Thursday, November 27, 2014

‘মোৰ মিনতি’ বিতৰ্ক আৰু কিছু কথা



স্কুলীয়া ছাত্ৰ হিচাপে তেতিয়া গান শুনাৰ, কেছেট কিনাৰ খুবেই চখ। অসমীয়া সংগীত বুলিলে কেৱল জুবিন গাৰ্গকহে জানিছিলো তেতিয়া। ভূপেন হাজৰিকা অথবা জয়ন্ত হাজৰিকাৰ গান শুনিছিলো যদিও জুবিনৰ গানবোৰেই বেছি সুৰীয়া অনুভৱ কৰিছিলো। হয়তো ভূপেন হাজৰিকা অথবা জয়ন্ত হাজৰিকাৰ গীতৰ গভীৰতা বুজি পোৱাৰ বয়স ভালদৰে তেতিয়া হোৱাই নাছিল। কিন্তু কলেজ পোৱাৰ পাছৰ পৰা জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ সুৰৰ পৃথিৱীখনতেই আপোনপাহৰা হৈ আছিলো। স্কুলত পঢ়ি থকা কালতেই শুনিছিলো জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ বিলত তিৰেবিৰাই পদুমৰ পাহি গীতটি শুনাৰ লগে লগেই প্ৰেমত পৰিছিলো গীতটিৰআগতে কেতিয়াও শুনি নোপোৱা গীতটিত আছিল এক সুৰীয়া মাদকতা। কেছেটটোত লিখা আছিল কমলানন্দ ভট্টাচাৰ্যৰ গীত বুলি। কিন্তু কোন এইগৰাকী কমলানন্দ ভট্টাচাৰ্য? নামেই শুনা নাছিলো তেতিয়া। কিন্তু খবৰ ৰাখি গৈছিলো পাছলৈ কমলানন্দ ভট্টাচাৰ্যৰ বিষয়ে কৰবাত কিবা বাতৰি পাওৱেই নেকি? নাই নাপালো। শুনিছিলো গ্ৰামোফোন যুগৰে এগৰাকী জনপ্ৰিয় সংগীত শিল্পী বহু বছৰ ধৰি মনতে সাঁচি ৰখা আশাটো পুৰণ হ ২০১৩ চনত। কমলানন্দ ভট্টাচাৰ্যৰ বিলত তিৰেবিৰাই মূল গানটো শুনাৰ সুযোগ মিলিল কিন্তু জুবিনৰ গীতটি নুশুনা হেঁতেন হয়তো কমলানন্দ ভট্টাচাৰ্যৰ বিষয়ে জনাৰ আগ্ৰহ কেতিয়াও নজন্মিলহেঁতেন এনেদৰেই কিমান যে প্ৰসিদ্ধ সংগীতশিল্পীক আমি ভালদৰে চিনিয়েই নাপাও অথবা সেই সুৰীয়া গীত সমূহ বিচাৰি নাপাওঁ!   



