অসমীয়া কাব্য সাহিত্য

 
ব্রহ্মপুত্রত সূৰ্য্যাস্ত
নীলমণি ফুকন

শূন্যতাৰ হাতৰপৰা সৰি পৰিল 
দিনৰ হিৰণ্ময় হৃদয়-পাত্র 
নিঃশব্দে সৰি পৰিল...আৰু বুৰ গ


বুৰবুৰণিত বিৰিঙি উঠিল 
পাত্রৰ ৰক্তিম আধেয় 
মৰ্মন্তুদ তাৰ উজ্জ্বলতা 
মানুহৰ অন্তিম লালসাৰ
কি প্রজ্জ্বলন!


এতিয়া উলটিল প্রতিজন দৰ্শক 
উক দিলে প্রত্যেকৰে একে বিষ 
ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে 
নামিল স্বয়ং শূন্যতা 
নামিল হৃদয়ৰ শূন্যতা



কুম্পুৰ সপোন
জ্যোতিপ্ৰসাদ আগৰৱালা

মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী নাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী

এটা কলা, এটা বগা নাঙঠ্ পিঙঠ্ ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই কলে – “পুট্, পুট্, পুট্
ইটোৱে মা নাক জোকাৰি কলে – “ধুত্ ধুত্
মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি।

চৰখোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
কোটোক্ কোটোক্ ঘোটোক্ কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি

মই, তই যে কৱ
ভূতে বোলে লৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা লৰাকহে মা ভূতে ধৰি কিলায়।

মা, মোৰ হলে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।

বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
মা, মোৰ হলে অক্কনমানো ভূতলে ভয় নাই,
তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা লৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হলে ভূতলে ভয় নাই।


দেৱদাসী 
অতুলচন্দ্র হাজৰিকা

ব্যৰ্থ-ভৰা জীৱনৰ পুঞ্জীভূত বেদনা বিপুল
নিবেদিছো চৰণত, এই মোৰ চৰণ আকুল |
যদিও জীৱন ব্যৰ্থ, তথাপিতো তুমি স্বামী মোৰ
বুজা নাই একো অৰ্থ, হিয়া মোৰ বিষাদেৰে পূৰ |
নাচোনৰ ছেৱে ছেৱে, সঙ্গীতৰ প্ৰতি লহৰত
একোটি মাথোন সুৰ বাজি উঠে হৃদয়-বীণত |
ভাষা নাই বুজাবৰ অশ্ৰুময় কৰুণ কাহিনী,
হে দেৱতা, হে পাষাণ শুনা শত শোকৰ ৰাগিনী |
নহওঁ পৱিত্ৰ মই, দাসী মই, সেৱকী তোমাৰ,
তাতকৈ বেছি জানো পাব পাৰো কিবা আধিকাৰ?
জগতৰ স্বামী তুমি, মোৰ স্বামী হবা সেই বুলি,
দোষ মোৰ কপালৰ, আছে বহু কলঙ্কৰ মলি |
পবিত্ৰ অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ,
জানা তুমি কোন দোষী, মোৰ দোষ সি বাবে পতন |
ভুলৰ হুলেৰে হনা কলূষিত গোতেই জীৱন,
নিতউ সন্ধিয়া বেলা হয় তাৰে অৰ্ঘ্য বিৰচন |
আৰতিৰ ডবা-কাঁহ, শঙ্খ ঘন্টা যিমানে বাজিব,
মোৰ ই বেদনা ধ্বনি তাতকৈ দুগুনে চৰিব |
তোমাৰ পুজাৰ ফুল, ভোমোৰাই মউ চুহি খোৱা,
নিচেই আজলী ফুল, তাকে ভাবি তুমি লোৱা |             
সেই দৰে হে নিঠুৰ, লবা তুমি মোক নিঘিণায়,
মিলি যাম তোমাতেই, পাপ জন্ম নলওঁ দুনাই |
সেয়ে হলে দুখ নাই, ব্যাথা আৰু নেথাকে বেদনা,
নটী মই, নাচি নাচি পাষানৰ লভিম কৰুণা |
অবিচাৰ জগতৰ নকৰিবা তুমি অবিচাৰ;
লবা যেন নিঘিণায় হৃদয়ৰ ষোড়োষোপচাৰ |
লবই লাগিব তুমি মোৰ এই ভক্তি ভৰা ফুল;
জীৱনৰ যৌৱনৰ ব্যথৰ্তাৰ তুমিয়েই মূল |   


