Thursday, November 27, 2014

‘মোৰ মিনতি’ বিতৰ্ক আৰু কিছু কথা



স্কুলীয়া ছাত্ৰ হিচাপে তেতিয়া গান শুনাৰ, কেছেট কিনাৰ খুবেই চখ। অসমীয়া সংগীত বুলিলে কেৱল জুবিন গাৰ্গকহে জানিছিলো তেতিয়া। ভূপেন হাজৰিকা অথবা জয়ন্ত হাজৰিকাৰ গান শুনিছিলো যদিও জুবিনৰ গানবোৰেই বেছি সুৰীয়া অনুভৱ কৰিছিলো। হয়তো ভূপেন হাজৰিকা অথবা জয়ন্ত হাজৰিকাৰ গীতৰ গভীৰতা বুজি পোৱাৰ বয়স ভালদৰে তেতিয়া হোৱাই নাছিল। কিন্তু কলেজ পোৱাৰ পাছৰ পৰা জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ সুৰৰ পৃথিৱীখনতেই আপোনপাহৰা হৈ আছিলো। স্কুলত পঢ়ি থকা কালতেই শুনিছিলো জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ বিলত তিৰেবিৰাই পদুমৰ পাহি গীতটি শুনাৰ লগে লগেই প্ৰেমত পৰিছিলো গীতটিৰআগতে কেতিয়াও শুনি নোপোৱা গীতটিত আছিল এক সুৰীয়া মাদকতা। কেছেটটোত লিখা আছিল কমলানন্দ ভট্টাচাৰ্যৰ গীত বুলি। কিন্তু কোন এইগৰাকী কমলানন্দ ভট্টাচাৰ্য? নামেই শুনা নাছিলো তেতিয়া। কিন্তু খবৰ ৰাখি গৈছিলো পাছলৈ কমলানন্দ ভট্টাচাৰ্যৰ বিষয়ে কৰবাত কিবা বাতৰি পাওৱেই নেকি? নাই নাপালো। শুনিছিলো গ্ৰামোফোন যুগৰে এগৰাকী জনপ্ৰিয় সংগীত শিল্পী বহু বছৰ ধৰি মনতে সাঁচি ৰখা আশাটো পুৰণ হ ২০১৩ চনত। কমলানন্দ ভট্টাচাৰ্যৰ বিলত তিৰেবিৰাই মূল গানটো শুনাৰ সুযোগ মিলিল কিন্তু জুবিনৰ গীতটি নুশুনা হেঁতেন হয়তো কমলানন্দ ভট্টাচাৰ্যৰ বিষয়ে জনাৰ আগ্ৰহ কেতিয়াও নজন্মিলহেঁতেন এনেদৰেই কিমান যে প্ৰসিদ্ধ সংগীতশিল্পীক আমি ভালদৰে চিনিয়েই নাপাও অথবা সেই সুৰীয়া গীত সমূহ বিচাৰি নাপাওঁ!   



জুবিন গাৰ্গ মানেই যেন বিতৰ্কৰ অন্য এটা নাম। ভাল দিশতেই হওঁক অথবা বেয়া দিশতেই হওঁক জুবিন গাৰ্গ বিতৰ্কৰ তুংগত প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই থাকে  অথবা বিতৰ্কৰ আওতাত তেওঁক সুমুৱাই ৰখা হয়। ইয়াত কোনো দ্বিমত নাই যে নৱপ্ৰজন্মৰ মাজত জুবিন গাৰ্গ এক অতি জনপ্ৰিয় নাম। অসমীয়া আধুনিক সংগীতৰ পৃথিৱীখনলৈ জুবিন গাৰ্গৰ অৱদান অনস্বীকাৰ্য।
শেহতীয়াকৈ জয়ন্ত হাজৰিকাৰ গীত গাবলৈ গৈ পুনৰ এক বিতৰ্কৰ মাজত সোমাই পৰিল জুবিন গাৰ্গ। যিটো বিতৰ্কৰ কোনো প্ৰয়োজনেই নাছিল। এগৰাকী গায়কে অইন এগৰাকী স্বনামধন্য শিল্পীলৈ শ্ৰদ্ধাঞ্জলিৰ চিনস্বৰূপে কেইটামান গীত গাই এখন চিডি উলিয়াই দিবলৈ বিচাৰিলে আৰু তাতেই আৰম্ভ হল আইনী যুদ্ধ।যিটো সঁচাকৈয়ে দুখজনক। অসমৰ সংগীতজগতত জয়ন্ত হাজৰিকাৰ স্থান কি সেয়া হয়তো ইয়াত বাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই। তেখেতৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি আদৰৰ আৰু সেই আদৰৰ বাবেই জয়ন্ত হাজৰিকা আজিও অমৰ। কিন্তু অইন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আইনৰ দোহাই দি জয়ন্ত হাজৰিকাৰ গীত গাবলৈ বাধা দিয়াটো উচিতনে? জয়ন্ত হাজৰিকাৰ গীত গোৱাৰ অধিকাৰ কাৰোৱেই নাই নেকি? এফালে আমি সঘনাই কৈ থাকো অসমীয়া সংগীতৰ প্ৰসাৰ হব লাগে আনফালে আকৌ গীত গোৱাৰ ক্ষেত্ৰত বাধা আহে। যদি ভুল হব বুলিয়েই গান গোৱাৰ ক্ষেত্ৰত বাধা নিষেধ আহে, তেন্তে গানবোৰ জীয়াই ৰাখিম কেনেকৈ? আহিল কপিৰাইট আইনৰ কথা, আলোচনাৰ মাজেৰে ইয়াৰ এক উচিত সমাধান নিশ্চয় কৰিব পৰা গলহেঁতেন। কাৰণ কাৰোবাৰ সোৱৰণত গীত গাই এলবাম উলিওৱা প্ৰথা আগতেও আছিল আৰু এতিয়াও চলি আছে।
কিন্তু আমি যেন বিতৰ্কৰ বাবেই বিতৰ্কৰ সৃষ্টি কৰাত বেছি গুৰুত্ব দিওঁ। জয়ন্ত হাজৰিকাৰেই যদি উদাহৰণ দিওঁ তেখেতে ৰচি যোৱা আটাইবোৰ গীত আমি শুনিবলৈ পাইছোনে? আটাইবোৰ গীত ভালদৰে সংৰক্ষণ হৈ আছেনে? জয়ন্ত হাজৰিকাৰ গীত সমূহ নিশ্চিতভাৱে কাৰো ব্যক্তিগত সম্পত্তি হব নোৱাৰে, ই এটা জাতিৰ সম্পত্তি। যদি তেখেতৰ গীতসমূহ নতুন চামে শুনিবই নাপায় তেন্তে ক্ষতি আমাৰেই নহয়নে? তাৰেই কেইটামান গীত যদি এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গাব বিচাৰিছে তেন্তে তাত বাধা নিশ্চয় থাকিব নালাগে।
পুৰণি গীতসমূহৰ পুনৰ্নিমান কৰাত কোনো ধৰণৰ বাধা নিষেধ থাকিব নালাগে। নতুন প্ৰজন্মৰ গায়ক গায়িকা সকলে গীতসমূহ গাওঁক, আকোৱালি লওঁক আৰু ভবিষ্যতৰ বাবে জীয়াই ৰাখক। পুৰণি গীত যিসকলে শুনি ভাল পায় তেওঁলোকেও বহল অন্তৰৰে নতুনচাম গায়ক গায়িকাক আদৰি লব লাগে, যদিহে প্ৰচেষ্টাটো আদৰণীয়। জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাৰ গীত বেলেগৰ কণ্ঠত ভাল নালাগে, গাব দিব নালাগে আদি ধৰণৰ কথাবোৰে কিন্তু আমাৰ অসমীয়া সংগীত জগতখনৰহে বিস্তৰ ক্ষতিসাধন কৰিব। নি:সন্দেহে সকলোৱে প্ৰয়াস কৰে পুৰণি গীতসমূহ ভালদৰে গাবলৈ, তাত কিছুসংখ্যক সফল হয় কিছুসংখ্যক বিফল হয়। কিন্তু প্ৰচেষ্টাটোত আপত্তি থাকিব নালাগে।
বংগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীত সমূহ লৈ যিধৰণৰ পৰীক্ষা নীৰিক্ষা হয় সেয়া দেখি আচৰিত হওঁ। কবিগুৰুৰ গীতৰ ওপৰত ৰক্, পপ্, ধ্ৰুপদী আদি ভিন ভিন ক্ষেত্ৰত পৰীক্ষা নীৰিক্ষা কৰি থাকে নতুনচাম গায়ক গায়িকাই কিন্তু কোনো ধৰণৰ বিতৰ্কৰ বিষয়ে শুনা পোৱা নাযায়। কিন্তু এনে কাম কৰোতে কবিগুৰুৰ পৰিচয় হেৰাই যোৱা নাই বৰং নতুন চামৰ মাজত কবিগুৰু জনপ্ৰিয় হৈ পৰিছে। কিন্তু আমাৰ অসমীয়া সংগীতৰ ক্ষেত্ৰত বেজবৰুৱাৰ গীত অথবা মাধৱদেৱৰ বৰগীত এটাত এনেকুৱা পৰীক্ষা নীৰিক্ষা কৰিব পাৰিমনে? নিশ্চয় এশবাৰ ভাবিব লাগিব ৰক্ষণশীল মনোভাৱৰ পৰা এক উদাৰ মনোভাৱ গ্ৰহণ কৰাৰ সময় হয়তো আমাৰ আহি পৰিছে। ৰক্ষণশীল মনোভাৱৰ বাবেই আমাৰ থলুৱা গীতমাত সমূহ আজিও এক ঠেক গণ্ডীৰ মাজতেই সোমাই আছে, অথচ অসমৰ বাহিৰৰ বহু ৰাজ্যৰ লোকগীতসমূহ এতিয়া আধুনিক ৰূপত জনপ্ৰিয় হৈ পৰিছে। সংগীতৰ প্ৰসাৰ এনেদৰেই হয়। গীতৰ স্বকীয়তা লোপ পাব বুলি কোনো ধৰণৰ পৰীক্ষা নীৰিক্ষা কৰাত বাধা আৰোপ কৰিলে সেয়া হৈ পৰে ঠেক মনোবৃত্তিৰ পৰিচায়ক। মূল গীত সদায় মূল ৰূপতই থাকিব, শিল্পীও সেই এগৰাকীয়েই হব। কিন্তু ভ্ৰান্ত ধাৰণা লৈ আমি ৰক্ষণশীল হৈ থাকিলে সেয়া  হৈ পৰিব এটা জাতিৰ সংগীতৰ বাবে অভিশাপস্বৰূপ।

