Saturday, February 11, 2012

হৰিশ্চন্দ্ৰৰ ফেক্টৰী


     কেতিয়াবা কামৰ পৰা আজৰি হৈ চিনেমা এখন চাবলৈ খুউব মন যায়। ভাল লগা একেখন চিনেমাকে বাৰে বাৰে চাই থকাটো মোৰ এক পুৰণি অভ্যাস। সেই অভ্যাসৰ ফলশ্ৰুতিতে কিছুদিন পূৰ্বে পুনৰ চালো চিনেমাখন, মাৰাঠী কথাছবি হৰিশ্চন্দ্ৰাচী ফেক্টৰী।
     মাৰাঠী কথাছবিসমূহৰ নিজৰ এক স্বকীয়তা আছে। যদিও বলিউডী হিন্দী কথাছবি সমূহৰ সমান্তৰালকৈয়ে মাৰাঠী কথাছবি সমূহ নিৰ্মাণ হৈ থাকে তথাপিও মাৰাঠী কথাছবি সমূহেও নিজা এক পৰিচয় বজাই ৰাখিবলৈ চেষ্টা কৰে। শক্তিশালী বিষয়বস্তু, উন্নত মানদণ্ডৰ কাহিনী অভিনয়, কাৰিকৰী কৌশল, সংগীত আদিয়ে কথাছবি এখনক দিয়ে এক অনন্য মাত্ৰা।
     ২০০৯ চনত ইউটিভি মোচন পিকচাৰ্চৰ বেনাৰত নিৰ্মিত হৰিশ্চন্দ্ৰাচী ফেক্টৰী নামৰ কথাছবি খনৰ পটভূমিটোও হৈছে চকুত লগা। ১৯১৩ চনত ভাৰতীয় কথাছবিৰ জনক দাদা চাহেব ফাল্কেই নিৰ্মাণ কৰিছিল ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ ৰজা হৰিশ্চন্দ্ৰ, আৰু এই কথাছবি খন নিৰ্মাণৰ আঁৰৰ কাহিনীটোৱেই হৈছে কথাছবি খনৰ মূল বিষয়বস্তু। কিন্তু এনে এক গহীন বিষয়বস্তু হাস্যৰসৰ মাজেৰে পৰিচালক পৰেশ মুকাশিয়ে চেলুলয়ডত দেখুওৱাটোহে কথাছবি খনৰ মূল চমত্কাৰী দিশ। চলচ্চিত্ৰ নিৰ্মানৰ দুৰ্বাৰ হাবিয়াস থকা দাদা চাহেব ফাল্কেয়ে কিদৰে কষ্ট আৰু ত্যাগৰ মাজেৰে ইংলণ্ডলৈ গৈ চলচ্চিত্ৰ নিৰ্মানৰ কাম কাজ শিকি আহি পৰিয়ালৰ সদস্য তথা শুভাকাংক্ষী সকলৰ সহযোগত ৰজা হৰিশ্চন্দ্ৰ কথাছবি খন নিৰ্মাণ কৰিছিল সেয়া পৰিচালকে সুন্দৰ ৰূপত কথাছবি খনত ফুটাই তুলিছে। কথাছবিখনত আছে প্ৰচুৰ হাস্যৰসৰ উপাদান। মূল চৰিত্ৰত অভিনয় কৰা অভিনেতা নন্দু মাধৱে যেন দাদা চাহেব ফাল্কেক  জীৱন্ত ৰূপত ফুটাই তুলিছে। ছবিখন চাই থাকিলে এনে লাগে যেন দ্ৰুতগতিত আৰম্ভ হৈ শেষ হৈ গল। লেহেমীয়া, আমনিদায়ক দৃশ্যাংশৰ অভাৱে কথাছবি খন কৰি তুলিছে উপভোগ্য। বহুতো সন্মানেৰে বিভূষিত এই কথাছবি খন ২০০৯ চনত ভাৰতৰ তৰফৰ পৰা অস্কাৰ বঁটাৰ মনোনয়নলৈ নিৰ্বাচিত কৰা হৈছিল। আঞ্চলিক ভাষাৰ কথাছবি প্ৰেমী দৰ্শকৰ বাবে এই কথাছবিখন এখন উপভোগ্য ছবি।