Monday, June 29, 2015

সেই ছঘন্টা!

অৰুণাচলখনৰ প্ৰাকৃতিক সৌন্দৰ্য যিমানেই পান কৰো সিমানেই যেন এক হেঁপাহ নপলোৱা অনুভুতি! সময় সুবিধা মিলিলেই ওলাওঁ অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক লাৱণ্য উপভোগ কৰিবলৈ। সুবিশাল ৰহস্যময় অৰুণাচলৰ দুৰ্গম নিৰ্জন, পথ পাহাৰবোৰে যেন কঢ়িয়াই ফুৰে হাজাৰ বছৰ পুৰণি কিছুমান অকথিত কাহিনী।

যোৱা ২৭ জুন তাৰিখে গৈছিলো অৰুণাচলৰ এখন সৰু নগৰ ৰইঙলৈ, তল ডিবাং উপত্যাকাৰ জিলা সদৰঠাই। পুৱা আঠ বজাত ডিগবৈৰ পৰা যাত্ৰা আৰম্ভ কৰি শদিয়া হৈ উপস্থিত হৈছিলোগৈ ৰইঙত। মায়ডিয়া অভিমূখী পথছোৱাৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি পুনৰ ৰইং পালোহি। আমাৰ কাৰ্যসূচী আছিল দিনটো ঘূৰি মেলি পুনৰ ডিগবৈ উভতি অহাৰ। কিন্তু ৰইঙত উপস্থিত হোৱাত পলম হোৱা বাবে আৰু ইতিমধ্যে চৈখোৱা ঘাটৰ ফেৰীসেৱা বন্ধ হৈ যোৱা বাবে আমিও আমাৰ কাৰ্যসূচী সলনি কৰিবলৈ বাধ্য হ’লো। সিদ্ধান্ত হ’ল আমি তেজু, পৰশুৰামকুণ্ড, নামচৈ হৈ ডিগবৈলৈ উভতিম। যিটো পথেৰে ৰইং আহিছিলো সেই পথছোৱাৰ দুৰত্ব আছিল প্ৰায় এশ কিলোমিটাৰ কিন্তু ৰাস্তা ঘাটৰ দূৰৱস্থাৰ বাবে সেইটো পথ অতিক্ৰম কৰোতে লাগিছিল প্ৰায় চাৰিঘণ্টা। কিন্তু আমি যিটো পথেৰে উভতি যোৱাৰ পৰিকল্পনা কৰিছিলো সেইটোৰ দৈৰ্ঘ্য আছিল প্ৰায় দুশ পঞ্চাশ কিলোমিটাৰ।

ভবামতে কাম। লুংলুঙীয়া বাট, দুয়োকাষে হাবি ফালি ফালি ৰয়িঙৰ পৰা গাড়ী চেকুৰিলে তেজু অভিমুখে। গাড়ীত মই, মোৰ ভ্ৰাতৃপ্ৰতিম শাক্য, তনবীৰ আৰু গাড়ী চালক মিন্টু। আবেলি পাঁচ বজাত ৰয়িঙৰ পৰা যাত্ৰা আৰম্ভ কৰি নিশা আঠ বজাত উপস্থিত হৈছিলোগৈ লোহিত জিলাৰ সদৰ তেজুত। নিশা আঠ বজাত তেজু নগৰী আন্ধাৰত নিতাল মাৰি আছিল। স্থানীয় লোকে জনালে যোৱা দুদিন ধৰি বিজুলী সংযোগ বিচ্ছিন্ন হৈ আছে। দুৰ্গম গিৰিপথ ৰাতি পাৰ হোৱাতকৈ তেজুতে নিশা কটোৱাৰ পৰিকল্পনা এটা আহিছিল যদিও সি তল পৰিল সকলোৰে উৎসাহত। তেজুৰ পেট্ৰলপাম্প বন্ধ হৈ আছিল। আমাৰ গাড়ীখনত পেট্ৰলৰ পৰিমান সিমান সন্তোষজনক নাছিল। দুৰ্গম পাহাৰীয়া ৰাস্তাত গাড়ীৰ ইন্ধন শেষ হ’লে কি পৰিস্থিতিত সৃষ্টি হ’ব পাৰে সি সহজেই অনুমেয়। গাড়ীচালকৰ নিৰ্ভয়বানী আৰু পৰশুৰাম কুণ্ডত খোলাকৈ বিক্ৰী কৰা পেট্ৰ’ল ভৰাই ল’ব পৰা যাব বুলি অনুমান কৰি আমি নিশা চাৰে আঠ বজাত গাড়ী আগবাঢ়িলে ডিগবৈ অভিমুখে। পৰশুৰাম কুণ্ড, ৱাক্ৰ’, নামচৈ, ডুমডুমা হৈ ডিগবৈ। বাটত যিহেতু খোৱা বোৱাৰ কোনো ব্যৱস্থা নাই গতিকে তেজুতে কিনি ল’লো ফলৰ ৰস, কেক্, বিস্কুট আদি।


লাহে লাহে গাড়ী আগবাঢ়িল। বাট পথৰ অৱস্থা তথৈবচ। তেজুৰ পৰা ডেমৱে পোৱালৈ আৰম্ভ হৈছিল কিনকিনীয়া বৰষুণ। ডেমৱে পাৰ হোৱাৰ পাছতে বৰষুণে ল’লে ভয়ংকৰ ৰূপ। আমি ইতিমধ্যে বুজি উঠিছিলো তেজুত নিশা নকটোৱাৰ সিদ্ধান্তটো আছিল আমাৰ বাবে এক মাৰাত্মক ভূল সিদ্ধান্ত। কিন্তু আমি তেতিয়া এনে এক পথ অতিক্ৰম কৰি আহিছিলো যিটো পথত গাড়ী পিছলৈ ঘূৰোৱাৰ কোনো উপাই নাই। ঠেক পাহাৰীয়া ৰাস্তাতে মুষলাধাৰ বৰষুণ ফালি ফালি আগবাঢ়িছিল আমাৰ অকলশৰীয়া গাড়ী। ভুতৰ ওপৰত দানহ পৰাদি গাড়ীত পেট্ৰলৰ পৰিমানো কমি আহিবলৈ ধৰিলে। তেতিয়াও আমি আধাতকৈ বেছি দূৰ অতিক্ৰম কৰিবলৈ বাকী। মনত এটায়েই সান্ত্বনা, পৰশুৰামকুণ্ডত যেনেতেনে উপস্থিত হ’লেই হ’ল। কিন্তু পৰশুৰাম কুণ্ডলৈ তেতিয়াও বহু দূৰ বাকী। বৰষুণে তেতিয়াও তাণ্ডৱ লীলা চলায়েই আছিল। বৰষুণ আৰু পেট্ৰল, এই দুটা বস্তুৱে আমাক চিন্তান্বিত কৰি তুলিলে। অৱশেষত বৰষুণৰ পৰিমান কমিল। গাড়ী কিছুদুৰ আগবঢ়াৰ পাছত হঠাতে আমাৰ চকু পৰিল কেইখনমান সৰু সৰু দোকানত। লগতে ট্ৰাক দুখনমান। গাড়ীচালক মিন্টু নামি গ’ল পেট্ৰলৰ খবৰ ল’বলৈ। এনেতে দেখিলো অলপ সময় দুজনমানৰ লগত কথাপাতি মিণ্টু প্ৰায় দৌৰি অহাদি আহি চালকৰ আসনত বহি গাড়ী ষ্টাৰ্ট দিলে। আমি একো উৱাদিহ নাপালো। গাড়ী চলাই চলায়েই তেওঁ কৈ গ’ল, পেট্ৰল নাই ইয়াত। আগলৈ বোলে ভূমিস্খলন হোৱা আৰম্ভ কৰিছে গতিকে ট্ৰাকচালক কেইজনে আমাক যিমান পাৰি সিমান সোনকালে সেই ঠাই এৰাটোৱে মংগল বুলি জনাইছে। এইবাৰ পেট্ৰ’লৰ লগত অইন এটা নতুন চিন্তা – ভূমিস্খলন। ওখোৰা মোখোৰা ঠেক দুৰ্গম সৰ্পিল পাহাৰীয়া ৰাস্তাৰে গাড়ী আগবাঢ়ি থাকিল। যদি ক’ৰবাত ইতিমধ্যে ভূমিস্খলন হৈছে তেন্তে আমি যে নিগমে মৰিলো সেয়া ভাবিয়েই বুকুখন চিৰংকৈ উঠিল। মিণ্টুৱে যিমান পাৰি বেগত গাড়ী চলাইছে। গোটেই পথচোৱাত কেৱল আমাৰ গাড়ীখনেই। খিৰিকীৰে অলপ জুমি আন্ধাৰতে ঠাইডোখৰৰ ভয়ংকৰ ৰূপ এটা প্ৰতক্ষ্য কৰিলো। বাওঁফালে ওখ পাহাৰ আৰু সোঁফালে খৰস্ৰোতা লোহিতৰ ভয়ংকৰ শব্দ। তাৰো আনটো ফালে বিশাল দৈত্যাকায় পাহাৰ কেইটামানে আকাশ চুই আছে। পাহাৰবোৰে যেন আকাশখন লুকুৱাইহে ৰাখিছে। গাড়ীত সকলো মৌন। সকলোৰে এটায়েই মাথো লক্ষ্য, যিমান পাৰি সোনকালে পৰশুৰাম কুণ্ডত উপস্থিত হ’ব লাগে।

নিশা এঘাৰ বাজিছে। এনেতে হঠাতে মিন্টুৱে গাড়ীৰ ব্ৰেক মাৰি দিলে। সকলো উচপ খাই উঠিল। সন্মুখত দেখো কিছুমান সৰু বৰ শিলে ৰাস্তাটো আগুৰি আছে। মই আৰু তনবীৰ গাড়ীৰ পৰা ওলাই আহিলো কি হৈছে চাবলৈ। মধ্যমীয়া আকাৰৰ শিলবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলো যাতে গাড়ীখন পাৰ হৈ যাব পাৰে। ৰাস্তাটো মুকলি কৰি থাকোতেই কেইছেকেণ্ড মান পাছতে উমান পালো ওপৰৰ পৰা শিল বাগৰি অহা শব্দ। মাথো কেই মিটাৰ মান আঁতৰত হঠাতে পাহাৰৰ ওপৰৰ পৰা বাগৰি আহিল মধ্যমীয়া জোখৰ কিছুমান শিল। লগে লগে যিমান পাৰি গাড়ী পিছুৱাবলৈ চিঞৰি চিঞৰি গাড়ীত বহিলো। মিন্টুৱে গাড়ীখন পিছুৱাই নিলে। অলপ সময় গাড়ীত বহি ওপৰৰ পৰা শিল বাগৰা চাই থাকিলো। আমি অনুমান কৰিলো যে কেই মিনিটমানৰ আগতে সেই ঠাইত কেইবাটাও ডাঙৰ শিল বাগৰি আহি তলৰ লোহিত নদীত পৰিছে। কেইছেকেণ্ডমানৰ ভিতৰতে আমি সিদ্ধান্ত লৈ পেলালো, গাড়ী যেনেতেনে আগবঢ়াই নিবই লাগিব। কাৰণ কেনেবাকৈ যদি ডাঙৰ শিল পৰে তেন্তে আমি ইয়াতে কিমান ঘণ্টা (হয়তো কেইবাদিনো!) আৱদ্ধ হৈ থাকিব লাগিব তাৰ কোনো ঠিক নাই। মৰণত শৰণ দি মই আৰু তনবীৰ গাড়ীৰ পৰা পুনৰ ওলাই আহিলো আৰু ৰাস্তা বন্ধ কৰি ৰখা শিলবোৰ পুনৰ আঁতৰোৱা আৰম্ভ কৰি দিলো। শিল আঁতৰাই গাড়ীৰ বাবে ৰাস্তাটো মুকলি কৰাৰ পাছতে দূৰত ৰৈ থকা গাড়ীখনক সেউজ সংকেত দিলো আগবাঢ়ি আহিবলৈ। যিমান পাৰি সিমান বেগত গাড়ী সেইখিনি ঠাই পাৰ হ’ল। গাড়ী জোৰেৰে আগবাঢ়িল আৰু আমি পিছে পিছে দৌৰিবলৈ ধৰিলো। দৌৰি থাকোতে এবাৰ পিছলৈ চাই দেখো পুনৰ কেইটামান শিল তললৈ বাগৰি আহিছে। গাড়ী অলপ দূৰ যোৱাৰ পাছতে আমি গাড়ীত উঠি সেই ঠাই কোনোমতে ত্যাগ কৰিলো। অলপ সময় গাড়ীত এক নিস্তব্ধ পৰিবেশ। ৰাতিৰ আন্ধাৰত হয়তো সেই ঠাইৰ ভয়াবহতা সিমান অনুমান কৰিব নোৱাৰিলো কিন্তু দিনত হয়তো দৈত্যাকায় পাহাৰবোৰ আৰু তলত বৈ যোৱা খৰস্ৰোতা লোহিতৰ সৈতে সেই ঠেক ৰাস্তাটোৰ ছবিখন দেখাত আৰু বেছি ভয়ানক হৈ উঠিলহেঁতেন।
এটা ডাঙৰ বাধা অতিক্ৰম কৰাৰ পাছত এতিয়াও সকলোৰে মনত পেট্ৰলৰ চিন্তাই জুমুৰি আছিল। লাহে লাহে কমি অহা পেট্ৰলৰ সংকেত কাঁটাডালত হে যেন সকলোৰে চকু। 

পৰশুৰাম কুণ্ড পালোহি। ইতিমধ্যে বন্ধ হৈ থকা দোকানবোৰত মানুহ জগাই পুনৰ খবৰ কৰিলো পেট্ৰ’লৰ। পেট্ৰ’ল নাই, ডিজেলহে আছে। যিমানখিনি ইন্ধন আছে সেইখিনিৰেই আমি আগবঢ়াৰ সিদ্ধান্ত ল’লো। ইন্ধন শেষ হ’লে গোটেই ৰাতিটো গাড়ীতে কটাম! ইতিমধ্যে আটাইৰে মোবাইলৰ বেটাৰীৰ শক্তিও লাহে লাহে কমি আহিছিল। দুজনমানৰ ইতিমধ্যে মোবাইল বন্ধ হৈছিলেই। গতিকে কিছু সময়ৰ পাছতে আমি পৃথিৱীৰ অইন প্ৰান্তৰ লগত সংযোগ বিচ্ছিন্ন হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিল। পৰশুৰাম কুণ্ড পাৰ হৈ গাড়ী আগবাঢ়িল।

সময় নিশা প্ৰায় চাৰে বাৰ বাজিছে। ৱাক্ৰ’ পালোহি। এনেতে সন্মুখত হঠাতে দেখিলো এটা ইন্ডিয়ান অইলৰ পেট্ৰল পাম্প। সকলোৰে মুখত সৰুকৈ এটা হাঁহি বিৰিঙি উঠিল। লগে লগে গাড়ী সুমুৱাই দিয়া হ’ল পেট্ৰল পাম্প চৌহদত। গভীৰ অৰণ্যৰ মাজত অৱস্থিত পেট্ৰল পাম্পটোৰ চৌহদটো হৈ আছিল ভয়ংকৰভাবে নিজম। নাছিল কোনো জনপ্ৰাণী। বতাহৰ হো হোৱনিত যেন পৰিবেশটো আৰু অধিক জয়াল হৈ পৰিছিল। ঠিক যেন হ’ৰৰ চিনেমাত দেখুওৱা এটা দৃশ্যহে। আমি গাড়ীৰ পৰা নামি আগবাঢ়িলো কাউন্টাৰ অভিমুখে। খিৰিকিৰে জুমি চাই দেখো কোনো নাই। ভগৱানৰ ফটো এখনত চাকি এটা জ্বলি আছে। কাষতে এইন এটা সৰু ঘৰ। গাড়ীচালক মিন্টুৱে দুৱাৰ ঢকিয়াই ঢকিয়াই কোনোবা আছে নেকি জগাবলৈ ধৰিলে। বহু সময় দুৱাৰ ঢকিওৱাৰ পাছত এজন লোক ওলাই