মৰ্মান্তিক 
নিৰ্মল প্রভা বৰদলৈ

তেওঁক মই যোৱাগৈ দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
পথাৰৰ বকিয়াইদি।

মূৰত জাপি
কান্ধত মেটমৰা দুটা ডাঙৰিৰ
জিৰিক্ জিৰিক্ মাত।

তেওঁৰ পিছে পিছে গলগৈ
আঘোণৰ সোণবৰণীয়া ৰ
খেৰৰ চুবুৰিটো, বাঁহ বননিৰ
কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক

গৈ আছিলো আৰু গলগৈ।
কোনে জানে
তেওঁ আৰু
এই জন্মত উভতি আহিবনে নাহে?



মই অসমীয়া 
চৈয়দ আব্দুল মালিক

জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহে প্রাণে মই
জীয়াই থাকোতে মই অসমৰে অসমীয়া
মৰিলেও বৰি লম অসমৰ অমিয়া মৰণ
অসমৰ হকে যুঁজি অসমৰ হকে মৰো
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্রাণৰ আপোন
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ
অসম প্রকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া |



সাগৰ দেখিছা ? 
দেৱকান্ত বৰুৱা

সাগৰ দেখিছা? দেখা নাই কেতিয়াও?
ময়ো দেখা নাই, শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা
আছে দূৰ দিগন্ত বিয়াপি |
মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা,
বেদনাৰে দেখা নাই তুমি ?
উঠিছে মৰিছে যত বাসনাৰ লক্ষ ঢউ
তোমাৰেই স্মৃতি সীমা চুমি |
শুনা নাই?      
মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত ?
বুজা নাই?
অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু?
বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত
দেখিছানে ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ!
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথোঁ
তুমি তুমি, মই মই|
তুমিতো নাজানা-হায়,
কিয় বাৰু কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা?
মিলনৰ কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি?
হৃদয়ৰ ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়?
তুমি নুবুজিবা সখি! কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি?
থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা
তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ|


মমতাৰ চিঠি 
হেম বৰুৱা

মৰমৰ,
এয়া মম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে?
আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো
মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল
সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা
পদুলিত তল সৰা শেৱালীবোৰ উপচি আছিল
আৰু সন্ধিয়া মই তোমালকৰ ঘৰলৈ নকৈ আহিবৰ দিনা
আকাশৰ মেঘৰ মোহনাত
হালধীয়া জোনটো নাওখন লৈ
আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ
মই লোৱা কঁকালৰ ৰিহা খনলৈ
তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা
মোৰ কেনে লাগিছিল জানা?
তুমি যেন কোনোবা দূৰ বিদেশৰ
স্বপ্নাতুৰ আলোকৰ মানুহ
আৰু মই?
মই যেন তলসৰা এপাহ শেৱালী                    
সেইদিনা মন সাগৰত মোৰ
এৰি অহা আৰু আহি পোৱা
অলেখ ঢৌৰ কঁপনি জাগিছিল
তোমাৰ জানো এইবোৰ কথা মনত নাই?
আমাৰ দেউতাই যে চিঠি লিখিছিলে
আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি
এইবোৰ সাত বছৰৰ আগৰ কথা:
মোৰ যে সকলোবোৰ পূৰাণৰ সাধু যেন লাগে ।
জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গল ।
তোমাৰ বাবুল এতিয়া বৰটো হৈছে,
তাৰ ওপৰপাৰিত এধানিমান ডালিমগুটি
যেন দাঁত অকণি গজিছে । সি মোক একেবাৰে এৰিকে নিদিয়ে ।
(কেতিয়াবা মোৰ যে ইমান খং উঠে
তুমি নাই নহয়, সেইকাৰণে!)
সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে
তধা লাগি চাই থাকে কিয় ?
তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
চিনাকি,সেইকাৰণে নহয়?
বাবুল এতিয়া বৰটো হৈছে বুজিছা?
(আৰু ডাঙৰ হলে স্কুলত তাক নাম লগাই দিম
সি আতঁৰি থকা সময়খিনি মোৰ যে বুকুখন
তেনেই উদং হৈ থাকিব,ভাই ।)
আৰু কি লিখিম বিশেষ একো নাই ।
মোৰে শপত,তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবা দেই । মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,তুমি যিদিনা উলটি আহিবা,                
মোক আগতিয়াকৈ জনাবলৈ নাপাহৰিবা দেই ।
মৰম লবা ।
ইতি,
তোমাৰ  মমতা

পুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জলিছিল । আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা শুধ বগা আৰু আনটো পখৰা ।



অসমীয়া ডেকাৰ উক্তি
জ্যোতিপ্রসাদ আগৰৱালা 
 
শক্তি পুত্ৰ মই
ভক্তি বুকুত লই
মূক্তি প্ৰয়াসী হই
     অৰ্জ্জুন মই, গাণ্ডীবী মই,
         ময়েই ধনঞ্জয় মৃত্যুক কৰিছোঁ জয়;
ময়ে অসমৰ
ময়ে ভাৰতৰ
         ময়ে ডেকা লৰা অগ্নিময় |
     ময়ে ভাৰতৰ নবীন সূৰ্য্য
     পূৰ্বাচলত বজাওঁ তূৰ্য্য্
মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
         মুগ্ধ কৰিব আলোক যাত্ৰী
         শেষ হব শেষ নোহোৱা ৰাত্ৰি
             কৰিম জগত জয়
             নবীন সূৰ্য্য মই |

উপচি আহিব পোহৰৰ ধল
    লুইতৰ দৰে ফেনে ফোটোকাৰে
    ফেনিল শুভ্ৰ জ্যোতি প্ৰপাতৰ জল |
হাতীপটীয়েদি ঐৰাবাটেদি
কত নগৰৰ অলি গলিয়েদি
কত মেধাবীৰ মহামনীষীৰ
         মনৰ মাজেদি
    কবীন্দ্ৰ জিনি হ
         মহামনীষাৰ মহাসাগৰত ৰ|


নিয়ৰ
চন্দ্রকুমাৰ আগৰৱালা 
 
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা

নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি

ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰই গল মণি
ৰঙিলীৰ ভাব হাঁহি নাচোনৰ
ল চিন এইকণি

ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থৈছে সানি
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী

নিয়ৰ কলিৰে শোভে ফুলজুপি
চাইছো ভাবতে ভাহি
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি


প্ৰিয়তমাৰ চিঠি
হেমচন্দ্র গোস্বামী

সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই
প্ৰকৃতিৰ চোঁ-ঘৰ চালো পিত্ পিত্ ;
কুকুৰাঠেঙীয়া এই আখৰকিটিত
যি অমিয়া ঘঁহা আছে, কতো আৰু নাই |
কবি-নিকুঞ্জত ফুলি কত কবিতাই,
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায় |
ফুল ফুলে, সৰি যায়, শুকায় বননি;
বসন্তৰ কুঁহিপাত ৰদত লেৰেলে |
তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,
নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে |
যত শুঙো, চুমা খাওঁ, নালাগে আমনি,
              
হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে |
  



সাৰথি
নলিনীবালা দেৱী

তোমাৰ পৰশে মোৰ মছি দিয়ে হিয়াৰ দীনতা,
লক্ষ্য-হীন জীৱনত দিয়া নিতে শান্তিৰ বাৰতা |
নিৰাশাৰ হুমুনিয়া বুকু ভাঙ্গি আহিলে ওলাই,
জনোৱা নীৰৱে তুমি আছো মই, নাই যোৱা নাই |
গহীন আন্ধাৰ নিশা ফুৰোঁ যদি বাট খেপিয়াই,
বনৰ মালতী গোন্ধে দিয়ে মোক বাট দেখুৱাই |
মলয় সুৰভি সানি যোৱা তুমি আঁচল উড়াই,
জনোৱা নীৰৱে, সখী আছোঁ মই, নাই যোৱা নাই |        


