমানৰ তেজপুৰ চহৰ খন পুৰাপুৰ হিচাপে জনা গৈছিল

# মহাপুৰুষ মাধৱদেৱে ন খন নাট ৰচনা কৰিছিল। আটাইকেইখনক একেলগে ঝুমুৰা বোলা হয়।

# কুশল কোঁৱৰৰ ফাঁচীৰ আগে আগে তেওঁৰ মুখেৰে নিগৰিত শেষ শব্দ কেইটা আছিল পাৰ কৰা ৰঘূনাথ সংসাৰ সাগৰ

# ৰাভা সকলৰ ধন সম্পদৰ দেৱী গৰাকীক বাইখ হিচাপে জনা যায়।

# দিপালী বৰঠাকুৰে লাচিত বৰফুকন কথাছবি খনৰ জৰিয়তে কণ্ঠশিল্পী হিচাপে আত্মপ্রকাশ কৰিছিল তেখেতে গোৱা প্রথম গীতটি আছিল আবেগৰ বোকোচা বব মই নোৱাৰো, যৌৱনে আমনি কৰে ।

# অসম ৰাজ্যিক পৰিহবন নিগমৰ চিহ্নটো অঙ্কন কৰিছিল তেজপুৰৰ চৌকত আলীয়ে।


# অসমীয়া ভাষাত প্রকাশিত প্রথম বিজ্ঞাপনটো আছিল লক্ষ্মীনাথ বেজবৰুদেৱে লিখা "তামোলবাৰীত তামোল নাই আছে তাত চাহ, সকলোৱে খাই উঠি কৰে বাঃ বাঃ"। বিজ্ঞাপনটো প্রথম প্রকাশ হৈছিল লক্ষ্মীনাথ বেজবৰুদেৱৰ 'বাঁহী'ত আৰু ই মুলতঃ আছিল চন্দ্রকুমাৰ আগৰৱালাৰ চাহ বাগিচাৰ চাহৰ বিজ্ঞাপন।

# জ্যোতিপ্রসাদ আগৰৱালাৰ বিখ্যাত "লুইতৰ পাৰৰে আমি ডেকা লৰা, মৰিবলৈ ভয় নাই" গীতটী শংকৰদেৱৰ বিখ্যাত বৰগীত "শুন শুন ৰে সুৰ"ৰ আধাৰত সুৰ দিয়া হৈছিল।

# লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভা অধিবেশনত সভাপতি হিচাপে দিয়া ভাষণটো মাথোঁ এটা বাক্যৰ আছিল, কিন্তু বাক্যটোৰ শব্দৰ সংখ্যা আছিল দুশৰো অধিক। সেইটো আছিল অসমীয়া ভাষাৰ আটাইতকৈ দীঘল বাক্য।

# জয়ন্ত হাজৰিকাই ভুমুকি মৰা প্রথম অসমীয়া কথাছবি খন আছিল ভূপেন হাজৰিকাৰ 'লটিঘটি'।




# অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি গৰাকী আছিল কৃষ্ণকান্ত সন্দিকৈ


#

আগলৈ...