Tuesday, October 18, 2011

একুকি গল্পৰে সাহিত্যৰ ভঁৰাল চহকী কৰা লেখিকা গৰাকী


পুৰণি আকাশৰ তৰা ২     

   অসমীয়া সাহিত্যলৈ নাৰীৰ অৱদান চিৰস্মৰণীয়। অতীজৰে পৰাই পুৰুষপ্ৰধান সমাজত নাৰীয়ে হাতত কলম তুলি লৈ সাহিত্যৰ যোগেদি নিজৰ আৱেগ অনুভূতিৰ বহি:প্ৰকাশ কৰি আহিছে। অসমত কেইবাগৰাকী নাৰীয়ে অসমীয়া সাহিত্যৰ পৃথিৱীখনত নিজৰ কলমৰ জোৰত খোপনি পুতি লবলৈ সক্ষম হৈছিল। ইয়াৰ মাজতে এগৰাকী আছিল – স্নেহ দেৱী, হয়তো অসমীয়া সাহিত্য জগতত কমকৈ চৰ্চিত এটি নাম কিন্তু অসমীয়া গল্প সাহিত্যত নাৰী চৰিত্ৰক এক শক্তিশালী ৰূপত উপস্থাপন কৰাত স্নেহ দেৱীৰ ভূমিকা আছিল অপৰিসীম।

    ১৯১৬ চনত যোৰহাটত জন্মগ্ৰহন কৰা স্নেহ দেৱীৰ পিতৃৰ নাম আছিল নন্দধৰ বৰুৱা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। মাত্ৰ পঞ্চম শ্ৰেণীতে তেখেতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি সৰু কালতে বিবাহপাশত আৱদ্ধ হয় ১৯৫৩ চনত জোৱাৰৰ পাছত নামৰ গল্পটো লিখি ৰামধেনুৰ যোগেদি আত্মপ্ৰকাশ কৰা স্নেহ দেৱীয়ে পোনপ্ৰথমবাৰৰ বাবে গল্পৰ পৃথিৱী খনত প্ৰৱেশ কৰে। ১৯৫৮ চনত তেখেতৰ প্ৰথমখন গল্প সংকলন কৃষ্ণা দ্বিতীয়াৰ জোনাক প্ৰকাশিত হয় স্বামীৰ মৃত্যুৰ পাছতো অসীম মনোবলেৰে কলম চলাই যোৱা স্নেহ দেৱীৰ আন এখন গল্প সংকলন প্ৰকাশ হয়, ১৯৮৭ চনত প্ৰকাশিত ,'স্নেহদেৱীৰ একুকি গল্প নামৰ এই গল্পসংকলন খনৰ যোগেদি তেখেতে কঢ়িয়াই আনিছিল ১৯৯০ চনৰ সাহিত্য অকাডেমী বঁটা। অৱশ্যে তেখেতক এই বঁটা মৰোণোত্তৰভাবে প্ৰদান কৰা হৈছিল মাত্ৰ চাৰিখন গল্পসংকলনেৰে অসমীয়া গল্প সাহিত্যত নিজৰ খোপনি পুতিবলৈ সক্ষম হোৱা এই নাৰীবাদী লেখিকা গৰাকীয়ে ১৯৯০ চনৰ ৫ অক্টোবৰ তাৰিখে যোৰহাটত ইহলীলা সম্বৰণ কৰে। 
(প্ৰসংগ পুথি: কথা বৰেণ্য)

Thursday, October 13, 2011

ইমান ধুনীয়া মুকুতাৰ মালা গঁঠা শিল্পী গৰাকী

পুৰণি আকাশৰ তৰা ১

     তাৰিকুদ্দিন আহমেদ, অসমীয়া সংগীত জগতৰ হেৰাই যাবলৈ ধৰা এটি নাম। হয়তো তাৰিকুদ্দিন আহমেদৰ নাম আমি এটি গীতৰ কাৰণেই কেতিয়াবা শুনিছো, ইমান ধুনীয়া মুকুতাৰ মালা,ত পালা তুমি দান...। কিন্তু আমি এইগৰাকী ব্যক্তিৰ বিষয়ে কিমান জানো?
      তাৰিকুদ্দিন আহমেদৰ জন্ম হৈছিল ১৯২৩ চনৰ ৪ নৱেম্বৰ তাৰিখে নগাওঁ জিলাত। পিতৃৰ নাম আছিল ম: চৰিফুদ্দিন আহমেদ আৰু মাতৃৰ নাম আছিল জেবিনা খাটুন। সৰুতে পিতৃহাৰা হোৱা তাৰিকুদ্দিন আহমেদৰ সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক আছিল অতিকৈ মধুৰ। ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতখনৰ  বিশিষ্ট সংগীতশিল্পী ওমকাৰ নাথ ঠাকুৰ, বড়ে গোলাম আলি খাঁ, ওস্তাদ ফায়াজ খাঁ আদিৰ সংগীতৰ প্ৰতি বাৰুকৈয়ে আকৰ্ষিত হৈছিল তাৰিকুদ্দিন আহমেদে নগাওঁৰ সংগীত জগতখনত তেখেতৰ সহযোগী আছিল মলিন বৰা, দূৰ্গাপ্ৰসাদ ভূঁঞা, ইক্ৰামুল মজিদ (পাৰবীন চুলতানাৰ পিতৃ) ইত্যাদি এইসকলৰ লগতে চলিছিল সংগীতৰ চৰ্চা। গীতৰ যোগেদি তাৰিকুদ্দিন আহমেদ শ্ৰোতাৰ মাজত প্ৰথম পৰিচিত হয়, কমলানন্দ ভট্টাচাৰ্য্যৰ গীত মোৰে ফুলনিতে উৰহি পখিলী,ফুলতে পাখি লগাই...” গীতটিৰ যোগেদি ১৯৪৮ চনত কলম্বিয়া কোম্পানীয়ে তেখেতৰ কণ্ঠত বাণীবদ্ধ কৰে এখন ৰেকৰ্ড (78RPM),ত বানীবদ্ধ হৈছিল তাৰিকুদ্দিন আহমেদৰ কালজয়ী গীত ইমান ধুনীয়া মুকুতাৰ মালা,ত পালা তুমি দান...’, যিটো গীত অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ গীতসমূহৰ ভিতৰতে ৰখা হয়। এই গীতটিৰ যোগেদিয়েই অসমৰ সংগীতপ্ৰেমী সকলৰ মাজত এক পৰিচিত নাম হৈ পৰে তাৰিকুদ্দিন আহমেদ। গীতটিৰ লেখক আছিল মলিন বৰা আৰু সুৰেৰে সজাইছিল দূৰ্গাপ্ৰসাদ ভূঁঞাই ইয়াৰ পাছতে তেখেতে ১৯৫৪ চনত আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী হিচাবে স্বীকৃতি লাভ কৰে তাৰিকুদ্দিন আহমেদে ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত পুবেৰু কথাছবিৰ সংগীত পৰিচালনাৰ দায়িত্বও পালন কৰিছিল। ১৯৯০ চনৰ ২৯ আগষ্টত এইগৰাকী মহান সংগীত শিল্পীয়ে ইহলীলা সম্বৰণ কৰে।

Friday, October 7, 2011

সলিল চৌধুৰী আৰু অসমীয়া গীত


     সলিল চৌধুৰী, হিন্দী কথাছবি জগতৰ এক সুৰীয়া নাম। পঞ্চাশৰ দশকৰ পৰাই সুৰীয়া ঢৌৰ সৃষ্টি কৰি অহা সলিল চৌধুৰী ভাৰতীয় সংগীত জগতৰ এগৰাকী পুৰোধ্য ব্যক্তি দো বিঘা জমীন কথাছবি খনেৰে হিন্দী কথাছবিৰ সংগীত জগতত ভৰি দিয়া সলিল চৌধুৰীয়ে প্ৰায় সত্তৰ খনৰো অধিক হিন্দী কথাছবিত সংগীত পৰিচালনা কৰিছিল। ইয়াৰ উপৰিও বাংলা, মালায়ালম, তামিল, তেলেগু, মাৰাঠী আদি বিভিন্ন আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহন কৰিছিল। অসমীয়া সংগীত জগতত সলিল চৌধুৰীৰ অৱদান খুবেই কম যদিও যি কেইটা গীতৰ সৃষ্টি কৰিছিল সেই কেইটি গীতত আছিল সুৰৰ অপূৰ্ব সমাহাৰ সলিল চৌধুৰীয়ে সুৰ সংযোগ ঘটোৱা কেইটিমান অসমীয়া গীত আছিল মন পছোৱা বা (কথা: ফনী তালুকদাৰ), কপৌপাহি (কথা: ফনী তালুকদাৰ), ফাগুন তোমাক জনালো নিমন্ত্ৰন' (কথা: অনুৰাধা দাস), ফাগুনৰে উতলা বা (কথা: অনুৰাধা দাস) ইত্যাদি। সলিল চৌধুৰীৰ প্ৰায় কেইটা অসমীয়া গীততেই কণ্ঠদান কৰিছিল তেখেতৰ পত্নী তথা সুকণ্ঠী গায়িকা সবিতা চৌধুৰীয়ে। উল্লেখযোগ্য যে সলিল চৌধুৰীৰ সংগীত পৰিচালনাৰে সমৃদ্ধ একমাত্ৰ অসমীয়া কথাছবিখন আছিল অপৰাজেয়’, যিখন চাৰি গৰাকী পৰিচালকে একেলগে পৰিচালনা কৰিছিল চতুৰংগ (ফনী তালুকদাৰ, অতুল বৰদলৈ, মুনীন বায়ন আৰু গৌৰী বৰ্মন) নামেৰে।

সলিল চৌধুৰীৰ সুৰত কেইটিমান অসমীয়া গীত: