Friday, January 27, 2012

ভাৰতৰত্ন আৰু ভূপেন দা


বঁটা অথবা সন্মানেৰে কাকো জুখিব নোৱাৰি মানুহে নিজৰ কামৰ মাজেৰে নিজৰ প্ৰকৃত পৰিচয় ডাঙি ধৰে অথবা মৃত্যুৰ পাছতো সেই কামেৰেই নিজৰ কীৰ্তি বজাই ৰাখিব পাৰে। প্ৰসংগটো হল ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়া নিদিয়াটো। ভূপেন দাক ভাৰতৰত্নৰে বিভূষিত কৰাৰ দাবী নতুন নহয়, কিন্তু তেখেতৰ মৃত্যুৰ পাছত যেন এই দাবী তুংগত উঠিল অসমৰ সংবাদ মাধ্যম, ইন্টাৰনেট আদি যেন এই দাবীয়ে বুৰাই পেলালে অৱশেষত ভাৰত চৰকাৰে অলপতে কৰা ঘোষণা মতে ভূপেন দাক মৰণোত্তৰ ভাৱে দিয়া হল দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ। পুনৰ বিতৰ্ক আৰম্ভ হ, ভাৰতৰত্ন নিদি পদ্মবিভূষণ দিয়াৰ বাবে।

কিন্তু কথা হল আমি বাৰে বাৰে চৰকাৰৰ ওচৰত ভাৰতৰত্ন খুজি থকাৰ যুক্তি কি? সন্মান খুজি লোৱা বস্তু নহয়, নিজে নিজে অহা বস্তু ভূপেন দা অসমীয়া জাতিৰ এক পৰিচয়। ভূপেন দাৰ কাৰণে ভিক্ষা কৰা মানে অসমীয়া জাতিৰ কাৰণে ভিক্ষা কৰা আমাৰ অসমীয়া সকলৰ স্বাভিমান বোলা বস্তুটো কিয় নোহোৱা হৈ গৈছে? মোগলে যুদ্ধত হৰুৱাব নোৱাৰা এটা জাতিয়ে আজি সন্মান এটা পাবলৈ অনুৰোধ, দাবী আদিৰে কাগজে পত্ৰই, সংবাদ মাধ্যম, ৰাজপথত চিঞৰি ফুৰিছে। ভূপেন দাই জানো সন্মান পাবলৈ গোটই জীৱনজুৰি গীত গালে? তেখেতে যিবোৰ ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল সেইবোৰ আহিছিল স্বত:স্ফুৰ্তভাৱে।

এতিয়া আহো ভাৰতৰত্ন নামৰ বঁটাটোৰ প্ৰসংগলৈ। ভাৰতৰত্নৰ নামত ৰাজনীতিৰ অন্ত নাই। আমি যদি ভাৰতৰত্ন পোৱা ব্যক্তিসকলৰ তালিকাখনলৈ লক্ষ্য কৰো, তেন্তে দেখিম ৰাজনীতিবিদৰ দপদপনি। ভাৰতবৰ্ষৰ বহু যোগ্য ব্যক্তিয়ে এতিয়াও ভাৰতৰত্ন বঁটাৰ পৰা বঞ্চিত হৈ আছে। তাৰ সলনি লবীকেন্দ্ৰিক কিছুমান কাৰ্য্যপন্থাই ভাৰতৰত্নৰ গৰিমাকে ভেঙুচালি কৰিছে। শাসনত থকা চৰকাৰৰ নিজৰ পচন্দমতে আৰু সুবিধামতে ভাৰতৰত্ন প্ৰদান কৰাটো এক পুৰণি প্ৰথা মৌলানা আব্দুল কালাম আজাদে প্ৰতিবাদ নকৰা হলে বোধহয় সেই তেতিয়াই সমিতিৰ সদস্য সকলেও নিজৰ মাজতে ভাৰতৰত্ন ভগাই ললেহেঁতেন


সেইবাবে অসমৰ জনগনে ভূপেন দালৈ ভাৰতৰত্ন আগবঢ়োৱাৰ দাবী তোলাৰ কোনো প্ৰয়োজন নাই এই দাবীৰে ভূপেন দাক অপমান কৰা নহয়নে? কাৰণ আমি ইমান দিনে কিবা এটা বস্তু দাবী কৰি থাকিলে তাৰ সলনি যদি বেলেগ এটা বস্তু লাভ কৰো তেন্তে তাতকৈ চূড়ান্ত অপমানজনক কথা কি হব পাৰে? ভূপেন দাক লৈ এয়া কেতিয়াও সহ্য নহয়। ৰাইজ, ভাৰতৰত্নৰ দাবী অনুৰোধ পৰিহাৰ কৰক। ভূপেন দালৈ ভাৰতৰত্নৰ দাবীৰে নহয় ভূপেনদাৰ গানৰে আমি দিল্লীৰ মচনদ কঁপাব লাগিব যেতিয়া দিল্লীৰ চকু মেল খাব আৰু নিজে যেতিয়া অনুভৱ কৰিব পাৰিব ভূপেন দাৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি, তেতিয়া সন্মান আহিব নিজে নিজে,তাৰ বাবে দাবী অনুৰোধ কৰি থকাৰ প্ৰয়োজন নাই। মহত্মা গান্ধীয়েও ভাৰতৰত্ন পোৱা নাছিল, যুক্তি আছিল গান্ধী হল জাতিৰ পিতা সেইবাবে তেখেত এই সন্মানৰ উৰ্ধত আমিও কিয় বুকু ফুলাই কব নোৱাৰো যে ভূপেন হাজৰিকাও অসমীয়া জাতিৰ পিতা, ভূপেন দাও ভাৰতৰত্নতকৈ উৰ্ধত?