3 comments:

Infinity said...

Bhal lagil porhi.aponar anubhawar xoite moio ekmot.

লিপিঘৰ said...

এনে এক বিতৰ্ক হোৱাটো কাৰোৱেই ভাল লগা নাই। সেইদৰে মোৰো ভাল লগা নাই।
জয়ন্ত হাজৰিকাৰ গীত বুলিলেই এক স্বকীয়তা বিৰাজমান। সেয়ে তেখেতৰ গীতৰ চৰ্চা হোৱাটো সকলোৱে বিচাৰে।
কথা হ'ল নৱ-প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় শিল্পীয়ে গালে তেখেতৰ গীতবোৰ নতুন প্ৰজন্মই গ্ৰহণ কৰিব, তেনে ধাৰণা এটা কৰিব পাৰি বা তেনে হোৱাটো যুগুত। কিন্তু সেইটো কৰিবলৈ যাওঁতে 'কপি-ৰাইট' কথাটো উলংঘা কৰা হ'ল। যিটো উচিত নাছিল। সাহিত্য, সংগীত এইবোৰ হ'ল এটা জাতিৰ জাতীয় সম্পদ। সেয়ে সিবোৰক আমি সদায় শ্ৰদ্ধা কৰিব লাগে। সেই শ্ৰদ্ধা থাকিলে বিষয়টো এনে পৰ্যায়লৈ নিশ্চয় নাহিলহেঁতেন।
তদ্ৰুপ ইয়াত উল্লেখ কৰা ৰবীন্দ্ৰ সংগীতৰ বংগত হোৱা চৰ্চা আৰু অসমৰ নৱ-প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় শিল্পীয়ে জয়ন্ত হাজৰিকাৰ গীত বাণীবদ্ধ কৰাটো একে কথা নিশ্চয় নহয়।
জুবিনকলৈ অসমীয়া মানুহে কেতিয়াও অৰ্থহীন বিতৰ্ক কৰা নাই। বৰঞ্চ জুবিনে সৃষ্টি কৰা বাবেহে সময়ে সময়ে তেনে বিতৰ্ক হৈছে। সেয়ে এই ক্ষেত্ৰত জুবিনৰ পৰৱৰ্তী পদক্ষেপহে লক্ষণীয় হ'ব।

rupam sarma said...

Thanks for your post, Great to read.