Tuesday, July 19, 2011

ভুঁৱা বাতৰি আৰু সংবাদ মাধ্যমৰ কৰণীয়


         সেয়া আছিল ২০০৮ চনৰ কথা। এটা বাতৰিয়ে সমগ্ৰ অসমতে তোলপাৰ লগাইছিল। অৰ্ণব কাকতী নামৰ এগৰাকী ছাত্ৰৰ পদাৰ্থ বিজ্ঞানত লাভ কৰা অভাৱনীয় সাফল্যৰ বাতৰিয়ে অসমৰ বাতৰি কাকত সমূহত প্ৰথম পৃষ্ঠা দখল কৰিছিল। বাতৰিটো আছিল অৰ্ণৱ কাকতীৰ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাচাৰ দ্বাৰা সৰ্বকনিষ্ঠ বিজ্ঞানীৰূপে স্বীকৃতি আৰু পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ মনোনয়ন লাভৰ বাতৰি চাৰিওদিশে উত্ফুল্লিত হৈ উঠিছিল অসমৰ জনসাধাৰণ। কিন্তু কিছুদিনৰ পাছতে মুখা সুলকি পৰিছিল বাতৰিটোৰ। পৰিয়ালৰ তৰফৰ পৰা ভুৱা তথ্য পাতিৰে সংবাদ মাধ্যমত সংবাদ যোগান ধৰাৰ কথা প্ৰমানিত হৈছিল পৰৱৰ্তী পৰ্য্যায়ত। তথ্যৰ বিশ্লেষণ নকৰাকৈ পৰিবেশন কৰা বাতৰি এটাই যেন সমগ্ৰ সংবাদ ব্যৱস্থা এটাৰ ওপৰতে প্ৰচণ্ড মাধমাৰ এটা সোধালে।
          ইয়াৰ পাছতে বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমত কিছুমান বাতৰিয়ে সদায় প্ৰাধান্য লাভ কৰি আহিছে। আৰু এনে বাতৰিবোৰ সাধাৰণতেই হয় কিছুমান বিশেষ কৃতিত্বৰ। কিন্তু সেইবোৰ কৃতিত্ব অসমত নহয় ৰাষ্ট্ৰীয় অথবা আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ত লাভ কৰা কৃতিত্ব। কিন্তু ইয়াৰে কিছুমান কৃতিত্বৰ বিষয়ে আমি ভালদৰে চালিজাৰি চাওঁনে? বাতৰিকাকত এখনত যিখিনি প্ৰকাশ পায়, সেইখিনিকে হয়তো বহুতেই মানি লবলৈ বাধ্য হৈ পৰে। কাৰণ এটা বাতৰিৰ বিষয়ে ভালকৈ বিচাৰ বিশ্লেষণ কৰিবলৈ সময়, সামৰ্থ্য আৰু সুবিধাৰ অভাৱত বহু পঢ়ুৱৈয়েই বঞ্চিত হৈ থাকে সাংবাদিক এজনে পৰিবেশন কৰা বাতৰিটোকে সঁচা বুলি ভাবি লবলৈ এক প্ৰকাৰ বাধ্য হৈ পৰে।
          কিন্তু এতিয়া এটা প্ৰশ্ন হল সাংবাদিক সকলে কিমান সঁচা বাতৰি পৰিবেশন কৰে? সামাজিক, ৰাজনৈতিক বাতৰি সমূহ আঁতৰাই ৰাখি আমি যদি ব্যক্তিগত পৰ্য্যায়ৰ বাতৰি সমূহ ভালদৰে নীৰিক্ষণ কৰো তেন্তে দেখা যায়, ইয়াৰে কিছুমান বাতৰিয় ভুঁৱা হিচাবে পৰিগনিত হয়। বৰ্তমান সময়ত ইয়াৰ মাত্ৰাযেন বাঢ়ি গৈছে। কেইটামান উদাহৰণ দিওঁ, আজিৰ পৰা কেইমাহ মান আগতে অসমৰ এখন আগশাৰীৰ বাতৰি কাকতত জনৈক গগৈ উপাধিৰ এগৰাকী ছাত্ৰীৰ ঈৰ্ষণীয় সাফল্যৰ বাতৰি পৰিবেশন কৰা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ লগত