Saturday, June 30, 2012

ব্যক্তিগত জীৱনৰ চৰ্চাত ব্যস্ত আজিৰ সমাজখন


যোৱা নিশা কৰিমগঞ্জৰ হোটেল এখনত বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ স্বামীক প্ৰহাৰ কৰা ঘটনা লৈ বিভিন্ন মহলত ব্যাপক চৰ্চা হ বাতৰি চেনেল সমূহকে ধৰি ছচিয়েল নেটৱৰ্কিং ৱেবচাইট সমূহত ইয়াকে লৈ ব্যাপক তৰ্ক বিতৰ্ক হল। কিছু লোকে এই ঘটনাক আদৰণি জনালে, কিছু লোকে বিৰোধ কৰিলে।

কিন্তু কথা হল এনেবোৰ ব্যক্তিগত কথা ৰাজহুৱা ভাবে সৰস আলোচনাৰে প্ৰকাশ কৰাৰ কিবা যুক্তি আছেনে? বহুদিনৰ পৰাই বিধায়িকা ৰুমী নাথৰ বিবাহক লৈ অসমৰ সংবাদ মাধ্যম ব্যস্ত হৈ আছিল। যেন বিধায়িকা গৰাকীৰ বিয়াখনহে অসমৰ এক প্ৰধান সমস্যা! কালিৰ ঘটনাটোৱে আকৌ সেই একেই চৰ্চাৰ পুনৰাবৃত্তি কৰিলে। প্ৰহাৰৰ মূল বিষয়বস্তু কোনো ৰাজনৈতিক কাৰণ নাছিল, মূল ইচ্ছ্যু আছিল ৰুমী নাথৰ দ্বিতীয় বিবাহ হে! ৰুমী নাথে এজনকেই বিয়া কৰাওঁক দহ জনকেই বিয়া কৰাওঁক, আমাৰ তাত মাত মতিবলগীয়া কিবা আছেনে? বিবাহ আইন আদি আছে সেইখিনি চাবলৈ। আমি তাত মাত মাতিবলৈ কোন? সেয়া সম্পূৰ্ণ এক ব্যক্তিগত জীৱন। ইয়াক ৰাজহুৱা জীৱনৰ লগত লগ লগাই তালফাল লগোৱা কথাটোহে হজম কৰিবলৈ টান লাগে।
   
নি:সন্দেহে ৰুমী নাথৰ ৰাজনৈতিক জীৱন বিতৰ্কেৰে ভৰা। তেওঁৰ ৰাজনৈতিক কৰ্মৰাজিৰ চৰ্চা হওঁক, বিধায়িকা হিচাবে কিমান দূৰ সাফল্য অৰ্জন কৰিছে তাৰ আলোচনা সমালোচনা হওঁক। শোৱনি কোঠাৰ ঘটনা লৈ চৰ্চা কৰাৰ কিবা প্ৰয়োজন আছেনে? নে আমি মানুহৰ ব্যক্তিগত জীৱনৰ চৰ্চাবোৰৰ প্ৰতিহে অধিক আগ্ৰহী, যাৰ কোনো সামাজিক অৱদান নাই। কাৰোবাৰ ব্যক্তিগত জীৱনৰ কৰ্মৰাজি পৃষ্ঠা ভৰাই ভৰাই লিখা, বাতৰি পৰিবেশন কৰা, তাকে লৈ মাৰ পিট আদি ঘটনাবোৰ দেখি শুনি এখন সভ্য সমাজৰ নাগৰিক বুলি কবলৈকে লাজ লগা হৈ পৰিছে।   

অসমত ৰুমী নাথৰ বিয়াৰ ঘটনাটোতকৈও আৰু বহু সমস্যা আছে আলোচনা কৰিবলৈ সেইখিনিৰ আলোচনা হওঁক।

Friday, June 29, 2012

স্মৃতিৰ মণিকোঠাত নৱকান্ত বৰুৱাদেৱৰ কেইটিমান পদ্য


তাহানিৰ স্কুলীয়া দিনতে কিছুমান পদ্য পঢ়িছিলো। স্কুলৰ চাৰ বাইদেউ সকলে পদ্যবোৰ ঘৰত মুখস্থ কৰি আহিবলৈ দিছিল, আৰু আমিও মুখস্থ কৰি আহিছিলো। স্কুলত সম্পূৰ্ণকৈ মুখস্থ মাতিব পৰাতো আছিল বীৰত্বৰ পৰিচয়, আৰু মুখস্থ মতাত ভুল হলে? ভুল হলে স্কুলৰ ছাৰ বাইদেউ সকলে হাতৰ তলুৱাত এচাৰীৰে আঁকিছিল বিভিন্ন নক্সা। পাছদিনা আকৌ মুখস্থ ধৰা প্ৰক্ৰিয়া। এনেকৈয়ে চলিছিল তাহানিৰ পদ্য পঢ়াৰ কামটো। কি ঠিক, হয়তো সেই এচাৰীৰেই কাম, যাৰ ফলত আজিও এই পদ্যবোৰৰ তিনি চাৰিটা বাক্য হলেও অসমীয়া মধ্যমত পঢ়া প্ৰায় সকলো বিদ্যাৰ্থীৰ মনত আছে!

তলত তাহানিতে পঢ়া বিদ্যালয়ৰ কেইটামান পদ্য সম্পুৰ্ণ ৰূপত তুলি ধৰা হল। এই আটাইকেইটা পদ্য ৰচনা কৰিছিল কবি নৱকান্ত বৰুৱা দেৱে। 


উৰণীয়া তৰা

চোৱাচোন বাৰু আই,
ৰুমী ভনীটিয়ে উৰণীয়া তৰা
তো হেনো দেখা নাই।
সদায় সন্ধিয়া শই শই আহি
পথাৰ উপচি যায়;
কি যে বেঙী তাই কবকে নোৱাৰো
তথাপিতো দেখা নাই,
ৰুমী বৰ বেঙী ভাই

পপীয়া তৰাৰ কথা কোৱা নাই
সেইবোৰ হেনো শিল;
দ্বীপেন চাৰক তেনেকৈ নকলে
দিয়ে জানা থিয় কিল
এইবোৰ আন কিবা
মই দিছো নাম উৰণীয়া তৰা
আৰু কিনো নাম থবা?

নহয় নহয় আই!
দেউতাই কোৱা ফ্লাইং ছছাৰ
তাৰো কথা কোৱা নাই।
সেইবোৰ মই শুনিছোহে মাথোঁ
নেজানো কতনো পায়!

কি কলা, কি কলা আই?
সকলো তৰাই থিৰ হৈ থাকে?
উৰণীয়া তৰা নাই?
জোন বেলি তৰা কৰ পৰা আহে
কোৱাচোন ভাবি গমি
নাহিলে কিদৰে সদায় গধূলি
দেখা পাওঁ বাৰু আমি?
একোকে নাজানা তুমি
আই! তুমিও এজনী ৰুমী।

ৰ পৰা আহে মই কওঁ শুনা
ৰবাৰ পৰা আহে
গধূলি হলেই তৰাৰ লগত মিচিকি মিচিকি হাঁহে।
সিহঁতে যে কাক মাতি থাকে জানো
চকুবোৰ টিপিয়াই
সিহঁতৰ সতে উমলিবলৈ
মোৰ বৰ মন যায়
বকুল তলৰ এন্ধাৰত আই
উৰি ফুৰে জাকে জাকে
বতাহ আহিলে উৰণীয়া তৰা দুবৰিত শুই থাকে

লাচো ওলাই আই
চোতালত গৈ উৰণীয়া তৰা
দিম মই দেখুৱাই
সেইদিনা মাকে মলয়ৰ সতে চালে উৰণীয়া তৰা
হেজাৰ বিজাৰ জোনাকী পৰুৱা পোহৰে বননি ভৰা।

তিনি বৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে
ওপৰে গেৰুৱা মাজত শুকুলা
তলত শ্যামল আছে
বগাৰ মাজত অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয়
আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয়


বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ
ভোমোৰা আৰু মৌ মাখিয়ে
কৰে গুণ গুণ
শিয়ালে কৰে হোৱা হোৱা
কুকুৰবোৰে ভুকে
মেকুৰীয়ে মিউ মিউকৈ
ফুৰে চুকে চুকে
ছাগলীবোৰে বেবাই ফুৰে
গৰুৱে হেম্বেলিয়ায়
কাউৰীবোৰে গছৰ আগত
থাকে ৰমলিয়াই
চিৰিক চিৰিক কৰি মাতে
ঘৰ চিৰিকা জাকে
সোণ মইনাই কি কৰেনো
কলকলাই থাকে

হাগ  মাহত গছৰ ডালত ফুলে কপৌ ফুল
জেঠমহীয়া ৰদৰ তাপত শৰীৰ বিয়াকুল
আহাৰ মাহত বাৰীত পকে আম, কঁঠাল, জাম
শাওন মহীয়া বৰষুণত সাধু শুনাই কাম
ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি
আহিনমাহত দুবৰি বন হিমত থাকে তিতি
কাতি মাহত আকাশবন্তি লগায় শাৰী শাৰী
আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি
পুহ মহীয়া জাৰত কঁপি নিহালিখন লওঁ
মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ
ফাগ্ন আহে পলাশ ফুলে পছোৱা বতাহ বয়
তৰ শেষত নতুন বছৰ আদৰি লবৰ হয়

ৰঙা নীলা হালধীয়া
অকলশৰীয়া
ৰঙা নীলা মিলি দুয়ো 
'ল বেঙুনীয়া
ৰঙাৰ স'তে হালধীয়া
পলো সুমথিৰা
হালধীয়া নীলা মিলি 
'ল সেউজীয়া
ৰঙা নীলা হালধীয়া
কৰিলে মিহল
মটীয়া ৰংটি পাবা
ডাঠ বা পাতল


Wednesday, June 20, 2012

বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ মূল শিল্পীসকল


বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ গীত সমূহ বিভিন্ন সময়ত বিভিন্ন শিল্পীয়ে পৰিবেশন কৰি আহিছে। কিন্তু আমাৰ বহুতেই হয়তো এই গীতসমূহৰ মূল শিল্পী সকলৰ বিষয়ে জ্ঞাত নহয়। ত্ৰিশ আৰু চল্লিশ দশকতেই বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ গীত সমূহ প্ৰথম বাণীবদ্ধ কৰা হৈছিল।

তলত ৰাভাদেৱৰ কেইটিমান গীত প্ৰথম বাৰৰ বাবে পৰিবেশন কৰা শিল্পী সকলৰ নাম উল্লেখ কৰা হ -
ৰাভাদেৱৰ ভালেসংখ্যক গীত
নিজৰ কণ্ঠেৰে নিগৰোৱা
শিল্পী কমল নাৰায়ণ চৌধুৰী

  • উলাহেৰে নাচি বাগি : শিল্পী - ভূপেন হাজৰিকা (দহ বছৰ বয়স)
  • কাষতে কলচী লৈ : শিল্পী - ভূপেন হাজৰিকা (দহ বছৰ বয়স)
  • টিলাই টিলাই ঘূৰিফুৰে : শিল্পী – প্ৰফুল্লবালা বৰুৱা
  • কুৰুৱা বতাহে অ : শিল্পী – প্ৰফুল্লবালা বৰুৱা
  • ৰংপুৰীয়া জী : শিল্পী – প্ৰফুল্লবালা বৰুৱা
  • গুৰু মোৰ শংকৰ : শিল্পী – প্ৰফুল্লবালা বৰুৱা আৰু বিষ্ণু প্ৰসাদ ৰাভা
  • নাৱৰ ভৰষা নাই : শিল্পী – প্ৰফুল্লবালা বৰুৱা আৰু বিষ্ণু প্ৰসাদ ৰাভা
  • ৰৈ ৰৈ কেতেকী বিনাঅ : শিল্পী – সাধনা বৰুৱা (ছয় বছৰ বয়স)
  • দেহা লাহি ৰাইজাই ফুলৰ নাচোন চাই : শিল্পী – সাধনা বৰুৱা (ছয় বছৰ বয়স)
  • বিলতে হালিছে ধুনীয়া পদুমী : শিল্পী – মমতা বৰুৱা (চাৰি বছৰ বয়স)
  • জোনবাই এ তৰা এটি দিয়া : শিল্পী – মমতা বৰুৱা (চাৰি বছৰ বয়স)
  • লুইতৰ পাৰৰে ৰূপহী পখিলী : শিল্পী – মমতা বৰুৱা (চাৰি বছৰ বয়স)
  • ফুলকুঁৱৰীৰ ৰস চুমি লৈ : শিল্পী – গিৰিজা বৰুৱা
  • উটি যা ৰূপালী নাওঁ : শিল্পী – গিৰিজা বৰুৱা
  • অসমীয়া ডেকা দল : শিল্পী – কমল নাৰায়ণ চৌধুৰী
  • জয়া নাই : শিল্পী – কমল নাৰায়ণ চৌধুৰী
  • মোৰ জীৱনৰ আকাশতে : শিল্পী – কমল নাৰায়ণ চৌধুৰী
  • কিবা যেন নাই আজি নাই : শিল্পী – কমল নাৰায়ণ চৌধুৰী
  • নাহৰ ফুলে নুশুৱায় : শিল্পী – কমল নাৰায়ণ চৌধুৰী আৰু নিৰুপমা হাজৰিকা (সুদক্ষিণা শৰ্মা)
  • লগন উকলি গল : শিল্পী – কমল নাৰায়ণ চৌধুৰী
  • বিশ্বৰ ছন্দে ছন্দে : শিল্পী – কমল নাৰায়ণ চৌধুৰী আৰু নিৰুপমা হাজৰিকা (সুদক্ষিণা শৰ্মা)
  • পৰজনমৰ শুভ লগনত : শিল্পী – কমল নাৰায়ণ চৌধুৰী
  • মোৰ কবিতাৰ ছন্দ লাগি : শিল্পী – দিলীপ শৰ্মা


(মূল গীতসমূহৰ বহু গীতেই হয়তো কালৰ সোঁতত নোহোৱা হৈ গ, যদিও কিছু সংখ্যক গীত এতিয়াও উপলব্ধ)