Sunday, May 13, 2012

ধৰ্ম, অন্ধবিশ্বাস আৰু 'দেউল'


ধৰ্ম আৰু অন্ধবিশ্বাস, এই দুয়োটাই অতীজৰে পৰাই ভাৰতবৰ্ষৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যাপকভাৱে বিস্তাৰিত হৈ আছে। গ্ৰাম্য অথবা নিৰক্ষৰ লোককে ধৰি শিক্ষিত সমাজ খনেও ধৰ্ম আৰু অন্ধবিশ্বাসৰ প্ৰৱণতাৰ পৰা মুক্ত হব পৰা নাই। ধৰ্মই জন্ম দিয়ে অন্ধবিশ্বাসৰ আৰু অন্ধবিশ্বাসৰ মাত্ৰা যেতিয়া বাঢ়ি যায় তেতিয়াই সমাজ ব্যৱস্থাত দেখা দিয়ে ব্যাপক বিসংগতি সমাজৰ এচামৰ কাৰণে সেই অন্ধবিশ্বাস হৈ পৰে ধন ঘটাৰ এক উত্তম আহিলা আৰু আন এচামৰ বাবে হৈ পৰে ৰাজনৈতিক প্ৰভুত্ব খটোৱাৰ এক অন্যতম উপায় ধৰ্ম আৰু অন্ধবিশ্বাসক হাথিয়াৰ হিচাবে লৈ সমাজ ব্যৱস্থাৰ ব্যাপক স্খলন ঘটোৱা বহুতো ঘটনা ভাৰতীয় সমাজত ঘটিয়েই আছে।এখন ঠাইত যেতিয়া ব্যৱসায় বাণিজ্য আদি বাঢ়ে তেতিয়া সি নি:সন্দেহে ই ঠাইখনৰ উন্নয়নত অৰিহণা যোগায়। কিন্তু ধৰ্ম আৰু অন্ধবিশ্বাসক মুলধন হিচাবে লৈ কোনো এখন ঠাইৰ আৰ্থিক প্ৰগতি ঘটাটো কিমান দূৰ যুক্তিসংগত, ত ধাৰ্মিক কাম কাজতকৈ বাঢ়ি যায় আৰ্থিক লালসা?  

মহাৰাষ্ট্ৰত অৱস্থিত এখন সৰু গাওঁ মাংৰুল শুকান শিলাময় সেইখন গাঁৱৰে এজন যুৱক কেশ্যাই এদিন ঘৰৰ গৰুটো বিচাৰিবলৈ গৈ গছ এজোপাৰ তলতে জিৰণি লওঁ বুলি বাগৰ এটা মাৰিলে। চিলমিল টোপনিতে হঠাতে কেশ্যাই দেখিবলৈ পালে ভগৱান দত্তাত্ৰেয়ক সাৰ পাই উঠি শিহৰিত হৈ উঠিল কেশ্যা। কথাটো গাঁৱৰ ৰাইজক জনাবলৈ উদগ্ৰীৱ হৈ পৰিল কেশ্যা। আৰু ইকান সিকানকৈ কথাটো ৰাষ্ট্ৰ হৈ পৰিল গোটেই গাওঁখনতে। কিছুদিনৰ ভিতৰতে খলকনি লাগিল গাওঁখনত। সংবাদ মাধ্যম, ৰাজনীতিবিদ, দূৰ দুৰনিৰ পৰা অহা দৰ্শনাৰ্থীৰে ভৰি পৰিল সেই গছজোপাৰ চাৰিওদিশ। সামাজিক উন্নয়নৰ সপক্ষে থকা গাঁৱৰে ৰাজনৈতিক নেতা ভাউয়ে প্ৰথমতে এনেধৰণৰ কাম কাজৰ বিৰোধিতা কৰিছিল যদিও ৰাজনৈতিক হেঁচাৰ পৰিপ্ৰেক্ষিটত পাছলৈ মন্দিৰ নিৰ্মান বিষয়টো সমৰ্থন কৰিবলৈ বাধ্য হৈ পৰিল। গাঁৱৰ আন এগৰাকী শ্ৰদ্ধাশীল ব্যক্তি আন্নায়েও ইয়াৰ বিৰোধিতা কৰি সামাজিক বিভিন্ন উন্নয়নৰ সপক্ষে মাত মাতিছিল। কিন্তু ধাৰ্মিক বিষয়বস্তুৱে যেতিয়া এবাৰ মুৰ ডাঙি উঠে তেতিয়া ইয়াক বাধা দিয়াৰ উপাই নোহোৱা হৈ যায় কেইদিনমানৰ ভিতৰতে থিয় হৈ গল এক মন্দিৰ। বাণিজ্যৰ প্ৰাণকেন্দ্ৰস্বৰূপ হৈ পৰিল মাংৰুল। গাঁৱৰে কেইজনমান যুৱকে নিজৰ ব্যৱসায়ৰ মূল উত্স হিচাবে বাচি ললে মন্দিৰটোক। শেষলৈ ধাৰ্মিক বিষয়বস্তুক প্ৰাধান্য নিদি মন্দিৰটো হৈ পৰে গাঁৱৰ বিভিন্নজনৰ বাবে ধন ঘটাৰ এক উত্তম আহিলা। প্ৰায় সকলো লোক ধনী হল। কিন্তু একে থাকিল কেশ্যাযাৰ সপোনে স্থাপন কৰিছিল মন্দিৰটো! আৰু শেষত এদিন কেশ্যাই ললে ইয়াৰ প্ৰতিশোধ।

এনেদৰেই সমাজৰ বিভিন্ন স্তৰত ঘটি থকা ধাৰ্মিক অন্ধবিশ্বাস আৰু ইয়াৰ ভণ্ডামি সমূহ সঠিক ৰূপত চিত্ৰায়ন কৰা এখন মাৰাঠী কথাছবি হ'ল দেউল 2011 চনৰ শ্ৰেষ্ঠ কথাছবিৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা এখন প্ৰশংসনীয় কথাছবি। সমাজত চলি থকা অন্ধবিশ্বাস আৰু ধৰ্মীয় ভণ্ডামিবোৰক চেলুলয়ডত প্ৰাণ দিয়াত পৰিচালক উমেশ বিনায়ক কুলকাৰ্নী য়ে নিশ্চিতভাৱে সফলতা লাভ কৰিলে। ৰাষ্ট্ৰীয় বঁটাৰ তিনিটা শিতানত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা দেউল কথাছবিখনে মাৰাঠী চিনেমা জগতখনলৈ আনি দিছে ৰাষ্ট্ৰীয় খ্যাতি। উল্লেখযোগ্য যে শ্ৰেষ্ঠা কথাছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা দেউল হৈছে তৃতীয়খন মাৰাঠী ভাষাৰ কথাছবি ইয়াৰ আগতে 1953 চনতে প্ৰথমবাৰৰ বাবে শ্যামচি আই আৰু 2003 চনত শ্বাসকথাছবি দুখনে শ্ৰেষ্ঠ কথাছবিৰ ৰাষ্ট্ৰীয় বঁটা আজুৰি আনিছিল।
কথাছবিখনৰ এটা দৃশ্যত দিলীপ প্ৰভলংকাৰ আৰু নানা পাটেকাৰ

এতিয়া আহো কথাছবিখনৰ বিভিন্ন দিশবোৰলৈ পোনপ্ৰথমেই উল্লেখ কৰিবলগীয়া দিশটোৱেই হল চিনেমাটোগ্ৰাফী। মহাৰাষ্ট্ৰৰ গ্ৰাম্য জীৱন তথা প্ৰকৃতিৰ মোহনীয় দিশটো সুচতুৰভাৱে তুলি ধৰিছে সুধাকৰ ৰেড্ডী য়ক্কান্তিৰ কেমেৰাই ইয়াৰ পাছতে বিভিন্ন চৰিত্ৰসমূহৰ শক্তিশালী অভিনয় আৰু সংলাপ কথাছবি খনৰ মুল সম্পদ। কেশ্যাৰ চৰিত্ৰত অভিনয় কৰা শিল্পী গিৰীশ কুলকাৰ্নীৰ অভিনয়ে কথাছবিখনক প্ৰানৱন্ত কৰি তুলিছে। 2011 চনৰ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা গিৰীশ কুলকাৰ্নীয়ে কিয় লাভ কৰিলে কথাছবিখন চালেই গম পোৱা যায়। ভাউ গালাণ্ডেৰ চৰিত্ৰত অভিনয় কৰা নানা পাটেকাৰৰ অভিনয় দক্ষতা পুনৰ দোহৰাৰ নিশ্চয় প্ৰয়োজন নাই। মাৰাঠী কথাছবিৰ এক সুপৰিচিত নাম তথা মঞ্চ অভিনেতা দিলীপ প্ৰভালংকাৰৰ অভিনয় প্ৰশংসনীয়। ভাউৰ পত্নীৰ চৰিত্ৰত সোণালী কুলকাৰ্ণী খাপ খাই পৰিছে। অন্যান্য মাৰাঠী অভিনেতা অভিনেত্ৰী সকলেও প্ৰাণ ঢালি অভিনয় কৰিছে। মংগেশ ঢাকাৰেৰ সংগীত কথাছবি খনৰ বিষয়বস্তুৰ লগত খাপ খাই পৰিছে। উল্লেখযোগ্য যে এই কথাছবিখনৰ জৰিয়তেই পোনপ্ৰথমবাৰৰ বাবে মাৰাঠী কথাছবি জগতত ভুমুকি মাৰিলে নাচিৰুদ্দিন শ্বাহে, অতিথি শিল্পী হিচাপে।

পুনেৰ এফটিআইৰ প্ৰাক্তন ছাত্ৰ উমেশ বিনায়ক কুলকাৰ্ণীৰ এই প্ৰচেষ্টা যথেষ্ট শলাগিবলগীয়া। কথাছবিৰ বিষয়বস্তু মাৰাঠী হলেও ই যে সমগ্ৰ ভাৰতবৰ্ষৰে এক সামাজিক প্ৰতিচ্ছবি, কথাছবি খন চালেই অনুভৱ হয়।

No comments: