Tuesday, October 9, 2012

অসমীয়া কথাছবিৰ বৰ্তমানৰ ৰূপৰেখা


অলপ উভতি চাওঁ:
 
এশ বছৰ সম্পূৰ্ণ কৰিলে ভাৰতীয় কথাছবিয়ে। বলিউডৰ হিন্দী কথাছবি উদ্যোগটোৰ লগতে সমসাময়িকভাবে ঠন ধৰি উঠিছিল বিভিন্ন আঞ্চলিক ভাষাৰ কথাছবি উদ্যোগসমূহো। তামিল, বাংলা, মালায়ালম আদি ভাষাৰ কথাছবিসমূহ লাহে লাহে বিকশিত হৈছিল বিশ-ত্ৰিশ দশকতে।
অইন আঞ্চলিক ভাষা সমূহৰ লগতে অসমীয়া কথাছবিও কিন্তু সেই সময়তে সমানেই উদ্ভাষিত হৈ উঠিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনতে জয়মতী কথাছবি নিৰ্মাণ কৰি অসমীয়া কলা সংস্কৃতি জগতত এক নতুন যুগৰ সূচনা কৰিছিল। জয়মতী কথাছবি খন বাণিজ্যিক ভাবে অসফল হৈছিল, কিন্তু জয়মতীয়ে যিদৰে অসমীয়া কথাছবি জগতখনৰ বাবে এক বাট মুকলি কৰি দিছিল সেয়া আছিল লক্ষণীয়।
তাৰ পাছতে আৰম্ভ হৈছিল অসমীয়া কথাছবি জগতখনৰ জয়যাত্ৰা। অসমীয়া কলা সংস্কৃতি জগতৰ স্বনামধন্য ব্যক্তি সকলে নিজৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰি গৈছিল এখনৰ পাছত আনখন ছবি ইয়াৰে কিছুমানে লাভ কৰিছিল দৰ্শকৰ সমাদৰ, আনহাতে কিছুমান কথাছবি দৰ্শকে প্ৰত্যাখান কৰিছিল। সেই সময়ৰ কথাছবি সমূহৰ কাহিনী আছিল শক্তিশালী কিয়নো বেছিভাগ কথাছবিয়েই নিৰ্মাণ হৈছিল জনপ্ৰিয় গল্প, নাটক আদিৰ আধাৰত, কিন্তু কাৰিকৰী দিশত অলপ পিছপৰি আছিল। সেইসময়ত কাৰিকৰী জ্ঞান থকা লোক আৰু বিভিন্ন সীমিত সা-সুবিধাই সেই সময়ৰ পৰিচালক প্ৰযোজক সকলক যথেষ্ট আহুকালত পেলাইছিল। সেইখিনি সীমিত সুবিধাৰেই যে কথাছবি নিৰ্মানৰ কামত হাত দিয়া হৈছিল সেয়াই আছিল এক গৌৰৱৰ বিষয়।
সময় সলনি হৈ আহিল। লাহে লাহে কথাছবিত উন্নত কাৰিকৰী দিশবোৰৰ সংযোজন হবলৈ ধৰিলে। কলা বগাৰ বিপৰীতে পৰ্দাত ৰঙৰ সমাহাৰ ঘটিল, উন্নত মানৰ কেমেৰাৰ প্ৰয়োগ ঘটিবলৈ ধৰিলে, সংগীত, অভিনয় আদিতো আহি পৰিল বিভিন্ন উপাদান। কিন্তু সময় সলনিৰ লগে লগে অসমীয়া কথাছবিৰ মানদণ্ড উৰ্ধগামী হলনে?
১৯৯০ চনৰ পৰা ২০০০ চন মানলৈ সময়খিনি আছিল অসমীয়া কথাছবিৰ বাবে এক মৌন অধ্যায়। মাথোঁ কেইখনমান কথাছবিয়েই যি মুক্তি পাইছিল,ত ভালে সংখ্যক কথাছবি আছিল নিম্ন মানদণ্ডৰ। ১১৯৮ চনত মুক্তিপ্ৰাপ্ত যৌৱনে আমনি কৰে কথাছবি খনে যেন অসমীয়া কথাছবি জগতত এক নতুন ধুমুহা আনে। খুউব এটা উন্নত মানদণ্ডৰ কথাছবি নহলেও জনপ্ৰিয়তাৰ ঢৌত ই উটি গল। ই আছিল এক শুভ লক্ষণ! কাৰণ ইয়াৰ পাছতে অসমত যি হাৰত কথাছবি নিৰ্মাণৰ ঢৌ উঠে সি আছিল লক্ষণীয়। ২০০০ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱাৰ বাণিজ্যিক কথাছবি হিয়া দিয়া নিয়া য়ে অসমৰ সৰ্বকালৰ এখন শ্ৰেষ্ঠ বাণিজ্যিক কথাছবি হিচাবে পৰিচিত হৈ পৰে। হিয়া দিয়া নিয়া কথাছবি খন আছিল বাণিজ্যিক দৃষ্টিভংগীৰে মুনিন বৰুৱাৰ এক অভিনৱ সৃষ্টি। বাণিজ্যিক কথাছবিৰ প্ৰায়বোৰ উপাদানেই আছিল কথাছবিখনত, যাৰ ফলত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছিল। অসমীয়া চিনেমা বুলিলে নাক কোঁচোৱা এচাম নৱপ্ৰজন্মৰ লোকেও ঢাপলি মেলিছিল কথাছবিখন চাবলৈ। তাৰ পাছতে মুনিন বৰুৱাৰ কথাছবি মানেই যেন জনপ্ৰিয়তাৰ অন্য এক নাম হৈ পৰে। হিয়া দিয়া নিয়াৰ পাছত কেইবাখনো বাণিজ্যিক কথাছবি দৰ্শকক উপহাৰ দি মুনিন বৰুৱা যেন হঠাতে নোহোৱা হৈ পৰিল। তাৰ পাছতে পুনৰ ছন্দপতন ঘটিল অসমীয়া কথাছবি উদ্যোগৰ। কেইবছৰমানৰ বিৰতিৰ পাছত কথাছবিৰ আকাশত মুনিন বৰুৱাৰ ৰামধেনু ওলাল, কিন্তু হিয়া দিয়া নিয়াৰ দৰে এক নতুন বিপ্লৱৰ সৃষ্টি কৰিব নোৱাৰিলে। 

বৰ্তমানৰ পৰিস্থিতি:
বৰ্তমানৰ কথাছবি জগতখনলৈ যদি ভূমুকি মাৰো তেন্তে দেখা পাম এক বৃহৎ শূণ্যতা। কথাছবিৰ অ আ ক খ নজনা এচামে যেতিয়া কথাছবি নিৰ্মানত হাত দিয়ে ফলাফল হয়তো শূণ্যই আশা কৰিব পাৰি। উদাহৰনস্বৰূপে, এঘাৰ বছৰৰ গৱেষণা কৰি চূড়ান্ত বিফল কথাছবি উপহাৰ দিয়া পৰিচালক হয়তো অসম মুলুকতহে ওলাব। যোৱা দুবছৰমানত মুক্তি পোৱা কথাছবি কেইখনলৈ আমি যদি মন কৰো তেন্তে অসমীয়া কথাছবিয়ে যে ৭৭ বছৰ অতিক্ৰম কৰিলে সেয়া বোধহয় নিজৰে বিশ্বাস নহব। কাহিনীৰেই সমালোচনা কৰিম নে অভিনয়ৰেই সমালোচনা কৰিম? এইখনেই আছিল এটা সময়ত অসমীয়া কথাছবি জগত,ত প্ৰতিবছৰে উন্নত মানদণ্ডৰ কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল, এইখনেই আছিল অসমীয়া কথাছবি জগত যত এটা সময়ত অভিনয়, কণ্ঠশিল্পী, চিত্ৰগ্ৰহণকাৰী আদি বিভিন্ন শাখাত দেশৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।
বৰ্তমানৰ পৰিচালক প্ৰযোজক সকলে কেনেধৰণৰ কথা সমূহ বিবেচনা কৰি কথাছবি এখন নিৰ্মাণ কৰে সেয়া হয়তো এক সাঁথৰ। কথাছবি আৰম্ভ কৰাৰ আগতে এওঁলোকে চিত্ৰনাট্যখনকে নিজেই এবাৰ পঢ়ি চাইনে বাৰু? সম্পূৰ্ণ হোৱাৰ পাছত মুক্তি দিয়াৰ আগতে নিজেই এবাৰ ভাল হৈছেনে নাই চাই লয়নে বাৰু? নে কেৱল মাত্ৰ কাগজে পত্ৰই হূলস্থুল এটা কৰি দৰ্শকৰ জেপৰ পৰা পইচাকেইটা সৰকোৱাৰ কথাকে ভাবি থাকে? এবাৰ হলেওঁ তেওঁলোকে বিভিন্ন ভাৰতীয় ভাষাৰ কথাছবি সমূহৰ বৰ্তমানৰ ৰূপৰেখা অধ্যয়ন কৰেনে? বাকীবোৰ কথাছবি কিমানদূৰ আগবাঢ়ি গল সেয়া হিচাব ৰাখেনে? বৰ্তমান অসমীয়া কথাছবিৰ প্ৰশংসনীয় দুটা মাথোঁ বিভাগ হল সংগীত আৰু কিছুক্ষেত্ৰত চিনেমাটোগ্ৰাফী। কিন্তু কাহিনী, চিত্ৰনাট্য, অভিনয়, পৰিচালনা আদি তথৈবচ। অসমীয়া দৰ্শকে অসমীয়া কথাছবি নাচায়’, সীমিত বাজেটেৰে ইয়াতকৈ আৰু কি বনাব পাৰি বুলি প্ৰযোজক পৰিচালকে হায়ৈ বিয়ৈ লগাই থকাৰ দিন নাই আৰু এতিয়া। ভাল কথাছবি বনালে দৰ্শক নিশ্চয় আহিব চাবলৈ। এজন দৰ্শকে অইন দহজন দৰ্শকক চিনেমাখন ভাল হৈছে বুলি যদি জনায় তেন্তে বাকী দহজন দৰ্শক নিশ্চয় আগ্ৰহী হব কথাছবি খন চাবলৈ। তেনেকৈয়ে জনপ্ৰিয়তাৰ ৰেখাডালো দীঘল হৈ গৈ থাকে।  
কিন্তু আমি কেৱল অসমীয়া কথাছবি বেয়া বুলিয়েই গালি শপনি পাৰি থাকিমনে? সমাধানৰ সূত্ৰও হয়তো একে সময়তে প্ৰয়োজন। তলত কেইটামান মুকলি পৰামৰ্শ আগবঢ়ালো পৰিচালক প্ৰযোজকসকললৈ বুলি:
#পোনপ্ৰথমেই পৰিচালক প্ৰযোজক সকলক নিজৰ ঘৰত যদি কেৱল সংযোগ আছে তেন্তে কেইটামান বিদেশী কথাছবিৰ চেনেলত দিয়া চিনেমা সমূহ অলপ খুঁটি নাটি মাৰি চাবলৈ অনুৰোধ জনালো। আৰু যদি তেনে চেনেল নাই (নাই যেনেই ধাৰণা হয়!) তেন্তে তেনেধৰণৰ দুটামান চেনেল সংযোগ কৰি ললে ভাল হয়।
