Tuesday, October 9, 2012

অসমীয়া কথাছবিৰ বৰ্তমানৰ ৰূপৰেখা


অলপ উভতি চাওঁ:
 
এশ বছৰ সম্পূৰ্ণ কৰিলে ভাৰতীয় কথাছবিয়ে। বলিউডৰ হিন্দী কথাছবি উদ্যোগটোৰ লগতে সমসাময়িকভাবে ঠন ধৰি উঠিছিল বিভিন্ন আঞ্চলিক ভাষাৰ কথাছবি উদ্যোগসমূহো। তামিল, বাংলা, মালায়ালম আদি ভাষাৰ কথাছবিসমূহ লাহে লাহে বিকশিত হৈছিল বিশ-ত্ৰিশ দশকতে।
অইন আঞ্চলিক ভাষা সমূহৰ লগতে অসমীয়া কথাছবিও কিন্তু সেই সময়তে সমানেই উদ্ভাষিত হৈ উঠিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনতে জয়মতী কথাছবি নিৰ্মাণ কৰি অসমীয়া কলা সংস্কৃতি জগতত এক নতুন যুগৰ সূচনা কৰিছিল। জয়মতী কথাছবি খন বাণিজ্যিক ভাবে অসফল হৈছিল, কিন্তু জয়মতীয়ে যিদৰে অসমীয়া কথাছবি জগতখনৰ বাবে এক বাট মুকলি কৰি দিছিল সেয়া আছিল লক্ষণীয়।
তাৰ পাছতে আৰম্ভ হৈছিল অসমীয়া কথাছবি জগতখনৰ জয়যাত্ৰা। অসমীয়া কলা সংস্কৃতি জগতৰ স্বনামধন্য ব্যক্তি সকলে নিজৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰি গৈছিল এখনৰ পাছত আনখন ছবি ইয়াৰে কিছুমানে লাভ কৰিছিল দৰ্শকৰ সমাদৰ, আনহাতে কিছুমান কথাছবি দৰ্শকে প্ৰত্যাখান কৰিছিল। সেই সময়ৰ কথাছবি সমূহৰ কাহিনী আছিল শক্তিশালী কিয়নো বেছিভাগ কথাছবিয়েই নিৰ্মাণ হৈছিল জনপ্ৰিয় গল্প, নাটক আদিৰ আধাৰত, কিন্তু কাৰিকৰী দিশত অলপ পিছপৰি আছিল। সেইসময়ত কাৰিকৰী জ্ঞান থকা লোক আৰু বিভিন্ন সীমিত সা-সুবিধাই সেই সময়ৰ পৰিচালক প্ৰযোজক সকলক যথেষ্ট আহুকালত পেলাইছিল। সেইখিনি সীমিত সুবিধাৰেই যে কথাছবি নিৰ্মানৰ কামত হাত দিয়া হৈছিল সেয়াই আছিল এক গৌৰৱৰ বিষয়।
সময় সলনি হৈ আহিল। লাহে লাহে কথাছবিত উন্নত কাৰিকৰী দিশবোৰৰ সংযোজন হবলৈ ধৰিলে। কলা বগাৰ বিপৰীতে পৰ্দাত ৰঙৰ সমাহাৰ ঘটিল, উন্নত মানৰ কেমেৰাৰ প্ৰয়োগ ঘটিবলৈ ধৰিলে, সংগীত, অভিনয় আদিতো আহি পৰিল বিভিন্ন উপাদান। কিন্তু সময় সলনিৰ লগে লগে অসমীয়া কথাছবিৰ মানদণ্ড উৰ্ধগামী হলনে?
১৯৯০ চনৰ পৰা ২০০০ চন মানলৈ সময়খিনি আছিল অসমীয়া কথাছবিৰ বাবে এক মৌন অধ্যায়। মাথোঁ কেইখনমান কথাছবিয়েই যি মুক্তি পাইছিল,ত ভালে সংখ্যক কথাছবি আছিল নিম্ন মানদণ্ডৰ। ১১৯৮ চনত মুক্তিপ্ৰাপ্ত যৌৱনে আমনি কৰে কথাছবি খনে যেন অসমীয়া কথাছবি জগতত এক নতুন ধুমুহা আনে। খুউব এটা উন্নত মানদণ্ডৰ কথাছবি নহলেও জনপ্ৰিয়তাৰ ঢৌত ই উটি গল। ই আছিল এক শুভ লক্ষণ! কাৰণ ইয়াৰ পাছতে অসমত যি হাৰত কথাছবি নিৰ্মাণৰ ঢৌ উঠে সি আছিল লক্ষণীয়। ২০০০ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱাৰ বাণিজ্যিক কথাছবি হিয়া দিয়া নিয়া য়ে অসমৰ সৰ্বকালৰ এখন শ্ৰেষ্ঠ বাণিজ্যিক কথাছবি হিচাবে পৰিচিত হৈ পৰে। হিয়া দিয়া নিয়া কথাছবি খন আছিল বাণিজ্যিক দৃষ্টিভংগীৰে মুনিন বৰুৱাৰ এক অভিনৱ সৃষ্টি। বাণিজ্যিক কথাছবিৰ প্ৰায়বোৰ উপাদানেই আছিল কথাছবিখনত, যাৰ ফলত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছিল। অসমীয়া চিনেমা বুলিলে নাক কোঁচোৱা এচাম নৱপ্ৰজন্মৰ লোকেও ঢাপলি মেলিছিল কথাছবিখন চাবলৈ। তাৰ পাছতে মুনিন বৰুৱাৰ কথাছবি মানেই যেন জনপ্ৰিয়তাৰ অন্য এক নাম হৈ পৰে। হিয়া দিয়া নিয়াৰ পাছত কেইবাখনো বাণিজ্যিক কথাছবি দৰ্শকক উপহাৰ দি মুনিন বৰুৱা যেন হঠাতে নোহোৱা হৈ পৰিল। তাৰ পাছতে পুনৰ ছন্দপতন ঘটিল অসমীয়া কথাছবি উদ্যোগৰ। কেইবছৰমানৰ বিৰতিৰ পাছত কথাছবিৰ আকাশত মুনিন বৰুৱাৰ ৰামধেনু ওলাল, কিন্তু হিয়া দিয়া নিয়াৰ দৰে এক নতুন বিপ্লৱৰ সৃষ্টি কৰিব নোৱাৰিলে। 

বৰ্তমানৰ পৰিস্থিতি:
বৰ্তমানৰ কথাছবি জগতখনলৈ যদি ভূমুকি মাৰো তেন্তে দেখা পাম এক বৃহৎ শূণ্যতা। কথাছবিৰ অ আ ক খ নজনা এচামে যেতিয়া কথাছবি নিৰ্মানত হাত দিয়ে ফলাফল হয়তো শূণ্যই আশা কৰিব পাৰি। উদাহৰনস্বৰূপে, এঘাৰ বছৰৰ গৱেষণা কৰি চূড়ান্ত বিফল কথাছবি উপহাৰ দিয়া পৰিচালক হয়তো অসম মুলুকতহে ওলাব। যোৱা দুবছৰমানত মুক্তি পোৱা কথাছবি কেইখনলৈ আমি যদি মন কৰো তেন্তে অসমীয়া কথাছবিয়ে যে ৭৭ বছৰ অতিক্ৰম কৰিলে সেয়া বোধহয় নিজৰে বিশ্বাস নহব। কাহিনীৰেই সমালোচনা কৰিম নে অভিনয়ৰেই সমালোচনা কৰিম? এইখনেই আছিল এটা সময়ত অসমীয়া কথাছবি জগত,ত প্ৰতিবছৰে উন্নত মানদণ্ডৰ কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল, এইখনেই আছিল অসমীয়া কথাছবি জগত যত এটা সময়ত অভিনয়, কণ্ঠশিল্পী, চিত্ৰগ্ৰহণকাৰী আদি বিভিন্ন শাখাত দেশৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।
বৰ্তমানৰ পৰিচালক প্ৰযোজক সকলে কেনেধৰণৰ কথা সমূহ বিবেচনা কৰি কথাছবি এখন নিৰ্মাণ কৰে সেয়া হয়তো এক সাঁথৰ। কথাছবি আৰম্ভ কৰাৰ আগতে এওঁলোকে চিত্ৰনাট্যখনকে নিজেই এবাৰ পঢ়ি চাইনে বাৰু? সম্পূৰ্ণ হোৱাৰ পাছত মুক্তি দিয়াৰ আগতে নিজেই এবাৰ ভাল হৈছেনে নাই চাই লয়নে বাৰু? নে কেৱল মাত্ৰ কাগজে পত্ৰই হূলস্থুল এটা কৰি দৰ্শকৰ জেপৰ পৰা পইচাকেইটা সৰকোৱাৰ কথাকে ভাবি থাকে? এবাৰ হলেওঁ তেওঁলোকে বিভিন্ন ভাৰতীয় ভাষাৰ কথাছবি সমূহৰ বৰ্তমানৰ ৰূপৰেখা অধ্যয়ন কৰেনে? বাকীবোৰ কথাছবি কিমানদূৰ আগবাঢ়ি গল সেয়া হিচাব ৰাখেনে? বৰ্তমান অসমীয়া কথাছবিৰ প্ৰশংসনীয় দুটা মাথোঁ বিভাগ হল সংগীত আৰু কিছুক্ষেত্ৰত চিনেমাটোগ্ৰাফী। কিন্তু কাহিনী, চিত্ৰনাট্য, অভিনয়, পৰিচালনা আদি তথৈবচ। অসমীয়া দৰ্শকে অসমীয়া কথাছবি নাচায়’, সীমিত বাজেটেৰে ইয়াতকৈ আৰু কি বনাব পাৰি বুলি প্ৰযোজক পৰিচালকে হায়ৈ বিয়ৈ লগাই থকাৰ দিন নাই আৰু এতিয়া। ভাল কথাছবি বনালে দৰ্শক নিশ্চয় আহিব চাবলৈ। এজন দৰ্শকে অইন দহজন দৰ্শকক চিনেমাখন ভাল হৈছে বুলি যদি জনায় তেন্তে বাকী দহজন দৰ্শক নিশ্চয় আগ্ৰহী হব কথাছবি খন চাবলৈ। তেনেকৈয়ে জনপ্ৰিয়তাৰ ৰেখাডালো দীঘল হৈ গৈ থাকে।  
কিন্তু আমি কেৱল অসমীয়া কথাছবি বেয়া বুলিয়েই গালি শপনি পাৰি থাকিমনে? সমাধানৰ সূত্ৰও হয়তো একে সময়তে প্ৰয়োজন। তলত কেইটামান মুকলি পৰামৰ্শ আগবঢ়ালো পৰিচালক প্ৰযোজকসকললৈ বুলি:
#পোনপ্ৰথমেই পৰিচালক প্ৰযোজক সকলক নিজৰ ঘৰত যদি কেৱল সংযোগ আছে তেন্তে কেইটামান বিদেশী কথাছবিৰ চেনেলত দিয়া চিনেমা সমূহ অলপ খুঁটি নাটি মাৰি চাবলৈ অনুৰোধ জনালো। আৰু যদি তেনে চেনেল নাই (নাই যেনেই ধাৰণা হয়!) তেন্তে তেনেধৰণৰ দুটামান চেনেল সংযোগ কৰি ললে ভাল হয়।
#পাৰিলে বৰ্তমানৰ পৰিচালক/প্ৰযোজক সকলে How to Direct/Produce A Feature Film জাতীয় কোৰ্চ দুটামান কৰি লওঁক, চিনেমা এখন বনোৱাৰ আগতে যদিও অসমৰ বহু স্বনামধন্য পৰিচালক প্ৰযোজকে কোনো পাঠ্যক্ৰম অবিবহনেই নিৰ্মান কৰিছিল বহুতো উন্নত কথাছবি।
#আধুনিকতাৰ প্ৰয়োজন, কিন্তু আধুনিকতাৰ নামত বাৰেভচহু কিছুমান বস্তু উপস্থাপনৰ পৰা বিৰত থাকক।
#দৰ্শকৰ মনোভাৱ অধ্যয়ন কৰি লওঁক ভালকৈ। বৰ্তমান যুগত কেনেধৰনৰ কথাছবিৰ প্ৰতি দৰ্শক আকৰ্ষিত হয় অনুধাৱন কৰিবলৈ শিকক।
#কাহিনী নিৰ্বাচন সঠিক কৰক। অসমীয়া সাহিত্যত জনপ্ৰিয় গল্প উপন্যাসৰ অভাৱ নেকি, কথাছবি নিৰ্মানৰ বাবে? তেনে কাহিনীৰ আধাৰত কথাছবি নিৰ্মান নকৰি নিজৰ অদ্ভুত কিবাকিবি কাহিনীৰে নিৰ্মাতাসমূহে কথাছবি নিৰ্মান কৰি অসমীয়া কথাছবিৰ নাকটো কাটে কেলৈ?
#’সীমিত বাজেট’, এই বাহানাটো প্ৰযোজক সকলে ত্যাগ কৰক। দহ বাৰ লাখ টকাত কিদৰে কথাছবি নিৰ্মান কৰিব পাৰি চুবুৰীয়া মিজোৰামৰ পৰা শিকক। ৬০-৭০ লাখ টকা তেতিয়া পানীত নেপেলালেও হব।
#আজিলৈকে কিবা এটা ভাল ট্ৰেইলাৰ নিৰ্মান হৈছেনে অসমীয়া কথাছবিৰ? এটা ট্ৰেইলাৰেও হয়তো কথাছবি খন কেনে হব পাৰে তাৰ আগজাননী দিব পাৰে। কিন্তু দুখৰ কথা আজিলৈকে ট্ৰেইলাৰত ব্যৱহাৰ কৰিবলগীয়া আখৰৰ ডিজাইন কেইটাকে নিৰ্বাচন কৰিব নোৱাৰিলে ট্ৰেইলাৰ বনোৱা সকলে। কথাছবিৰ ট্ৰেইলাৰ কেনেদৰে বনাব লাগে বাংলা অথবা দাক্ষিণাত্যৰ কথাছবি সমূহৰ পৰা অলপ শিকক। (উল্লেখযোগ্য যে অসমীয়া কথাছবিৰ প্ৰথম ট্ৰেইলাৰ দেখুওৱা হৈছিল ১৯৫৮ চনতে, নিপ বৰুৱাৰ নতুন পৃথিৱী কথাছবি খনৰ যোগে)
#চখত চিনেমা তৈয়াৰ নকৰিব, অথবা টকা পইচা আছে বুলিয়ে কথাছবি নিৰ্মানত হাত নিদিব। অলপ অধ্যয়ন প্ৰয়োজনীয়।
#মনত ৰাখিব ৰাইজে ভিচিডি চাবলৈ কথাছবিগৃহলৈ নাযায়, এখন পূৰ্ণদৈৰ্ঘৰ কথাছবি চাবলৈহে যায়, ৩০ ৰ পৰা ২০০ টকা পৰ্যন্ত খৰছ কৰি।
ওপৰৰ কথাখিনি অনুধাৱন কৰক প্ৰযোজক পৰিচালক সকলে।
৭৭ বছৰীয়া এটা উদ্যোগ এইদৰে জহন্নামে যাবলৈ এৰি দিব নোৱাৰি। মই আশাবাদী। ইতিমধ্যে বহুতো নতুন ধ্যান ধাৰণাৰে পৰিপুষ্ট এচাম নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে নিজকে সাজু কৰি আছে অসমীয়া কথাছবি উদ্যোগটোক জিপাল কৰি তুলিবলৈ। হয়তো অলপ সময় লাগিব, কিন্তু তেতিয়ালৈকে বৰ্তমানৰ প্ৰযোজক পৰিচালক সকলে যেন অসমীয়া কথাছবি উদ্যোগটোক লৈ লৰা ধেমালিখন কৰি নাথাকে। আপোনালোকৰ পৰা আমি হলিউড বলিউডৰ ধাৰাৰ চিনেমা বিচৰা নাই অথবা বাংলা অথবা দাক্ষিণাত্যৰ বৃহৎ বাজেটৰ কথাছবি সমূহৰ দৰে কথাছবি নিৰ্মান কৰিবলৈও কোৱা নাই। সহজ সৰল কথাছবি এখনকে বনাওঁক। দৰ্শকৰ অন্তৰ চুই যাব পৰাকৈ। তাৰ বাবে বহু বেছি টকা পইচা নালাগে। লাগে মাথোঁ কিছু অধ্যয়ন আৰু কিবা এটা নতুন কৰাৰ এক নম্ৰ প্ৰয়াস।