জুবিন গাৰ্গ মানেই যেন বিতৰ্কৰ অন্য এটা নাম। ভাল দিশতেই হওঁক অথবা বেয়া দিশতেই হওঁক জুবিন গাৰ্গ বিতৰ্কৰ তুংগত প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই থাকে  অথবা বিতৰ্কৰ আওতাত তেওঁক সুমুৱাই ৰখা হয়। ইয়াত কোনো দ্বিমত নাই যে নৱপ্ৰজন্মৰ মাজত জুবিন গাৰ্গ এক অতি জনপ্ৰিয় নাম। অসমীয়া আধুনিক সংগীতৰ পৃথিৱীখনলৈ জুবিন গাৰ্গৰ অৱদান অনস্বীকাৰ্য।
শেহতীয়াকৈ জয়ন্ত হাজৰিকাৰ গীত গাবলৈ গৈ পুনৰ এক বিতৰ্কৰ মাজত সোমাই পৰিল জুবিন গাৰ্গ। যিটো বিতৰ্কৰ কোনো প্ৰয়োজনেই নাছিল। এগৰাকী গায়কে অইন এগৰাকী স্বনামধন্য শিল্পীলৈ শ্ৰদ্ধাঞ্জলিৰ চিনস্বৰূপে কেইটামান গীত গাই এখন চিডি উলিয়াই দিবলৈ বিচাৰিলে আৰু তাতেই আৰম্ভ হল আইনী যুদ্ধ।যিটো সঁচাকৈয়ে দুখজনক। অসমৰ সংগীতজগতত জয়ন্ত হাজৰিকাৰ স্থান কি সেয়া হয়তো ইয়াত বাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই। তেখেতৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি আদৰৰ আৰু সেই আদৰৰ বাবেই জয়ন্ত হাজৰিকা আজিও অমৰ। কিন্তু অইন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আইনৰ দোহাই দি জয়ন্ত হাজৰিকাৰ গীত গাবলৈ বাধা দিয়াটো উচিতনে? জয়ন্ত হাজৰিকাৰ গীত গোৱাৰ অধিকাৰ কাৰোৱেই নাই নেকি? এফালে আমি সঘনাই কৈ থাকো অসমীয়া সংগীতৰ প্ৰসাৰ হব লাগে আনফালে আকৌ গীত গোৱাৰ ক্ষেত্ৰত বাধা আহে। যদি ভুল হব বুলিয়েই গান গোৱাৰ ক্ষেত্ৰত বাধা নিষেধ আহে, তেন্তে গানবোৰ জীয়াই ৰাখিম কেনেকৈ? আহিল কপিৰাইট আইনৰ কথা, আলোচনাৰ মাজেৰে ইয়াৰ এক উচিত সমাধান নিশ্চয় কৰিব পৰা গলহেঁতেন। কাৰণ কাৰোবাৰ সোৱৰণত গীত গাই এলবাম উলিওৱা প্ৰথা আগতেও আছিল আৰু এতিয়াও চলি আছে।
কিন্তু আমি যেন বিতৰ্কৰ বাবেই বিতৰ্কৰ সৃষ্টি কৰাত বেছি গুৰুত্ব দিওঁ। জয়ন্ত হাজৰিকাৰেই যদি উদাহৰণ দিওঁ তেখেতে ৰচি যোৱা আটাইবোৰ গীত আমি শুনিবলৈ পাইছোনে? আটাইবোৰ গীত ভালদৰে সংৰক্ষণ হৈ আছেনে? জয়ন্ত হাজৰিকাৰ গীত সমূহ নিশ্চিতভাৱে কাৰো ব্যক্তিগত সম্পত্তি হব নোৱাৰে, ই এটা জাতিৰ সম্পত্তি। যদি তেখেতৰ গীতসমূহ নতুন চামে শুনিবই নাপায় তেন্তে ক্ষতি আমাৰেই নহয়নে? তাৰেই কেইটামান গীত যদি এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গাব বিচাৰিছে তেন্তে তাত বাধা নিশ্চয় থাকিব নালাগে।
