Friday, July 10, 2015

পুণেৰ ‘মহাভাৰত’ আৰু বিভিন্ন প্ৰতিষ্ঠানত ৰাজনৈতিক নিযুক্তিসমূহ

প্ৰতিবাৰেই যেতিয়া এটা নতুন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে তেতিয়াই আৰম্ভ হৈ যায় বঁটা বিতৰণ পৰ্ব এটা। দলক সহায় কৰা দলীয় সদস্য সকলক প্ৰদান কৰা হয় নিচুকনি বঁটা সমূহ অৰ্থাত বিভিন্ন বিভাগ, অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ সভাপতি, অধ্যক্ষ আদি পদসমূহ। কংগ্ৰেছেই হওঁক অথবা বিজেপিয়েই হওঁক প্ৰতিবাৰেই চৰকাৰ গঠন হলে বিভিন্ন বিভাগসমুহত নিজৰ মানুহ বহুওৱাটো এটা পৰম্পৰাৰ দৰেই। কিন্তু এনে পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ কেতিয়াবা শলঠেকত পৰিবলগীয়া হয় চৰকাৰ।
শেহতীয়াকৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে ধৰ্মৰাজ যুধিষ্ঠিৰক পুণেত অৱস্থিত ভাৰতৰ ফিল্ম এণ্ড টেলিভিচন সংস্থাৰ (FTII) অধ্যক্ষ হিচাপে চৰকাৰে নিযুক্তি দিয়াক লৈ। দূৰদৰ্শনৰ বিখ্যাত ধাৰাবাহিক মহাভাৰতত যুধিষ্ঠিৰৰ ভূমিকাত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা গজেন্দ্ৰ চৌহানক ভাৰত চৰকাৰে নিযুক্তি দিছিল সন্মানীয় সংস্থাটোৰ অধ্যক্ষ হিচাপে। ভাৰতৰ বহুকেইগৰাকী প্ৰতিথযশা চলচ্চিত্ৰ পৰিচালক,কলা কুশলীক আওকান কৰি চৌহানক নিযুক্তি দিয়া হৈছিল একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ সুবাদতে। কিন্তু নিযুক্তিৰ লগে লগে প্ৰতিষ্ঠানটোত আৰম্ভ হল শক্তিশালী প্ৰতিবাদ যিটোত দেশৰ প্ৰতিথযশা অভিনেতা, পৰিচালক, কলা কুশলী আদিয়েও সমৰ্থন আগবঢ়াইছে।
এতিয়া আহো গজেন্দ্ৰ চৌহানৰ ভাৰতীয় চলচ্চিত্ৰ তথা টেলিভিচন ক্ষেত্ৰখনত অৱদানৰ বিষয়ে। আমি যদি আদিৰ পৰা অন্তলৈ তেখেতৰ কেৰিয়াৰটো ভালকৈ চালি জাৰি চাওঁ তেন্তে তেখেতৰ এটাই মাথো উল্লেখযোগ্য সাফল্য, সেয়া হল মহাভাৰত ধাৰাবাহিকত যুধিষ্ঠিৰ চৰিত্ৰৰ ৰূপায়ন। তাৰ বাদে তেখেতৰ অৱদান এক বৃহত শূণ্য। মহাভাৰতত অভিনয়ৰ পাছতে বিভিন্ন বোলছবিত সৰু সুৰা ভূমিকাত তথা বিভিন্ন প্ৰাপ্তবয়স্কৰ বি গ্ৰেড চলচ্চিত্ৰত অভিনয় কৰা চৌহানক FTII অধ্যক্ষ হিচাপে নিযুক্তিয়ে বিতৰ্কৰ সৃষ্টি কৰাটো এক স্বাভাবিক কথা। 2004 চনত ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়া গজেন্দ্ৰ চৌহানে হাৰিয়ানাত দলৰ হৈ যোৱা লোকসভা নিৰ্বাচনত প্ৰচাৰ অভিযান চলাইছিল, আৰু পুৰস্কাৰ হিচাপে দলে এটা আগশাৰীৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ পদৰ বঁটাতো চৌহানক প্ৰদান কৰিলে
চৰকাৰ বদলি হলেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পদবীৰ পৰা পুৰণি চৰকাৰৰ সমৰ্থিত ব্যক্তিসকলক আতৰোৱাতো ডাঙৰ কথা নহয়। ইয়াৰ আগতেও কংগ্ৰেছ চৰকাৰ শাসনত থাকোতে ইয়াৰ সমৰ্থক সকলক বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু এনেধৰণৰ ৰাজনৈতিক নিযুক্তি সমূহে এটা প্ৰতিষ্ঠানৰ কিমান উন্নয়ন সাধে সি এক বিচাৰ্যৰ বিষয়। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ এনে সৰু বৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবোৰৰ প্ৰকৃততে কাম কি সেয়াও সহজে বুজিব নোৱাৰি। বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীক এটা পদবী ৰূপে নিচুকনি বঁটাটো দিবলৈকে যেন বিভিন্ন অলাগতিয়াল কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছে, তেনেধৰণৰ ধাৰণা এটাইহে মনত খোপনি পোতে। কিন্তু এনেধৰণৰ বগা হাতীত পৰিণত হোৱা প্ৰতিষ্ঠান সমূহ, লগতে ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে লাভ কৰা নিযুক্তি প্ৰক্ৰিয়াসমূহে যে জনতাৰ কষ্টোপাৰ্জিত ধনৰহে শৰাধ কৰিছে সেয়া বোধহয় জনসাধাৰণেহে উপলব্ধি কৰে
এতিয়া পুনৰ ঘূৰি আহো গজেন্দ্ৰ চৌহান প্ৰসংগলৈ। ইয়াত কোনো দ্বিমত থাকিব নালাগে যে চৌহানৰ ভাৰতৰ টেলিভিচন অথবা চিনেমা জগতলৈ এনে কোনো বিশেষ অৱদান নাই যাৰ বাবে এফ টি আই আইৰ দৰে সংস্থা এটাৰ মুৰব্বীৰ পদবীটো লাভ কৰিব। গজেন্দ্ৰ চৌহানৰ নিজৰ ভাষাত কবলৈ হলে তেখেতক এটা সুযোগ লাগে নিজকে সংস্থাটোৰ হকে ভাল কাম কৰিবলৈ। তেওঁ ইতিমধ্যে নিজৰ বক্তব্য ডাঙি ধৰি কৈছে যে ছাত্ৰ ছাত্ৰী সকলে তেওঁক নুবুজাকৈয়ে আন্দোলন কৰি গৈছে। কিন্তু বুজিবলৈ কিবা বাকী আছে জানো?ব পাৰে তেওঁ এগৰাকী দক্ষ প্ৰশাসক কিন্তু টেলিভিচন অথবা চিনেমা জগতলৈ কোনো অৱদান নথকা এগৰাকী ব্যক্তিয়ে নিজে বুজি উঠিব লাগে আচলতে তেওঁ ইমান সন্মানজনক পদবী এটাৰ বাবে উপযুক্ত হয়নে নহয়। শ্যাম বেনেগাল, অদূৰ গোপালাকৃষ্ণন, মৃণাল সেন আদিৰ দৰে ভাৰতীয় চলচ্চিত্ৰ জগতৰ পুৰোধ্য ব্যক্তিসকলে আসন শুৱনি কৰা প্ৰতিষ্ঠান এটাত গজেন্দ্ৰ চৌহানৰ দৰে এগৰাকী ব্যক্তিৰ নিযুক্তিৰে চৰকাৰে নিজকে বহুৱা সজাৰ বাদে অইন একো নকৰিলে। একমাত্ৰ ৰাজনৈতিক তথা দলীয় স্বাৰ্থতে  নিযুক্তি লাভ কৰা গজেন্দ্ৰ চৌহানৰ নিযুক্তিয়ে যে বিখ্যাত প্ৰতিষ্ঠানটোলৈ ভৱিষ্যতে এক অশনি সংকেত কঢ়িয়াই আনিব সি নিশ্চিতসেইবাবে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদো যথেষ্ট যুক্তিসংগত।

কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ লগে লগে ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰো বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ সালসলনি ঘটিছে। চিলড্ৰেন ফিল্ম ছোচাইটি অব ইণ্ডিয়া (CFSI) ৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিলে বিজেপিৰ সমৰ্থক তথা মহাভাৰতৰ ভীষ্ম চৰিত্ৰত অভিনয় কৰা অভিনেতা মুকেশ খান্নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত বিভিন্ন প্ৰমোচনেল ভিডিঅ নিৰ্মান কৰি চেঞ্চৰ বৰ্ড Central Board of Film Certification (CBFC) ৰ মুৰব্বী পদ লাভ কৰিলে প্ৰহ্লাজ নিহালানীয়ে, যিয়ে বলিউডৰ পোন্ধৰখন মান চিনেমা প্ৰযোজনা কৰিছিল (কিন্তু সিমান লেখত লবলগীয়া চিনেমা নাছিল) আনহাতে বিজেপিত যোগ দিয়েই National Film Development Corporation of India(NFDC) ৰ অধ্যক্ষ পদ লাভ কৰে মালায়ালম চিনেমাৰ অভিনেতা সুৰেশ গোপীনাথনে। সাংস্কৃতিক ক্ষেত্ৰৰ এই নিযুক্তিসমূহে ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কলা সংস্কৃতিৰ পথাৰখনত যোগ্যতাতকৈ ৰাজনৈতিক মতাদৰ্শই অধিক গুৰুত্ব লাভ কৰিলে ই যে সংস্কৃতিৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলায় সি সহজেই অনুমেয়। দেশৰ জনতাই নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰখনক নিৰ্বাচনত জয়লাভ কৰাইছিল কংগ্ৰেছৰ দহবছৰীয়া শাসন আঁতৰাই এক সুস্থিৰ নতুন শাসন ব্যৱস্থাৰে দেশৰ উন্নয়ন ঘটাবলৈ,কিন্তু পুনৰ যদি একেই ৰাজনৈতিক কাৰচাজিৰে শাসন ব্যৱস্থা চলি থাকে তেন্তে জনসাধাৰণৰ মোহভংগ ঘটিবলৈ যে বেছি পৰ নালাগে সিয়ো চৰকাৰে মনত ৰাখিব লাগিব। দেশৰ উন্নয়ন যে দলীয় মতাদৰ্শতকৈ উৰ্ধত সেয়া অনুধাৱন কৰিব লাগিব বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে। ঠিক সেইদৰে দেশৰ অগ্ৰনী কলা সংস্কৃতিৰ প্ৰতিষ্ঠানসমূহত  দলীয় মতাদৰ্শৰ ভিত্তিতকৈ যোগ্যতাৰ ভিত্তিতহে নিযুক্তি দিয়াটো যুক্তিসংগত সেয়াও চৰকাৰে সোনকালে হৃদয়ংগম কৰাটো বাঞ্চনীয়

Monday, June 29, 2015

সেই ছঘন্টা!

অৰুণাচলখনৰ প্ৰাকৃতিক সৌন্দৰ্য যিমানেই পান কৰো সিমানেই যেন এক হেঁপাহ নপলোৱা অনুভুতি! সময় সুবিধা মিলিলেই ওলাওঁ অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক লাৱণ্য উপভোগ কৰিবলৈ। সুবিশাল ৰহস্যময় অৰুণাচলৰ দুৰ্গম নিৰ্জন, পথ পাহাৰবোৰে যেন কঢ়িয়াই ফুৰে হাজাৰ বছৰ পুৰণি কিছুমান অকথিত কাহিনী।

যোৱা ২৭ জুন তাৰিখে গৈছিলো অৰুণাচলৰ এখন সৰু নগৰ ৰইঙলৈ, তল ডিবাং উপত্যাকাৰ জিলা সদৰঠাই। পুৱা আঠ বজাত ডিগবৈৰ পৰা যাত্ৰা আৰম্ভ কৰি শদিয়া হৈ উপস্থিত হৈছিলোগৈ ৰইঙত। মায়ডিয়া অভিমূখী পথছোৱাৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি পুনৰ ৰইং পালোহি। আমাৰ কাৰ্যসূচী আছিল দিনটো ঘূৰি মেলি পুনৰ ডিগবৈ উভতি অহাৰ। কিন্তু ৰইঙত উপস্থিত হোৱাত পলম হোৱা বাবে আৰু ইতিমধ্যে চৈখোৱা ঘাটৰ ফেৰীসেৱা বন্ধ হৈ যোৱা বাবে আমিও আমাৰ কাৰ্যসূচী সলনি কৰিবলৈ বাধ্য হ’লো। সিদ্ধান্ত হ’ল আমি তেজু, পৰশুৰামকুণ্ড, নামচৈ হৈ ডিগবৈলৈ উভতিম। যিটো পথেৰে ৰইং আহিছিলো সেই পথছোৱাৰ দুৰত্ব আছিল প্ৰায় এশ কিলোমিটাৰ কিন্তু ৰাস্তা ঘাটৰ দূৰৱস্থাৰ বাবে সেইটো পথ অতিক্ৰম কৰোতে লাগিছিল প্ৰায় চাৰিঘণ্টা। কিন্তু আমি যিটো পথেৰে উভতি যোৱাৰ পৰিকল্পনা কৰিছিলো সেইটোৰ দৈৰ্ঘ্য আছিল প্ৰায় দুশ পঞ্চাশ কিলোমিটাৰ।

