Sunday, November 13, 2011

প্ৰসংগ : জুবিন গাৰ্গ


     এটি মহাজীৱনৰ নশ্বৰ দেহে এই ধৰা এৰি আঁতৰি গল। লক্ষ্য লক্ষ্য জনতাক কন্দুৱাই যোৱা এই মহান আত্মা গৰাকীৰ অন্তেষ্টিক্ৰিয়া কি শেষ হবলৈ পালেহে, শোকত স্তব্ধ অসমবাসীক জোকাৰি গজুবিন বিতৰ্কই। শোকে সকলোকে এক কৰি ৰখা অসমখন দুভাগত বিভক্ত হ জুবিন সমৰ্থক আৰু জুবিন বিৰোধী – দুটা শিবিৰৰ সৃষ্টি হল। আৰম্ভ হল তীব্ৰ তৰ্কাতৰ্কি। আৰু শেষত জুবিন গাৰ্গে ক্ষমা প্ৰাৰ্থনা বিচাৰি বিতৰ্ক শেষ কৰাৰ আহ্বান জনালে। আদৰণীয়!
     বিতৰ্ক আৰম্ভ হৈছিল ভূপেন দাৰ অন্তেষ্টিক্ৰিয়াত জুবিন গাৰ্গৰ পোচাকজোৰক লৈ। এটা হালধীয়া বৰণৰ গেঞ্জী, মুৰত এখন কাপোৰ ইত্যাদি ৰূপেৰে দেখা দিছিল সেই পবিত্ৰ অনুষ্ঠানটোত। মোৰ ব্যক্তিগত দৃষ্টিভংগীত সেয়া নি:সন্দেহে আছিল ভূপেন দাৰ প্ৰতি এক অসন্মান। কাপোৰে হয়তো শ্ৰদ্ধাঞ্জলিৰ মাপকাঠি নিৰ্ণয় নকৰে কিন্তু এগৰাকী ব্যক্তিয়ে ক, কেনেদৰে, কি পোচাক পৰিধান কৰিব লাগে সেয়া এক সাধাৰণ জ্ঞানৰ কথা। তাতে জুবিনৰ দৰে এজন লোকৰ কথা আৰু সুকীয়া হৈ পৰে। লগে লগে প্ৰতিবাদ কৰিছিলো ফেচবুকত। এই গোটেই ঘটনাটো উমি উমি জ্বলি থাকোতেই যদি জুবিন গাৰ্গে উক্ত কৰ্মৰ বাবে দুখ প্ৰকাশ কৰিলেহেঁতেন তেন্তে অসম নজ্বলিলেহেঁতেন। কাৰণ এনে এক শোকৰ পৰিবেশত জুবিনৰ সেই কৰ্মই জুবিনৰ প্ৰতি বিৰূপ ভাব প্ৰকাশ কৰাটো স্বাভাবিক কথা। জনপ্ৰিয় ব্যক্তিসকলে সমাজ জীৱনৰ প্ৰতিটো স্তৰতে ভদ্ৰতা প্ৰদৰ্শন কৰাটো অতিকে জৰুৰী। ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন দুটা বেলেগ বস্তু। সামাজিক দায়বদ্ধতাৰ কথা যেতিয়া কওঁ তাত ব্যক্তিগত চাল চলনৰ কথা আহিবই নোৱাৰে। জুবিন তেনেকুৱাই’, জুবিন এনেকুৱাই এইবোৰ কথা জনপ্ৰিয় এক সামাজিক জীৱনত কেতিয়াও খাপ নাখায়।
     ইয়াত কোনো সন্দেহ নাই যে জুবিন যোৱা দুটা দশক ধৰি অসমীয়া সংগীতত খোপনি পুতি থকা এক বিস্ময়কৰ কণ্ঠ। জুবিনৰ অসমীয়া সংগীতলৈ যি অৱদান সেয়া কোনোপধ্যেই নুই কৰিব নোৱাৰি। কিন্তু এনে এক কণ্ঠৰ অধিকাৰী এগৰাকীয়ে যেতিয়া মদ খাই মঞ্চত নিজকে বহুৱা সাজে লজ্জাত শিৰণত হওঁ। সেইবাবে মই জুবিনৰ মঞ্চ অনুষ্ঠান কেতিয়াও নাচাওঁ। তাতকৈ মিউজিক প্লেয়াৰত জুবিনৰ গান শুনি থকাই ভাল বুলি অনুভৱ কৰো। সন্মান পাবলৈ হ'লে সন্মান দিবলৈও শিকিব লাগিব। জুবিনে হয়তো নিজৰ ভুলৰ বাবেই বলিউডৰ সংগীতৰ পৰা অলপ হ'লেও আঁতৰি আহিবলগীয়া হৈছে। 'য়া আলি' গীতটোৰ পাছতে বলিউডত জুবিনে ভালদৰে খোপনি পুতি অসমৰ নাম উজলাব বুলি দৃঢ়বিশ্বাস আছিল। কিন্তু কিমান দূৰ সফল হৈছে জুবিন গাৰ্গ? বলিউডত হাজাৰ হাজাৰ শিল্পীয়ে গীত পৰিবেশন কৰে কিন্তু তাৰে মাজত কেইগৰাকী উজলি উঠে? কিন্তু জুবিন গাৰ্গে কেইটিমান গীতেৰে ইমান জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছতো কিছুমান উচ্ছৃংখল কৰ্মৰাজিৰ বাবে যেন সেই সুযোগ হেৰুৱাৰ উপক্ৰম ঘটিছে।
     কিন্তু এই গোটেই ঘটনাটোত সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া আছিল নিৰাশাজনক। সংবাদ মাধ্যমত এই ঘটনাৰ সংবাদ দিয়া হৈছিল অদ্ভুত ধৰণে। জুবিন গাৰ্গক ব্যক্তিগত ভাবে আক্ৰমন কৰি কিছুমান অদ্ভুত বিশেষণেৰে সম্বোধন কৰা হৈছিল যিটো গৰিহণাৰ যোগ্য আমিও বিচাৰো জুবিনে সদায় গাই যাওঁক পাখি, শব্দ,শিশু আদিত সন্নিবিষ্ট কালজয়ী গীত সমূহ। হৈ পৰক অসমীয়াৰ বুকুৰ কুটুম। জুবিন গাৰ্গৰ হাতত এতিয়াও বহু সময় আছে অসমীয়া সংগীতত নিজৰ আধিপত্য দীৰ্ঘদিন ধৰি বজাই ৰখাৰ। কিন্তু উচ্ছৃংখল এক সামাজিক জীৱন জুবিন গাৰ্গে ত্যাগ কৰক।আমিও বিচাৰো এক সুমধুৰ কণ্ঠেৰে অসমৰ পৰিচয় ভাৰতবাসীৰ আগত দাঙি ধৰাটো। 

ভূপেন দাৰ গীতত নাৰীমনৰ বহি:প্ৰকাশ


     ভূপেন দাৰ গীতত যিদৰে আছিল শোষণৰ বিৰুদ্ধে প্ৰতিবাদ, ঠিক সেইদৰে আছিল বিভিন্ন জনগোষ্ঠীয় সম্প্ৰীতিৰ বতৰা। কিন্তু প্ৰেম বিৰহ বাদ পৰি গৈছিল জানো তেওঁৰ গীতত? তেওঁৰ গীতত প্ৰতিফলিত হৈছিল নাৰী পুৰুষৰ মাজৰ দুৰ্দান্ত প্ৰেমৰ বতৰা অতি সাৱলীল তথা অমায়িকভাবে। কিন্তু কেৱল নাৰীৰ জীৱন প্ৰতিফলিত কৰি লিখা ভূপেন দাৰ গীতো কম নাছিল,ত নাৰী মনৰ অন্তৰ্দন্দ্ব, বেদনা, বিৰহ, উত্কণ্ঠা আদি অনেক ৰূপৰ বহি:প্ৰকাশ ঘটিছিল। ভূপেন দাৰ নাৰীবিষয়ক বহু গীতৰ মাজত মোৰ দৃষ্টিত তিনিটা সৰ্বশ্ৰেষ্ঠ গীত আছিল –
1.              গাঁৱৰে জীয়ৰী সপোন সুন্দৰী (কথা/সুৰ : ভূপেন হাজৰিকা; কণ্ঠ: গুনদা দাস কৌৰ)
গীতটিত প্ৰকাশ পাইছে অসমীয়া নাৰীৰ এক বাংময় ৰূপ। অসমীয়া নাৰীৰ সৌন্দৰ্য্য আৰু কৰ্মনিপুনতা গীতটিৰ কোঁহে কোঁহে। পিয়লী ফুকন কথাছবিৰ এই গীতটোৰ দৃশ্যায়নত অভিনেত্ৰী ইভা আচাওৰ লগত যেন সুন্দৰকৈ খাপ খাই পৰিছিল এই গীতটি।
2.               মালতী কথা এটি কওঁ শুনা (কথা/সুৰ : ভূপেন হাজৰিকা; কণ্ঠ: ঊষা মংগেশকাৰ)
মালতীক নিজৰ বিয়াৰ খবৰ দিয়াৰ লগে লগে যেন আৰম্ভ হৈছে এক কথোপকথন নিজৰ বিয়াখনক লৈ প্ৰস্তুতিৰ এক দূৰন্ত কল্পনা, যিটো নাৰীমনৰ এক সহজাত প্ৰবৃত্তি।
3.           নিজকে দেখি আজিকালি বেলেগ ভাব জাগে* (কথা/সুৰ: ভূপেন হাজৰিকা; কণ্ঠ: অঞ্জু দেৱী)
এগৰাকী কিশোৰীয়ে যৌৱনৰ দুৱাৰডলিত ভৰি দিয়াৰ এক বৰ্ণনা। নাৰীৰ মানসিক পৰিবৰ্তনৰ এনে বিৱৰণ চমকপ্ৰদ, সেয়াও এক পুৰুষৰ লিখনিত!
 *ইয়াত সংযোজিত গীতটিৰ কণ্ঠশিল্পী গৰাকী সংগীতা কাকতি

Friday, November 11, 2011

‘সুউচ্চ পাহাৰৰ শৃংগলৈ উঠা মই এক প্ৰেমিক অশ্বাৰোহী’

     সঁচাকৈয়ে যেন এক দুৰন্ত গতিৰে আৰোহণ কৰিছিল এক সুউচ্চ শৃংগ কাৰোবাৰ বাবে ভূপেন দা, কাৰোবাৰ বাবে ভূপেন মামা। গীতৰ জৰিয়তে অসমীয়া সংগীতত আলোড়ন সৃষ্টি কৰা এক কিংবদন্তিৰ জীৱন নাটৰ যৱনিকা পৰিল। কি এনে সন্মোহনী শক্তি আছিল এই গৰাকী ব্যক্তিৰ, যাৰ বাবে মৃত্যুৰ পাছতো লাখ লাখ লোকে শ্ৰদ্ধাঞ্জলি দিবলৈ উবুৰি খাই পৰিছিল?
     বহু বৰেণ্য ব্যক্তিৰ জীৱন কৰ্মৰাজিৰ বিষয়ে সাধাৰণতে ইতিহাসত পঢ়িছো অথবা শুনিছো। কিন্তু যোৱা প্ৰায় দুটা দশকৰ ভূপেন হাজৰিকাৰ কৰ্মৰাজি দেখিছিলো নিজ চকুৰে। সেই ইন্দ্ৰমালতীৰ যুগৰে পৰা বৰ্তমানলৈকে কি এক অবিশ্বাস্য যাত্ৰা! জীৱনৰ বিয়লি বেলাতো যি গীত গায়েই সৃষ্টি কৰিলে এক নজিৰ জ্যোতি-বিষ্ণুৰ সান্নিধ্যত যেন প্ৰাণ পাই উঠিছিল ভূপেন হাজৰিকাৰ সংগীত সাধনাৰ এক অনন্য ৰূপ। কি নাছিল ভূপেন দাৰ গীতত? শোষণ, বঞ্চনা, প্ৰতিবাদ, প্ৰেম, জীৱন দৰ্শন, কলা সংস্কৃতি আদি বিষয়বস্তুৰে আজীৱন গীত গাই গৈছিল, এই গৰাকী যাযাবৰে। সমাজ সংস্কাৰক হিচাবেও মই ভূপেন হাজৰিকাক শংকৰদেৱৰ পাছতে স্থান দিম,যি বৰ অসম খন একগোট কৰি ৰাখিবলৈ আপ্ৰান চেষ্টা কৰিছিল,গীতৰ মাজেৰে-
“The Galong of Siyang
The Khamti of Luit
The Wancho of Tirap
Why do they beckon to me”
যুগে যুগে শোষণ বঞ্চনাৰ বলি হৈ অহা বৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক ভূপেন হাজৰিকাই গীতৰ মাজেৰে দিছিল এক উচ্চ সন্মান।
     ভূপেন হাজৰিকাই আছিল হয়তো প্ৰথম শিল্পী যি গীতৰ মাজেৰে প্ৰকাশ কৰিছিল বিভিন্ন জাতি জনজাতিৰ মাজৰ একতাৰ শক্তিশালী বান্ধোন সৰ্বহাৰাৰ দুখ বুজি পোৱা এগৰাকী শিল্পী যাক কলিকতাত ডকাইতৰ দলেও ভৰিত ধৰি সেৱা জনাই বাট মুকলি কৰি দিছিল, এনে এগৰাকী শিল্পী যাৰ গীতে সিক্ত কৰিছিল নগা বিদ্ৰোহীৰ চকু, এনে এগৰাকী শিল্পী যাৰ গীতত শিহৰিত হৈ উঠিছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী মুজিবুৰ ৰহমান ভূপেন দাৰ নিজৰ ভাষাতেই “মই সময়তকৈ আগবাঢ়ি থাকো”, সঁচাকৈয়ে! পঞ্চাশ ষাঠি দশকত যিবোৰ কালজয়ী গীত তেখেতে ৰচনা কৰিছিল সেইবোৰ আছিল চমকপ্ৰদ। নিজে লিখি, সুৰ দি, নিজৰ কণ্ঠৰে হাজাৰ হাজাৰ গীত গাব পৰা এগৰাকী শিল্পী গোটেই বিশ্বতে কেইগৰাকী আছে? ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী যিয়ে গীত গাইছিল হাৰমনিয়াম, গীটাৰ,বাঁহী ইত্যাদি সাধাৰণ বাদ্যযন্ত্ৰৰে কিন্তু আজি সেই গীতবোৰেই শ্ৰোতাৰ কাণে কাণে।
     ভূপেন দা আছিল সমাজৰ সকলো শ্ৰেণীকে প্ৰতিনিধিত্ব কৰা মানুহ। ষাঠি দশকত বামপন্থী চিন্তাধাৰাৰে জনচেতনা উদ্ভাষিত হৈ থকা সময়তে লিখি উলিয়াইছিল “প্ৰতিধ্বনি শুনো মই” গীতটি,কিন্তু একে সময়তে চীনৰ বিশ্বাসঘাটকতাত লিখি উলিয়াইছিল “কতজোৱানৰ মৃত্যু হল” অসমৰ সামাজিক জীৱনক লৈ লিখা অসংখ্য গীতে এতিয়াও উদ্বুদ্ধ কৰি তোলে জাতীয় চেতনা। বিদেশী বিতাড়ণ আন্দোলনৰ দৰে বিষয়ক লৈ লিখা লুইতপৰীয়া ডেকা বন্ধু” য়েই হওঁক অথবা প্ৰেমৰউত্তাল তৰংগৰাজিৰে লিখা “দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ” গীতই হওঁক,ভূপেন হাজৰিকাৰ প্ৰতিটো গীততেই সোমাই আছে একো একোটা আত্মা। অন্যহাতে অতি সাধাৰণ কিছুমান বিষয় বস্তুৰে কালজয়ী গীত সৃষ্টিৰ এক জলন্ত উদাহৰণ হল “আকাশী যানেৰে উৰণীয়া মনেৰে” গীতটি। গীতটিত নাই কোনো জটিলতা, মাথো আছে এক ৰোমাঞ্চকৰ অভিযানৰ কাহিনী। বিমান তেজপুৰত অৱতৰণ কৰাৰ সময়ত উৰাজাহাজৰ গতিৰ লগতে যেন ভূপেনদাৰ গীতৰ গতি সমান হৈ গৈছে! সুৰৰ কি এক বিস্ময়কৰ পৰিভাষা। কেনেকৈ এটি কথোপকথন ভূপেন দায়ে আলফুলে সাজিছিল গীতৰ ৰূপত এইটো এটা মাথোঁ উদাহৰণহে।
     বহুদিনৰ আগতেই ভূপেন দায়ে অসম এৰি গুচি গৈছিল সমালোচনাৰ পাত্ৰ হৈছিল অসমক বিদায় দিয়া বাবে। কিন্তু তেওঁ ওলাই যোৱাৰ পাছত অসমৰ একো ক্ষতি নহ, বৰং উজলি উঠিল অসমৰ নাম বিশ্ব দৰবাৰত অসমীয়া সমাজৰ ঠেক গণ্ডিৰ মাজত নিজকে আৱদ্ধ কৰি ৰখাহেঁতেন হয়তো ভূপেন দায়ে আজি এই সন্মান নাপালেহেঁতেন কিন্তু অসমৰ পৰা আঁতৰি গৈয়ো জানো পাহৰি গল অসমক? দেহটোৱেহে বাস কৰিছিল মুম্বাইত,কিন্তু হৃদয়খন থৈ গৈছিল নিজৰাপাৰত। জীৱিত কালত এইগৰাকী শিল্পী কিমান যে সমালোচনাৰ সন্মুখীন হৈছিল তাৰ হিচাব নাই বিভিন্ন ব্যক্তিগত অৰু সামাজিক বিষয়ৰ বিতৰ্ক ইত্যাদিয়ে যেন তেওঁক কোঙা কৰি পেলাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু প্ৰতিটো বিতৰ্কতে একো ৰাজহুৱা মন্তব্য নিদি,যোগ্য প্ৰত্যুত্তৰ দিছিল গীতৰ মঞ্চত,গীতৰ মাজেৰে। আৰু তেনেবোৰ বিতৰ্কৰ সলনি জনপ্ৰিয় হৈ পৰিছিল গীতবোৰহে।
     এতিয়া মাথোঁ এক মহাশূণ্যতা। পঁচাশী বছৰীয়া গীতৰ মঞ্চখন যেন খালী হৈ পৰিল। হয়তো অসমত কোনো কালেই দ্বিতীয় এগৰাকী ভূপেন হাজৰিকা জন্ম নহয় মঞ্চ উকা কৰি আঁতৰি গল এগৰাকী কালজয়ী শিল্পী, কিন্তু মঞ্চত সদায় জ্বলি থাকিব ভূপেন দাৰ কথাৰ চাকীৰে, সুৰৰ তেলেৰে আৰু কণ্ঠৰ শলিতাৰে এক অক্ষয় বন্তি