Sunday, December 25, 2011

বুঢ়ী আইৰ সাধুৰ অন্য এক দিশ


আজিৰ পৰা দুমাহমানৰ আগতে দিল্লী বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গঠিত পূবেৰুণ নামৰ গোট এটাৰ দ্বাৰা এখন বিশেষ আলোচনাচক্ৰৰ আয়োজন কৰা হৈছিল। আলোচনা চক্ৰখনৰ বিষয়বস্তু আছিল বুঢ়ী আইৰ সাধুৰ এশ বছৰ আলোচিত হৈছিল বুঢ়ী আইৰ সাধুৰ বিভিন্ন দিশসমূহ। হয়তো বুঢ়ী আইৰ সাধুৰ ওপৰত এনেকুৱা মুকলি আলোচনা পূৰ্বতে অসম তথা অসমৰ বাহিৰত কতো হোৱা নাছিল উন্মোচিত হৈছিল বুঢ়ী আইৰ সাধুৰ বিভিন্ন ভাল বেয়া দিশসমূহ।
আমি হয়তো সৰু কালৰে পৰা বুঢ়ী আইৰ সাধুৰ প্ৰতিটো পৃষ্ঠাৰ সুবাস লৈয়ে ডাঙৰ হলো এতিয়াও লটকন, তেজীমলা, সৰবজান আদি চৰিত্ৰ সমূহে সেই তাহানিৰ দিনবোৰকে মনত পেলায়। কিন্তু আমি ইমানদিনে শিশু সাহিত্যৰ অন্তৰ্ভুক্ত কৰি ৰখা বুঢ়ী আইৰ সাধু খনক সঁচাকৈয়ে শিশু সাহিত্য হিচাবে স্বীকৃতি দিব পাৰোনে? কাৰণ শিশু সাহিত্য বুলিলে শিশুৰ সুস্থ মানসিক বিকাশৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়া হয়। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ কিছুমান সাধু যদি ভালদৰে নীৰিক্ষণ কৰা যায় তেন্তে পোৱা যাব অতিমাত্ৰা হিংসা, অতিমাত্ৰা ঘৃণা আদিৰে ভৰা কিছুমান কাহিনী। উদাহৰণস্বৰূপে তেজীমলা নামৰ কাহিনীটো যদি আমি পঢ়ো তেন্তে দেখা যাব তেজীমলা নামৰ নাৰী চৰিত্ৰটোৰ ওপৰত মাহীমাকে কৰা অতিমাত্ৰা অত্যাচাৰৰ নিৰ্মম বৰ্ণনা। হাত, ভৰি, মুৰ আদি খুন্দিয়াই মাহীমাকৰ নিৰ্মম অত্যাচাৰৰ বৰ্ণনা। ইয়াৰ লগতে মাহীমাক চৰিত্ৰটো যেন সমাজ জীৱনৰ সকলো স্তৰতে হৈ পৰিছে এক ঋণাত্মক চৰিত্ৰ। শিশু সাহিত্যত এনে বৰ্ণনা কিমান উচিত? লটকন, তীখৰ আৰু চুটিবাই আদিত আছে মিথ্যাচাৰেৰে জগত জিনাৰ বৰ্ণনা। তাৰোপৰি বহুকেইটা সাধুত আছে কন্যা সন্তানৰ প্ৰতি সমাজে দেখুওৱা অনীহাৰ বৰ্ণনা। এনেবোৰ হিংসাত্মক তথা মিথ্যাচাৰৰ বৰ্ণনাৰে বুঢ়ী আইৰ সাধুৰ কেইবাটাও সাধু বৰ্ণিত হৈ আছে। অৱশ্যে বহুকেইটা সাধু শিশুৰ উপযোগীকৈ সৰস বৰ্ণনাৰে ভৰা, যিবোৰে শিশুৰ মনত আনন্দ যোগায়।
গতিকে বুঢ়ী আইৰ সাধুখনক শিশু সাহিত্যৰ অন্তৰ্ভুক্ত কৰাত যেন কিছুমান সাধুৱে বিপাঙত পেলায়। সময় আহি পৰিছে বুঢ়ী আইৰ সাধু খনৰ পৰা উগ্ৰ হিংসাত্মক ঘটনাৰাজিৰে ভৰি থকা কিছুমান সাধু বাদ দিয়াৰ,অথবা বুঢ়ী আইৰ সাধুক শিশু সাহিত্যৰ অন্তৰ্ভুক্ত নকৰি মাথোঁ লোকসাহিত্যৰ অন্তৰ্ভুক্ত কৰাৰ, কাৰণ বুঢ়ী আইৰ সাধু আজিও এখন বেষ্ট চেলাৰ গ্ৰন্থ।

(উক্ত লেখাটোৰ জৰিয়তে সাহিত্যৰথীৰ সাহিত্যৰাজিক কোনো কাৰণতে হেয় জ্ঞান কৰাৰ ধৃষ্টতা কৰা হোৱা নাই অসমীয়া সাহিত্যলৈ বেজবৰুৱাদেৱৰ অৱদান পুনৰ দোহৰাৰ প্ৰয়োজন নাই। পঢ়ুৱৈসকলৰ পৰা বুঢ়ী আইৰ সাধুক কিয় শিশু সাহিত্যৰ শিতানত ৰাখিব লাগে অথবা নালাগে তাৰ ওপৰত গঠনমূলক বিতৰ্কৰ আহ্বান জনালো)  

Tuesday, December 20, 2011

পাহৰণিৰ গৰ্ভত 'আৱাহন' যুগৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ


পুৰণি আকাশৰ তৰা ৪

কেতিয়াবা সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগাই অহা বহু স্বনামধন্য ব্যক্তি পাহৰণিৰ গৰ্ভত লীন হৈ যায়। সাহিত্যৰ ক্ষেত্ৰখনো ইয়াৰ পৰা বাদ পৰি নাযায়। আধুনিক সাহিত্যত যিসকল গল্পকাৰ প্ৰায়েই উপেক্ষিত কিন্তু এইসকল গল্পকাৰৰ সাৰ পানীৰ ফলতেই আজি হয়তো অসমীয়া সাহিত্যৰ বৃক্ষডাল ঠন ধৰি উঠিছিল তেনে এগৰাকী সাহিত্যিকেই আছিল আৱাহন যুগৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ দীননাথ শৰ্মা।

দীননাথ শৰ্মাৰ জন্ম হৈছিল ১৯১৪ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত। পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী অসমৰ বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ তথা কৰ্মজীৱন অতিবাহিত কৰি পাছত তেজপুৰ বিশ্বনাথ চাৰিআলিকে সাহিত্য তথা নাট্যচৰ্চাৰ স্থান হিচাবে গ্ৰহণ কৰা দীননাথ শৰ্মা আছিল আৱাহনযুগৰ বিশিষ্ট গল্পকাৰ সকলৰ ভিতৰত অন্যতম। তেখেতৰ গল্প সংকলন সমূহৰ ভিতৰত ঘাইকৈ দুলাল, কোৱাভাতুৰী ওঁঠৰ তলত, কল্পনা আৰু বাস্তৱ আদিয়ে উল্লেখযোগ্য। অকলশৰীয়া, হাতীপটি, পোহৰ, ষোড়্শী আদি তেখেতৰ বহুচৰ্চিত গল্প উপন্যাস সমূহৰ ভিতৰতো ঊষা, সংগ্ৰাম, নদাই,শান্তি, নৱাৰুণ, ভৰলীপাৰৰ কাহিনী ইত্যাদি। লগতে অনুবাদ উপন্যাস মাটি আৰু মানুহখনো এখন চৰ্চিত উপন্যাস শিশু সাহিত্যিক হিচাবেও দীননাথ শৰ্মাই পুতুচৰিত্ৰটোৰে লিখি উলিয়াইছিল দুখন জনপ্ৰিয় শিশু উপন্যাস-পুতুৰ পয়মাল আৰু পুতুৰ পলায়ন। গোটেই জীৱন সাহিত্য চৰ্চাৰ মাজেৰেঅতিবাহিত কৰা দীননাথ শৰ্মাই ১৯৮৮ চনৰ ১৮ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে।

এখন মাথোঁ কথাছবিয়ে অমৰ কৰি যোৱা পৰিচালক গৰাকী


পুৰণি আকাশৰ তৰা ৩

মাথোঁ এখন কথাছবি, সেইখনো নিৰ্মান কৰিবলৈ সময় লাগিছিল আঠবছৰ। এইখন কথাছবিয়েই হৈ পৰিছিল অসমীয়া কথাছবি জগতত এক নতুন ধাৰাৰ বাটকটীয়া। পৰিচালক গৰাকী আছিল পদুম বৰুৱা আৰু কথাছবিখন আছিল গঙা চিলনীৰ পাখি। লক্ষ্মীনন্দন বৰাৰ কাহিনীৰ আধাৰত নিৰ্মিত এই কথাছবিখনে বাণিজ্যিক সফলতা লাভ কৰা নাছিল যদিও সমালোচকৰ দ্বাৰা লাভ কৰিছিল উচ্চ প্ৰশংসা। মাথোঁ এখন কথাছবিৰেই চিৰস্মৰণীয় হৈ পৰিছিল পদুম বৰুৱাৰ নাম

'গঙা চিলনীৰ পাখি'ৰ এক শক্তিশালী নাৰী চৰিত্ৰত বীনা বাৰুৱতী
১৯২৪ চনৰ ফেব্ৰুৱাৰী মাহত কলিকতাত জন্মগ্ৰহণ কৰা পদুম বৰুৱাৰ শিক্ষাজীৱন আৰম্ভ হৈছিল যোৰহাটত। পাছলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক শিক্ষা সমাপ্ত কৰি কৰ্মজীৱনৰ পাতনি মেলে অসম চৰকাৰৰ গড়াকাপ্তানি বিভাগত আৰু পাছলৈ পৰিসংখ্যা আৰু অৰ্থনীতি বিভাগত যোগদান কৰে। শ্বিলঙত কৰ্মৰত অৱস্থাতে বিভিন্ন পশ্চিমীয়া কথাছবিৰ সংস্পৰ্শলৈ অহা পদুম বৰুৱাই পাছত মন মেলে অসমীয়া কথাছবি নিৰ্মানৰ কামত। বিভিন্ন আৰ্থিক তথা ব্যক্তিগত অসুবিধাৰ মাজতেই নিৰ্মান কৰি উলিয়ায় গঙা চিলনীৰ পাখি’ কথাছবিখন যিখন অসমীয়া কলাত্মক ছবিৰ এক বাটকটীয়া হিচাবে পৰিগণিত হৈছিল প্ৰায় আঠবছৰৰ পাছত সম্পূৰ্ণ হৈ ১৯৭৬ চনত মুক্তি পোৱা কথাছবিখনে সমালোচক সকলৰ পৰা লাভ কৰিছিল বিশেষ প্ৰশংসা ইয়াৰ পাছতে গায়ন বায়ন,ওজাপালি আৰু বছৰৰ গীত নামেৰে তিনিখন তথ্যচিত্ৰ নিৰ্মান কৰে। কিন্তু আৰ্থিক অভাৱৰ বাবে দ্বিতীয় কথাছবি এখন নিৰ্মান কৰিব নোৱাৰিলে। গঙা চিলনীৰ পাখিৰ পাছতে লক্ষ্মীনন্দন বৰাৰ আন এটা কাহিনীৰে এৰাবাৰীৰ লেছেৰি নামেৰে দ্বিতীয় কথাছবি এখন নিৰ্মানৰ যো জা চলাইছিল যদিও আৰ্থিক অভাৱত সি সম্পূৰ্ণ হৈ নুঠিল।

২০০৬ চনৰ ২৬ জুলাই তাৰিখে দেহাৱসান ঘটা পদুম বৰুৱাই এখন মাথোঁ কথাছবিৰেই  খোদিত কৰি থৈ গল অসমীয়া চলচ্চিত্ৰৰ বুৰঞ্জীত নিজৰ নাম। 

Monday, December 19, 2011

দিল্লীৰ পৰা নতুন দিল্লী : এক অবিৰত যাত্ৰা

সচিবালয় ভৱন আৰু সংসদ ভৱন 
চহৰখনত দিনে ৰাতি চলি থাকে এক কৰ্মব্যস্ত জীৱন। দিন ৰাতি একাকাৰ হৈ যায় এই জীৱনৰ মাজত। তাৰ মাজতে এইখন চহৰতে চলি থাকে ৰাজনৈতিক ভাওনাৰ আখৰা, আন্ত:ৰাষ্ট্ৰীয় কূটনীতিৰ গোপন বৈঠক,জন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ, সংসদত শব্দ-প্ৰতিশব্দৰ আক্ৰমণ,মিটাৰ চলোৱা নচলোৱাক লৈ সাধাৰণ যাত্ৰীৰ অটোৱালাৰ লগত তৰ্কবোৰ,ফুটপাথত সংগ্ৰাম চলাই যোৱা অঘৰী লোকসকলৰ জীৱন,দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত এজাক ছাত্ৰ ছাত্ৰীৰ কলৰৱ, মেট্ৰ ৰেলত ৰিণি খান্নাৰ সুমধুৰ কণ্ঠৰ ঘোষণাবোৰ, যাতায়ত নিয়ম ভংগ কৰাৰ অপৰধাত যাতায়ত আৰক্ষীয়ে যাত্ৰীৰ চালান কাটি থকা দৃশ্যবোৰ, ডিস্ক পাব আদিত অভিজাত্যৰ দপদপনি ইত্যাদি ইত্যাদি। এইখনেই হৈছে দেশৰ ৰাজধানী নতুন দিল্লী, যি সম্পূৰ্ণ কৰিলে এশ বছৰ, দেশৰ ৰাজধানী চহৰ হিচাবে।

দিল্লী, ইতিহাসৰ বহু উত্থান পতনৰ নীৰৱ সাক্ষী এখন চহৰ, দেশৰ ৰাজনৈতিক স্পন্দন। আজিৰ পৰা এশ বছৰ পূৰ্বে এই মহানগৰ খনকে নতুন ৰূপত সজোৱাৰ বাবে চলিছিল এক বৃহৎ কুচকাৱাজ। বৃটিছ শাসিত ভাৰতৰ ৰাজধানী হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত সষ্টম হৈ উঠিছিল বৃটিছ প্ৰশাসন। দেশৰ পূব কোণত থকা ৰাজধানী চহৰ কলিকতাৰ পৰা প্ৰশাসনৰ কাম কাজ চলোৱাত অসুবিধা হোৱাত দিল্লীলৈ ৰাজধানী চহৰ স্থানান্তৰণৰ সিদ্ধান্ত গ্ৰহন কৰিছিল বৃটিছ প্ৰশাসনে।

১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে। তাৰ কিছুদিনৰ পাছতে অৰ্থাত ১৫ ডিচেম্বৰ তাৰিখে পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ উপস্থিতিত নতুন ৰাজধানী চহৰৰ আধাৰশিলা স্থাপন কৰা হয়। আৰম্ভ হয় নতুন দিল্লীৰ নক্সা অংকনৰ প্ৰক্ৰিয়া। নতুন ৰাজধানী চহৰখন নতুন স্থাপত্য শিল্পৰে উজলাই তোলাৰ দায়িত্ব দিয়া হয় মুলত: দুজন ব্যক্তিক বৃটিচ স্থপতিবিদ চাৰ এডৱিন লুটিয়েনচ আৰু হাৰ্বাৰ্ট বেকাৰক। এওঁলোক দুগৰাকী ব্যক্তিৰ নেতৃত্বতেই চলে নতুন দিল্লীৰ আন্ত: গাঁঠনি তথা ইউৰোপীয় স্থাপত্য শিল্পৰ আধাৰত নতুন নতুন ভৱন তথা পথৰ নিৰ্মান কাম কাজ। মোগল স্থাপত্য কীৰ্তিৰে শুৱাই থকা দিল্লীত মূৰ দাঙি উঠে বৃটিছ ভাস্কৰ্য্য শিল্পৰ নতুন ৰূপ। মুলত: বৃটিছ প্ৰশাসনৰ বিভিন্ন উচ্চখাপৰ বিষয়ববীয়াৰ ভৱন তথা বিভিন্ন প্ৰশাসনিক ভৱনসমূহ নিৰ্মানতহে অধিক গুৰুত্ব দিছিল। যদিও ১৯১১ চনত নতুন ৰাজধানী হিচাবে দিল্লীৰ আধাৰশিলা স্থাপন কৰা হৈছিল, নতুন চহৰৰ কাম কাজ আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পাছতহে। ১৯৩১ চনত এই কাম সম্পূৰ্ণ হয় আৰু সেই সময়ৰ ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড ইৰ্ৱিনে ১৩ ফেব্ৰুৱাৰী ১৯৩১ চনত নতুন ৰূপত দিল্লীৰ শুভ উদ্বোধন কৰে।

এশ বছৰীয়া মহানগৰৰ এক পৰিক্ৰমা
স্থাপত্য শিল্প
বৃটিছ শাসনত যেতিয়া দিল্লী চহৰৰ নৱনিৰ্মানৰ কাম কাজ চলি আছিল তেতিয়াই ইউৰোপীয় আৰু ভাৰতীয় স্থাপত্য কলাৰ আৰ্হিত মুৰ ডাঙি উঠিছিল বিভিন্ন বিশাল ভৱনে,যিবোৰ আজিও ভাৰত চৰকাৰৰ বিভিন্ন প্ৰশাসনিক কাম কাজত ব্যৱহাৰ হৈ আছে। বৃটিছ সাম্ৰাজ্যৰ স্থাপত্য শিল্পৰ পৰা বৰ্তমানৰ প্ৰযুক্তিৰ যুগলৈ দিল্লীত থিয় হৈ আছে বহু ভৱন, অট্টালিকা আদি।
ৰাষ্ট্ৰপতি ভৱন
দিল্লী দৰবাৰত ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰী
বৃটিছ সাম্ৰাজ্যৰ ভাইচৰয় আৰু ভাৰতৰ গৱৰ্নৰ জেনেৰেল সকলৰ বাসস্থান হিচাবে নিৰ্মিত ‘ৰাষ্ট্ৰপতি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ভাইচৰয় হাউচ’ হিচাবে। প্ৰায় ১৯ বছৰৰ কাম কাজৰ অন্তত: সম্পূৰ্ণ হোৱা এই বিশালকায় ভৱনটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ৰাষ্ট্ৰপতি ভৱন নাম দিয়া হয় আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসস্থান হিচাবে চিহ্নিত হয় । প্ৰায় দুইলাখ বৰ্গফুটেৰে আৱৰা আৰু ৩৬০ টা কোঠালিৰে ‘ৰাষ্ট্ৰপতি ভৱন’ হৈছে বিশ্বৰ যিকোনো ৰাষ্ট্ৰপ্ৰধানৰ ভৱনসমূহৰ ভিতৰতে বৃহত্তম ভৱন।
নৰ্থ আৰু চাউথ ব্লক (সচিবালয় ভৱন)
ৰাষ্ট্ৰপতি ভৱনৰ সমীপত থকা নৰ্থ আৰু চাউথ ব্লক হৈছে বৰ্তমান ভাৰতীয় প্ৰশাসন যন্ত্ৰৰ প্ৰাণকেন্দ্ৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়কে ধৰি বহুকেইটা গুৰুৰ্ত্বপূৰ্ণ মন্ত্ৰনালয়ৰ কাৰ্য্যালয় হিচাবে ব্যৱহৃত এই ভৱন দুটাৰ আৰ্হি প্ৰস্তুতি কৰিছিল স্থপতিবিদ হাৰ্বাৰ বেকাৰে। চাৰিটা খলপত বিভক্ত এই ভৱনৰ প্ৰতিটো মহলাত কোঠাৰ সংখ্যা প্ৰায় এহাজাৰ।
তিন মুৰ্তি ভৱন
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসস্থান হিচাবে চিহ্নিত ‘তিন মূৰ্তি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ফ্লেগষ্টাফ হাউচ’(Flagstuff House) হিচাবে। বৃটিছ শাসনত সেনা প্ৰধানৰ বাসস্থান হিচাবে জনাজাত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল বৃটিছ স্থপতিবিদ ৰবাৰ্ট ৰাছেলে। বৰ্তমান এই ভৱন জৱাহৰলাল নেহৰুৰ স্মৃতিত উচৰ্গা কৰা হৈছে।
ৰাজপথ আৰু জনপথ
নতুন দিল্লীৰ দুটা উল্লেখযোগ্য মুখ্য পথ হৈছে ৰাজপথ আৰু জনপথ। পূৰ্বে কিংচৱে (Kingsway) নামেৰে জনাজাত এই পথ ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট হৈ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ বিস্তৃত। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা এই পথৰেই আগবাঢ়ে গণতন্ত্ৰ দিৱসৰ পেৰেড। ঠিক সেইদৰে নতুন দিল্লীৰ এটি ব্যস্ততম পথ জনপথো আছিল বৃটিছ ভাৰতৰ এক উল্লেখযোগ্য পথ, যাক প্ৰথমে জনা গৈছিল কুইনচৱে (Queensway) নামেৰে।
ইণ্ডিয়া গেট
লটাচ টেম্পল 
এক কথাত ক’বলৈ হ’লে নতুন দিল্লীৰ পৰিচয়েই হৈছে ইণ্ডিয়া গেট। ১৯৩১ চনত এডৱাৰ্ড লুটিয়েনচৰ আৰ্হিত নিৰ্মিত ইণ্ডিয়া গেট, মুলত: নিৰ্মান কৰা হৈছিল প্ৰথম বিশ্বযুদ্ধৰত মৃত্যুবৰণ কৰা বৃটিছ ভাৰতীয় সৈন্যবাহিনীৰ সোঁৱৰণত। ‘অল ইণ্ডিয়া ৱাৰ মেম’ৰিয়েল’(All India War Memorial) নামেৰে পুৰ্ব পৰিচিত ইণ্ডিয়া গেটত ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হয় ‘অমৰ জোৱান জ্যোতি’। ১৯৭১ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ইন্দিৰা গান্ধীয়ে অমৰ জৱান জ্যোতিত ভাৰতীয় সৈন্যবাহিনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰম্পৰা আজিও প্ৰতি বছৰে চলি আহিছে।
লটাচ টেম্পল
আধুনিক স্থাপত্য শিল্পৰ এক চমকপ্ৰদ নিদৰ্শন হ’ল লটাচ টেম্পল অথবা বাহাই ধৰ্মাৱলম্বী উপসনা গৃহ। নতুন দিল্লীৰ জনপ্ৰিয় স্থান সমূহৰ অন্তৰ্গত লটাচ টেম্পল, দৰ্শনৰ বাবে মুকলি কৰা হৈছিল ১৯৮৬ চনত। পদুম ফুলৰ আৰ্হিত নিৰ্মিত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল ফাৰিবৰ্জ চাবা নামৰ ইৰাণৰ স্থাপত্যশিল্পী এগৰাকীয়ে। দৈনিক প্ৰায় তেৰ হাজাৰ দৰ্শনাৰ্থীয়ে দৰ্শন কৰা লটাচ টেম্পল হৈছে নতুন দিল্লীৰ এক অনন্য পৰিচয়।
অক্ষৰধাম মন্দিৰ
যমুনা নদীৰ পাৰত অৱস্থিত নতুন দিল্লীৰ অন্য এক বিস্ময় হৈছে অক্ষৰধাম মন্দিৰ। স্বামীনাৰায়ন হিন্দু সম্প্ৰদায়ৰ আড়ম্বৰ্পূৰ্ণ এই উপসনা ভৱন আছে এক বিশাল এলেকাজুৰি। ছয় নৱেম্বৰ ২০০৬ চনত মুকলি কৰা এই মন্দিৰৰ কাৰুকাৰ্য্য চমকপ্ৰদ। গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডে ইতিমধ্যে বিশ্বৰ বৃহত্তম হিন্দু মন্দিৰ হিচাবে প্ৰমান পত্ৰ দিয়া এই মন্দিৰ নতুন দিল্লীৰ সৰ্বাধিক আকৰ্ষিত কৰা পৰ্য্যটকস্থলী সমুহৰ ভিতৰত অন্যতম।

শিক্ষা:
ৰাষ্ট্ৰপতি ভৱন
দেশৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাবেও নতুন দিল্লী চিৰ পৰিচিত। দেশৰ কেইবাখনো প্ৰখ্যাত শিক্ষানুষ্ঠানে শিক্ষাদানৰ দিশত নতুন দিল্লীক এচিয়াৰ ভিতৰতে এখন উন্নত চহৰ হিচাবে প্ৰতিষ্ঠিত কৰিছে। পোনপ্ৰথমেই নাম ল’ব পাৰি দুখন প্ৰখ্যাত বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১৯২২ চনত প্ৰতিষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ হৈছিল তিনিখন মহাবিদ্যালয়ৰ সহায়ত। ছেইণ্ট ষ্টিফেঞ্চ কলেজ, হিন্দু কলেজ আৰু ৰামজাচ কলেজ। দিল্লী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বহু পূৰ্বেই এইকেইখন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল যদিও পাছত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত তিনিওখন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান বহুকেইখন প্ৰখ্যাত কলেজ এই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। ইয়াৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ বহু বিভাগে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিছে। দিল্লী স্কুল অব ইকনমিক্স, ফেকাল্টি অব মেনেজমেন্ট ষ্টাডিজ, ফেকাল্টি অৱ ল’ ইত্যাদি বিভাগবোৰ শিক্ষাৰ সৰ্বোতকৃষ্ট বিভাগ সমুহৰ ভিতৰত অন্যতম। দেশৰ আন এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়েও নতুন দিল্লীৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। স্নাতকোত্তৰ শিক্ষাক মুখ্য উদ্দেশ্য লৈ এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছিল ১৯৬৯ চনত। দেশৰ বিজ্ঞান আৰু সামাজিক গৱেষণাত উত্কৃষ্ট সেৱা আগবঢ়াই অহা এইখন শিক্ষানুষ্ঠানত বৰ্তমান দেশ বিদেশৰ প্ৰায় পাঁচ সহস্ৰাধিক মেধাবী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঠ্যক্ৰম, পাঠদান আদিৰ বাবে এই বিশ্ববিদ্যালয়ে এচিয়াৰ ভিতৰতে এখন উন্নত বিশ্ববিদ্যালয় হিচাবে জনাজাত হৈছে। দেশৰ মুছলিম সম্প্ৰদায়ৰ মাজত উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে স্থাপিত হোৱা জামিয়া মিলিয়া ইচলামিয়া দিল্লীত অৱস্থিত অইন এখন লেখত লবলগীয়া শিক্ষানুষ্ঠান। ১৯২০ চনত স্থাপিত এই শিক্ষানুষ্ঠানখন ১৯৮৮ চনত ভাৰত চৰকাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাবে আনুষ্ঠানিকভাবে ঘোষণা কৰে। ইয়াৰ উপৰিও চিকিত্সা শিক্ষাৰ ক্ষেত্ৰত এইমচ(AIIMS), কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আই আই টি দিল্লী (IIT Delhi),জনসংযোগ আৰু সাংবাদিকতা শিক্ষাত ইণ্ডিয়ান ইনষ্টিটিউট অব মাচ কমিউনিকেচন (IIMC) আদি প্ৰখ্যাত শিক্ষানুষ্ঠান সমূহে দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত সৰ্বোত্কৃষ্ট সেৱা আগবঢ়াই আছে।

বাণিজ্য
দেশৰ ভিতৰতে এখন উল্লেখযোগ্য বাণিজ্যিক চহৰ হিচাবে নতুন দিল্লীৰ নিজস্ব এক পৰিচয় আছে। বুৰঞ্জীপ্ৰসিদ্ধ কনট প্লেচৰ পৰা আৰম্ভ কৰি নেহৰু প্লেচলৈ বিস্তৃত ৰূপত বিস্তাৰিত হৈ আছে দিল্লীৰ বেপাৰ বাণিজ্য।
কনট প্লেচ (Connaught Place):
কনট প্লেচৰ পুৰণি ৰূপ
ৰাজধানী চহৰ দিল্লীৰ একেবাৰে সোঁমাজত অৱস্থিত এই কনট প্লেচৰ নিৰ্মান কাৰ্য্য আৰম্ভ হৈছিল ১৯২৯ চনত আৰু সমাপ্ত হৈছিল ১৯৩৩ চনত। ৰাণী ভিক্টোৰিয়াৰ তৃতীয় পুত্ৰ প্ৰিন্স আৰ্থাৰ তথা ডিউক অব কনাট(Duke of Connaught) ৰ নামেৰে নামাকৰণ কৰা এই স্থানডোখৰৰ নাম পাছত ৰাজীৱ চৌক নামেৰে নামাকৰণ কৰা হয় যদিও দিল্লীবাসীৰ বাবে ই চিপি (CP) হিচাবেহে অধিক জনপ্ৰিয়। এই কনট প্লেচতে ভূ গৰ্ভত অৱস্থিত পালিকা বজাৰ হৈছে এক জনপ্ৰিয় বেহা বেপাৰৰ কেন্দ্ৰ।
দিল্লী হাট:
দেশৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প সমূহক একেখন মঞ্চলৈ আনিবলৈ কৰা এক প্ৰয়াসৰ ফলস্বৰূপেই প্ৰতিষ্ঠিত হৈছিল দিল্লী হাট(Dilli Haat)। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কাৰুকাৰ্য্য খচিত সামগ্ৰী সমুহৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ প্ৰাণকেন্দ্ৰ দিল্লী হাট প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯৪ চনত। হস্তশিল্পৰ লগতে বিভিন্ন প্ৰদেশৰ পৰম্পৰাগত খাদ্য সম্ভাৰ দিল্লী হাটৰ অইন এক আকৰ্ষণীয় ব্যৱস্থা।
নেহৰু প্লেচ:
আশী দশকৰ শেষৰ ফালে প্ৰতিষ্ঠিত নেহৰু প্লেচ হৈছে দক্ষিণ এচিয়াৰ ভিতৰতে এক উল্লেখযোগ্য তথ্য প্ৰযুক্তিৰ ব্যৱসায় কেন্দ্ৰ। বিভিন্ন তথ্য প্ৰযুক্তিমূলক কোম্পানীৰ কাৰ্য্যালয়ৰ লগতে প্ৰযুক্তিমূলক সা সামগ্ৰীৰ বেহা বেপাৰৰ কেন্দ্ৰ নেহৰু প্লেচ দিল্লীৰ ব্যস্ততম ব্যৱসায়িক স্থান সমূহৰ ভিতৰত অন্যতম।
খান মাৰ্কেট:
দেশৰ ভিতৰতে আটাইতকৈ খৰছী তথা বিশ্বৰ ২১তম খৰছী বজাৰখনেই হৈছে খান মাৰ্কেট। বিশিষ্ট ৰাজনৈতিক নেতা খান আব্দুল গফৰ খানৰ নামেৰে নামাকৰন কৰা এই বজাৰখনত আছে দেশ বিদেশৰ অজস্ৰ নামী দামী কোম্পানীৰ বিক্ৰী সামগ্ৰী।
ইয়াৰ উপৰিও বৰ্তমান দিল্লীৰ আশে পাশে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বানিজ্যিক কেন্দ্ৰ সমুহ গঢ়ি উঠিছে।
দিল্লী মেট্ৰ'

যাতায়ত ব্যৱস্থা
দিল্লীৰ যাতায়ত ব্যৱস্থাৰ আজি কিছু বছৰৰ ভিতৰতে এক যুগান্তকাৰী ৰূপত পৰিবৰ্তন ঘটিছে। বৰ্তমান বিভিন্ন আধুনিক প্ৰযুক্তিৰ যাতায়তৰ সা সুবিধাই দিল্লীক কৰি তুলিছে দেশৰ ভিতৰতে এক অনন্য মহানগৰ। পোনপ্ৰথমেই নাম লব লাগিব দিল্লী মেট্ৰ’ৰ, যিয়ে আধুনিক প্ৰযুক্তিৰে যাতায়ত আৰু যোগাযোগ মাধ্যমত এক বিপ্লব গঢ়ি তুলিছে। বিশ্বৰ বৃহত্তম মেট্ৰ’ৰেল নেটৱৰ্ক সমূহৰ অন্যতম এই মেট্ৰ সেৱাই ১৪২ টা ষ্টেচন (৩৫ টা ভূগৰ্ভস্থ) ৰ সৈতে দিল্লীৰ প্ৰায় ১৯০ কি.মি. পথত বিস্তৃত হৈ আছে। দিল্লী মেট্ৰ’ ৰেলসেৱাৰ কাম এতিয়াও চলি আছে। দিল্লীত যাতায়তৰ দ্বিতীয় প্ৰধান ব্যৱস্থাটোৱেই হ’ল দিল্লী পৰিবহন সেৱাৰ বাচ। বিশ্বৰ বৃহত্তম চি এন জি বাচসেৱা হিচাবে জনাজাত এই সেৱাৰ দ্বাৰা গোটেই দিল্লীতে বৰ্তমান চলি আছে প্ৰায় পাঁচ হাজাৰ সুদৃশ্য সেউজৰঙী বাচ, লগতে প্ৰায় এহাজাৰ শীত তাপ নিয়ন্ত্ৰিত বাচ। যাতায়তৰ ক্ষেত্ৰত দিল্লীৰ উল্লেখযোগ্য পথ সমূহৰ ভিতৰত মুখ্য পথ দুটা হৈছে ‘ৰিং ৰোড’(Ring Road) – বহি: আৰু আন্ত: ৰিং ৰোড। দুয়োটা ৰিং ৰোডৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৭ কিলোমিটাৰ। গোটেই দিল্লীখনকেই এক বৃত্তাকাৰ ৰূপত আৱৰি থকা এই দুটা পথ হৈছে দিল্লীৰ যাতায়ত ব্যৱস্থাৰ হৃদস্পন্দন স্বৰূপ। দিল্লীক সাধাৰণে ‘উৰণীয়াসেঁতুৰ মহানগৰী’ হিচাবেও আখ্যা দিয়া হয়,কাৰণ প্ৰায়বোৰ পথতেই অৱস্থিত বৃহতাকাৰৰ উৰণীয়া সেঁতুসমূহ। খোদ ৰিং ৰোডতেই আছে বিশখনতকৈও অধিক বিশালকায় উৰণীয়া সেঁতু। বিমানসেৱাৰ ফালৰ পৰাও নতুন দিল্লীয়ে মুৰ ডাঙি উঠিছে শক্তিশালী ৰূপত। ইন্দিৰা গান্ধী আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ সৰ্বাধুনিক ‘টাৰ্মিনেল ৩’ টো হৈছে দক্ষিণ এচিয়াৰ সবাতোকৈ বিশাল টাৰ্মিনেল। ঠিক সেইদৰে দৈনিক ষোল্লটা প্লেটফৰ্মত, তিনি শতাধিক ৰেলৰ আহ যাহেৰে আৰু প্ৰায় তিনি লক্ষাধিক ভ্ৰমনকাৰীৰে নতুন দিল্লী ৰেল ষ্টেচনটো হৈছে দেশৰ দ্বিতীয় ব্যস্ততম ৰেল ষ্টেচন।

কলা সংস্কৃতি
যিহেতু দিল্লীৰ জনগাঁঠনি বিভিন্ন ঠাইৰ লোকৰ সংমিশ্ৰনত গঢ় লৈ উঠিছে, সেইবাবে ইয়াৰ সংস্কৃতিও মিশ্ৰিত, যদিও উত্তৰ ভাৰতীয় লোকৰ কলা সংস্কৃতিৰ প্ৰাধান্যতা বেছি। কিন্তু দিল্লীক দেশৰ ভিতৰতে এখন উচ্চ খাপৰ সাংস্কৃতিক কেন্দ্ৰ বুলিও ধৰিলে ভুল কৰা নহ’ব। দেশৰ বিভিন্ন অঞ্চলৰ সংস্কৃতিক ঐতিহ্যক দৰ্শনীয় ৰূপত উপস্থাপন কৰিবলৈ ঘনে ঘনে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ। চিৰি ফৰ্ট,কামানী, শ্ৰীৰাম চেণ্টাৰ, ইণ্ডিয়ান হেবিটেট চেন্টাৰ আদিৰ দৰে আন্ত:ৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষগৃহত অনুষ্ঠিত হয় বহুতো উচ্চমানদণ্ডৰ অনুষ্ঠান। ইয়াৰ উপৰিও নাট্য প্ৰদৰ্শনৰ দিশত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় হৈছে দেশৰ অন্যতম নাট্য শিক্ষানুষ্ঠান, য’ত প্ৰতিবছৰে অনুষ্ঠিত হয় দেশ বিদেশৰ কালজয়ী নাটসমূহ।

ইয়াৰ উপৰিও দেশৰ ৰাজনৈতিক আৰু কূটনীতিৰ প্ৰাণকেন্দ্ৰ নতুন দিল্লীতে আছে দেশৰ প্ৰধানমন্ত্ৰী তথা অন্যান্য মন্ত্ৰী,সাংসদ আদিৰ চৰকাৰী বাসগৃহসমূহ। ২৪ আকবৰ ৰোড বুলি ক’লে যেনেদৰে শাসনত থকা কংগ্ৰেছৰ মূখ্য কাৰ্য্যালয় হিচাবে জনা যায়,ঠিক সেইদৰে ১১ অশোকা ৰোড বুলি ক’লে মুখ্য বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয় হিচাবে জনা যায়। ঠিক সেইদৰে নতুন দিল্লীৰ চানক্যপুৰী হৈছে আন্ত:ৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰ, কাৰণ ইয়াতেই আছে দেশ বিদেশৰ ৰাষ্ট্ৰদূত সকলৰ কাৰ্য্যালয়। বিভিন্ন বিখ্যাত খাদ্য সম্ভাৰৰ বাবে বিখ্যাত দিল্লীত যিদৰে আপুনি চাঁদনী চৌকৰ ‘পৰাথেৱালী গলি’ত বিভিন্ন প্ৰকাৰৰ পৰঠা খাবলৈ পাব, ঠিক তেনেদৰে নিজামুদ্দিন আৰু নিউ ফ্ৰেণ্ডচ কলনীত বিচাৰি পাব ক্ৰমান্বয়ে মোগল ৰান্ধনীশালৰ বিৰিয়ানী আৰু প্ৰখ্যাত আফগান ৰন্ধন চাৱৰ্মা।
নিশাৰ দিল্লী (ফটোগ্ৰাফী : হিমজ্যোতি) 

বুৰঞ্জীপ্ৰসিদ্ধ দিল্লীয়ে ইতিমধ্যে লালকিল্লা, কুটুব মিনাৰ, পুৰাণা কিল্লা আদিৰে নিজৰ ঐতিহ্য শ শ বছৰ ধৰি বহন কৰি আছে যদিও যোৱা এশটা বছৰত দিল্লীয়ে পাইছে আধুনিকতাৰ পৰশ,বিশেষকৈ যোৱা এটা দশকত নতুন দিল্লীয়ে লাভ কৰিছে অত্যাধুনিক প্ৰযুক্তিৰে এক অভিনৱ ৰূপ। সময়ে সময়ে বিভিন্ন বিতৰ্কৰ বাবে ই শিৰোনামা দখল কৰি থাকে যদিও দিল্লীয়ে আপোনাক বুজি পাবলৈ হ’লে আপুনিও দিল্লীক বুজি পাব লাগিব। উত্তৰ ভাৰতীয়ৰ আতিশায্য. হত্যা, হিংসা, ধৰ্ষন আদিৰে দিল্লীয়ে প্ৰায়েই শিৰোণামা দখল কৰি থাকে। কিন্তু দিল্লীক যদি এখন সেউজ, মিশ্ৰ সাংস্কৃতিক অথবা তথ্য প্ৰযুক্তিৰে উন্নত এখন ৰাজধানী হিচাবে চোৱা যায় তেন্তে দিল্লীৰ এক বেলেগ ৰূপ প্ৰত্যক্ষ হ’ব। দিল্লীত যিয়েই বহুবছৰ ধৰি কটাইছে তেওঁলোকে হয়তো ইয়াৰ মোহৰ পৰা আঁতৰি থাকিব নোৱাৰে সেয়া লাগিলে দক্ষিণ ভাৰতীয় এগৰাকীয়েই হওঁক, এগৰাকী গুজৰাটীয়েই হওঁক, এগৰাকী মাৰাঠীয়েই হওঁক অথবা এগৰাকী অসমীয়াই হওঁক।

দিল্লীবাসী অসমীয়া সকলৰ বাবেও যেন নতুন দিল্লীখন এখন আপোন ঘৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি দিল্লীত থিতাপি লোৱা অসমীয়াৰ অসমৰ প্ৰতি থকা ভালপোৱা খিনি ঢালি দিয়ে এই দিল্লী মহানগৰীতে। অসমত যিদৰে মাঘৰ মেজি জ্বলে, দিল্লীতো জ্বলে অসমৰ বাপতি সাহোন মাঘ বিহুৰ মেজি,অসমত যেনেদৰে শংকৰদেৱৰ জন্মোত্সৱত খোল তালৰ শবদৰে ৰজন জনাই যায় নামঘৰ, দিল্লীতো প্ৰতিধ্বনিত হয় সেই খোলৰ শব্দ। কাৰণ হয়তো লাখ লাখ অসমীয়াৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মৰ সন্ধানত অহা সকলো লোকৰ দ্বিতীয়খন ঘৰেই হ’ল নতুন দিল্লী। আমাৰ সপোনৰ দিল্লী!

(বি:দ্ৰ: নতুন দিল্লী সম্পৰ্কে সম্পুৰ্ণ এক লেখা প্ৰস্তুত কৰাটো এক দুৰূহ কাম। এই লেখাটোৰে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ এক প্ৰয়াস কৰা হৈছে মাথোঁ। ১৯১১ চনৰ পৰা ২০১১ চনলৈহে লেখাটোৰ বিষয়বস্তু মুলত: কেন্দ্ৰীভূত কৰা হৈছে)

*আমাৰ অসমৰ পূৰ্বাচলত প্ৰকাশিত মোৰ লেখা এটাৰ ইউনিকোড ৰূপান্তৰণ

Friday, December 9, 2011

ভূপেন দাৰ কথাৰে গীতেৰে : সাক্ষাত্কাৰ

সাক্ষাত্কাৰটি শুনিবলৈ তলৰ প্লেয়াৰটোৰ প্লে বুটামটোত ক্লিক কৰক

video

Monday, December 5, 2011

প্ৰসংগ: অসমৰ বাহিৰত ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা


আজিৰপৰা কিছুদিনৰ আগতে চেন্নাইত সংঘটিত দুটা লোমহৰ্ষক হত্যাকাণ্ডই সকলোকে শিহৰিত কৰি তুলিছিল। লগতে চৰ্চিত হৈছিল অসমৰ বাহিৰত ছাত্ৰ ছাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰসংগটো, যিটোৰ ওপৰত প্ৰায়েই বিভিন্ন সময়ত আলোচনা হৈ থকা দেখা যায়। কিন্তু উপৰোক্ত হত্যাকাণ্ডৰ বাতৰি কেইটাই যেন সুৰক্ষাৰ প্ৰসংগটো লৈ অসমত এক বাৰুকৈয়ে জোঁকাৰণি তুলিলে

অসমৰ বাহিৰত থকা লোকসকল, বিশেষকৈ দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকল সঁচাকৈয়ে সুৰক্ষিতনে? কাকতে পত্ৰই প্ৰায়েই ওলাই থাকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত স্থানীয় তথা উত্তৰ ভাৰতীয় লোকসকলৰ আতিশায্যৰ বাতৰি। এনে ধৰণৰ বা-বাতৰিয়ে অভিভাৱক সকলক ভীতিগ্ৰস্ত কৰি তোলাটো স্বাভাৱিক কথা

ৰাজধানী চহৰ নতুন দিল্লীতো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকাসকলৰ ওপৰত স্থানীয় লোকৰ আক্ৰমণৰ বাতৰিও সময়ে সময়ে প্ৰকাশ হৈ থাকে। কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সুৰুঙাৰ সৃষ্টি হৈছে কিদৰে? নি:সন্দেহে উত্তৰ ভাৰতীয় লোকৰ মানসিকতা ইয়াৰ বাবে দায়ী, কিন্তু এযোৰা তাল অকলে বাজে জানো? অসমৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলেও হয়তো বহু ক্ষেত্ৰত নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজেই এক প্ৰশ্নবোধক চিহ্ণৰ সৃষ্টি কৰি লৈছে। প্ৰতিবছৰে বহুতো ছাত্ৰ ছাত্ৰী অসমৰ পৰা উচ্চ শিক্ষাৰ প্ৰয়োজনত নতুন দিল্লীলৈ আহে কিন্তু আমি এবাৰ ভাবি চাইছোনে যে এই বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী সকলৰ মাজত কিমান শতাংশ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক দিশত নিজৰ লক্ষ্যত উপনীত হয়?ইয়াৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মাদক দ্ৰব্য তথা বিভিন্ন অসামাজিক কাৰ্য্য কলাপত লিপ্ত হৈ নিজৰ শৈক্ষিক কেৰিয়াৰ ধ্বংসৰ দিশত অগ্ৰসৰ হয় কিন্তু ইয়াৰ বাবে দায়ী কোন? হয়তো পোনপ্ৰথমেই অভিযোগৰ আঙুলি উঠিব অভিভাৱক সকলৰ প্ৰতি নিজৰ সন্তানক দিল্লী, বাংগালোৰ, চেন্নাই আদিলৈ পঢ়িবৰ পঠিওৱাৰ গৌৰৱত উত্ফুল্লিত এই সকল অভিভাৱকৰ প্ৰায়ভাগেই পাহৰি যায় নিজৰ দায়িত্বৰ কথা। বেংক একাউণ্টত নিজৰ সন্তানৰ বাবে প্ৰতিমাহে এক বৃহৎ অংকৰ ধন ভৰাই দিয়াতেই যেন দায়িত্ব শেষ। অসমত এনে পিতৃ-মাতৃও লগ পাইছো যি নিজৰ সন্তানে দিল্লীত পঢ়ি আছে বুলিহে জানে,কিন্তু কোনখন শিক্ষানুষ্ঠানত কি বিষয় পঢ়ি আছে সেই বিষয়েই ভালদৰে জ্ঞাত নহয় এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে অভিভাৱকৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি বিভিন্ন অসামাজিক কাৰ্য্যকলাপত লিপ্ত হৈ বিপদত পৰাৰ সম্ভাৱনাই অধিক দেখা যায়,বাহিৰতবিশেষকৈ প্ৰেম সংক্ৰান্তীয় বিভিন্নঘটনাৰাজি,মাদক দ্ৰব্য আদিৰ প্ৰসংগতে বিভিন্ন ধৰণৰ অবাঞ্চিত ঘটনাবোৰ সংঘটিত হয়।

কিন্তু এতিয়া মূল প্ৰশ্নটো হল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বাহিৰত সুৰক্ষা প্ৰদান কৰিব কোনে? ইয়াৰ উত্তৰত ইয়াকে কওঁ, ছাত্ৰ ছাত্ৰীসকলে নিজৰ সুৰক্ষা আবেষ্টনী নিজেই তৈয়াৰ কৰি লব নোৱাৰিলে অইন কোনেও সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। দিল্লীত দীৰ্ঘ সময় ধৰি বাস কৰাৰ অভিজ্ঞতাৰ ভিত্তিত কওঁ সুৰ্য্যোদয়ৰ দিশ সলনি হ'লেও উত্তৰ ভাৰতীয় লোকসকলৰ মানসিকতাৰ কোনো পৰিবৰ্তন নহয়। কাৰণ এতিয়াও এক বৃহত্সংখ্যক উত্তৰ ভাৰতীয়ই অসম তথা উত্তৰ পূৰ্বাঞ্চলখন কোনো এক অজান্তিমূলকৰ ঠাই বুলিয়ে বিশ্বাস কৰে আৰু সেই দিশেৰে উত্তৰ পূৰ্বাঞ্চলবাসীৰ প্ৰতিও বেছিভাগ লোকেই এক বেলেগ দৃষ্টিভংগী প্ৰকাশ কৰে।

ছাত্ৰ ছাত্ৰী সকলে বাহিৰত কিবা অসুবিধাৰ সন্মুখীন হ'লে বিভিন্ন ছাত্ৰ কল্যাণ সংগঠন বোৰক জনাব পাৰে অথবা নিজৰ অভিভাৱক সকলৰ লগত আলোচনা কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত নিজেই আইন হাতত তুলি ল'বলৈ গৈয়ে বিভিন্ন অঘটন ঘটে। অভিভাৱক সকলো অলপ সচেতন হওঁক অসমৰ পৰা ফোন কৰি থকাতকৈ পাৰিলে বছৰত এবাৰ দুবাৰ নিজেই আহি নিজৰ সন্তানৰ খবৰ কৰক, শৈক্ষিক দিশৰ অগ্ৰগতিৰ বুজ লওঁক শিক্ষানুষ্ঠান সমূহৰ পৰা।
          
সুৰক্ষাৰ আবেষ্টনী নিজেই গঢ়ি ল'ব পাৰি, লাগিব মাথোঁ নিজৰ সচেতনতা। কিন্তু আমিও অলপ আত্মসমালোচনা কৰাটো প্ৰয়োজন। বিশেষকৈ অভিভাৱক সকলে অলপ আত্মসমালোচনা কৰক, নিজৰ সন্তানক বাহিৰত পঢ়াইছে হয়, কিন্তু কিমান খবৰ ৰাখিছে নিজৰ সন্তানৰ? টকাৰে সন্তানৰ ভবিষ্যত উজ্জল কৰাতকৈ অলপ সচেতনতাৰে কৰক নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত। 

*অসমীয়া খবৰ বাতৰি কাকতত প্ৰকাশিত মোৰ লেখা এটাৰ ইউনিকোড ৰূপান্তৰণ