#পাৰিলে বৰ্তমানৰ পৰিচালক/প্ৰযোজক সকলে How to Direct/Produce A Feature Film জাতীয় কোৰ্চ দুটামান কৰি লওঁক, চিনেমা এখন বনোৱাৰ আগতে যদিও অসমৰ বহু স্বনামধন্য পৰিচালক প্ৰযোজকে কোনো পাঠ্যক্ৰম অবিবহনেই নিৰ্মান কৰিছিল বহুতো উন্নত কথাছবি।
#আধুনিকতাৰ প্ৰয়োজন, কিন্তু আধুনিকতাৰ নামত বাৰেভচহু কিছুমান বস্তু উপস্থাপনৰ পৰা বিৰত থাকক।
#দৰ্শকৰ মনোভাৱ অধ্যয়ন কৰি লওঁক ভালকৈ। বৰ্তমান যুগত কেনেধৰনৰ কথাছবিৰ প্ৰতি দৰ্শক আকৰ্ষিত হয় অনুধাৱন কৰিবলৈ শিকক।
#কাহিনী নিৰ্বাচন সঠিক কৰক। অসমীয়া সাহিত্যত জনপ্ৰিয় গল্প উপন্যাসৰ অভাৱ নেকি, কথাছবি নিৰ্মানৰ বাবে? তেনে কাহিনীৰ আধাৰত কথাছবি নিৰ্মান নকৰি নিজৰ অদ্ভুত কিবাকিবি কাহিনীৰে নিৰ্মাতাসমূহে কথাছবি নিৰ্মান কৰি অসমীয়া কথাছবিৰ নাকটো কাটে কেলৈ?
#’সীমিত বাজেট’, এই বাহানাটো প্ৰযোজক সকলে ত্যাগ কৰক। দহ বাৰ লাখ টকাত কিদৰে কথাছবি নিৰ্মান কৰিব পাৰি চুবুৰীয়া মিজোৰামৰ পৰা শিকক। ৬০-৭০ লাখ টকা তেতিয়া পানীত নেপেলালেও হব।
#আজিলৈকে কিবা এটা ভাল ট্ৰেইলাৰ নিৰ্মান হৈছেনে অসমীয়া কথাছবিৰ? এটা ট্ৰেইলাৰেও হয়তো কথাছবি খন কেনে হব পাৰে তাৰ আগজাননী দিব পাৰে। কিন্তু দুখৰ কথা আজিলৈকে ট্ৰেইলাৰত ব্যৱহাৰ কৰিবলগীয়া আখৰৰ ডিজাইন কেইটাকে নিৰ্বাচন কৰিব নোৱাৰিলে ট্ৰেইলাৰ বনোৱা সকলে। কথাছবিৰ ট্ৰেইলাৰ কেনেদৰে বনাব লাগে বাংলা অথবা দাক্ষিণাত্যৰ কথাছবি সমূহৰ পৰা অলপ শিকক। (উল্লেখযোগ্য যে অসমীয়া কথাছবিৰ প্ৰথম ট্ৰেইলাৰ দেখুওৱা হৈছিল ১৯৫৮ চনতে, নিপ বৰুৱাৰ নতুন পৃথিৱী কথাছবি খনৰ যোগে)
#চখত চিনেমা তৈয়াৰ নকৰিব, অথবা টকা পইচা আছে বুলিয়ে কথাছবি নিৰ্মানত হাত নিদিব। অলপ অধ্যয়ন প্ৰয়োজনীয়।
#মনত ৰাখিব ৰাইজে ভিচিডি চাবলৈ কথাছবিগৃহলৈ নাযায়, এখন পূৰ্ণদৈৰ্ঘৰ কথাছবি চাবলৈহে যায়, ৩০ ৰ পৰা ২০০ টকা পৰ্যন্ত খৰছ কৰি।
ওপৰৰ কথাখিনি অনুধাৱন কৰক প্ৰযোজক পৰিচালক সকলে।
৭৭ বছৰীয়া এটা উদ্যোগ এইদৰে জহন্নামে যাবলৈ এৰি দিব নোৱাৰি। মই আশাবাদী। ইতিমধ্যে বহুতো নতুন ধ্যান ধাৰণাৰে পৰিপুষ্ট এচাম নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে নিজকে সাজু কৰি আছে অসমীয়া কথাছবি উদ্যোগটোক জিপাল কৰি তুলিবলৈ। হয়তো অলপ সময় লাগিব, কিন্তু তেতিয়ালৈকে বৰ্তমানৰ প্ৰযোজক পৰিচালক সকলে যেন অসমীয়া কথাছবি উদ্যোগটোক লৈ লৰা ধেমালিখন কৰি নাথাকে। আপোনালোকৰ পৰা আমি হলিউড বলিউডৰ ধাৰাৰ চিনেমা বিচৰা নাই অথবা বাংলা অথবা দাক্ষিণাত্যৰ বৃহৎ বাজেটৰ কথাছবি সমূহৰ দৰে কথাছবি নিৰ্মান কৰিবলৈও কোৱা নাই। সহজ সৰল কথাছবি এখনকে বনাওঁক। দৰ্শকৰ অন্তৰ চুই যাব পৰাকৈ। তাৰ বাবে বহু বেছি টকা পইচা নালাগে। লাগে মাথোঁ কিছু অধ্যয়ন আৰু কিবা এটা নতুন কৰাৰ এক নম্ৰ প্ৰয়াস।

Sunday, August 26, 2012

ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাবে অসমৰ বানপানী


বানপানী, অসমৰ ৰাইজৰ বাবে অভিশপ্ত যেন এক শব্দ। বছৰ বছৰ ধৰি ই যেন অসমৰ ৰাইজৰ বাৰিষা কালৰ এক এৰাব নোৱাৰা সহবাসী। ১৯৫০ চনৰ বৰ ভূঁইকপৰ পাছৰে পৰা অসমৰ বানপানীয়ে প্ৰতি বছৰে যি ৰূদ্ৰমূৰ্তি ধাৰণ কৰি ধন জনৰ ক্ষতি কৰি আহিছে সি হয়তো অৱৰ্ণনীয়।
এইবাৰৰ বানপানীয়ে চৈধ্য বছৰৰ পাছত (১৯৯৮ বৰ্ষৰ পাছত হোৱা প্ৰলয়ংকাৰী) যি ভয়াবহ ৰূপ ধাৰণ কৰি কোটি কোটি টকাৰ ক্ষয় ক্ষতি কৰিলে সি সঁচাকৈয়ে দুৰ্বিসহ। বানপানীৰ কাৰণ আৰু ইয়াৰ সমাধানৰ ওপৰত হয়তো অসমৰ বাতৰি কাকত সমূহত পৃষ্ঠা ভৰি ভৰি ৰচনা প্ৰকাশ পায় কিন্তু আজিলৈকে ইয়াৰ কিবা প্ৰকৃত সমাধান ওলালনে? নিস:ন্দেহে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগক বাধা দিয়াটো এক কঠিন কাম। কিন্তু ইয়াক নিয়ন্ত্ৰন কৰা বোধহয় কোনোপধ্যেই কঠিন কাম নহয় প্ৰতিবছৰে কোটি কোটি টকা বান নিয়ন্ত্ৰনৰ নামত শৰাধ কৰা হয়। কিন্তু ইয়াৰ যে কিবা বাস্তৱ ৰূপত কিবা সমাধানসূত্ৰ ওলাইছে সেয়া জানো আমি অনুভৱ কৰিব পাৰিছো?
অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী নতুন নহয়। বহু দিনৰ পৰাই বিভিন্ন সময়ত এই দাবী ৰাজনৈতিক দল তথা অৰাজনৈতিক সংগঠন সমূহৰ ফালৰ পৰা উঠি আহিছে। কিন্তু এই দাবী বৰ্তমানেও দাবী হৈয়ে আছে। ২০০২ চনত অসম বিধানসভাৰ তৰফৰ পৰা অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰলৈ দাবী পত্ৰ প্ৰেৰণ কৰা হৈছিল। এই দাবীক লৈ ২০০৫ চনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এক ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত হৈছিল। কিন্তু ইয়াৰ কোনো ফলাফল নোলাল। ফলত এই বছৰত পুনৰ অসম বিধানসভাই দ্বিতীয়বাৰৰ বাবে অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ এক সৰ্বদলীয় প্ৰস্তাৱ প্ৰেৰণ কৰে, ফলাফল কি হব সেয়া সময়েহে কব।
অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ইমান হেমাহি কিয়? যি এক প্ৰাকৃতিক দুৰ্যোগে বছৰ বছৰ ধৰি ৰাজ্যখনক জুৰুলা কৰি আহিছে তেনে এক দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰাটোহে আশ্বৰ্যৰ বিষয়। কেৱল মাত্ৰ আশ্বাসতেই সীমাবদ্ধ হৈ থাকে বানক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ আঁচনি। ইয়াতেই উল্লেখনীয় যে ২০০৮ চনত বিহাৰত হোৱা প্ৰলয়ংকাৰী বানক একে বৰ্ষৰে ২৮ আগষ্টত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাবে। আৰু লগে লগে যুদ্ধগতিত চলিছিল উদ্ধাৰ, পুঁজি বিতৰণৰ কাম। নিস:ন্দেহে এই কাৰ্য আছিল আদৰনীয় কিন্তু প্ৰায় প্ৰতি বছৰে কালন্তক ৰূপ ধাৰণ কৰা অসমৰ বানে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় দুৰ্যোগৰ তালিকাত স্থান পোৱাৰ ক্ষেত্ৰত বাধা কিয়? কিছুদিনৰ আগতে প্ৰধানমন্ত্ৰীয়ে অসমৰ আন এক প্ৰাকৃতিক সমস্যা গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ আৱন্তন পুঁজিয়ে সাঙুৰি লোৱাৰ আশ্বাস প্ৰদান কৰিছে। কিন্তু এই আশ্বাস কেতিয়া কাৰ্যকৰী হব সেয়াহে লক্ষনীয় হব। কাৰণ বহু ক্ষেত্ৰতেই এই অসম মূলুকে কেন্দ্ৰীয় চৰকাৰৰ আশ্ৱাস সমূহৰ ওপৰতেই ভৰষা কৰি আহিছে।
এতিয়া হয়তো বানপানীৰ কাৰণ সম্বন্ধে অধ্যয়ন, ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ গতিধাৰৰ অধ্যয়ন, মথাউৰি, মাটিৰ গুনাগুণ আদি বানপানীৰ লগত জড়িত আনুষংগিক বিষয়সমূহৰ নতুনকৈ অধ্যয়নৰ প্ৰয়োজন নাই। কাৰণ আজি বহু বছৰে চৰকাৰী-বেচৰকাৰী সংগঠনৰ উদ্যোগত কোটি কোটি টকা আৰু সময় খৰছ কৰি ইয়াকে অধ্যয়ন কৰি অহা হৈছে। এতিয়া ব্যৱস্থা লোৱাৰ সময়। ৰাষ্ট্ৰীয় দুৰ্যোগ আৱন্তন পুঁজি ৰ অধীনত অসমৰ বান সমস্যাক সাঙুৰি লোৱাৰ সময় সমাগত, যদিও কাহানিবাই ইয়াক সাঙুৰি লোৱাটো প্ৰয়োজন আছিল।
এইখিনিতে মনত এক প্ৰশ্ন উদয় হয়, অসমৰ বানপানী সমস্যাৰ প্ৰকৃত ছবিখন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সঠিক ৰূপত উপস্থাপন হয়নে? অসমৰ ধেমাজি-লক্ষীমপুৰত প্ৰতি বছৰে হৈ থকা ভয়ংকৰ বানপানীৰ প্ৰকৃত ছবিখন দিল্লী তথা দেশৰ অন্যান্য প্ৰান্তত সঁচাকৈয়ে গৈ পাইনে? হয়তো এই বানপানীৰ খবৰ তথা ভয়ংকৰ চিত্ৰখন দেশৰ অন্যান্য প্ৰান্তত উপলব্ধ খুউব কমেই হয়। ইয়াৰ মুলতে হল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহৰ অসমৰ প্ৰতি কৰা অৱহেলা, যি এক বহুচৰ্চিত বিষয়। বৰ্তমানৰ যুগত যিকোনো ধৰণৰ বাতৰি দেশৰ প্ৰান্তে প্ৰান্তে উপলব্ধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহৰ অৱদান নুই কৰিব নোৱাৰি। কিন্তু অসম যেন এই ক্ষেত্ৰত ভালেখিনি উপেক্ষিত। যেতিয়ালৈকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো দুৰ্যোগ বাতৰি সঠিক ভাবে নিৰ্দিষ্ট অৱস্থানৰ পৰা পৰিৱেশন নহয়, তেতিয়ালৈকে ইয়াৰ ভয়াবহতাৰ প্ৰকৃত ছবিখন উপলব্ধি কৰিব পৰা নাযায়। এই কথা অনুভৱ কৰিছিলো বিভিন্ন ৰাষ্ট্ৰীয় চেনেল সমূহত ২০০৮ চনৰ বিহাৰৰ বানপানীৰ বাতৰি পৰিবেশনৰ নীতি দেখি। ইয়াৰ দ্বাৰা এইটো প্ৰকাশ কৰা হোৱা নাই যে সেই ভয়ংকৰ বানপানীৰ বাতৰি তেনেদৰে পৰিবেশন কৰিব নালাগিছিল। কিন্তু এই ক্ষেত্ৰত অসমৰ প্ৰতি যথেষ্ট বৈষম্য হোৱা দেখা যায়।  
ইয়াৰোপৰি বানপানীকে ধৰি অসমৰ সমস্যা সমূহ সমাধান নোহোৱাৰ অন্তৰালৰ অইন এটা কাৰক হল দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ সবল প্ৰতিনিধিৰ অভাৱ। অসমৰ বিভিন্ন জলন্ত সমস্যা সমূহ সঠিক ৰূপত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ সুযোগ্য জনপ্ৰতিনিধি নাই, কেন্দ্ৰীয় চৰকাৰক বিভিন্ন ক্ষেত্ৰত হেঁচা দিব পৰা দল-সংগঠনৰ অভাৱ। সমস্যা সমূহৰ আলোচনা আদি অসমতে সীমাৱদ্ধ কৰি ৰখাতে আমি গুৰুত্ব দিওঁ, কিন্তু সেই সমস্যাটো অসমৰ বাহিৰত এক বহল পৰিসৰত উপস্থাপন কৰাৰ ক্ষেত্ৰত আমি বিফল। বিভিন্ন ৰাজনৈতিক লাভালাভ আদিও বিভিন্ন ক্ষেত্ৰত অন্তৰায়ৰ ৰূপত দেখা দিয়ে। উত্তৰ ভাৰত তথা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰদেশৰ আঞ্চলিক ৰাজনীতিৰ শক্তিয়ে যেনেদৰে দিল্লীৰ ৰাজনৈতিক মচনদ কঁপাই ৰাখে, আৰু তাৰ ফলত সেই ঠাই সমূহৰ বিভিন্ন সমস্যা আদিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে মনোযোগ দিয়াটো স্বাভাৱিক কথা। কিন্তু এনে এক ৰাজনৈতিক শক্তিৰ বাৰুকৈয়ে অভাৱ অসমত, যাৰ ফলত অসমৰ বানপানীকে ধৰি  বিভিন্ন সমস্যাসমূহ এতিয়াও সমস্যা হৈয়ে আছে। কেৱলমাত্ৰ আশ্বাসৰ আধাৰতে বৰ্তি আছে বিভিন্ন সমস্যাৰ সমধান সমূহ। তাতোকৈ উল্লেখনীয় কথা হল কেন্দ্ৰ আৰু ৰাজ্যত যেতিয়া একেটা দলৰেই চৰকাৰ থাকে, তেনে ক্ষেত্ৰত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত দেখা দিয়া অনীহা আৰু বেছি দুৰ্ভাগ্যজনক হৈ পৰে।  
এতিয়া আমি পুনৰ উভতি আহোঁ বানপানীৰ প্ৰসংগলৈ। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰাৰ সময় সমাগত। ইয়াত হয়তো কাৰো দ্বিমত থাকিব নালাগে। কিন্তু অদূৰ ভৱিষ্যতে ইয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিলেই বানপানী সমস্যা যে সমাধান হৈ যাব সিও নহয়। ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ মুল কাৰণেই হল বানপানী সমস্যা সমাধান, সংস্থাপন আদিৰ বাবে ৰাজ্যলৈ আহিবলগীয়া কেন্দ্ৰীয় পুঁজি। আৰু এই পুঁজিৰ উপযুক্ত ব্যৱহাৰ নহলে সকলো ফুটুকাৰ ফেন হৈ পৰিব। বৰ্তমানেও দেখা যায় অসমৰ বিভিন্ন ক্ষেত্ৰত সংঘটিত অবাধ দুৰ্নীতিৰ তিক্ত ছবিখন। বানপানীৰ লগতে যেন অবাধ দুৰ্নীতিয়েও যেন এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বানপানী নিয়ন্ত্ৰনৰ বাবে অহা পুঁজিৰ ব্যাপক অপব্যৱহাৰ, দলং-ৰাস্তা-ঘাট-মথাউৰি আদি নিৰ্মানত হোৱা ব্যাপক কেলেংকাৰী এইবোৰেও অসমৰ বানপানীৰ সমস্যাটো আৰু গভীৰ কৰি তুলিছে। মথাউৰি, দলং আদিৰ নিৰ্মানৰ লগত জড়িত কিছু সংখ্যক বিষয়া ঠিকাদাৰৰ বাবেই যেন এক বাৰ্ষিক উত্সৱ। আমাৰ দৰে জনসাধাৰনো হয়তো বিভিন্ন ক্ষেত্ৰত দোষমুক্ত নহওঁ। বাৰিষাৰ বানে তাণ্ডৱ চলাই থকা সময়তে আমি যিদৰে বানপানীৰ সমস্যাৰ আলোচনাক লৈ ব্যস্ত হৈ পৰো, খৰালি কাল অহাৰ লগে লগে সেই আলোচনা যেন বানপানীখিনিৰ দৰেই নোহোৱা হৈ যায়। পুনৰ পৰৱৰ্তী বাৰিষাকালত একেই আলোচনাৰ পুনৰাবৃত্তি।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বানপানীক এক সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দল, চৰকাৰী-বেচৰকাৰী সংগঠনকে ধৰি জনসাধাৰণৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত এক তীব্ৰ হেঁচা প্ৰয়োগ কৰিব লাগিব। কিন্তু ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাবে ঘোষণা কৰিলেও যদি চৰকাৰৰ উপযুক্ত আঁচনি নাথাকে তেন্তে কেৱলমাত্ৰ ৰাষ্ট্ৰীয় দুৰ্যোগ শব্দ দুটায়েই যে কিবা এটা চমক সৃষ্টি কৰিব পাৰিব তেনেকুৱাও নহয়। ইয়াৰ বাবে লাগিব সকলোৰে আন্তৰিক তথা যুটীয়া সহযোগিতা। আমিও ৰৈ আছো এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস সমুহ ফলপ্ৰসূ হোৱালৈ! হয়তো অদূৰ ভৱিষ্যতে অসমৰ বানপানী ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাবে ঘোষিত হব। কিন্তু তেতিয়ালৈ হয়তো অসমৰ মানচিত্ৰৰ পৰা মাজুলী, ধেমাজি আদি ঠাই মহাবাহুৰ বুকুত নিশ্চিহ্ণ হৈ যাব।
 পৰাগ কুমাৰ দাস সোঁৱৰণি আন্ত: মহবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ স্মৰণিকাত প্ৰকাশিত

Friday, August 3, 2012

এটা ‘সোণ’ৰ সপোন

অলিম্পিকৰ বতৰ! প্ৰতিবাৰৰ দৰে এইবাৰো অলিম্পিকলৈ ভাৰতৰ ফালৰ পৰা পঠিওৱা হৈছে এক বিশাল বাহিনী। কোটি কোটি জনতাৰ আশা, এটা হলেও সোণৰ পদক লৈ আনক কোনো এগৰাকী খেলুৱৈয়ে (এতিয়ালৈকে অৱশ্যে দুটা পদকতে সন্তুষ্ট) চুবুৰীয়া মহাপৰাক্ৰমী চীনৰ প্ৰতিবাৰৰ দৰে এইবাৰো জয়জয় ময়ময় অথচ ভাৰতে এটা মাথোঁ ব্ৰঞ্জৰ পদক পালেই দেশজুৰি উত্সৱ উদযাপিত হৈ যায়। কিয় এই দুখলগা অৱস্থা ভাৰতীয় ক্ৰীড়াৰ? ক্ৰিকেট সৰ্বস্ব এখন দেশত বাকীবোৰ খেলৰ যে কোনো মূল্য নাই ই তাকে প্ৰতিপন্ন কৰে। গ্লেমাৰসৰ্বস্ব ক্ৰিকেটৰ আগত বাকীবোৰ খেল নিষ্প্ৰভ। অৱশ্যে ইয়াৰ বাবে ক্ৰিকেটক দোষ দি লাভ নাই। বাকী খেলবোৰক আমি সমান উত্সাহেই দিব পৰা নাই। খোদ ভাৰতীয় অলিম্পিক সংঘৰ সভাপতিয়েই দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি হৈ জেইলৰ ভাত খাই আহিল। ইয়াৰ উপৰি ভাৰতীয় বিভিন্ন ক্ৰীড়া সংগঠনবোৰৰ ৰাজনীতিকৰণে খেলসমূহলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। খেলৰ টো নজনা কিছুমান মানুহ সংগঠন সমূহৰ সভাপতি সম্পাদক হৈ বহি আছে। কিন্তু বগা হাতী ৰূপী এই সংগঠন সমূহৰ বিভিন্ন খেলসমূহলৈ কোনো অৱদান নাই। ক্ষমতা আৰু দুৰ্নীতিয়ে এতিয়া ভাৰতীয় ক্ৰীড়া চানি ধৰিছে যেতিয়ালৈকে ৰাজনীতিক ক্ৰীড়াৰ পৰা আঁতৰোৱা নহয়, আমি অহা পঞ্চাশ বছৰলৈ এটা ব্ৰঞ্জ পোৱাক লৈয়ে উল্লাসিত হৈ থাকিব লাগিব, সোণৰ মেডেলৰ সপোন দেখি দেখি।
তলত এখন তালিকা সংলগ্ন কৰিলো। কিধৰণে ৰাজনীতিয়ে ভাৰতীয় ক্ৰীড়া গ্ৰাস কৰি আছে সেয়া তালিকাখন চালেই বুজিব পাৰি। এখেতসকলে কেনেদৰে ক্ৰীড়াৰ লগত পূৰ্বৰে পৰা জড়িত সেইটোহে দুৰ্বোধ্য অথচ সভাপতিৰ দৰে পদত বহি আছে একো একোটা বগা হাতীৰ দৰে!

Indian Weightlifting Association- সভাপতি - বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য (অগপ)
Archery Association of India - সভাপতি - বিজয় কুমাৰ মালহোত্ৰা (বিজেপি)
Swimming Federation of India - সভাপতি - দিগম্বৰ কামাট (কংগ্ৰেছ)
Badminton Association of India - সভাপতি - অখিলেশ দাসগুপ্ত (বহুজন সমাজ পাৰ্টী) , অৱশ্যে এখেত প্ৰাক্তন বেডমিন্টন খেলুৱৈ; উপসভাপতি - হিমন্ত বিশ্ব শৰ্মা (কংগ্ৰেছ) , এখেত কলেজীয়া দিনত বেডমিন্টন চেম্পিয়ন আছিল যদি নাজানো
Cycling federation of India – সভাপতি – পৰমিন্দৰ সিং ধিন্দচা (শিৰোমনি আকালি দল)
Indian Boxing Federation – সভাপতি –অভয় সিং চৌতালা (ভাৰতীয় ৰাষ্ট্ৰীয় লোকদল)
Fencing Association of India - সভাপতি – দূৰ্গা দাস বড়ো (অগপ)
All India Football Federation – সভাপতি – প্ৰফুল্ল পেটেল (এন চি পি)
Judo Federation of Indiaসভাপতি – জগদীশ টাইটলাৰ (কংগ্ৰেছ)
Rowing Federation of India - সভানেত্ৰী – ৰাজলক্ষ্মী সিং দেও (ইয়াৰ আগতে এখেতৰ স্বামী আছিল ফেডাৰেচনৰ সভাপতি)
National Rifle Association of India – সভাপতি – ৰণিন্দৰ সিং (কংগ্ৰেছ)
Table Tennis Federation of India - সভাপতি – অজয় সিং চৌতালা (কংগ্ৰেছ)  
Wrestling Federation of India – সভাপতি- ব্ৰীজ ভূষণ চৰণ সিং (বিজেপি)

#ইয়াত উল্লেখিত তালিকাৰ তথ্য প্ৰতিটো ক্ৰীড়া সংগঠনৰ ৱেবচাইটত থকা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। 

Saturday, June 30, 2012

ব্যক্তিগত জীৱনৰ চৰ্চাত ব্যস্ত আজিৰ সমাজখন


যোৱা নিশা কৰিমগঞ্জৰ হোটেল এখনত বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ স্বামীক প্ৰহাৰ কৰা ঘটনা লৈ বিভিন্ন মহলত ব্যাপক চৰ্চা হ বাতৰি চেনেল সমূহকে ধৰি ছচিয়েল নেটৱৰ্কিং ৱেবচাইট সমূহত ইয়াকে লৈ ব্যাপক তৰ্ক বিতৰ্ক হল। কিছু লোকে এই ঘটনাক আদৰণি জনালে, কিছু লোকে বিৰোধ কৰিলে।

কিন্তু কথা হল এনেবোৰ ব্যক্তিগত কথা ৰাজহুৱা ভাবে সৰস আলোচনাৰে প্ৰকাশ কৰাৰ কিবা যুক্তি আছেনে? বহুদিনৰ পৰাই বিধায়িকা ৰুমী নাথৰ বিবাহক লৈ অসমৰ সংবাদ মাধ্যম ব্যস্ত হৈ আছিল। যেন বিধায়িকা গৰাকীৰ বিয়াখনহে অসমৰ এক প্ৰধান সমস্যা! কালিৰ ঘটনাটোৱে আকৌ সেই একেই চৰ্চাৰ পুনৰাবৃত্তি কৰিলে। প্ৰহাৰৰ মূল বিষয়বস্তু কোনো ৰাজনৈতিক কাৰণ নাছিল, মূল ইচ্ছ্যু আছিল ৰুমী নাথৰ দ্বিতীয় বিবাহ হে! ৰুমী নাথে এজনকেই বিয়া কৰাওঁক দহ জনকেই বিয়া কৰাওঁক, আমাৰ তাত মাত মতিবলগীয়া কিবা আছেনে? বিবাহ আইন আদি আছে সেইখিনি চাবলৈ। আমি তাত মাত মাতিবলৈ কোন? সেয়া সম্পূৰ্ণ এক ব্যক্তিগত জীৱন। ইয়াক ৰাজহুৱা জীৱনৰ লগত লগ লগাই তালফাল লগোৱা কথাটোহে হজম কৰিবলৈ টান লাগে।
   
নি:সন্দেহে ৰুমী নাথৰ ৰাজনৈতিক জীৱন বিতৰ্কেৰে ভৰা। তেওঁৰ ৰাজনৈতিক কৰ্মৰাজিৰ চৰ্চা হওঁক, বিধায়িকা হিচাবে কিমান দূৰ সাফল্য অৰ্জন কৰিছে তাৰ আলোচনা সমালোচনা হওঁক। শোৱনি কোঠাৰ ঘটনা লৈ চৰ্চা কৰাৰ কিবা প্ৰয়োজন আছেনে? নে আমি মানুহৰ ব্যক্তিগত জীৱনৰ চৰ্চাবোৰৰ প্ৰতিহে অধিক আগ্ৰহী, যাৰ কোনো সামাজিক অৱদান নাই। কাৰোবাৰ ব্যক্তিগত জীৱনৰ কৰ্মৰাজি পৃষ্ঠা ভৰাই ভৰাই লিখা, বাতৰি পৰিবেশন কৰা, তাকে লৈ মাৰ পিট আদি ঘটনাবোৰ দেখি শুনি এখন সভ্য সমাজৰ নাগৰিক বুলি কবলৈকে লাজ লগা হৈ পৰিছে।   

অসমত ৰুমী নাথৰ বিয়াৰ ঘটনাটোতকৈও আৰু বহু সমস্যা আছে আলোচনা কৰিবলৈ সেইখিনিৰ আলোচনা হওঁক।

Friday, June 29, 2012

স্মৃতিৰ মণিকোঠাত নৱকান্ত বৰুৱাদেৱৰ কেইটিমান পদ্য


তাহানিৰ স্কুলীয়া দিনতে কিছুমান পদ্য পঢ়িছিলো। স্কুলৰ চাৰ বাইদেউ সকলে পদ্যবোৰ ঘৰত মুখস্থ কৰি আহিবলৈ দিছিল, আৰু আমিও মুখস্থ কৰি আহিছিলো। স্কুলত সম্পূৰ্ণকৈ মুখস্থ মাতিব পৰাতো আছিল বীৰত্বৰ পৰিচয়, আৰু মুখস্থ মতাত ভুল হলে? ভুল হলে স্কুলৰ ছাৰ বাইদেউ সকলে হাতৰ তলুৱাত এচাৰীৰে আঁকিছিল বিভিন্ন নক্সা। পাছদিনা আকৌ মুখস্থ ধৰা প্ৰক্ৰিয়া। এনেকৈয়ে চলিছিল তাহানিৰ পদ্য পঢ়াৰ কামটো। কি ঠিক, হয়তো সেই এচাৰীৰেই কাম, যাৰ ফলত আজিও এই পদ্যবোৰৰ তিনি চাৰিটা বাক্য হলেও অসমীয়া মধ্যমত পঢ়া প্ৰায় সকলো বিদ্যাৰ্থীৰ মনত আছে!

তলত তাহানিতে পঢ়া বিদ্যালয়ৰ কেইটামান পদ্য সম্পুৰ্ণ ৰূপত তুলি ধৰা হল। এই আটাইকেইটা পদ্য ৰচনা কৰিছিল কবি নৱকান্ত বৰুৱা দেৱে। 


উৰণীয়া তৰা

চোৱাচোন বাৰু আই,
ৰুমী ভনীটিয়ে উৰণীয়া তৰা
তো হেনো দেখা নাই।
সদায় সন্ধিয়া শই শই আহি
পথাৰ উপচি যায়;
কি যে বেঙী তাই কবকে নোৱাৰো
তথাপিতো দেখা নাই,
ৰুমী বৰ বেঙী ভাই

পপীয়া তৰাৰ কথা কোৱা নাই
সেইবোৰ হেনো শিল;
দ্বীপেন চাৰক তেনেকৈ নকলে
দিয়ে জানা থিয় কিল
এইবোৰ আন কিবা
মই দিছো নাম উৰণীয়া তৰা
আৰু কিনো নাম থবা?

নহয় নহয় আই!
দেউতাই কোৱা ফ্লাইং ছছাৰ
তাৰো কথা কোৱা নাই।
সেইবোৰ মই শুনিছোহে মাথোঁ
নেজানো কতনো পায়!

কি কলা, কি কলা আই?
সকলো তৰাই থিৰ হৈ থাকে?
উৰণীয়া তৰা নাই?
জোন বেলি তৰা কৰ পৰা আহে
কোৱাচোন ভাবি গমি
নাহিলে কিদৰে সদায় গধূলি
দেখা পাওঁ বাৰু আমি?
একোকে নাজানা তুমি
আই! তুমিও এজনী ৰুমী।

ৰ পৰা আহে মই কওঁ শুনা
ৰবাৰ পৰা আহে
গধূলি হলেই তৰাৰ লগত মিচিকি মিচিকি হাঁহে।
সিহঁতে যে কাক মাতি থাকে জানো
চকুবোৰ টিপিয়াই
সিহঁতৰ সতে উমলিবলৈ
মোৰ বৰ মন যায়
বকুল তলৰ এন্ধাৰত আই
উৰি ফুৰে জাকে জাকে
বতাহ আহিলে উৰণীয়া তৰা দুবৰিত শুই থাকে

লাচো ওলাই আই
চোতালত গৈ উৰণীয়া তৰা
দিম মই দেখুৱাই
সেইদিনা মাকে মলয়ৰ সতে চালে উৰণীয়া তৰা
হেজাৰ বিজাৰ জোনাকী পৰুৱা পোহৰে বননি ভৰা।

তিনি বৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে
ওপৰে গেৰুৱা মাজত শুকুলা
তলত শ্যামল আছে
বগাৰ মাজত অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয়
আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয়


বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ
ভোমোৰা আৰু মৌ মাখিয়ে
কৰে গুণ গুণ
শিয়ালে কৰে হোৱা হোৱা
কুকুৰবোৰে ভুকে
মেকুৰীয়ে মিউ মিউকৈ
ফুৰে চুকে চুকে
ছাগলীবোৰে বেবাই ফুৰে
গৰুৱে হেম্বেলিয়ায়
কাউৰীবোৰে গছৰ আগত
থাকে ৰমলিয়াই
চিৰিক চিৰিক কৰি মাতে
ঘৰ চিৰিকা জাকে
সোণ মইনাই কি কৰেনো
কলকলাই থাকে

হাগ  মাহত গছৰ ডালত ফুলে কপৌ ফুল
জেঠমহীয়া ৰদৰ তাপত শৰীৰ বিয়াকুল
আহাৰ মাহত বাৰীত পকে আম, কঁঠাল, জাম
শাওন মহীয়া বৰষুণত সাধু শুনাই কাম
ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি
আহিনমাহত দুবৰি বন হিমত থাকে তিতি
কাতি মাহত আকাশবন্তি লগায় শাৰী শাৰী
আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি
পুহ মহীয়া জাৰত কঁপি নিহালিখন লওঁ
মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ
ফাগ্ন আহে পলাশ ফুলে পছোৱা বতাহ বয়
তৰ শেষত নতুন বছৰ আদৰি লবৰ হয়

ৰঙা নীলা হালধীয়া
অকলশৰীয়া
ৰঙা নীলা মিলি দুয়ো 
'ল বেঙুনীয়া
ৰঙাৰ স'তে হালধীয়া
পলো সুমথিৰা
হালধীয়া নীলা মিলি 
'ল সেউজীয়া
ৰঙা নীলা হালধীয়া
কৰিলে মিহল
মটীয়া ৰংটি পাবা
ডাঠ বা পাতল