ভবামতে কাম। লুংলুঙীয়া বাট, দুয়োকাষে হাবি ফালি ফালি ৰয়িঙৰ পৰা গাড়ী চেকুৰিলে তেজু অভিমুখে। গাড়ীত মই, মোৰ ভ্ৰাতৃপ্ৰতিম শাক্য, তনবীৰ আৰু গাড়ী চালক মিন্টু। আবেলি পাঁচ বজাত ৰয়িঙৰ পৰা যাত্ৰা আৰম্ভ কৰি নিশা আঠ বজাত উপস্থিত হৈছিলোগৈ লোহিত জিলাৰ সদৰ তেজুত। নিশা আঠ বজাত তেজু নগৰী আন্ধাৰত নিতাল মাৰি আছিল। স্থানীয় লোকে জনালে যোৱা দুদিন ধৰি বিজুলী সংযোগ বিচ্ছিন্ন হৈ আছে। দুৰ্গম গিৰিপথ ৰাতি পাৰ হোৱাতকৈ তেজুতে নিশা কটোৱাৰ পৰিকল্পনা এটা আহিছিল যদিও সি তল পৰিল সকলোৰে উৎসাহত। তেজুৰ পেট্ৰলপাম্প বন্ধ হৈ আছিল। আমাৰ গাড়ীখনত পেট্ৰলৰ পৰিমান সিমান সন্তোষজনক নাছিল। দুৰ্গম পাহাৰীয়া ৰাস্তাত গাড়ীৰ ইন্ধন শেষ হ’লে কি পৰিস্থিতিত সৃষ্টি হ’ব পাৰে সি সহজেই অনুমেয়। গাড়ীচালকৰ নিৰ্ভয়বানী আৰু পৰশুৰাম কুণ্ডত খোলাকৈ বিক্ৰী কৰা পেট্ৰ’ল ভৰাই ল’ব পৰা যাব বুলি অনুমান কৰি আমি নিশা চাৰে আঠ বজাত গাড়ী আগবাঢ়িলে ডিগবৈ অভিমুখে। পৰশুৰাম কুণ্ড, ৱাক্ৰ’, নামচৈ, ডুমডুমা হৈ ডিগবৈ। বাটত যিহেতু খোৱা বোৱাৰ কোনো ব্যৱস্থা নাই গতিকে তেজুতে কিনি ল’লো ফলৰ ৰস, কেক্, বিস্কুট আদি।


লাহে লাহে গাড়ী আগবাঢ়িল। বাট পথৰ অৱস্থা তথৈবচ। তেজুৰ পৰা ডেমৱে পোৱালৈ আৰম্ভ হৈছিল কিনকিনীয়া বৰষুণ। ডেমৱে পাৰ হোৱাৰ পাছতে বৰষুণে ল’লে ভয়ংকৰ ৰূপ। আমি ইতিমধ্যে বুজি উঠিছিলো তেজুত নিশা নকটোৱাৰ সিদ্ধান্তটো আছিল আমাৰ বাবে এক মাৰাত্মক ভূল সিদ্ধান্ত। কিন্তু আমি তেতিয়া এনে এক পথ অতিক্ৰম কৰি আহিছিলো যিটো পথত গাড়ী পিছলৈ ঘূৰোৱাৰ কোনো উপাই নাই। ঠেক পাহাৰীয়া ৰাস্তাতে মুষলাধাৰ বৰষুণ ফালি ফালি আগবাঢ়িছিল আমাৰ অকলশৰীয়া গাড়ী। ভুতৰ ওপৰত দানহ পৰাদি গাড়ীত পেট্ৰলৰ পৰিমানো কমি আহিবলৈ ধৰিলে। তেতিয়াও আমি আধাতকৈ বেছি দূৰ অতিক্ৰম কৰিবলৈ বাকী। মনত এটায়েই সান্ত্বনা, পৰশুৰামকুণ্ডত যেনেতেনে উপস্থিত হ’লেই হ’ল। কিন্তু পৰশুৰাম কুণ্ডলৈ তেতিয়াও বহু দূৰ বাকী। বৰষুণে তেতিয়াও তাণ্ডৱ লীলা চলায়েই আছিল। বৰষুণ আৰু পেট্ৰল, এই দুটা বস্তুৱে আমাক চিন্তান্বিত কৰি তুলিলে। অৱশেষত বৰষুণৰ পৰিমান কমিল। গাড়ী কিছুদুৰ আগবঢ়াৰ পাছত হঠাতে আমাৰ চকু পৰিল কেইখনমান সৰু সৰু দোকানত। লগতে ট্ৰাক দুখনমান। গাড়ীচালক মিন্টু নামি গ’ল পেট্ৰলৰ খবৰ ল’বলৈ। এনেতে দেখিলো অলপ সময় দুজনমানৰ লগত কথাপাতি মিণ্টু প্ৰায় দৌৰি অহাদি আহি চালকৰ আসনত বহি গাড়ী ষ্টাৰ্ট দিলে। আমি একো উৱাদিহ নাপালো। গাড়ী চলাই চলায়েই তেওঁ কৈ গ’ল, পেট্ৰল নাই ইয়াত। আগলৈ বোলে ভূমিস্খলন হোৱা আৰম্ভ কৰিছে গতিকে ট্ৰাকচালক কেইজনে আমাক যিমান পাৰি সিমান সোনকালে সেই ঠাই এৰাটোৱে মংগল বুলি জনাইছে। এইবাৰ পেট্ৰ’লৰ লগত অইন এটা নতুন চিন্তা – ভূমিস্খলন। ওখোৰা মোখোৰা ঠেক দুৰ্গম সৰ্পিল পাহাৰীয়া ৰাস্তাৰে গাড়ী আগবাঢ়ি থাকিল। যদি ক’ৰবাত ইতিমধ্যে ভূমিস্খলন হৈছে তেন্তে আমি যে নিগমে মৰিলো সেয়া ভাবিয়েই বুকুখন চিৰংকৈ উঠিল। মিণ্টুৱে যিমান পাৰি বেগত গাড়ী চলাইছে। গোটেই পথচোৱাত কেৱল আমাৰ গাড়ীখনেই। খিৰিকীৰে অলপ জুমি আন্ধাৰতে ঠাইডোখৰৰ ভয়ংকৰ ৰূপ এটা প্ৰতক্ষ্য কৰিলো। বাওঁফালে ওখ পাহাৰ আৰু সোঁফালে খৰস্ৰোতা লোহিতৰ ভয়ংকৰ শব্দ। তাৰো আনটো ফালে বিশাল দৈত্যাকায় পাহাৰ কেইটামানে আকাশ চুই আছে। পাহাৰবোৰে যেন আকাশখন লুকুৱাইহে ৰাখিছে। গাড়ীত সকলো মৌন। সকলোৰে এটায়েই মাথো লক্ষ্য, যিমান পাৰি সোনকালে পৰশুৰাম কুণ্ডত উপস্থিত হ’ব লাগে।