পুৰণি গীতসমূহৰ পুনৰ্নিমান কৰাত কোনো ধৰণৰ বাধা নিষেধ থাকিব নালাগে। নতুন প্ৰজন্মৰ গায়ক গায়িকা সকলে গীতসমূহ গাওঁক, আকোৱালি লওঁক আৰু ভবিষ্যতৰ বাবে জীয়াই ৰাখক। পুৰণি গীত যিসকলে শুনি ভাল পায় তেওঁলোকেও বহল অন্তৰৰে নতুনচাম গায়ক গায়িকাক আদৰি লব লাগে, যদিহে প্ৰচেষ্টাটো আদৰণীয়। জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাৰ গীত বেলেগৰ কণ্ঠত ভাল নালাগে, গাব দিব নালাগে আদি ধৰণৰ কথাবোৰে কিন্তু আমাৰ অসমীয়া সংগীত জগতখনৰহে বিস্তৰ ক্ষতিসাধন কৰিব। নি:সন্দেহে সকলোৱে প্ৰয়াস কৰে পুৰণি গীতসমূহ ভালদৰে গাবলৈ, তাত কিছুসংখ্যক সফল হয় কিছুসংখ্যক বিফল হয়। কিন্তু প্ৰচেষ্টাটোত আপত্তি থাকিব নালাগে।
বংগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীত সমূহ লৈ যিধৰণৰ পৰীক্ষা নীৰিক্ষা হয় সেয়া দেখি আচৰিত হওঁ। কবিগুৰুৰ গীতৰ ওপৰত ৰক্, পপ্, ধ্ৰুপদী আদি ভিন ভিন ক্ষেত্ৰত পৰীক্ষা নীৰিক্ষা কৰি থাকে নতুনচাম গায়ক গায়িকাই কিন্তু কোনো ধৰণৰ বিতৰ্কৰ বিষয়ে শুনা পোৱা নাযায়। কিন্তু এনে কাম কৰোতে কবিগুৰুৰ পৰিচয় হেৰাই যোৱা নাই বৰং নতুন চামৰ মাজত কবিগুৰু জনপ্ৰিয় হৈ পৰিছে। কিন্তু আমাৰ অসমীয়া সংগীতৰ ক্ষেত্ৰত বেজবৰুৱাৰ গীত অথবা মাধৱদেৱৰ বৰগীত এটাত এনেকুৱা পৰীক্ষা নীৰিক্ষা কৰিব পাৰিমনে? নিশ্চয় এশবাৰ ভাবিব লাগিব ৰক্ষণশীল মনোভাৱৰ পৰা এক উদাৰ মনোভাৱ গ্ৰহণ কৰাৰ সময় হয়তো আমাৰ আহি পৰিছে। ৰক্ষণশীল মনোভাৱৰ বাবেই আমাৰ থলুৱা গীতমাত সমূহ আজিও এক ঠেক গণ্ডীৰ মাজতেই সোমাই আছে, অথচ অসমৰ বাহিৰৰ বহু ৰাজ্যৰ লোকগীতসমূহ এতিয়া আধুনিক ৰূপত জনপ্ৰিয় হৈ পৰিছে। সংগীতৰ প্ৰসাৰ এনেদৰেই হয়। গীতৰ স্বকীয়তা লোপ পাব বুলি কোনো ধৰণৰ পৰীক্ষা নীৰিক্ষা কৰাত বাধা আৰোপ কৰিলে সেয়া হৈ পৰে ঠেক মনোবৃত্তিৰ পৰিচায়ক। মূল গীত সদায় মূল ৰূপতই থাকিব, শিল্পীও সেই এগৰাকীয়েই হব। কিন্তু ভ্ৰান্ত ধাৰণা লৈ আমি ৰক্ষণশীল হৈ থাকিলে সেয়া  হৈ পৰিব এটা জাতিৰ সংগীতৰ বাবে অভিশাপস্বৰূপ।

Monday, November 24, 2014

এসময়ত ময়ো গাহৰিৰ মঙহ খাবলৈ ঘিণ কৰিছিলো!



স্কুলীয়া শিক্ষা সাং কৰা পৰ্যন্ত গাহৰিৰ মঙহ যে খাবও পাৰি ভাবিব পৰা নাছিলো। কৰবাত শুনিলেও নাক কোচাইছিলো। কাৰণ সৰুৰে পৰা সকলোবোৰ ডাঙৰ মানুহৰ মুখত শুনি আহিছো - গাহৰি খাব নাপায়, অসমীয়া সকলে গাহৰি নাখায়। ডাঙৰৰ বচন, গতিকে মানি চলিবলৈ বাধ্য। একান্ত বাধ্য হৈ গাহৰি মঙহৰ প্ৰতি বিতৃষ্ণা ভাব মনত জগাই তুলিছিলো। স্কুলীয়া শিক্ষা সাং কৰি কলেজীয়া জীৱনত সোমালো। অলপ অলপকৈ কথাবোৰ বুজিবলৈ আৰম্ভ কৰিলো। অসমীয়া মানুহে কিয় গাহৰিৰ মঙহ নাখায় বুজিবলৈ চেষ্টা কৰিলো। মন কৰিলো গাহৰিৰ মঙহ- ভাত পোৱা সৰু সৰু হোটেল সমূহ থকা ৰাস্তাবোৰ যেন একপ্ৰকাৰৰ নিষিদ্ধ গলিহে। সেইফালে কেতিয়াবা গলেও যেন কিবা এটা অপৰাধ কৰাহে হয়, এনে এক অৱস্থা আছিল এটা সময়ত। বছৰ বাগৰিল, কলেজীয়া শিক্ষাও সাং কৰিলো গাহৰিৰ মঙহৰ জুতি লোৱাৰ তেতিয়াও যেন আগ্ৰহ নাই, যদিও বাধা নিষেধতকৈও আগৰে পৰা মনত সুমুৱাই দিয়া বিতৃষ্ণা ভাৱটোৱেই আছিল মূল কাৰণ। 

কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ পাছতেই ভূপেন হাজৰিকাদেৱে লিখা এটা প্ৰৱন্ধ পঢ়িছিলো। প্ৰৱন্ধটোৰ কেইটামান বাক্য আছিল এনেধৰণৰ–
“বিষ্ণু ৰাভাই সৰুতে মোক এবাৰ কছাৰী গাও এখনলৈ মোক লৈ গৈছিল। নি মোক তেওঁ বড়ো ভাষা শিকায়, গাহৰিৰ মাংস খাবলৈ কয়। মই কওঁ, “গাহৰিটো নাখাওঁ আমি” তেওঁ কয়, “একো নহয় দে খাচোন। তেতিয়াহে জানিবি মানুহক। ইহঁতকো জানিবি”
  
কথাখিনিয়ে মোক বাৰুকৈয়ে আপ্লুত কৰিছিল। কথাখিনিত গাহৰিৰ মঙহ কিন্তু সোৱাদৰ প্ৰতীক নাছিল, আছিল বিভিন্ন জাতি-জনজাতিৰ মাজত গঢ়ি তুলিব খোজা এক সম্প্ৰীতিৰ প্ৰতীক। গাহৰিৰ মঙহ আমাৰ তথাকথিত অসমীয়া সমাজত লেই লেই চেই চেই কৰা হয়। কুকুৰা অথবা ছাগলীৰ মঙহে যেনেদৰে খোৱা মেজ শুৱনি কৰে তেনেদৰে গাহৰিৰ মঙহে কিন্তু নকৰে। কিন্তু কিয়? একমাত্ৰ জনজাতীয় খাদ্য বুলিয়েই যেন ইয়াক অলপ আঁতৰাই ৰখা হয়, তথাকথিত মুলসুঁতিৰ খাদ্য সম্ভাৰৰ পৰা। ৰাভাদেৱৰ বাক্য কেইটা শুনি তেনে অনুভৱেই হৈছিল। 

তাৰ পাছতে গাহৰিৰ মঙহ এদিন নিজেই কিনি আনি মুখত দিছিলো প্ৰথমবাৰৰ বাবে। ৰান্ধিব নজনাৰ বাবে সোৱাদ লগা নহল। পাছত দিল্লীলৈ উচ্চশিক্ষাৰ বাবে যোৱাৰ পাছতে গাহৰিৰ মঙহ খোৱা আৰম্ভ কৰি দিছিলো। ৰান্ধিবলৈ শিকিছিলো, আৰু জুতি লগাই খাবলৈ শিকিছিলো মোৰ পাকঘৰৰ মুলসুঁতিৰ খাদ্যসম্ভাৰৰ লগতে যোগ কৰি লৈছিলো গাহৰিৰ মঙহ। 

সময়ৰ লগে লগে মানুহৰ খাদ্যাভাসৰো সলনি হল। অসমীয়া খাদ্যসম্ভাৰৰ তালিকাত লাহে লাহে গাহৰিৰ মঙহ যোগ হবলৈ আৰম্ভ হৈছে। শুভ লক্ষণ! এসময়ত লেই লেই চেই কৰা গাহৰিৰ মঙহৰ আজি জুই চাই দাম, হোটেল ৰেষ্টোৰাতো শুৱনি কৰিছে 'পৰ্ক আইটেম' সমূহে। ঠিক যেন এসময়ত এলাগী হৈ থকা বিহুগীত সমূহৰ দৰেই গাহৰিৰ মঙহক আজি নতুনচামে লাহে লাহে আদৰি লৈছে, খাদ্য তালিকাত যোগ কৰিছে। তথাপিও যেন গাহৰিৰ মঙহ অসমীয়া সমাজে সহজভাৱে গ্ৰহণ কৰা নাই মানুহৰ খাদ্যভাস জাতি অথবা ধৰ্মীয় আবেগ অনুভুতিৰ দ্বাৰা কেতিয়াও পৰিচালিত হব নালাগে। গাহৰিৰ মঙহ খোৱা জাতি হিচাপে আমি এটা সময়ত বিভিন্ন জাতি জনজাতিৰ লোকসকলক কিদৰে সমাজত হেয় প্ৰতিপন্ন কৰিছিলো আৰু তাৰ ফলাফল সমূহ আজি সামাজিক ভেদ ভাৱৰ ৰূপত পৰিস্ফুত হৈ থকা আমি নিশ্চয় দেখিছো।
এটা সময়ত ঘিণ কৰা গাহৰিৰ মঙহ মুখত প্ৰথম দিছিলো বহু ভাবি চিন্তি। প্ৰথম মুখত দিয়াৰ সময়ত কিন্তু মনলৈ সোৱাদৰ কথা অহা নাছিল, আহিছিল এটায়ে কথা “খাওঁচোন বাৰু তেতিয়াহে জানিম মানুহক”!
(লেখাটিৰ জৰিয়তে মোৰ মনৰ ভাৱখিনিহে প্ৰকাশ কৰিলো। ইয়াৰ দ্বাৰা গাহৰিৰ মঙহ নোখোৱা কোনো লোককে হেয় প্ৰতিপন্ন কৰিব বিচৰা হোৱা নাই।)

Sunday, November 9, 2014

অতি নাটকীয় (সংলাপ + অভিনয় ‌+ পৰিস্থিতি) = অতি নাটকীয় বোলছবি

ট্ৰেইলাৰটো দেখিয়েই অনুভৱ কৰিছিলো বোলছবিখন অলপ কলাত্মক হ’ব। বহুদিনৰপৰা পৰাই চৰ্চা এটা চলি আছিল। দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী একেলগে, একেখন চিনেমাত! নিশ্চিতভাৱে অলপ আচহুৱা কথা। ৰূপালী পৰ্দাত কেতিয়াও অভিনয় কৰি নোপোৱা কণ্ঠশিল্পী এগৰাকীক অভিনেতাৰ ৰূপত চোৱাৰ হেঁপাহ এটা সকলোৰে থাকে। অংগৰাগ পাপন মহন্তৰ অভিনয়ৰ জগতলৈ আগমন! জুবিন গাৰ্গে বাৰু ইতিমধ্যে কেইবাখনো বোলছবিত অভিনয় কৰি বোলছবিৰ 'অ আ ক খ' খিনি কিছু আয়ত্ব কৰিছে। কিন্তু অংগৰাগ পাপন মহন্তৰ কষ্টকৰ আৰম্ভণি, অন্তত: সংলাপখিনিত সেই কথা ধৰিব পাৰি। 
Image Courtesy : Google Image

যি নহওঁক মূল উদ্দেশ্য পাপন অথবা জুবিনৰ অভিনয়ৰ সমালোচনা নহয়, উদ্দেশ্য সদ্য মুক্তিপ্ৰাপ্ত বোলছবি ‘ৰ’দৰ চিঠি’ৰ বিষয়ে দুআষাৰ মান লিখাহে। বৰ্তমানৰ সময়খিনি, অসমীয়া বোলছবিৰ বাবে বৰ এটা সুখৰ সময় নহয়। যদিও কেইসপ্তাহমানৰ অন্তৰত একোখনকৈ অসমীয়া বোলছবিয়ে মুক্তিলাভ কৰি আহিছে গুণগত মানদণ্ডৰ দিশৰ পৰা সেইকেইখনক হয়তো বোলছবিৰ শাৰীত ৰাখিব পৰা নাযাব (পানী আৰু শৃংখলখনক বাদ দি! যদিও শৃংখলখনে মোৰ মনত বৰ এটা ৰেখাপাত কৰিবলৈ সক্ষম নহ’ল)।
ঘূৰি আহো ৰ’দৰ চিঠিলৈ। যিটো সন্দেহ কৰি বোলছবি গৃহত সোমাইছিলো অৱশেষত সেয়াই হ’ল। গুৱাহাটীৰ 'ফান চিনেমা'ত সোমায়েই মনটো ভাল লাগিছিল। প্ৰায়বোৰ আসন দৰ্শকে দখল কৰি ৰাখিছিল (শুনিলো 'অনুৰাধা চিত্ৰগৃহ' বোলে ‘হাউচফুল'!!) অসমীয়া দৰ্শকে অসমীয়া বোলছবি নাচায় বুলি সততে মুখ ফুলাই থকা পৰিচালক-প্ৰযোজকসকলৰ প্ৰতি যেন ই এক তীব্ৰ ভেঙুচালি।
জুবিন গাৰ্গৰ মনপৰশা সংগীতেৰে আৰম্ভ হোৱা বোলছবিখন লাহে লাহে আগবাঢ়ি যায় আৰু লগে লগে দৰ্শকৰ ইচাত্‌ বিচাত্‌ আৰম্ভ হয়। আৰু সময় আগবঢ়াৰ লগে লগে দৰ্শকে বোলছবি চোৱাৰ সলনি মোবাইল ফোনবোৰ উলিয়াই মোবাইলত ব্যস্ত হৈ পৰে, লগতে যোগ হৈ থাকে কিছুমান দৰ্শকৰ মুখৰ ভোৰভোৰণি।
কাহিনী অথবা চৰিত্ৰৰ বিশদ বাখ্যা নকৰো যিহেতু বোলছবিখন চিত্ৰগৃহত চলি আছে কিন্তু কেইটামান কথা উল্লেখ নকৰাকৈ থাকিব নোৱাৰি। জটিল দাৰ্শনিক সংলাপ, অপ্ৰয়োজনীয় চৰিত্ৰ, কাহিনী চৰিত্ৰ আৰু সময়ৰ বিসংগতি, চৰাঞ্চলৰ মহিলাৰ অভিনয় কৰা ভাগীৰথীৰ আমনিদায়ক কঠনভংগীমা আদিয়ে গোটেই বোলছবিখনকে যেন এক জটিল অংকত পৰিণত কৰি দিলে। যাৰ সমাধান কৰি কৰি দৰ্শক মাজতে ভাগৰি পৰে! কলাত্মক ছবিৰ আদৰ অসমত আছে। ইতিমধ্যে কেইবাখনো কলাত্মক অসমীয়া বোলছবিয়ে দৰ্শকৰ হৃদয় জিনিছে। 'ৰ’দৰ চিঠি'ৰ মুল সম্পদ আছিল ইয়াৰ লগত জড়িত celebrity ব্যক্তিসকল। পাপন, জুবিন, আদিল হুছেইন আদিক একেলগে চোৱাৰ হেঁপাহনো কাৰ নাথাকে? আৰু এই সম্পদখিনিকে লৈয়ে যদি পৰিচালকে কাহিনীৰ সঠিক আৰু সৰল উপস্থাপনেৰে বোলছবি নিৰ্মান কৰিলেহেঁতেন তেন্তে আমাৰ দৰে সাধাৰণ দৰ্শকখিনিৰ হৃদয় জয় কৰিবলৈ নিশ্চয় সক্ষম হ’লহেঁতেন। ‘অতি’ নাটকীয় সংলাপ, মাজে মাজে ‘অতি’ নাটকীয় অভিনয়, লগতে ‘অতি’ নাটকীয় দৃশ্যায়ন আদি চাই এনে লাগিল যেন ৰবীন্দ্ৰ ভৱনত নাটক এখনহে চাই আছো। আৰু এখন নাটক চাবলৈ দৰ্শক নিশ্চয় চিত্ৰগৃহলৈ নাহে। কিন্তু তথাপি দৰ্শকৰ আগ্ৰহ দেখিছিলো বোলছবিখনৰ প্ৰতি আৰু সেই আগ্ৰহৰ কৰুণ সমাপ্তিও দেখিছিলো চিত্ৰগৃহৰ পৰা ওলাই অহাৰ পাছত।
এতিয়া প্ৰশ্ন হ’ল কি কথা চিন্তা কৰি বোলছবি নিৰ্মাতাই এনেদৰে অতি জটিল(?) বোলছবি নিৰ্মান কৰিলে? পৰিচালক বাহাৰুল ইছলামে প্ৰকৃততে দৰ্শকক কেনেধৰণৰ এখন বোলছবিৰ সোৱাদ দিব বিচাৰিলে বোধগম্য নহ’ল। নিশ্চিতভাৱে এখন বোলছবিত পৰিচালকৰ নিজস্ব এক দৃষ্টিভংগী থাকে। কিন্তু সেই দৃষ্টিভংগী দৰ্শকে যদি বুজিয়েই নাপায় অথবা আমনিদায়ক হৈ পৰে তেন্তে সেইখন দৰ্শকে আদৰি ল’বনে? বিষয়বস্তুৰ জটিল উপস্থাপনে সাধাৰণ দৰ্শক এগৰাকীক সহজেই বিৰক্ত কৰে।
ইয়াত কোনো সন্দেহ নাই যে দৰ্শক মুলত: আকৃষ্ট হৈছে জুবিন আৰু পাপনক একেলগে দেখাৰ হেঁপাহত, এখন উন্নত বোলছবি চোৱাৰ হেঁপাহত। কিন্তু ৰ’দৰ চিঠিয়ে হয়তো দৰ্শকৰ সেই হেঁপাহ পুৰণ কৰিব নোৱাৰিলে। অন্তত: নিজৰ অনুভৱৰ লগতে সেই সময়ত দৰ্শকৰ আসনত বহি থকা দৰ্শক সকলৰ কাণ্ড কাৰখানা দেখি তেনে অনুভৱেই হ’ল। বাহাৰুল ইচলামৰ দৰে এগৰাকী অভিজ্ঞ অভিনেতাৰ পৰা এখন উন্নত মানদণ্ডৰ বোলছবি আশা কৰিছিলো।
বোলছবিখনৰ মূল সম্পদ হ’ল জুবিন পাপনৰ সুমধুৰ সংগীত, অমৃত প্ৰীতমৰ শব্দ আৰু উন্নত মানদণ্ডৰ চিনেমাট’গ্ৰাফী। কিন্তু তথাপি কাহিনী, অভিনয়, চৰিত্ৰ আদিৰ জটিল অংকৰে বোলছবিখন যেন হৈ ৰ’ল এখন 'নাটকীয়' বোলছবি!