ভোগালি
হীৰেণ ভট্টাচাৰ্য্য
 
তুমিতো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই।

প্রেম নিশ্চই এনেকুৱাই।
আৱৰণ খুলি হৃদয় জুৰায়।


জোনাক
পাৰ্বতিপ্রসাদ বৰুৱা
 
জোনাক, জোনাক, শীতল জোনাক
     চাই মোৰ চকুলো সৰে ;
অন্তৰ মোৰ উগুল থুগুল,
     উদাস আকুল কৰে |
          মনত পৰেহি কোনোবা পুৰণি
              জোনাকী বিৰহ বেথা ;
          মাধৈ মালতী ফুলৰ আঁৰত
              গোপন মিলন কথা |
মনৰ মাজত সুখ সোঁৱৰণী
     অতীত মধুৰ জাগে ;
বাহিৰত শুদা ৰূপালী জোনাক
     উৰুঙা উৰুঙা লাগে | 


                                                                             
  

       
                                        









 

12 comments:

Manjit Nath said...

This is awesome-- your blog is truly incredible

হিমজ্যোতি said...

ধন্যবাদ

Pankaj Jyoti Mahantaপংকজ জ্যোতি মহন্ত said...

আজিহে এইটো পৃষ্ঠা চালো... বহুত ভাল লাগিল। নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা আদিৰ কবিতাও প্ৰকাশ কৰিলে আৰু ভাল হব ।

dibya said...

ধন্যবাদ। সচাকৈ ভাল লাগিল। মোৰেই নহয় মোৰ পৰিয়ালৰ সকলোৰেই প্রিয় কবিতা কেইটা।

Raul said...

mur koboloi aru vakha naai Himjyoti dangoriya...
bahut dhanyabaad thakil.. apunar ei sesta jen sirojugomiya hoi rouk.. takei kamona korilu...!!

barnali said...

Tumar blogar pratitu pristhai akarhaniya...jen dhuniyai sajai thuwa akupahi phul....khuab sundar...aru samridha hai uthak tumar blog ...ai asare...

Ananta Das said...

আপোনাৰ ব্লগটো চাই ভাল পালো ৷ আপোনাৰ হাতত যদি ‘শুৱনী আমাৰ গও খনি অতি শৱনী গছৰে ভৰা ..’ ,‘ নোৱাৰো ’ আৰু নিচিনো তোমাক ক’ত আছা প্ৰভু ..’ আদি ল’ৰালিৰ পদ্যবোৰ সংৰক্ষিত আছে তেন্তে সম্পূৰ্ণ পদ্যবোৰ মলৈ পঠালে সুখী হ’ম ৷
anantadas38@rediffmail.com

The Speaker said...

তোমাৰ কবিতাৰ সংকলনটি পঢ়ি বৰ ভাল লাগিল দেই|

riyan_gem said...

ধন্যবাদ, বৰ ভাল লাগিল ব্লগটো ভাল লাগিল।

Mofidul said...

Borhiya dei, Apunar proyas sofol houk... agoloi o bohut kiba kibi pai thakim... aakha thakil.

Puspa Konwar said...

আজিহে এইটো পৃষ্ঠা চাবলৈ পালো.,.কবিতাবোৰ আকৌ এবাৰ পঢ়িবলৈ পাই সচাঁকৈ বহুত ভাল লাগিল.,.

Debasish Buragohain said...

Him Daa, if I am not wrong, the "Moi Axomiya" poem by "Syed Abdul Malik" was started like this:
"Xudur Pochhim eri,
Eri thoi Swornopuri,
Raaj Antahpur,
Bijoy Xopun dekhi aahilu jidina
Ujoni Xutot meli Bhotiyoni Bhur.

Bijoyor Trisha loi,
Gauravar kori abhijaan,
Xeidina, jidina Axom Raaj-
Axomor Singha aasonot...
Botahot Ure mukto Axomor potaka swadhin.

Praante prante baaje mathu muktogeet
Biraam bihin...

.....................
......................
Axomiya Bhasha mur,
Kotha mur, geet mur
Axomor prokritiye rocha.
Bihog- kinnor jot
shunile nirav hoi,
Axomiya bhasha mur hriday upocha.."

Due to temporal memory, I could not recollect the whole poem. the poem is quite long.
The poem mentioned above is the "Lyrics" of the song sung by Sri Sangeeta Borthakur composed by "Syed abdul Malik" dangoria. Please, see to it. My humble request.