নিশা এঘাৰ বাজিছে। এনেতে হঠাতে মিন্টুৱে গাড়ীৰ ব্ৰেক মাৰি দিলে। সকলো উচপ খাই উঠিল। সন্মুখত দেখো কিছুমান সৰু বৰ শিলে ৰাস্তাটো আগুৰি আছে। মই আৰু তনবীৰ গাড়ীৰ পৰা ওলাই আহিলো কি হৈছে চাবলৈ। মধ্যমীয়া আকাৰৰ শিলবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলো যাতে গাড়ীখন পাৰ হৈ যাব পাৰে। ৰাস্তাটো মুকলি কৰি থাকোতেই কেইছেকেণ্ড মান পাছতে উমান পালো ওপৰৰ পৰা শিল বাগৰি অহা শব্দ। মাথো কেই মিটাৰ মান আঁতৰত হঠাতে পাহাৰৰ ওপৰৰ পৰা বাগৰি আহিল মধ্যমীয়া জোখৰ কিছুমান শিল। লগে লগে যিমান পাৰি গাড়ী পিছুৱাবলৈ চিঞৰি চিঞৰি গাড়ীত বহিলো। মিন্টুৱে গাড়ীখন পিছুৱাই নিলে। অলপ সময় গাড়ীত বহি ওপৰৰ পৰা শিল বাগৰা চাই থাকিলো। আমি অনুমান কৰিলো যে কেই মিনিটমানৰ আগতে সেই ঠাইত কেইবাটাও ডাঙৰ শিল বাগৰি আহি তলৰ লোহিত নদীত পৰিছে। কেইছেকেণ্ডমানৰ ভিতৰতে আমি সিদ্ধান্ত লৈ পেলালো, গাড়ী যেনেতেনে আগবঢ়াই নিবই লাগিব। কাৰণ কেনেবাকৈ যদি ডাঙৰ শিল পৰে তেন্তে আমি ইয়াতে কিমান ঘণ্টা (হয়তো কেইবাদিনো!) আৱদ্ধ হৈ থাকিব লাগিব তাৰ কোনো ঠিক নাই। মৰণত শৰণ দি মই আৰু তনবীৰ গাড়ীৰ পৰা পুনৰ ওলাই আহিলো আৰু ৰাস্তা বন্ধ কৰি ৰখা শিলবোৰ পুনৰ আঁতৰোৱা আৰম্ভ কৰি দিলো। শিল আঁতৰাই গাড়ীৰ বাবে ৰাস্তাটো মুকলি কৰাৰ পাছতে দূৰত ৰৈ থকা গাড়ীখনক সেউজ সংকেত দিলো আগবাঢ়ি আহিবলৈ। যিমান পাৰি সিমান বেগত গাড়ী সেইখিনি ঠাই পাৰ হ’ল। গাড়ী জোৰেৰে আগবাঢ়িল আৰু আমি পিছে পিছে দৌৰিবলৈ ধৰিলো। দৌৰি থাকোতে এবাৰ পিছলৈ চাই দেখো পুনৰ কেইটামান শিল তললৈ বাগৰি আহিছে। গাড়ী অলপ দূৰ যোৱাৰ পাছতে আমি গাড়ীত উঠি সেই ঠাই কোনোমতে ত্যাগ কৰিলো। অলপ সময় গাড়ীত এক নিস্তব্ধ পৰিবেশ। ৰাতিৰ আন্ধাৰত হয়তো সেই ঠাইৰ ভয়াবহতা সিমান অনুমান কৰিব নোৱাৰিলো কিন্তু দিনত হয়তো দৈত্যাকায় পাহাৰবোৰ আৰু তলত বৈ যোৱা খৰস্ৰোতা লোহিতৰ সৈতে সেই ঠেক ৰাস্তাটোৰ ছবিখন দেখাত আৰু বেছি ভয়ানক হৈ উঠিলহেঁতেন।
এটা ডাঙৰ বাধা অতিক্ৰম কৰাৰ পাছত এতিয়াও সকলোৰে মনত পেট্ৰলৰ চিন্তাই জুমুৰি আছিল। লাহে লাহে কমি অহা পেট্ৰলৰ সংকেত কাঁটাডালত হে যেন সকলোৰে চকু। 

পৰশুৰাম কুণ্ড পালোহি। ইতিমধ্যে বন্ধ হৈ থকা দোকানবোৰত মানুহ জগাই পুনৰ খবৰ কৰিলো পেট্ৰ’লৰ। পেট্ৰ’ল নাই, ডিজেলহে আছে। যিমানখিনি ইন্ধন আছে সেইখিনিৰেই আমি আগবঢ়াৰ সিদ্ধান্ত ল’লো। ইন্ধন শেষ হ’লে গোটেই ৰাতিটো গাড়ীতে কটাম! ইতিমধ্যে আটাইৰে মোবাইলৰ বেটাৰীৰ শক্তিও লাহে লাহে কমি আহিছিল। দুজনমানৰ ইতিমধ্যে মোবাইল বন্ধ হৈছিলেই। গতিকে কিছু সময়ৰ পাছতে আমি পৃথিৱীৰ অইন প্ৰান্তৰ লগত সংযোগ বিচ্ছিন্ন হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিল। পৰশুৰাম কুণ্ড পাৰ হৈ গাড়ী আগবাঢ়িল।

সময় নিশা প্ৰায় চাৰে বাৰ বাজিছে। ৱাক্ৰ’ পালোহি। এনেতে সন্মুখত হঠাতে দেখিলো এটা ইন্ডিয়ান অইলৰ পেট্ৰল পাম্প। সকলোৰে মুখত সৰুকৈ এটা হাঁহি বিৰিঙি উঠিল। লগে লগে গাড়ী সুমুৱাই দিয়া হ’ল পেট্ৰল পাম্প চৌহদত। গভীৰ অৰণ্যৰ মাজত অৱস্থিত পেট্ৰল পাম্পটোৰ চৌহদটো হৈ আছিল ভয়ংকৰভাবে নিজম। নাছিল কোনো জনপ্ৰাণী। বতাহৰ হো হোৱনিত যেন পৰিবেশটো আৰু অধিক জয়াল হৈ পৰিছিল। ঠিক যেন হ’ৰৰ চিনেমাত দেখুওৱা এটা দৃশ্যহে। আমি গাড়ীৰ পৰা নামি আগবাঢ়িলো কাউন্টাৰ অভিমুখে। খিৰিকিৰে জুমি চাই দেখো কোনো নাই। ভগৱানৰ ফটো এখনত চাকি এটা জ্বলি আছে। কাষতে এইন এটা সৰু ঘৰ। গাড়ীচালক মিন্টুৱে দুৱাৰ ঢকিয়াই ঢকিয়াই কোনোবা আছে নেকি জগাবলৈ ধৰিলে। বহু সময় দুৱাৰ ঢকিওৱাৰ পাছত এজন লোক ওলাই আহিল। আমাৰ সমস্যাৰ কথা বিৱৰি ক’লো। বিদ্যুত সৰবৰাহ বন্ধ হৈ থকা বাবে আমাক তেওঁ পেট্ৰল দিব নোৱাৰিব বুলি জনালে। আমি সকলোৱে জয়দেউ কাকুতি আৰম্ভ কৰাত অৱশেষত গুডামত ৰখা দহ লিটাৰ পেট্ৰ’ল দিবলৈ মান্তি হ’ল। যিমানখিনি তেল দিলে সিমানখিনিহে পইচা তেওঁ গ্ৰহণ কৰিলে। তাতকৈ এটকাও তেওঁ বেছিকৈ গ্ৰহণ নকৰিলে। ৰাস্তাৰ মাজত এনেকৈ যে এটা পেট্ৰ’ল পাম্প পাই যাম, সি আছিল সপোনৰো অগোচৰ। ৰাস্তাত ৰৈ পেট্ৰ’ল ক’ত পোৱা যাব সুধি অহা হৈছিল যদিও এই পেট্ৰ’ল পাম্পটোৰ কথা কিন্তু কোনেও আমাক জনোৱা নাছিল। যি কি নহওঁক আন এক ডাঙৰ বাধা আমি অতিক্ৰম কৰিলো। ইতিমধ্যে আমি পাহাৰবোৰৰ সৰ্পিল গতিপথ এৰি এক দুৰ্গম হাবিৰ মাজেৰে আন্ধাৰ ফালি আগবাঢ়িছিলো। এতিয়া যেন আমি নিশ্চিন্ত, ঘৰ গৈ পামেই। আকাশখনলৈ এবাৰ চালো। জোনাকী পোহৰত তৰা দুটামানে তিৰবিৰাই আছিল। মাথো কিছুসময়ৰ আগতে প্ৰলয়ৰ সৃষ্টি কৰা মেঘবোৰ খেদি খেদি ভাগৰুৱা আকাশখন যেন শুই পৰিছিল এক শান্ত ৰূপত।

মানমা, লাথাও আদি ঠাইবোৰৰ নিশাৰ সৌন্দৰ্য উপভোগ কৰি কৰি আমাৰ গাড়ী নামচৈ পালেহি। নিশাৰ ৰহস্যময় অৰুণাচলৰ এক নান্দনিক ৰূপ প্ৰত্যক্ষ কৰি শিহৰিত হৈ উঠিছিলো। অৱশেষত নিশা দুই বজাত ডিগবৈত উপস্থিত হ’লোহি, এক ভাগৰুৱা, ৰোমাঞ্চকৰ যাত্ৰাৰ সমাপ্তিত।

পাৰ হ’ল এক পাহৰিব নোৱাৰা নিশা, প্ৰহেলিকাময় অৰুণাচলৰ এক ৰোমহৰ্ষক নিশা!

Sunday, May 24, 2015

কেনেদৰে উজ্জ্বীৱিত হৈ উঠিছিল ফ'কাচ হাইফাই

কাচ টেলিভিচন গোটৰ নইডা স্থিত মূখ্য কাৰ্য্যালয়ত এবছৰ থকাৰ পাছত 2014 চনত অসম ঘূৰি অহাৰ সিদ্ধান্ত লৈছিলো আৰু যোগদান কৰিছিলো ফকাচ হাই ফাই চেনেলটোত যাৰ ফলত ই হৈ পৰিছিল মোৰ কাম কাজৰ দ্বিতীয় ঠিকনা (প্ৰথম ঠিকনা প্ৰায় সকলোৱেই এনাজৰী ডট কম হিচাপেই জানে)। যেতিয়া যোগদান কৰিবলৈ আহিছিলো তেতিয়াই লগ হৈছিলো এটা সৰু অথচ নিপুন কৰ্মদলৰ সৈতে। দুখজনক ভাবে মই যোগদান কৰাৰ কিছুদিনৰ আগতেই আমাৰ সকলোৰে মৰমৰ  অহিৰ ভৈৰৱ দা স্বৰ্গগামী হৈছিল। যোগদান কৰাৰ সময়ত চেনেলৰ অৱস্থা আছিল তথৈবচ। সাপ্তাহিক টিআৰপি তালিকাত একেবাৰে শেষৰ চেনেল! আৰম্ভ হৈছিল নতুন উদ্যমেৰে এটা নতুন দল হৈ কাম কৰাৰ আৰু উন্নত মানদণ্ডৰ অনুষ্ঠানসমূহৰে চেনেলটোক আগলৈ লৈ যোৱাৰ।

চেনেলটোৰ মূখ্য কাৰ্যবাহী বিষয়া গাৰ্গী বৰদলৈৰ নেতৃত্বত আৰু গুৱাহাটীস্থ কাৰ্যালয়ৰ Programming Head ৰূপক দাৰ সহযোগত প্ৰযোজকৰ এটি পাঁচজনীয়া দলে বিচক্ষণতাৰে আগুৱাই নিলে চেনেলটোক। ফকাচ হাইফাই চেনেলৰ কাম কাজৰ ধৰণ হয়তো অসমৰ কোনো মিডিয়া হাউচৰ লগতেই নিমিলে। সকলো কাম নিয়াৰিকৈ কোনো চাপ নোহোৱাকৈ সমাধান কৰাটোৱই আছিল ইয়াৰ মূল উদ্দেশ্য। নিজৰ কাম কাজ নিয়াৰিকৈ সমাধা কৰাৰ পাছত নিজৰ কম্পিউটাৰত লগাই লব পাৰিছিলো এখন চিনেমা, নিজৰ মন পছন্দৰ। শনিবাৰে কৰ্যালয়ৰ সকলোৱে মিলি উপভোগ কৰিছিলো এখনকৈ বিদেশী অথবা হলিউডৰ চিনেমা। এইবোৰে কিন্তু কামত বাধাৰ সৃষ্টি কৰা নাছিল। বৰং সহায় কৰিছিল ন ন চিন্তাৰ উদ্ৰেক ঘটোৱাত।

চেনেলত সম্প্ৰচাৰিত হৈ থকা ধাৰবাহিকৰ কি কি অংশ দৰ্শকে চাই ভাল নাপাব পাৰে সেইবোৰ চালিজাৰি চাই আঁতৰ কৰাৰ পূৰ্ণ ক্ষমতা আছিল আমাৰ হাতত। ফলত অপ্ৰয়োজনীয় বুলি অনুভৱ কৰা অংশ সমূহ আঁতৰোৱা হৈছিল। সেইবাবে ধাৰাবাহিক বোৰো দৰ্শকে আঁকোৱালি লৈছিল অতি আন্তৰিকতাৰে। আকৌ খাপলাংকাই, চুবুৰি নং 1 আদিৰ সফলতাৰ কথা সকলোৱেই জানে। টিআৰপি তালিকাখন হাতত লৈ গোটেই কৰ্মদলটো বহিছিল প্ৰতি বৃহস্পতিবাৰে। তালিকাখন গভীৰ বিশ্লেষণ কৰি কোনখন ধাৰাবাহিকত কোনটো চৰিত্ৰ মানুহে ভাল পাইছে অথবা বেয়া পাইছে সেয়া নিৰ্ধাৰণ কৰা হৈছিল আৰু সেইমতেই ধাৰাবাহিক সমূহৰ গতিপথ নিৰ্ধাৰিত হৈছিল। অশ্লীল ভিডিঅ গীত সমূহ কোনোপধ্যেই প্ৰদৰ্শন কৰিবলৈ দিয়া নহৈছিল দৰ্শকৰ ৰুচিৰ প্ৰতি ধ্যান ৰাখি

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল দলটোৰ মাজত থকা সমন্বয়। ছাৰ’, 'মেম' ইত্যাদি বোৰ আছিল আমাৰ কাৰ্য্লায়ত প্ৰায় আচহুৱা শব্দ। ডাঙৰ হলে দাদা বা কাৰোবাক নাম কাঢ়ি মতাটোৱেই আছিল আমাৰ কাম। সম্পুৰ্ণ এক কৰ্পোৰেট পৰিবেশত চলিছিল কাম কাজ। হয়তো এনেধৰণৰ নামেৰে কৰা সম্বোধনেৰেই সকলোকে ইজনে সিজনৰ ওচৰ চপাই আনিছিল, ত নাছিল কোনো উচ্চ পদবী অথবা নিম্ন পদবীৰ মাজৰ ব্যৱধান। ৰূপক দা, ৰতন দা, দিক্ষীত, নাছিৰ অথবা মই যদিও বেলেগ বেলেগ পদবীত আছিলো তাত নাছিল কোনো পদবী কেন্দ্ৰিক সম্বোধনৰ ব্যৱধান। অসমৰ 'ছাৰ বাইদেউ মেডাম' কৰ্ম সংস্কৃতিৰ বিপৰীতে ই আছিল যেন সম্পূৰ্ণ এক বিপৰীত প্ৰতিচ্ছবি। সকলোৰে শোতে বহোতে খাওঁতে এটাই মাথো লক্ষ্য আছিল – ফকাচ হাইফাইক শীৰ্ষস্থানত লৈ যোৱাৰ লক্ষ্য

জনপ্ৰিয়তাৰ তালিকাত একেবাৰে শেষত থকা এটা চেনেল অসমৰ দ্বিতীয়টো জনপ্ৰিয় চেনেল হিচপে পৰিচিত হৈ পৰিল মাথো আঠ মাহতে। কাৰ্যালয়ৰ কৰ্মসংস্কৃতি, কাৰ্যবাহী প্ৰযোজক, কাৰিকৰী সম্পাদক তথা গ্ৰাফিক্স দলৰ সদস্য সকলৰ কঠোৰ পৰিশ্ৰম আৰু বিষয়বস্তুৰ নিখুঁত বিশ্লেষণ হৈ পৰিছিল ইয়াৰ মূল চালিকা শক্তি। লগতে দৰ্শকৰ মৰম আৰু আন্তৰিকতাৰ কথা সদায়েই উল্লেখ কৰিব লাগিব মাথো এয়াৰটেল আৰু বিগ টিভি ডিটিএইচ প্লেটফৰ্মত উপলব্ধ চেনেলটো অইন ডিটিএইচ প্লেটফৰ্মত উপলব্ধ কৰাবলৈ ফেচবুক পেজ, হোৱাটচ এপ আদিত দৰ্শকৰ আহিছিল দাবী ধমকি আনকি কেতিয়াবা অশ্লীল গালি গালাজো পাইছিলো সোনকালে টাটা স্কাই, ডিচ টিভিত উপলব্ধ কৰাক লৈ। আমাৰ খং উঠা নাছিল, বৰং সকলোৰে মুখত এটা হাঁহি বিৰিঙি উঠিছিল চেনেলটোৰ জনপ্ৰিয়তাৰ গতিপথটো দেখি।

কাচ হাইফাই বন্ধ হৈ যোৱাৰ লগে লগে এটা যুগৰ অন্ত পৰিল। যিটো চেনেল যোৱা বহু বছৰ ধৰি জনপ্ৰিয় হোৱা নাছিল সি জনপ্ৰিয় হৈ পৰিছিল মাথো শেষৰ আঠ মাহত। চেনেলটো বন্ধ কৰা সিদ্ধান্ত কিমান দূৰ সমীচিন সেয়া আমাৰ বাবে প্ৰয়োজনীয় নহয়, কাৰণ ব্যক্তিগত কোম্পানীৰ চাকৰিত ই এক সাধাৰণ কথা। এটা চেনেলক শূণ্যৰ পৰা জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ যোৱাটোহে আছিল আমাৰ বিচক্ষণ কৰ্মদলটোৰ বাবে এক বৃহত সাফল্য।


  

Tuesday, February 10, 2015

মোডীৰ দূৰ্গত কেজৰিৱালৰ মোক্ষম আঘাত আৰু ‘আপ’ৰ পুনৰুত্থান

ভাৰতৰ নিৰ্বাচনী ইতিহাসত তৃতীয় কোনো ৰাজনৈতিক দলে এনে এক বিস্ময়কৰ সফলতা অৰ্জন কৰিলে! ইয়াৰ পূৰ্বে ৯৮৯ চনৰ চিক্কিম বিধানসভা নিৰ্বাচনত চিক্কিম সংগ্ৰাম পৰিষদে আৰু ২০০৯ চনৰ একে বিধানসভা নিৰ্বাচনত চিক্কিম ডেমোক্ৰেটিক ফ্ৰন্টে আটাইকেইখন আসনতে জয়লাভ কৰি এক ৰেকৰ্ডৰ সৃষ্টি কৰিছিল। তাৰ পাছত সদ্যসমাপ্ত দিল্লী বিধানসভা নিৰ্বাচন আম আদমী পাৰ্টিয়ে যি অভাৱনীয় সফলতা লাভ কৰিলে সেয়া হয়তো খোদ দলটোৰেই আছিল সপোনৰ অগোচৰ। 

অৰবিন্দ কেজৰিৱাল, মাফলাৰ মেন হিচাপে ৰাজনৈতিক মহলত পৰিচিত এইগৰাকী প্ৰাক্তন ৰাজহ সেৱাৰ বিষয়া ভাৰতীয় ৰাজনীতিত যিমানেই নতুন, সিমানেই যেন এগৰাকী পাকৈত ৰাজনৈতিক খেলুৱৈ। আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ জৰিয়তে চৰ্চিত হৈ পৰা কেজৰিৱালে বুজি উঠিছিল ভাৰতীয় ৰাজনীতিত এক নতুন ৰাজনৈতিক দল খোলাৰ প্ৰাসংগিকতাৰ কথা। ফলত আন্না হাজাৰেৰ লগত মনোমালিন্য ঘটাই হলেও আৰম্ভ কৰিছিল আম আদমী পাৰ্টি। ২০১৩ ৰ প্ৰথমখন যুঁজতেই ২৮ খন আসন দখল কৰি সকলোকে খুৱালে এক চমক। কংগ্ৰেছৰ সমৰ্থনত দিল্লীত কেজৰিৱালে যি ৪৯ দিনীয়া চৰকাৰ এখন চলালে, তাৰ পৰা কিন্তু কেজৰিৱালৰ কাম কাজত ফুটি উঠিছিল এগৰাকী দক্ষ প্ৰশাসকৰ লক্ষণ। প্ৰথমবাৰ শাসনভাৰ লোৱাৰ কিছুদিনৰ ভিতৰতেই বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি আদি কমি আহিছিল চকুতলগাকৈ। কিন্তু ৪৯ দিনতে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰি কেজৰিৱালে নিশ্চিতভাৱে কৰিছিল এক ভুল কাম। যিটো পাছত তেওঁ নিজেও উপলব্ধি কৰিছিল। পদত্যাগৰ বাবে নাছিল কোনো বিশেষ ৰাজনৈতিক হেঁচা, কিন্তু লোকসভা নিৰ্বাচনক উদ্দেশ্য কৰিয়েই যে কেজৰিৱালে পদত্যাগ কৰি আম আদমী পাৰ্টিক ৰাষ্ট্ৰীয় এক দল হিচাপে নিক্ষেপ কৰাৰ পৰিকল্পনা কৰিছিল সেয়া হৈ পৰিছিল স্পষ্ট। যিটো আছিল এক ভুল সিদ্ধান্ত। নিজেই বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিপক্ষে অৱতীৰ্ণ হৈ কেজৰিৱালে যেন দিল্লীৰ চমক এটায়েই দিব বিচাৰিছিল। কিন্তু সফল নহল। অৰবিন্দ কেজৰিৱালে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সিমান সফলতা অৰ্জন কৰিব নোৱাৰিলে(পঞ্জাৱৰ চাৰিখন আসনত বিজয়ৰ বাদে)।

আপৰ চমকপ্ৰদ পুনৰুত্থান হল কিদৰে?
২০১৪ৰ লোকসভাৰ নিৰ্বাচনৰ পাছত যিকোনো মুহুৰ্তত যে দিল্লীতো বিধানসভা নিৰ্বাচন অনুষ্টিত হব সেই সম্পৰ্কে আপ আছিল প্ৰস্তুত আৰু প্ৰস্তুতিও আৰম্ভ কৰিছিল অতি পৰিকল্পিতভাৱে। ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোডীৰ বিজয় বন্দনাত ব্যস্ত হৈ থকা দিল্লী বিজেপিৰ নাছিল কোনো ধৰণৰ প্ৰস্তুতি। মোডী ঢৌৱে সকলোকে উটুৱাই লৈ যাব বুলি আকাশত চাং পাতি নিদ্ৰামগ্ন হৈ থকা দিল্লী বিজেপিয়ে শেষ মুহুৰ্ত্তত কিৰণ বেদীক দলত অন্তৰ্ভুক্ত কৰি নিজ দলতে হানিলে এক মোক্ষম আঘাত। কিৰণ বেদীৰ বিজেপিত যোগদানে বিজেপিক এক নতুন ৰূপত উদ্ভাষিত কৰিব বুলি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সপোন দেখি আছিল, সি হৈ পৰিল বুমেৰাং সদৃশ ২০১৩ চনত ড: হৰ্ষবৰ্ধনৰ নেতৃত্বৰ সবল বিজেপি দলটোত ২০১৫ চনত ধুমকেতুৰ দৰে আৱিৰ্ভাৱ ঘটা কিৰণ বেদীৰ বাবেই যে বিজেপিৰ ভিতৰচৰা অন্ত:কন্দলত জৰ্জৰিত হৈ পৰিল সি জলজল পটপটকৈ ওলাই পৰিছিল। অৰবিন্দ কেজৰিৱালক ৰাজনীতিৰ লগত জড়িত হোৱা বাবে সদায়ই সমালোচনা কৰি অহা কিৰণ বেদীৰ হঠাতে ভাৰতীয় জনতা পাৰ্টিত যোগদানে যেন দিল্লীৰ ভোটাৰসকলক বিভ্ৰান্ত কৰি তুলিলে। ফলত খোদ কিৰণ বেদী কৃষ্ণনগৰ সমষ্টিত সন্মুখীন হবলগীয়া হল অনাকাংক্ষিত পৰাজয়ৰ, যিটো আছিল বিজেপি তথা ড: হৰ্ষবৰ্ধনৰ আপোন সমষ্টি কিৰণ বেদী আৰক্ষী হিচাপে যিমান সফল আছিল সিমানেই যেন বিফল এগৰাকী ৰাজনীতিবিদ হিচাপে। অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীৰ ই যেন আছিল এক মাৰাত্মক ভুল সিদ্ধান্ত।  

জাত পাত ধৰ্মই সদায়েই ভাৰতীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। দিল্লীৰ জনগাথনিও সদায়েই মিশ্ৰিত। বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰৱজনকাৰী সকলেই হল মুলত: দিল্লীৰো নাগৰিক তথা ভোটাৰ দিল্লীৰ নিৰ্বাচনী সমীকৰণ সলনি কৰাত ধৰ্ম, জাতিকেন্দ্ৰিক ভোটে আপক যথেষ্ট সহায় কৰিছিল। কংগ্ৰেছৰ দখলত থকা মুছলিম ভোটবেংকত খহনীয়াৰ সৃষ্টি কৰিলে আপে। যদিও জামা মচজিদৰ শ্বাহী ইমামে মুকলিকৈ আপৰ সমৰ্থনত মুছলিম ধৰ্মালন্বী লোকসকলক ভোট দিবলৈ আহ্বান কৰিছিল, ইয়াৰ পূৰ্বেই কিন্তু আপে মুছলিম ধৰ্মালন্বী লোকসকলৰ ভোট পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছিল। ইয়াত ইন্ধন যোগাইছিল যোৱা কিছুদিনৰ পৰা বিজেপিৰ কেইগৰাকীমান সাংসদে দি থকা উগ্ৰ হিন্দুত্ববাদী মন্তব্যসমূহে। ২০১৩ চনত মুছলিম ধৰ্মালম্ৱী লোক অধ্যুষিত অঞ্চলৰ প্ৰায় আটাইকেইখন আসনেই কংগ্ৰেছৰ দখলত আছিল। কংগ্ৰেছৰ আঠখন আসনৰ চাৰিখনতেই নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰিছিল মুছলিম ধৰ্মালম্ৱী লোকসকলে। কিন্তু এইবাৰ আটাইকেইখন আসনেই দখল কৰিলে আপে। দিল্লীৰ মুঠ ভোটাৰৰ প্ৰায় বাৰ শতাংশ মুছ্লিম ভোটাৰেই নিৰ্বাচনত এক নিৰ্ণায়ক ভুমিকা গ্ৰহন কৰা দেখা যায়। মুছলিম ধৰ্মালম্বী ভোটাৰসকলৰ বাবে আপ এতিয়া কংগ্ৰেছৰ বিকল্প দল হৈ উঠাটো হয়তো বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ বাবেই এক মুৰৰ কামোৰণি। মুছলিম সম্প্ৰদায়ৰ লগতে দিল্লীৰ নিৰ্বাচনত উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰা প্ৰৱজন কৰা পূৰ্বাঞ্চলী আৰু পঞ্জাৱৰ শিখ ধৰ্মৰ ভোটাৰ সকলেও বিজেপি আৰু কংগ্ৰেছক প্ৰত্যাখান কৰাটো উল্লেখযোগ্য। আকালি দলৰ বিকল্প হিচাপে দিল্লীৰ জনগাঠনিৰ ৩৫% শিখ সম্প্ৰদায়ৰ লোকক সাধাৰণতে বিজেপিৰ পৰম্পৰাগত ভোটবেংক হিচাপে গণ্য কৰা হয়। কিন্তু এইবাৰ যেন সম্পূৰ্ণ এক ওলোটা প্ৰতিচ্ছবিহে জিলিকি উঠিল। উত্তৰ পূৰ্বাঞ্চল বাসীক বিদেশী হিচাবে উল্লেখ কৰি যে দিল্লীবাসী উত্তৰ পূৰ্বাঞ্চলৰ ভোটাৰৰ ভালেসংখ্যক ভোট বিজেপিয়ে হেৰুৱালে সিও নিশ্চিত। 
 
সুচতুৰ ৰাজনীতিবিদ হিচাপে নিজকে পতিপন্ন কৰা কেজৰিৱালে নিম্ন মধ্যবিত্ত শ্ৰেণীক কৰি লৈছিল মুল লক্ষ্য। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পাছতে মধ্যবিত্ত আৰু উচ্চমধ্যবিত্ত ভোটাৰসকলৰ মাজত কেজৰিৱালৰ জনপ্ৰিয়তা বহু পৰিমানে হ্ৰাস পাইছিল,ত আওপকীয়াকৈ ইন্ধন যোগাইছিল কেইটামান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। কিন্তু সুচতুৰ ব্যক্তি কেজৰিৱালে জানিছিল নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীটোৰ লগত যদি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিব পৰা যায় তেন্তে ভোটৰ হাৰ বঢ়াতো নিশ্চিত।

দেশৰ ৰাজনীতি আৰু এখন প্ৰদেশৰ ৰাজনীতি একাকাৰ কৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই যেন কৰিছিল এক ভুল। কেন্দ্ৰীয় কেবিনেটৰ প্ৰায় সকলো মন্ত্ৰী, খোদ প্ৰধানমন্ত্ৰীয়ে যিদৰে বিজেপিৰ সন্মান ৰক্ষাত নামি পৰিল সেয়া হৈ পৰিল বুমেৰাং সদৃশ ন মাহৰ আগৰ ৰাজনৈতিক বতাহ আৰু এতিয়াৰ বতাহৰ মাজত আছে যথেষ্ট পাৰ্থক্য। যোৱা নমাহত দিল্লীত ঘটা সৰু সৰু ধাৰ্মিক অসহিষ্ণুতাৰ ঘটনা, উগ্ৰ হিন্দুত্ববাদী সংগঠন সমূহ তথা খোদ বিজেপিৰ কেইগৰাকী মান সাংসদৰ অবিবেচক মন্তব্যবোৰ, নিৰ্বাচনী প্ৰস্তুতিৰ প্ৰতি অনীহা, সম্পুৰ্ণৰূপে নৰেন্দ্ৰ মোডীৰ ওপৰত ভৰষা আদিবোৰেযেন যেন বিজেপিৰ নিজৰেই ক্ষতি কৰিলে।

আমি এটা কথা মনত ৰাখিব লাগিব যে ২০১৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোটাৰে জয়যুক্ত কৰিছিল একমাত্ৰ উন্নয়নৰ শ্লোগানৰ বাবে আৰু কংগ্ৰেছৰ এক বিকল্প শক্তি হিচাপে সেইবাবে একমাত্ৰ উন্নয়নৰ দোহাই দি দিল্লীৰ গাদী দখল কৰা বিজেপিৰ উন্নয়নমুখী ৰাজনীতিৰ বাদে অইন ৰাজনীতিৰ বেলেগ কোনো পথো বাচি থকা নাই। বিজেপিৰ বিকল্প শক্তি ৰূপে আপ ইতিমধ্যে মুৰ ডাঙি থিয় হৈছে আৰু ই যে ভবিষ্যতে এক শক্তিশালী ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে পৰিচিত হব তাত দ্বিমত নাই।


এতিয়া অৰবিন্দ কেজৰিৱালৰ লক্ষ্য মাথোঁ এটায়েই হোৱাটো প্ৰয়োজন, দিল্লীত কংগ্ৰেছক সম্পুৰ্ণৰূপে নিশ্চিহ্ন আৰু বিজেপিক প্ৰায় বিধস্ত কৰি ৬৭ খন আসন উপহাৰ দিয়া দিল্লীৰ জনতাক এখন সুস্থিৰ সবল চৰকাৰ উপহাৰ দিয়াটো। আৰু মুখ্যমন্ত্ৰী হিচাপে বিভিন্ন সৰু বৰ ইচ্ছু লৈ জনসাধাৰণক বিভ্ৰান্তি কৰি ধৰ্ণা ধৰ্মঘট আদিত নবহি সেইবোৰ আলোচনাৰ মাজেৰে সমাধান কৰা। এতিয়া আম আদমী পাৰ্টিৰ বাবে যেন অগ্নিপৰীক্ষাৰ সময়, ভবিষ্যত এক বিকল্প ৰাজনৈতিক শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ তাৰ বাবে লাগিব দিল্লীত এক সুদক্ষ প্ৰশাসন যন্ত্ৰ আৰু বলিষ্ঠ নেতৃত্বৰ। কাৰণ এটা নতুন ৰাজনৈতিক দলৰ নিজকে ভাৰতীয় ৰাজনীতিত প্ৰতিষ্ঠা কৰোৱাৰ বাবে তৃতীয়টো সুযোগ হয়তো সোনকালে নাহে।