Sunday, November 9, 2014

অতি নাটকীয় (সংলাপ + অভিনয় ‌+ পৰিস্থিতি) = অতি নাটকীয় বোলছবি

ট্ৰেইলাৰটো দেখিয়েই অনুভৱ কৰিছিলো বোলছবিখন অলপ কলাত্মক হ’ব। বহুদিনৰপৰা পৰাই চৰ্চা এটা চলি আছিল। দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী একেলগে, একেখন চিনেমাত! নিশ্চিতভাৱে অলপ আচহুৱা কথা। ৰূপালী পৰ্দাত কেতিয়াও অভিনয় কৰি নোপোৱা কণ্ঠশিল্পী এগৰাকীক অভিনেতাৰ ৰূপত চোৱাৰ হেঁপাহ এটা সকলোৰে থাকে। অংগৰাগ পাপন মহন্তৰ অভিনয়ৰ জগতলৈ আগমন! জুবিন গাৰ্গে বাৰু ইতিমধ্যে কেইবাখনো বোলছবিত অভিনয় কৰি বোলছবিৰ 'অ আ ক খ' খিনি কিছু আয়ত্ব কৰিছে। কিন্তু অংগৰাগ পাপন মহন্তৰ কষ্টকৰ আৰম্ভণি, অন্তত: সংলাপখিনিত সেই কথা ধৰিব পাৰি। 
Image Courtesy : Google Image

যি নহওঁক মূল উদ্দেশ্য পাপন অথবা জুবিনৰ অভিনয়ৰ সমালোচনা নহয়, উদ্দেশ্য সদ্য মুক্তিপ্ৰাপ্ত বোলছবি ‘ৰ’দৰ চিঠি’ৰ বিষয়ে দুআষাৰ মান লিখাহে। বৰ্তমানৰ সময়খিনি, অসমীয়া বোলছবিৰ বাবে বৰ এটা সুখৰ সময় নহয়। যদিও কেইসপ্তাহমানৰ অন্তৰত একোখনকৈ অসমীয়া বোলছবিয়ে মুক্তিলাভ কৰি আহিছে গুণগত মানদণ্ডৰ দিশৰ পৰা সেইকেইখনক হয়তো বোলছবিৰ শাৰীত ৰাখিব পৰা নাযাব (পানী আৰু শৃংখলখনক বাদ দি! যদিও শৃংখলখনে মোৰ মনত বৰ এটা ৰেখাপাত কৰিবলৈ সক্ষম নহ’ল)।
ঘূৰি আহো ৰ’দৰ চিঠিলৈ। যিটো সন্দেহ কৰি বোলছবি গৃহত সোমাইছিলো অৱশেষত সেয়াই হ’ল। গুৱাহাটীৰ 'ফান চিনেমা'ত সোমায়েই মনটো ভাল লাগিছিল। প্ৰায়বোৰ আসন দৰ্শকে দখল কৰি ৰাখিছিল (শুনিলো 'অনুৰাধা চিত্ৰগৃহ' বোলে ‘হাউচফুল'!!) অসমীয়া দৰ্শকে অসমীয়া বোলছবি নাচায় বুলি সততে মুখ ফুলাই থকা পৰিচালক-প্ৰযোজকসকলৰ প্ৰতি যেন ই এক তীব্ৰ ভেঙুচালি।
জুবিন গাৰ্গৰ মনপৰশা সংগীতেৰে আৰম্ভ হোৱা বোলছবিখন লাহে লাহে আগবাঢ়ি যায় আৰু লগে লগে দৰ্শকৰ ইচাত্‌ বিচাত্‌ আৰম্ভ হয়। আৰু সময় আগবঢ়াৰ লগে লগে দৰ্শকে বোলছবি চোৱাৰ সলনি মোবাইল ফোনবোৰ উলিয়াই মোবাইলত ব্যস্ত হৈ পৰে, লগতে যোগ হৈ থাকে কিছুমান দৰ্শকৰ মুখৰ ভোৰভোৰণি।
কাহিনী অথবা চৰিত্ৰৰ বিশদ বাখ্যা নকৰো যিহেতু বোলছবিখন চিত্ৰগৃহত চলি আছে কিন্তু কেইটামান কথা উল্লেখ নকৰাকৈ থাকিব নোৱাৰি। জটিল দাৰ্শনিক সংলাপ, অপ্ৰয়োজনীয় চৰিত্ৰ, কাহিনী চৰিত্ৰ আৰু সময়ৰ বিসংগতি, চৰাঞ্চলৰ মহিলাৰ অভিনয় কৰা ভাগীৰথীৰ আমনিদায়ক কঠনভংগীমা আদিয়ে গোটেই বোলছবিখনকে যেন এক জটিল অংকত পৰিণত কৰি দিলে। যাৰ সমাধান কৰি কৰি দৰ্শক মাজতে ভাগৰি পৰে! কলাত্মক ছবিৰ আদৰ অসমত আছে। ইতিমধ্যে কেইবাখনো কলাত্মক অসমীয়া বোলছবিয়ে দৰ্শকৰ হৃদয় জিনিছে। 'ৰ’দৰ চিঠি'ৰ মুল সম্পদ আছিল ইয়াৰ লগত জড়িত celebrity ব্যক্তিসকল। পাপন, জুবিন, আদিল হুছেইন আদিক একেলগে চোৱাৰ হেঁপাহনো কাৰ নাথাকে? আৰু এই সম্পদখিনিকে লৈয়ে যদি পৰিচালকে কাহিনীৰ সঠিক আৰু সৰল উপস্থাপনেৰে বোলছবি নিৰ্মান কৰিলেহেঁতেন তেন্তে আমাৰ দৰে সাধাৰণ দৰ্শকখিনিৰ হৃদয় জয় কৰিবলৈ নিশ্চয় সক্ষম হ’লহেঁতেন। ‘অতি’ নাটকীয় সংলাপ, মাজে মাজে ‘অতি’ নাটকীয় অভিনয়, লগতে ‘অতি’ নাটকীয় দৃশ্যায়ন আদি চাই এনে লাগিল যেন ৰবীন্দ্ৰ ভৱনত নাটক এখনহে চাই আছো। আৰু এখন নাটক চাবলৈ দৰ্শক নিশ্চয় চিত্ৰগৃহলৈ নাহে। কিন্তু তথাপি দৰ্শকৰ আগ্ৰহ দেখিছিলো বোলছবিখনৰ প্ৰতি আৰু সেই আগ্ৰহৰ কৰুণ সমাপ্তিও দেখিছিলো চিত্ৰগৃহৰ পৰা ওলাই অহাৰ পাছত।
এতিয়া প্ৰশ্ন হ’ল কি কথা চিন্তা কৰি বোলছবি নিৰ্মাতাই এনেদৰে অতি জটিল(?) বোলছবি নিৰ্মান কৰিলে? পৰিচালক বাহাৰুল ইছলামে প্ৰকৃততে দৰ্শকক কেনেধৰণৰ এখন বোলছবিৰ সোৱাদ দিব বিচাৰিলে বোধগম্য নহ’ল। নিশ্চিতভাৱে এখন বোলছবিত পৰিচালকৰ নিজস্ব এক দৃষ্টিভংগী থাকে। কিন্তু সেই দৃষ্টিভংগী দৰ্শকে যদি বুজিয়েই নাপায় অথবা আমনিদায়ক হৈ পৰে তেন্তে সেইখন দৰ্শকে আদৰি ল’বনে? বিষয়বস্তুৰ জটিল উপস্থাপনে সাধাৰণ দৰ্শক এগৰাকীক সহজেই বিৰক্ত কৰে।
ইয়াত কোনো সন্দেহ নাই যে দৰ্শক মুলত: আকৃষ্ট হৈছে জুবিন আৰু পাপনক একেলগে দেখাৰ হেঁপাহত, এখন উন্নত বোলছবি চোৱাৰ হেঁপাহত। কিন্তু ৰ’দৰ চিঠিয়ে হয়তো দৰ্শকৰ সেই হেঁপাহ পুৰণ কৰিব নোৱাৰিলে। অন্তত: নিজৰ অনুভৱৰ লগতে সেই সময়ত দৰ্শকৰ আসনত বহি থকা দৰ্শক সকলৰ কাণ্ড কাৰখানা দেখি তেনে অনুভৱেই হ’ল। বাহাৰুল ইচলামৰ দৰে এগৰাকী অভিজ্ঞ অভিনেতাৰ পৰা এখন উন্নত মানদণ্ডৰ বোলছবি আশা কৰিছিলো।
বোলছবিখনৰ মূল সম্পদ হ’ল জুবিন পাপনৰ সুমধুৰ সংগীত, অমৃত প্ৰীতমৰ শব্দ আৰু উন্নত মানদণ্ডৰ চিনেমাট’গ্ৰাফী। কিন্তু তথাপি কাহিনী, অভিনয়, চৰিত্ৰ আদিৰ জটিল অংকৰে বোলছবিখন যেন হৈ ৰ’ল এখন 'নাটকীয়' বোলছবি!

No comments: