Tuesday, July 9, 2013

লুটেৰা



"Some day I shall paint my masterpiece" - Behrman (The Last leaf, O. Henry)


 
বাৰ...এঘাৰ...দহ...ন...আঠ......আৰু সাত। এনেদৰেই গছজোপাৰ পাতবোৰ গণি গৈছিল জন্সিয়ে। শেষৰ পাতখিলা যেতিয়া সৰি পৰিব, তাইৰো মৃত্যু ঘটিব - এই ধাৰণাটোৰে বিচনাত পৰি মৃত্যুলৈ অপেক্ষাৰত নিমোনিয়া ৰোগত আক্ৰান্ত জন্সি। কিন্তু জন্সি থকা বাসভৱনৰ তলৰ মহলাত থকা বৃদ্ধ বাৰমেনৰ শ্ৰেষ্ঠতম চিত্ৰখন অংকন কৰিবলৈ তেতিয়াও বাকী আছিল, যিখন এতিয়াও আঁকিবলৈ আৰম্ভ কৰা নাই!

হেনৰীৰ গল্পৰ আছে এক সুকীয়া আমেজ। গল্পৰ মাজেৰে গৈ থাকোতে কেতিয়ানো গল্পৰ সিটো মূৰ পোৱা যায় গমকে পোৱা নাযায়। গল্পৰ এক হিয়া জুৰুৱা পৰিসমাপ্তি! অন্যান্য গল্প সমূহৰ লগতে ডা লাষ্ট লিফ্‌ (The Last Leaf) গল্পটোও হৈছে অ হেনৰীৰ এক অনবদ্য সৃষ্টি। হতাশগ্ৰস্ত জন্সিক মৃত্যুমুখৰ পৰা এগৰাকী বৃদ্ধই ৰং তুলিকাৰে ৰক্ষা কৰাৰ এক অপূৰ্ব কাহিনী। অ হেনৰীৰ এই গল্পটোৰ শব্দবোৰৰ মাজেৰে আগবাঢ়ি যাব, এনেকুৱা লাগিব যেন কতো একো হোৱা নাই, সকলোবোৰ নিৰ্দিষ্ট গতিতেই আগবাঢ়ি আছে, কিন্তু গল্পত শেষৰ দুশাৰীমানে গল্পটোত ঢালি দিয়ে নতুন প্ৰাণ, পাঠকক প্ৰদান কৰে এক অভেদ্য ৰহস্যৰ সম্ভেদ। হেনৰীৰ গল্পৰ সৌন্দৰ্য্য আৰু চুটিগল্পৰো বৈশিষ্ট হয়তো ইয়াতেই, পাঠকক কেইটামান শক্তিশালী শব্দ আৰু কাহিনীৰ গতিৰে তৃপ্ত কৰা।  
হেনৰীৰ এই চুটি গল্পটোৰে আংশিক ছাঁ লৈয়ে বলিউডত মুক্তি পাইছে লুটেৰা নামৰ কথাছবিখন। পৰিচালক বিক্ৰমাদিত্য মতৱানেৰ নতুন চলচ্চিত্ৰ। কম বাজেটৰ উড়ান চলচ্চিত্ৰখনেৰে চৰ্চালৈ অহা মতৱানেৰ লুটেৰা চলচ্চিত্ৰখনে ইতিমধ্যে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। যদিও ছবিখনৰ মূল সাৰাংশটো অ হেনৰীৰ গল্পটোৰ পৰা লোৱা হৈছে, লুটেৰা বোলছবিখনৰ মূল কাহিনীৰ সময় হ১৯৫০ চন। ৫০ চনৰ পশ্চিমবংগৰ পটভূমিত নিৰ্মিত বোলছবি খনত বৰ্ণনা কৰা হৈছে এহাল ডেকা-গাভৰুৰ ভালপোৱা আৰু ইয়াৰ এক কৰুণ সমাপ্তি। বিভিন্ন ঘটনা পৰিঘটনাৰে আৰম্ভ হোৱা বোলছবিখনৰ সমাপ্তি ঘটে The Last Leaf ৰ অনুপ্ৰেৰণাত। ছবিখনৰ পোনপ্ৰথমেই উল্লেখ কৰিবলগীয়া দিশটি হল ইয়াৰ পটভূমি, ষাঠীৰ দশকৰ পশ্চিমবংগৰ দৃশ্যপট এটা ফুটাই তোলাত পৰিচালক সম্পূৰ্ণ ৰূপে সফল হ অভিনয় যথাযথ। মাজে মাজে ৰণবীৰ সিঙৰ জড়তাপূৰ্ণ অভিনয়ৰ বাবে ছবিখন উজুতি খোৱা যেন অনুভৱ হল। সোণাক্ষী সিন্হাৰ লগত চৰিত্ৰটো যেন ধুনীয়াকৈ খাপ খাই পৰিল! আন এটা চৰিত্ৰত অভিনয় কৰা আদিল হুছেইনৰ উচ্চ খাপৰ অভিনয় প্ৰতিভাৰ বিষয়ে হয়তো উল্লেখ কৰাৰ প্ৰয়োজন নাই। বোলছবিখনৰ আন এক উল্লেখযোগ্য দিশ হল অমিত ত্ৰিবেদীৰ সুমধুৰ সংগীত। লোকসংগীত আৰু পাশ্চাত্য সংগীতৰ মিশ্ৰণেৰে ত্ৰিবেদীয়ে বোলছবিখনক উদ্ভাসিত কৰি তুলিলে। মহেন্দ্ৰ চেট্টীৰ কেমেৰাই যেন প্ৰতিটো ফ্ৰেমতে একো একোখন সুন্দৰ চিত্ৰহে অংকণ কৰি গৈছিল। বিক্ৰমাদিত্য মতৱানেই নিজৰ দ্বিতীয় কথাছবিখনেৰেই হয়তো ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীৰ হৃদয় জিনিলে, The Last Leaf ৰ আধাৰত ভাৰতীয় দৰ্শকৰ উপযোগীকৈ এখন কথাছবি পৰিচালনা কৰি

No comments: