Saturday, May 19, 2012

নোবেল চুৰিৰ কাহিনী, ভানুৰ কথাৰে


এচিয়াৰ প্ৰথম নোবেল বঁটাটো আহিছিল ভাৰতলৈ,১৯১৩ চনত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত সাহিত্যত নোবেল বঁটা জয় কৰি কঢ়িয়াই আনিছিল এই গৌৰৱ। কিন্তু ইমানদিনে কলকাতাৰ শান্তি নিকেতনত সংৰক্ষণ হৈ থকা নোবেল বঁটাৰ পদকটো ২০০৪ চনত হঠাতে নোহোৱা হৈ পৰিল এই নোবেল চুৰিৰ ঘটনাই সমগ্ৰ ভাৰতজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে। নোবেল পদকটোৰ সন্ধানত তালাচী অভিযান চলিল সমগ্ৰ দেশজুৰি। অৱশেষত দেশৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে নোবেল পদকটো বিচাৰি উলিয়াবলৈ সক্ষম নহল আৰু ২০১০ চনত এই সমগ্ৰ ঘটনাৰ ফাইল বন্ধ কৰি দিয়ে। অৱশেষত কবিগুৰুৰ নোবেল পদক এতিয়াও সন্ধানহীন হৈয়ে থাকিল।

উক্ত সত্য ঘটনাৰ আলমতে এটি কাল্পনিক কাহিনীৰে পৰিচালক সুমন ঘোষে এক চমক দিছে তেওঁৰ শেহতীয়া কথাছবি নোবেল চোৰৰ যোগেদি। এক অসাধাৰণ কাল্পনিক কাহিনীৰে উক্ত সত্য ঘটনাটোক চেলুলয়ডত উপস্থাপন কৰাটো নিশ্চিতভাৱে সুমন ঘোষৰ এক চমত্কাৰী চিনেমেটিক কৌশল।

পশ্চিম বংগৰ এখন অনুন্নত গাঁৱৰ এজন দুখীয়া খেতিয়ক ভানুৱে হঠাতে পুৱা মুখ ধুই থকা অৱস্থাত এটা ঘূৰণীয়া সোণালী বস্তু এটা উদ্ধাৰ কৰিলে বস্তুটো কি একো উৱাদিহ নাপাই তাৰ বিষয়ে জানিবলৈ গাঁৱৰে সন্মানীয় শিক্ষক মাষ্টৰ মচাইৰ ওচৰলৈ গল। মাষ্টৰে বস্তুটো দেখিয়েই চমকি উঠিল সেইটোৱেই আছিল গোটেই দেশজুৰি আৰক্ষী প্ৰশাসনে সন্ধান চলাই থকা ৰবীন্দ্ৰনাথৰ নোবেল পদকটো। কোনোমতে পেটে ভাতে খাই থকা দুখীয়া ভানুৱে কি বুজি পাব নোবেল বঁটাৰ মূল্য! কিন্তু মাষ্টৰে বুজাই দিয়াত বুজি পালে কেনেধৰণে ই প্ৰকৃততে সমগ্ৰ ভাৰতৰে এক অমূল্য সম্পদ। মাষ্টৰৰ কথামতেই পদকটো মুখ্যমন্ত্ৰীক নিজ হাতে ওভোটাই দিবলৈ যাত্ৰা কৰিলে কলকাতা মহানগৰীলৈ। কিন্তু কলকাতত বিভিন্ন পাকচক্ৰত পৰি একমাত্ৰ নোবেল পদকটোৰ বাবেই বিভিন্ন দুষ্টচক্ৰৰ মুল কেন্দ্ৰবিন্দু হৈ পৰে সহজ সৰল ভানু। শেষত এক কৰুণ সমাপ্তিৰে সুমন ঘোষে সামৰণি মাৰে নোবেল চোৰৰ ঘটনা।

আৰ্থ সামাজিক দিশত অনুন্নত, অশিক্ষিত গাঁওবাসী আৰু এচাম উচ্চ শিক্ষিত ভণ্ড লোকৰ দৃষ্টিত এখন দেশৰ গৌৰৱৰ সংজ্ঞা কি? এচামৰ বাবে পেটৰ ভাতমুঠিৰ চিন্তাত দেশৰ গৌৰৱ হৈ পৰে ধুলিসাৎ আৰু এচামৰ বাবে ই হৈ পৰে টকা ঘটাৰ এক কৌশল। পৰিচালকে মুল চৰিত্ৰ ভানুৰ যোগেদি যেন বহুতো বাৰ্তাই প্ৰেৰণ কৰিলে দৰ্শকলৈ। ভানুৰ বাবে নোবেল পদকটোৰ মূল্য কিমান সেই লৈ বিশেষ চিন্তা নাই কিন্তু এটা চিন্তাই মাথোঁ বাৰে বাৰে তেওঁৰ মনত দোলা দি থাকে - চাউল বাৰ টকা, পিঁয়াজ আঠ টকা আৰু সেই আঠ টকা আৰু বাৰ টকা গোটোৱা টোৱেই তেওঁৰ প্ৰধান কাম।

ভানুৰ চৰিত্ৰত মিঠুন চক্ৰৱৰ্তীয়ে এক দূৰ্দান্ত অভিনয় কৰিলে। হয়তো মিঠুন চক্ৰৱৰ্তীৰ কেৰিয়াৰৰ এক অন্যতম শ্ৰেষ্ঠ অভিনয়। বৰ্ষীয়ান অভিনেতা সৌমিত্ৰ চেটাৰ্জীক হয়তো যিমানেই প্ৰশংসা কৰা যায় সিমানেই কম হৈ পৰে। অন্যান্য অভিনেতা অভিনেত্ৰী সকলৰ অভিনয় যথাযথ। প্ৰকৃততে ভানু চৰিত্ৰটোৱেই গোটই কথাছবিখনক দিছে এক অনন্য মাত্ৰা। লোকসংগীতৰ ঠাঁচত সংগীত পৰিচালক বিক্ৰম ঘোষৰ সংগীতে সোণত সুৱগা চৰাইছে। বৰুণ মুখাৰ্জীৰ চিনেমেটোগ্ৰাফী শলাগিবলগীয়া। বিশেষকৈ চিনেমাৰ আৰম্ভনি গীতত কেমেৰাই তুলিধৰা সামাজিক খণ্ডচিত্ৰবোৰে যেন কথাছবিখনৰে এক জীপাল আৰম্ভণি ঘটাইছে

এটা সম্পুৰ্ণ ব্যতিক্ৰমী বিষয়বস্তু লৈ চেলুলয়ডত সঠিক ৰূপত উপস্থাপন কৰি সুমন ঘোষে পৰিচালক হিচাবে দাঙি ধৰিলে নিজৰ এক অনন্য পৰিচয়

Monday, May 14, 2012

কাৰ্টুনৰ ৰাজনীতি আৰু ভাৰতীয় ৰাজনীতিৰ বহুৱাসকল


বিতৰ্কই আৱৰি ধৰা শংকৰ পিল্লাইৰ কাৰ্টুনটো
চাওঁতে চাওঁতে ভাৰতীয় সংসদে ষাঠিটা বছৰ পাৰ কৰিলে। ১৯৫২ চনৰ ১৭ এপ্ৰিল তাৰিখে গঠিত লোকসভাৰ প্ৰথম অধিবেশন বহিছিল ১৩ মে তাৰিখে। তাৰ পাছৰ পৰাই বিভিন্ন ঘটনা পৰিঘটনাৰ সাক্ষী হিচাবে দিন মাহ বছৰ অতিবাহিত কৰিলে ভাৰতীয় সংসদে। বিশ্বৰ বৃহত্তম গনতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সংসদ বিশ্বৰ ভিতৰতে এক লেখতলবলগীয়া সংসদ হিচাবে গন্য কৰা হয়। বিশ্বৰ বিভিন্ন দেশে ভাৰতীয় সংসদক যথেষ্ট সমীহ কৰি চলে। কিন্তু সঁচাকৈয়ে ভাৰতীয় সংসদ বিশ্বৰ লেখতলবলগীয়া সংসদ নে? সংসদে ষাঠিটা বছৰ পাৰ কৰিলে কিন্তু সাংসদ সকলে এইখন সংসদক উচিত মৰ্য্যদা দিব পাৰিছেনে? জনসাধাৰণে অতি বিশ্বাস আৰু আশাৰে নিৰ্বাচিত কৰি পঠিওৱা এইসকল জনপ্ৰতিনিধিয়ে কিমান দূৰ সংসদৰ গৰিমা ৰক্ষা কৰিব পাৰিছে? অপ্ৰয়োজনীয় হূলস্থুলেৰে আৰু কিছুমান অদৰকাৰী বিষয় ইচ্ছ্যু হিচাবে লৈ হুলস্থুলৰ মাধ্যমেৰে সঘনে সংসদৰ মূল্যবান সময় নষ্ট কৰা আৰু এনেদৰে জনসাধাৰণৰ লাখ লাখ টকা পানীত পেলোৱা এইসকল সাংসদে ভাৰতৰ সমগ্ৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোকে যেন হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।

কিছুদিনৰ আগতে ভাৰতীয় সংসদ তোলপাৰ লাগিল এটা সাধাৰণ কাৰ্টুনক লৈ বিশিষ্ট ভাৰতীয় কাৰ্টুনিষ্ট শংকৰ পিল্লাইয়ে ১৯৪৯ চনতে অংকন কৰা এটা কাৰ্টুনক লৈ ভাৰতীয় সংসদৰ বাহিৰে ভিতৰে যি হূলস্থুল সৃষ্টি হল সি আছিল অভাৱনীয়। কাৰ্টুনটোত দেখুওৱা হৈছিল এটা শামুকৰ ওপৰত বহি আম্বেদকাৰে লাহে লাহে আগবাঢ়ি আছে আৰু জৱাহৰলাল নেহৰুৱে এডাল চাবুক হাতত লৈ শামুকটোৰ পাছফালে ৰখি আছে। শংকৰ পিল্লাইৰ এই কাৰ্টুনটো পোনপ্ৰথমে প্ৰকাশ হৈছিল Sankar’s Weekly নামৰ আলোচনীখনত ১৯৪৯ চনতে।

কাৰ্টুনটোৰ মূল বিষয়বস্তুটোৱেই আছিল সংবিধান প্ৰণয়নৰ লেহেমীয়া গতি যিটো কাৰ্টুনিষ্ট শংকৰে কাৰ্টুনটোৰ যোগেদি প্ৰকাশ কৰিছিল। এই কাৰ্টুনটো ২০০৬ চনত এন চি ই আৰ টি (NCERT) ৰ একাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশেষত সম্পূৰ্ণ ছয় বছৰৰ পাছত সংসদ তোলপাৰ লাগিল উক্ত কাৰ্টুনটোক লৈ তামিলনাডুৰ থিৰুমা ভালাভন নামৰ সাংসদ গৰাকীয়ে পোনপ্ৰথমে সংসদত এই প্ৰসংগটো উত্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু সুযোগসন্ধানী সাংসদ সকলে হূলস্থুল কৰিবলৈ পলকতে পাই গল এটা নতুন ইচ্ছ্যু আৰম্ভ হল এটা সাধাৰণ কাৰ্টুনক লৈ অহেতুক বিতৰ্কৰ, যিটো অংকন কৰা কাৰ্টুনিষ্ট গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে, তেনে এটা বিষয়ৰ ৰাজনীতিকৰণ। সমাজৰ দলিত শ্ৰেণীৰ লোকসকলৰ লগত জড়িত ইচ্ছ্যু সুযোগতো এৰি দিয়া যায় কেনেকৈ? সকলো ৰাজনৈতিক দলেই কাৰ্টুনটোৰ বিৰোধিতা কৰাটো স্বাভাৱিক কথা। দলিত লোকৰ উন্নয়নৰ ঠিকা লৈ থোৱা দুটা ৰাজনৈতিক দল মায়াৱতীৰ 'বহুজন সমাজ পাৰ্টি' আৰু ৰামবিলাস পাছোৱানৰ লোক জনশক্তি পাৰ্টি ৰ বাবে ইচ্ছ্যুটো হৈ পৰিল সোণৰ কণী পৰা হাঁহ। অইন ৰাজনৈতিক দল সমূহেও সোণৰ কণী বিচাৰি নাযাব কিয়? সকলো ৰাজনৈতিক দল একত্ৰিত হল কাৰ্টুনটোৰ বিপক্ষে। দাবী আহিল দলিত সম্প্ৰদায়ৰ বাবে ভগৱান সদৃশ আম্বেদকাৰক অপমান কৰা কাৰ্টুনটোক পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰাৰ, দাবী আহিল এই ঘটনাৰ লগত জড়িত লোকসকলৰ বিপক্ষে অপৰাধমূলক গোচৰ ৰুজু কৰাৰ।  ৰামবিলাস পাচোৱানে এখোপ গৈ এন চি ই আৰ টি সংস্থাটোকেই বন্ধ কৰি দিয়াৰ দাবী তুলিলে। মুঠৰ ওপৰত কোনটো দল কিমান দলিত প্ৰেমী তাৰ যেন অঘোষিত প্ৰতিযোগিতাহে চলিল। আৰু ঘটনাৰ গতি দেখি মূহুৰ্ততে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কপিল চিবালে, ২০০৬ চনত বিভাগীয় মন্ত্ৰী হৈ নথকা স্বত্তেও সংসদত ক্ষমা প্ৰাৰ্থনা খুজি কাৰ্টুনটো এন চি ই আৰ টি ৰ কিতাপৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ জাৰী কৰে। তীব্ৰ বিতৰ্কৰ পাছতে এন চি ই আৰ টি ৰ দুগৰাকী উপদেষ্টা বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱ আৰু পুনে বিশ্ববিদ্যালয়ৰ অধ্যাপক সুহাস পালচিকাৰে উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়। কেৱল ইয়াতে ক্ষান্ত নাথাকি কেইজনমান যুৱকে পুনে বিশ্ববিদ্যালয়ৰ অধ্যাপক পালচিকাৰৰ কাৰ্য্যালয়ত সোমাই কোঠা লণ্ডভণ্ড কৰে।

এয়াই হৈছে ষাঠী বছৰ গৰকা ভাৰতীয় সংসদৰ সাংসদৰ কাৰ্য্যপদ্ধতিৰ নমুনা। ৰাজনীতিৰ দ্বাৰা পৰিচালিত সমাজ ব্যৱস্থাৰ এক ফেচিষ্ট ৰূপ সংবিধানৰ ঊন্নৈশতম অনুচ্ছেদত উল্লেখ থকা বাক স্বাধীনতাৰ অধিকাৰ যেন খোদ সাংসদ সকলৰ তালিবানী ৰূপেটোৱেই ভংগ কৰিলে। প্ৰশ্ন উঠে প্ৰকাশ হোৱাৰ ৬৩ বছৰ পাছত আৰু পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ ছয় বছৰ অগোচৰে থাকি হঠাতে ইমান হূলস্থুল কিয়? সমাজৰ আটাইতকৈ অৱহেলিত, সামাজিক ভাৱে শোষিত দলিত লোকৰ বাবে ৰাজনৈতিক দলসমূহৰ ইমানেই সদিচ্ছা নে? যুগ যুগ ধৰি অৱহেলিত দলিত লোকসকলক ইমানে দিনে ভোটবেংক হিচাবে ব্যৱহাৰ কৰি অহা ৰাজনৈতিক দলসমূহে সাধাৰণ কাৰ্টুন এটাক ইমান ডাঙৰ ইচ্ছ্যু এটা বনাই যেন পুনৰবাৰ দলিতসকলক হে অপমান কৰিলে। কেইবছৰমান আগতে ভাৰতীয় মানৱাধিকাৰ আয়োগৰ কে বি চাক্সেনাৰ প্ৰতিবেদনখন পঢ়িলেই সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ অৱস্থা সম্পৰ্কে জানিব পাৰি। আৰু তাতোকৈ দুখজনক কথা হল এতিয়াও সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকল একেদৰেই শোষিত, বঞ্চিত হৈয়ে আছে। এতিয়াও উত্তৰ প্ৰদেশ, বিহাৰ আদিকে ধৰি বিভিন্ন ৰাজ্যত দলিত লোকসকলৰ নাই কোনো শিক্ষাৰ সু ব্যৱস্থা, ধৰ্ষণ হত্যা শোষণ বঞ্চনা আদিৰে ভাৰাক্ৰান্ত এই শ্ৰেণীৰ লোকসকলক এতিয়াও সমাজে ঘৃণাৰ চকুৰেই চায়। খাদ্য বাসস্থানৰ বাবে হাবাথুৰি খাই ফুৰা এই সকল লোকে কাৰ্টুন কি বস্তু সেয়াকে বোধহয় বুজিকে নাপায়। মায়াবতী, ৰামবিলাস পাছোৱানৰ দৰে তথাকথিত দলিত প্ৰেমী ৰাজনীতিবিদ সকলৰ বাবে এওঁলোক মাথোঁ একো একোটা ভোটবেংক

বিশ্বত এনে বহু দেশ আছে যত জনসাধাৰণে বাক স্বাধীনতা উপভোগ কৰাৰ পৰা বঞ্চিত হয়। বাক স্বাধীনতাৰ অধিকাৰ আমাৰ দেশৰ সংবিধানৰ এক মূল বৈশিষ্ট্য। বাক স্বাধীনতাৰ অধিকাৰ গণতন্ত্ৰৰো এক প্ৰধান অংগ। শংকৰ পিল্লাইৰ কাৰ্টুনটোৱেও এই স্বাধীনতা সম্পুৰ্ণৰূপে উপভোগ কৰিব লাগে। ১৯৪৯ চনতে অংকন কৰা কাৰ্টুনটোত জৱাহৰলাল নেহৰু তথা আম্বেদকাৰৰ কিবা আপত্তি আছিল বুলি কতো উল্লেখ নাই অথবা কাৰ্টুনটো নিষিদ্ধও নহয়। পঞ্চাশ ষাঠী দশকত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, কেন্দ্ৰীয় চৰকাৰক লৈ ইয়াতকৈও তীব্ৰ ককৰ্থনাৰে ভৰা কাৰ্টুন প্ৰকাশ পাইছিল বিভিন্ন বাতৰি কাকত আলোচনীত আৰু তেতিয়াও কাৰ্টুনিষ্ট সকলে লাভ কৰিছিল পূৰ্ণ স্বাধীনতা কিন্তু লাহে লাহে ভাৰতীয় ৰাজনীতিবিদসকলৰ তালিবানী চৰিত্ৰটো খুবেই ভালদৰে প্ৰকট হৈ পৰিছে। এই তালিবানী চৰিত্ৰৰ আঁৰতে লুকাই আছে ৰাজনৈতিক দলসমূহৰ মুনাফা লাভৰ এক কৌশল। এফালে আমি বিশ্বৰ বৃহত্তম গনতান্ত্ৰিক দেশৰ নাগৰিক হিচাবে আস্ফালন কৰো কিন্তু আনফালে বাক স্বাধীনতাৰ অধিকাৰত শিকলি লগাই থব বিছাৰো।

কিছুদিনৰ আগতে মমতা বেনাৰ্জীৰ এখন কাৰ্টুন সদৃশ পোষ্টাৰ এগৰাকী অধ্যাপকে সহকৰ্মীলৈ ই মেইল কৰা অপৰাধত জেইল পৰ্য্যন্ত যাবলগীয়া হয়। এয়াই হৈছে তথাকথিত গণতন্ত্ৰৰ নমুনা। সাধাৰণ কাৰ্টুন অথবা ব্যংগাত্মক পোষ্টাৰলৈ ভয় কৰা এনে শক্তিশালী’(?) নেতাসকলে কেনেদৰে এখন ৰাজ্যক প্ৰতিনিধিত্ব কৰে সেয়াহে ভাবিবলগীয়া কথা।   

সকলোৰে নিজৰ নিজৰ মত সাৱস্ত্য কৰাৰ পূৰ্ণ অধিকাৰ আছে ভাৰতবৰ্ষত। যিগৰাকী ব্যক্তিয়ে সংবিধান প্ৰণয়ন কৰি বাক স্বাধীনতাৰ অধিকাৰ ইয়াত অন্তৰ্ভুক্ত কৰিছিল, সেই বাক স্বাধীনতাকে এগৰাকী কাৰ্টুনিষ্টৰ পৰা হৰণ কৰি দেশৰ সাংসদেসকলে প্ৰকৃততে আম্বেদকাৰকে অপমান নকৰিলেনে?

যিকোনো বিষয়বস্তুৰে ৰাজনীতিকৰণ সুযোগসন্ধানী ভাৰতীয় ৰাজনীতিৰ এক প্ৰধান বৈশিষ্ট্য নিজৰ ৰাজনৈতিক লাভালাভৰ বাহিৰে তাত নাথাকে কোনো অইন জনহিতকৰ চিন্তা। এই কাৰ্টুন বিতৰ্কতোও ইয়াৰেই এক অংগ। আমি যিমানেই নতুন যুগৰ ফালে আগবাঢ়ি গৈ আছো, সিমানেই আমাৰ মানসিকতাও পিছপৰি গৈ আছে। আমি পুনৰ ঘুৰি গৈ আছো আদিম ৰক্ষণশীল সমাজখনলৈ। হায় গণতন্ত্ৰ!

Sunday, May 13, 2012

ধৰ্ম, অন্ধবিশ্বাস আৰু 'দেউল'


ধৰ্ম আৰু অন্ধবিশ্বাস, এই দুয়োটাই অতীজৰে পৰাই ভাৰতবৰ্ষৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যাপকভাৱে বিস্তাৰিত হৈ আছে। গ্ৰাম্য অথবা নিৰক্ষৰ লোককে ধৰি শিক্ষিত সমাজ খনেও ধৰ্ম আৰু অন্ধবিশ্বাসৰ প্ৰৱণতাৰ পৰা মুক্ত হব পৰা নাই। ধৰ্মই জন্ম দিয়ে অন্ধবিশ্বাসৰ আৰু অন্ধবিশ্বাসৰ মাত্ৰা যেতিয়া বাঢ়ি যায় তেতিয়াই সমাজ ব্যৱস্থাত দেখা দিয়ে ব্যাপক বিসংগতি সমাজৰ এচামৰ কাৰণে সেই অন্ধবিশ্বাস হৈ পৰে ধন ঘটাৰ এক উত্তম আহিলা আৰু আন এচামৰ বাবে হৈ পৰে ৰাজনৈতিক প্ৰভুত্ব খটোৱাৰ এক অন্যতম উপায় ধৰ্ম আৰু অন্ধবিশ্বাসক হাথিয়াৰ হিচাবে লৈ সমাজ ব্যৱস্থাৰ ব্যাপক স্খলন ঘটোৱা বহুতো ঘটনা ভাৰতীয় সমাজত ঘটিয়েই আছে।এখন ঠাইত যেতিয়া ব্যৱসায় বাণিজ্য আদি বাঢ়ে তেতিয়া সি নি:সন্দেহে ই ঠাইখনৰ উন্নয়নত অৰিহণা যোগায়। কিন্তু ধৰ্ম আৰু অন্ধবিশ্বাসক মুলধন হিচাবে লৈ কোনো এখন ঠাইৰ আৰ্থিক প্ৰগতি ঘটাটো কিমান দূৰ যুক্তিসংগত, ত ধাৰ্মিক কাম কাজতকৈ বাঢ়ি যায় আৰ্থিক লালসা?  

মহাৰাষ্ট্ৰত অৱস্থিত এখন সৰু গাওঁ মাংৰুল শুকান শিলাময় সেইখন গাঁৱৰে এজন যুৱক কেশ্যাই এদিন ঘৰৰ গৰুটো বিচাৰিবলৈ গৈ গছ এজোপাৰ তলতে জিৰণি লওঁ বুলি বাগৰ এটা মাৰিলে। চিলমিল টোপনিতে হঠাতে কেশ্যাই দেখিবলৈ পালে ভগৱান দত্তাত্ৰেয়ক সাৰ পাই উঠি শিহৰিত হৈ উঠিল কেশ্যা। কথাটো গাঁৱৰ ৰাইজক জনাবলৈ উদগ্ৰীৱ হৈ পৰিল কেশ্যা। আৰু ইকান সিকানকৈ কথাটো ৰাষ্ট্ৰ হৈ পৰিল গোটেই গাওঁখনতে। কিছুদিনৰ ভিতৰতে খলকনি লাগিল গাওঁখনত। সংবাদ মাধ্যম, ৰাজনীতিবিদ, দূৰ দুৰনিৰ পৰা অহা দৰ্শনাৰ্থীৰে ভৰি পৰিল সেই গছজোপাৰ চাৰিওদিশ। সামাজিক উন্নয়নৰ সপক্ষে থকা গাঁৱৰে ৰাজনৈতিক নেতা ভাউয়ে প্ৰথমতে এনেধৰণৰ কাম কাজৰ বিৰোধিতা কৰিছিল যদিও ৰাজনৈতিক হেঁচাৰ পৰিপ্ৰেক্ষিটত পাছলৈ মন্দিৰ নিৰ্মান বিষয়টো সমৰ্থন কৰিবলৈ বাধ্য হৈ পৰিল। গাঁৱৰ আন এগৰাকী শ্ৰদ্ধাশীল ব্যক্তি আন্নায়েও ইয়াৰ বিৰোধিতা কৰি সামাজিক বিভিন্ন উন্নয়নৰ সপক্ষে মাত মাতিছিল। কিন্তু ধাৰ্মিক বিষয়বস্তুৱে যেতিয়া এবাৰ মুৰ ডাঙি উঠে তেতিয়া ইয়াক বাধা দিয়াৰ উপাই নোহোৱা হৈ যায় কেইদিনমানৰ ভিতৰতে থিয় হৈ গল এক মন্দিৰ। বাণিজ্যৰ প্ৰাণকেন্দ্ৰস্বৰূপ হৈ পৰিল মাংৰুল। গাঁৱৰে কেইজনমান যুৱকে নিজৰ ব্যৱসায়ৰ মূল উত্স হিচাবে বাচি ললে মন্দিৰটোক। শেষলৈ ধাৰ্মিক বিষয়বস্তুক প্ৰাধান্য নিদি মন্দিৰটো হৈ পৰে গাঁৱৰ বিভিন্নজনৰ বাবে ধন ঘটাৰ এক উত্তম আহিলা। প্ৰায় সকলো লোক ধনী হল। কিন্তু একে থাকিল কেশ্যাযাৰ সপোনে স্থাপন কৰিছিল মন্দিৰটো! আৰু শেষত এদিন কেশ্যাই ললে ইয়াৰ প্ৰতিশোধ।

এনেদৰেই সমাজৰ বিভিন্ন স্তৰত ঘটি থকা ধাৰ্মিক অন্ধবিশ্বাস আৰু ইয়াৰ ভণ্ডামি সমূহ সঠিক ৰূপত চিত্ৰায়ন কৰা এখন মাৰাঠী কথাছবি হ'ল দেউল 2011 চনৰ শ্ৰেষ্ঠ কথাছবিৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা এখন প্ৰশংসনীয় কথাছবি। সমাজত চলি থকা অন্ধবিশ্বাস আৰু ধৰ্মীয় ভণ্ডামিবোৰক চেলুলয়ডত প্ৰাণ দিয়াত পৰিচালক উমেশ বিনায়ক কুলকাৰ্নী য়ে নিশ্চিতভাৱে সফলতা লাভ কৰিলে। ৰাষ্ট্ৰীয় বঁটাৰ তিনিটা শিতানত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা দেউল কথাছবিখনে মাৰাঠী চিনেমা জগতখনলৈ আনি দিছে ৰাষ্ট্ৰীয় খ্যাতি। উল্লেখযোগ্য যে শ্ৰেষ্ঠা কথাছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা দেউল হৈছে তৃতীয়খন মাৰাঠী ভাষাৰ কথাছবি ইয়াৰ আগতে 1953 চনতে প্ৰথমবাৰৰ বাবে শ্যামচি আই আৰু 2003 চনত শ্বাসকথাছবি দুখনে শ্ৰেষ্ঠ কথাছবিৰ ৰাষ্ট্ৰীয় বঁটা আজুৰি আনিছিল।
কথাছবিখনৰ এটা দৃশ্যত দিলীপ প্ৰভলংকাৰ আৰু নানা পাটেকাৰ

এতিয়া আহো কথাছবিখনৰ বিভিন্ন দিশবোৰলৈ পোনপ্ৰথমেই উল্লেখ কৰিবলগীয়া দিশটোৱেই হল চিনেমাটোগ্ৰাফী। মহাৰাষ্ট্ৰৰ গ্ৰাম্য জীৱন তথা প্ৰকৃতিৰ মোহনীয় দিশটো সুচতুৰভাৱে তুলি ধৰিছে সুধাকৰ ৰেড্ডী য়ক্কান্তিৰ কেমেৰাই ইয়াৰ পাছতে বিভিন্ন চৰিত্ৰসমূহৰ শক্তিশালী অভিনয় আৰু সংলাপ কথাছবি খনৰ মুল সম্পদ। কেশ্যাৰ চৰিত্ৰত অভিনয় কৰা শিল্পী গিৰীশ কুলকাৰ্নীৰ অভিনয়ে কথাছবিখনক প্ৰানৱন্ত কৰি তুলিছে। 2011 চনৰ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা গিৰীশ কুলকাৰ্নীয়ে কিয় লাভ কৰিলে কথাছবিখন চালেই গম পোৱা যায়। ভাউ গালাণ্ডেৰ চৰিত্ৰত অভিনয় কৰা নানা পাটেকাৰৰ অভিনয় দক্ষতা পুনৰ দোহৰাৰ নিশ্চয় প্ৰয়োজন নাই। মাৰাঠী কথাছবিৰ এক সুপৰিচিত নাম তথা মঞ্চ অভিনেতা দিলীপ প্ৰভালংকাৰৰ অভিনয় প্ৰশংসনীয়। ভাউৰ পত্নীৰ চৰিত্ৰত সোণালী কুলকাৰ্ণী খাপ খাই পৰিছে। অন্যান্য মাৰাঠী অভিনেতা অভিনেত্ৰী সকলেও প্ৰাণ ঢালি অভিনয় কৰিছে। মংগেশ ঢাকাৰেৰ সংগীত কথাছবি খনৰ বিষয়বস্তুৰ লগত খাপ খাই পৰিছে। উল্লেখযোগ্য যে এই কথাছবিখনৰ জৰিয়তেই পোনপ্ৰথমবাৰৰ বাবে মাৰাঠী কথাছবি জগতত ভুমুকি মাৰিলে নাচিৰুদ্দিন শ্বাহে, অতিথি শিল্পী হিচাপে।

পুনেৰ এফটিআইৰ প্ৰাক্তন ছাত্ৰ উমেশ বিনায়ক কুলকাৰ্ণীৰ এই প্ৰচেষ্টা যথেষ্ট শলাগিবলগীয়া। কথাছবিৰ বিষয়বস্তু মাৰাঠী হলেও ই যে সমগ্ৰ ভাৰতবৰ্ষৰে এক সামাজিক প্ৰতিচ্ছবি, কথাছবি খন চালেই অনুভৱ হয়।