Thursday, April 18, 2013

বিহুমঞ্চত হিন্দী গীত আৰু আলফাৰ ভাবুকি



বৰ্তমান অসমত বিহুৰ সাংস্কৃতিক অনুষ্ঠান সমূহৰ বতৰ। চুকে কোনে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান সমূহত শিল্পী সকলে পৰিবেশন কৰি আছে বিভিন্ন গীত কিন্তু আলফাৰ ভাবুকিয়ে যেন শিল্পী সকলক শংকিত কৰি ৰাখিছে। কাৰণ আলফাৰ পৰা ভাবুকি আহিছে, মঞ্চত কোনেও যাতে  এইবাৰ হিন্দী গীত পৰিবেশন নকৰে, একপ্ৰকাৰৰ তালিবানী ফটোৱাহে যেন এই বিষয়টোকে লৈ বৰ্তমান অসমত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।
কথা হল এনেধৰণৰ ফটোৱা জাৰী কৰাৰ আলফাৰ কিবা অধিকাৰ আছেনে? এগৰাকী শিল্পীয়ে নিজৰ পচন্দৰ গীত গোৱাৰ অধিকাৰ নিশ্চয় আছে (শালীনতাবোধৰ মাজেৰে) সেয়া লাগিলে যিকোনো ভাষাৰেই নহওঁক কিয়? হিন্দীবিৰোধী ৰূপ এটাৰে অসমীয়াপ্ৰীতি দেখুৱাবলৈ গৈ আলফাই কিন্তু নিজৰ ফোঁপোলা স্বৰূপ এটাও উদঙাই দিছে। অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে আলফাই কি এনে লেখত লবলগীয়া কাম কৰিছে সেয়া জানিবৰ মোৰো মন আছে। নামৰ শেষত অসম শব্দটো লগাই ললেই অসমৰ ভাষা-সংস্কৃতিক শ্ৰদ্ধা কৰাটো নুবুজায়। অসমীয়া ভাষা সংস্কৃতিক ৰক্ষা কৰাৰ পণো লব লাগিব।
আলফাই আজি হিন্দী গীত পৰিবেশনৰ বাবে জুবিন গাৰ্গক দোষাৰোপ কৰিছে, কিন্তু অসমত অসমীয়া ভাষাৰ উন্নতিৰ বাবে আলফাই কি কৰিছে? অসমক আজি বাংলাভাষী বিজ্ঞাপনে চানি ধৰিছে, অসমীয়া ভাষাটোলৈকে একপ্ৰকাৰৰ অশনি সংকেত কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত আলফাই কিবা মাত মাতিছেনে? ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ দুৰৱস্থা বিষয়ত আলফাই কিবা মাত মাতিছেনে? অন্যান্য বিভিন্ন ক্ষেত্ৰতো অসমীয়া ভাষাৰ শৰাধ কাৰ্য চলি আছে। এইবোৰ বিষয়ত আলফাৰ মতামত কি? হিন্দী গীত ভূপেন হাজৰিকায়ো পৰিৱেশন কৰিছিল, কিন্তু ভূপেন দাকো ভাবুকি দিয়াৰ আলফাৰ সাহস হলহেঁতেন নে?
আলফাই এটা কথা জানি থোৱাটো প্ৰয়োজন যে অস্ত্ৰৰ ভাবুকিৰে কলা –সংস্কৃতিৰ প্ৰসাৰত বাধা দিব নোৱাৰি। সাংস্কৃতিক ক্ষেত্ৰখন যদি আলফাই বন্দুকৰ ভাবুকিৰে চলাব বিচাৰিছে তেন্তে ইয়াতকৈ ডাঙৰ মূৰ্খামি হয়তো আলফাৰ বাবে অইন একো নহব।

2 comments:

munindra sarmah said...

"আলফা" অসমৰ বাবে এতিয়া এটা গলগ্ৰহ মাত্ৰ।

Debanga Gogoi said...

এই সকলোবোৰ তামচা নকৰাকৈ আলফাই যদি কেৱল অসমত থকা বাংলাদেশীহঁতৰ বিৰুদ্ধে এবাৰো হুঙ্কাৰ দিয়াৰ সাহস কৰিলেহেঁতেন, অসমৰ ৰাইজে আলফাক অকুন্ঠ সমৰ্থন জনালেহেঁতেন।