আহিল। আমাৰ সমস্যাৰ কথা বিৱৰি ক’লো। বিদ্যুত সৰবৰাহ বন্ধ হৈ থকা বাবে আমাক তেওঁ পেট্ৰল দিব নোৱাৰিব বুলি জনালে। আমি সকলোৱে জয়দেউ কাকুতি আৰম্ভ কৰাত অৱশেষত গুডামত ৰখা দহ লিটাৰ পেট্ৰ’ল দিবলৈ মান্তি হ’ল। যিমানখিনি তেল দিলে সিমানখিনিহে পইচা তেওঁ গ্ৰহণ কৰিলে। তাতকৈ এটকাও তেওঁ বেছিকৈ গ্ৰহণ নকৰিলে। ৰাস্তাৰ মাজত এনেকৈ যে এটা পেট্ৰ’ল পাম্প পাই যাম, সি আছিল সপোনৰো অগোচৰ। ৰাস্তাত ৰৈ পেট্ৰ’ল ক’ত পোৱা যাব সুধি অহা হৈছিল যদিও এই পেট্ৰ’ল পাম্পটোৰ কথা কিন্তু কোনেও আমাক জনোৱা নাছিল। যি কি নহওঁক আন এক ডাঙৰ বাধা আমি অতিক্ৰম কৰিলো। ইতিমধ্যে আমি পাহাৰবোৰৰ সৰ্পিল গতিপথ এৰি এক দুৰ্গম হাবিৰ মাজেৰে আন্ধাৰ ফালি আগবাঢ়িছিলো। এতিয়া যেন আমি নিশ্চিন্ত, ঘৰ গৈ পামেই। আকাশখনলৈ এবাৰ চালো। জোনাকী পোহৰত তৰা দুটামানে তিৰবিৰাই আছিল। মাথো কিছুসময়ৰ আগতে প্ৰলয়ৰ সৃষ্টি কৰা মেঘবোৰ খেদি খেদি ভাগৰুৱা আকাশখন যেন শুই পৰিছিল এক শান্ত ৰূপত।

মানমা, লাথাও আদি ঠাইবোৰৰ নিশাৰ সৌন্দৰ্য উপভোগ কৰি কৰি আমাৰ গাড়ী নামচৈ পালেহি। নিশাৰ ৰহস্যময় অৰুণাচলৰ এক নান্দনিক ৰূপ প্ৰত্যক্ষ কৰি শিহৰিত হৈ উঠিছিলো। অৱশেষত নিশা দুই বজাত ডিগবৈত উপস্থিত হ’লোহি, এক ভাগৰুৱা, ৰোমাঞ্চকৰ যাত্ৰাৰ সমাপ্তিত।

পাৰ হ’ল এক পাহৰিব নোৱাৰা নিশা, প্ৰহেলিকাময় অৰুণাচলৰ এক ৰোমহৰ্ষক নিশা!

No comments: