Wednesday, September 28, 2011

'চিৰ চেনেহী মোৰ ভাষা জননী'

(গীতটি শুনিবৰ বাবে প্লে বুটামটোত ক্লিক কৰক)
 
      অসমীয়াৰ অতিকে আপোন 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটি ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই ১৯২৫ চনত। গীতটিত সুৰ সংযোজন কৰিছিল দৰ্পনাথ শৰ্মাই। ১৯২৯ চনত অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত এই গীতটিক অসম সাহিত্য সভাৰ সকলো অধিবেশনৰ উদ্বোধনী গীত হিচাবে স্বীকৃতি দিয়া হয়। সম্পূৰ্ণ গীতটিৰ কথা - 

চিৰ চেনেহী মোৰ ভাষা জননী
ধন্যে পুন্যে হৃত পাৱনী, আই
মিত্ৰদেৱ মহন্ত

প্ৰকৃতি পৰশ ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ফুৰে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী

সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি শুনা
শুনি বানী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি

জীৱনে মৰণে ৰণে লহৰী সুধাৰ
ৰসনা শিতানে বহি সিঁচা শতধাৰ
হেমোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা
দিয়া দিয়া দিয়া আই মধু ভাষিণী

Thursday, September 15, 2011

ভূপেন দাৰ কিছু বাংলা গীত

     ভূপেন দা, আমাৰ সকলোৰে প্ৰিয় ভূপেন দা। ভূপেন হাজৰিকা এটি মাথোঁ নামেই নহয়, অসমৰ এটি জাতীয় অনুষ্ঠান। কিন্তু ভূপেন দাৰ জনপ্ৰিয়তা কেৱল মাত্ৰ অসমতেই যে সীমাবদ্ধ হৈ আছিল সেয়া নহয় সেই ষাঠী সত্তৰ দশকতে ভূপেন দাৰ গীত সমূহ অসমৰ লগতে সমানেই প্ৰিয় হৈ পৰিছিল বংগবাসীৰ মাজতো। অসমীয়া কালজয়ী গীতৰ সুৰত ৰচিত হৈছিল বিভিন্ন বাংলা গীত, যিবোৰ এতিয়াও বাংলাভাষী সকলৰ মাজত সমানেই জনপ্ৰিয়। শিবদাস বন্দোপাধ্যায়, পুলক বন্দোপাধ্যায়, গৌৰীপ্ৰসন্ন মজুমদাৰ আদিয়ে অসমীয়া গীত সমূহ বাংলা ভাষালৈ ৰূপান্তৰ কৰি অসমীয়া গীতক যেন এক নতুন ৰূপত প্ৰতিষ্ঠা কৰে আৰু লগতে ভূপেন হাজৰিকাক কৰি তোলে বংগৰ বুকুৰ কুটুম। এই গীত সমূহৰ বেছিভাগতেই ভূপেন হাজৰিকাই নিজৰ কণ্ঠ নিগৰাইছিল যদিও, বহুতো গীত সেই সময়ৰ প্ৰসিদ্ধ বাংলা শিল্পী সকলে পৰিবেশন কৰিছিল। জনপ্ৰিয় হৈছিল তেওঁলোকৰ মধুৰ কণ্ঠত। তলত কেইটিমান গীত আগবঢ়ালো। ভূপেন হাজৰিকাৰ গীত, য'ত কন্ঠ নিগৰাইছে কেইবাগৰাকীও প্ৰসিদ্ধ সংগীত শিল্পীয়ে - 

Wednesday, September 14, 2011

অসমৰ নাট্যজগত আলোড়িত কৰা ভ্ৰাম্যমান থিয়েটাৰৰ সেই নাট সমূহ

     অসমত বৰ্তমান ভ্ৰাম্যমান থিয়েটাৰৰ বতৰ। অসমৰ ইমুৰৰ পৰা সিমুৰলৈ দৰ্শকক নাটকৰ সোৱাদ দিয়া অসমৰ ভ্ৰাম্যমান জগতখন গোটেই দেশৰ ভিতৰতে এক চৰ্চিত বিষয়। ষাঠীৰ দশকৰ পৰাই অসমৰ নাট্যপ্ৰেমী ৰাইজক কালজয়ী নাট উপহাৰ দি অহা এই নাট্যদলবোৰৰ সময়ৰ লগে লগে যেন ভালেখিনি পৰিৱৰ্তন আহিল। কিন্তু পাহৰিব পাৰি জানো সেই মহেন্দ্ৰ বৰঠাকুৰ, ভবেন্দ্ৰ নাথ শইকীয়া, ভবেন বৰুৱা আদিৰ সেই কালজয়ী নাটা সমূহ, যিবোৰ নাটে সেই সময়ত সৃষ্টি কৰিছিল অসমৰ নাট্য জগতত এক আলোড়ন।


     তলত নাট্যকাৰ সহ কিছুমান নাটকৰ নাম উল্লেখ কৰা হ'ল, যিবোৰ নাটে এটা সময়ত আলোড়িত কৰিছিল অসমৰ নাট্যজগতখন - 

  • শোণিত কুঁৱৰী (জ্যোতিপ্ৰসাদ আগৰৱালা) : পূৰ্বজ্যোতি থিয়েটাৰ 1966
  • তেজীমলা (প্ৰফুল্ল বৰা) : কহিনুৰ থিয়েটাৰ 1976
  • অসীমত যাৰ হেৰাল সীমা (প্ৰফুল্ল বৰা) : কহিনুৰ থিয়েটাৰ  1980
  • ৰামধেনু (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1981
  • পৃথিৱীৰ প্ৰেম (সুজিত সিংহ) : আৰাধনা থিয়েটাৰ 1981
  • অন্ধকূপ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1982
  • বন্দীশাল (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1982
  • কবৰ আৰু কংকাল (কুমাৰ কিশোৰ) : আৰাধনা থিয়েটাৰ 1982
  • ক্লিওপেট্ৰা (পদ্ম বৰকটকী) : কহিনুৰ থিয়েটাৰ 1982
  • মাটিৰ গাড়ী (অৰুণ শৰ্মা) : কহিনুৰ থিয়েটাৰ 1983
  • আম্ৰপালি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1983
  • মণিকূট (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1983
  • কনকলতা (ভবেন বৰুৱা) : অনিৰ্বান থিয়েটাৰ 1983
  • বালিঘৰ (সেৱাব্ৰত বৰুৱা) : অপ্সৰা থিয়েটাৰ 1984
  • নীলকণ্ঠ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1984
  • বিলকিচ বেগম (মহেন্দ্ৰ বৰঠাকুৰ) : আৱাহন থিয়েটাৰ 1984
  • নীলকণ্ঠ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1984
  • দধীচি (মহেন্দ্ৰ বৰঠাকুৰ) : মুকুন্দ থিয়েটাৰ 1985
  • হালধীয়া চৰায়ে বাওধান খায় (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1986
  • অমৃত (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1986
  • মকৰাজাল (মহেন্দ্ৰ বৰঠাকুৰ) : মুকুন্দ থিয়েটাৰ 1986
  • দীনবন্ধু (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1988
  • মুখ্যমন্ত্ৰী (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1988
  • অন্ধ দেৱতা (অৱতাৰ সিং) : আৱাহন থিয়েটাৰ 1990
  • গধুলি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1991
  • মহাৰণ্য (ভবেন্দ্ৰ নাথ শইকীয়া) : কহিনুৰ থিয়েটাৰ 1992
  • মুখাগ্নি (ভবেন বৰুৱা) : আৱাহন থিয়েটাৰ 1992
  • বেন হুৰ (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 1992
  • বৃন্দাবন (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1992
  • স্বৰ্গৰ দুৱাৰ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1993
  • নিয়ৰৰ ফুল (মুনীন বৰুৱা) : থিয়েটাৰ ভাগ্যদেৱী 1994
  • বলিয়া মেঘ (মহেন্দ্ৰ বৰঠাকুৰ) : উদয়ন থিয়েটাৰ 1994
  • সমুদ্ৰ মন্থন (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1995
  • অজাত শত্ৰু (মুনীন বৰুৱা) : আৱাহন থিয়েটাৰ 1996
  • পাণ্ডুলিপি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1996
  • ছাংলট ফেনলা (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1996
  • সাগৰলৈ বহু দুৰ (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 1996
  • চাবুক (মুনীন বৰুৱা) : শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ 1996
  • জ্বালামুখী (জিতেন শৰ্মা) : থিয়েটাৰ ভাগ্যদেৱী 1996
  • চাবুক (মুনীন বৰুৱা) : শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ 1996
  • স্বৰ্ণজয়ন্তী (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1997
  • গোলাম (মুনীন বৰুৱা) : থিয়েটাৰ ভাগ্যদেৱী 1997
  • নাস্তিক (সেৱাব্ৰত বৰুৱা) : হেঙুল থিয়েটাৰ 1997
  • তেজ (হেমন্ত দত্ত) : কহিনুৰ থিয়েটাৰ 1998
  • ৰম্যভূমি (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1998
  • বৰ্ণমালা (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1998
  • অচল সুঁতি (মহেন্দ্ৰ বৰঠাকুৰ) : হেঙুল থিয়েটাৰ 1998 
  • হাত (সেৱাব্ৰত বৰুৱা) : বৰদৈচিলা থিয়েটাৰ 1999
  • বিষ্ণুপ্ৰসাদ (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 1999
  • শতাব্দী (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 1999
  • সমীৰন বৰুৱা আহি আছে (অভিজিত ভট্টাচাৰ্য্য) : আৱাহন থিয়েটাৰ 2000  
  • অনুৰাধাৰ দেশ (হেমন্ত দত্ত) : কহিনুৰ থিয়েটাৰ 2000
  • শুভ সংবাদ (ভবেন্দ্ৰ নাথ শইকীয়া) : আৱাহন থিয়েটাৰ 2001
  • এমুঠি তৰাৰ জিলমিল (মহেন্দ্ৰ বৰঠাকুৰ) : থিয়েটাৰ প্ৰাগজ্যোতিষ 2001
  • আবেলিৰ ৰং (মহেন্দ্ৰ বৰঠাকুৰ) : কহিনুৰ থিয়েটাৰ 2002