ভোজ ভাত, অনিল আম্বানি, মুকেশ আম্বানিৰ লগত একেলগে উঠা বহা, ৱাৰেণ বাফেটে ছাত্ৰী গৰাকীৰ বাবে কাপোৰ এযোৰ লৈ অহা ইত্যাদি কি নাছিল বাতৰিটোত? যেন এটা কল্পলোকৰ কাহিনীহে পৰিবেশিত হৈছে। কিন্তু যেতিয়াই এই লেখকে সত্যাসত্য নিৰূপনৰ বাবে ইন্টাৰনেটৰ আশ্ৰয় ললে জোলোঙাৰ মেকুৰী ওলাই পৰিছিল। গোটেই বাতৰিটোৱেই যে ৰহণ সানি পৰিবেশন কৰা হৈছিল জলজল পটপট কৈ প্ৰতিষ্ঠিত হৈছিল। কিন্তু অসমৰ বহুতো লোকেই বাতৰিটো সঁচা বুলিয়েই ভাবি আছিল। তাৰ পাছতো বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ বাতৰি পৰিবেশন কৰি থকা হৈছে। কিছুদিনৰ আগতে অসমৰ সংবাদ মাধ্যমত বহু চৰ্চিত হৈ পৰা ফেচবুকৰ শংকৰদেৱ সংক্ৰান্তীয় এটা গোটত কিছুসংখ্যক জনপ্ৰিয় তাৰকাৰ ভুৱা প্ৰফাইলবোৰ গুৰুজনাৰ অনুগামী হিচাবে যোগ কৰি পৰিবেশন কৰা বাতৰিটোও জনসাধাৰণক বিপথে পৰিচালিত কৰা বাতৰিৰ অন্য এক উদাহৰণইয়াৰ পাছতে এটা বাতৰি পৰিবেশন হল শোণিতপুৰ জিলাৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ এজনে নকিয়া বেটাৰী তৈয়াৰ কৰি নকিয়াৰ দ্বাৰা উচ্চ পদবী লাভ কৰাৰ এটা ৰসাল বাতৰি। অথচ আমোদজনক ভাৱে নকিয়াৰ পৰা এই সম্পৰ্কে একো বাতৰিয়েই প্ৰচাৰ কৰা হোৱা নাই।
          এতিয়া প্ৰশ্ন হ, এনে ভুৱা বাতৰিবোৰ বিভাগীয় সম্পাদকৰ চকুৰ সন্মুখতে কিয় আৰু কেনেকৈ প্ৰকাশিত হয়? অতি দুখেৰে জনাওঁ, আমি তথ্য সংবাদৰ এই বিপ্লৱৰ যুগত, খোদ অসমৰ সংবাদ মাধ্যমেই এই বিপ্লৱত নিমজ্জিত হব পৰা নাই। যি সময়ত তথ্য প্ৰযুক্তিয়ে কেই ছেকেণ্ড মানৰ ভিতৰতে এটা বাতৰি সমগ্ৰ বিশ্বৰ চুকে কোনে বিলাই দিবলৈ কাৰ্য্যক্ষম হৈ উঠিছে, তেনে সময়তে অসমৰ সংবাদ মাধ্যম শুদ্ধ বাতৰি পৰিবেশনৰ ক্ষেত্ৰত যেন এতিয়াও বহু যোজন আঁতৰত। ওপৰত উদাহৰণ হিচাবে দিয়া বাতৰিবোৰ যে অসমৰ পঢ়ুৱৈ সমাজে খুউব আনন্দেৰে আদৰি লয় তাত কোনো দ্বিমত নাই। কাৰণ এই আনন্দদায়ক বাতৰিবোৰ বৰ্তমানৰ সমাজত সঘনে ঘটি ঋনাত্মক ঘটনাৰাজিৰ বিপৰীতে যেন এক মহৌষধ হিচাবেই কাম কৰে। ইয়াৰোপৰি বাতৰি এটা প্ৰকাশ হোৱাৰ পাছত সেইবোৰৰ অনুসন্ধান কৰাৰ কোনো যুক্তিয়েই নেদেখে পঢ়ুৱৈ সকলে। সাংবাদিক গৰাকীয়ে যে ভালদৰে চালিজাৰি চায়েই এটা বাতৰি পৰিবেশন কৰে সেই কথাত নিশ্চিত হৈ থাকে পঢ়ুৱৈ সকল। কিন্তু এগৰাকী সাংবাদিকে কিছুমান বাতৰি সঁচকৈয়ে চালিজাৰি অথবা অনুসন্ধান কৰি চাই পৰিবেশন কৰেনে?
          সাংবাদিক এগৰাকীৰ গৱেষণাৰ অভাৱৰ বাবেই এনেধৰণৰ ভুল তথ্যৰে ভৰা কিছুমান বাতৰি সঘনে প্ৰকাশিত হয়। কিন্তু এনেধৰণৰ বা-বাতৰিৰ বাবে কেৱল সাংবাদিক গৰাকীয়েই দায়ী নে?নিশ্চয় নহয়। কেৱল মাত্ৰ সেই স্থানীয় সাংবাদিক গৰাকীৰ গাত সম্পূৰ্ণ দোষ দি দিলে হয়তো আমাৰ ভুল কৰা হব। এক শৃংখলিত ৰূপত আমি যদি চাওঁ তেন্তে ভুল বাতৰি সাংবাদিক গৰাকীক দিয়া লোকসকল, বিনা অধ্যয়ন অথবা গৱেষণা নকৰাকৈ বাতৰি কাকতৰ কাৰ্য্যালয়লৈ বাতৰিটো পঠোৱা সাংবাদিক গৰাকী,কাৰ্য্যালয়ত বাতৰি নিৰ্বাচিত কৰা বিভাগীয় সম্পাদক গৰাকীও সমানে দায়ী নহয় জানো?
          যুগ সলনি হ, এটা সময় আছিল যেতিয়া হয়তো কিছুমান বাতৰি আমি সঁচা নে মিছা সেয়া জনাৰ কোনো উপাই নাছিল কিন্তু সময় সলনি হল। বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ বিপ্লৱত ইন্টাৰনেটৰ যোগেদি যিকোনো বাতৰিৰ সত্যতা যে মাত্ৰ কেইছেকেণ্ড মানৰ ভিতৰতেই আপোনাৰ হাতত পৰে, সেয়া আমাৰ সকলোৱেই হয়তো মানি লব। আজিকালি তিলটোকে তালটো কৰা মানুহে সমাজ চানি ধৰি আছে। যাক লাগে মাথোঁ প্ৰচাৰ। আৰু তাৰ বাবেই তেওঁলোকে ব্যৱহাৰ কৰে সাংবাদিকসকলক। আৰু যেতিয়া এটা বাতৰি ভুৱা হিচাবে প্ৰমাণিত হয়, তেতিয়া মাধমাৰটো পৰে সাংবাদিক গৰাকীৰ মূৰত।
          তেন্তে এই ভুঁৱা বাতৰিবোৰ বন্ধ কৰাৰ উপায় কি? কেনেকৈ গম পাব পাৰি বাতৰিবোৰৰ সত্য সত্যতা? ইয়াৰ বাবে প্ৰথমেই সাৱধান হব লাগিব স্থানীয় সাংবাদিক জন। কি তথ্যৰ আধাৰত বাতৰিবোৰ তেওঁক দিয়া হৈছে সেইবোৰ চালিজাৰি চোৱাটো একান্ত প্ৰয়োজনীয়। অলপ সন্দেহজনক যেন দেখিলেই কম্পিউটাৰ, ইন্টাৰনেট, টেলিফোনেৰে খবৰ লৈ বাতৰিৰ সত্যতা নিৰূপন কৰাটো খুবেই দৰকাৰ আৰু আজিকালি অসমতো এনেধৰণৰ সা সুবিধাবোৰ ইতিমধ্যে উপলব্ধ হৈছে। মাথোঁ সাংবাদিকগৰাকীক এই সুবিধাবোৰ বাতৰি পৰিবেশনত প্ৰয়োগ কৰিবলৈ এক উত্সাহৰ প্ৰয়োজন। বাতৰিকাকতৰ স্বত্বাধিকাৰীসকলেও কম্পিউটাৰ, ইন্টাৰেন্ট আদি পৰিচালনাৰ প্ৰশিক্ষণ আদিৰে স্থানীয় সাংবাদিক সকলক সহায় কৰিব পাৰে। ঠিক সেইদৰেই বাতৰি কাকতৰ কাৰ্য্যালয়তো এইবোৰ বাতৰি পুনৰ পৰীক্ষণ কৰাটো অতিকে জৰুৰী। আৰু কাৰ্য্যালয়ত যে কম্পিউটাৰ,ইন্টাৰনেট আজিৰ দিনত নাই সেয়া মনে নধৰে মাথোঁ পাচ মিনিট সময় খৰছ কৰিয়েই বাতৰিৰ সত্যতা নিৰূপন কৰিব পাৰি। আৰু আজিকালি অসমৰ প্ৰায়বোৰ বাতৰি কাকতেই বৰ্তমান ইন্টাৰনেটত উপলব্ধ সেইবাবে অসমৰ বাতৰিবোৰ এতিয়া মাথোঁ অসমতেই সীমাবদ্ধ হৈ থকা নাই প্ৰবাসী অসমীয়াসকলেও এতিয়া এই বাতৰি সমূহ লাভ কৰি থাকে। তাৰোপৰি ফেচবুক নামৰ ছচিয়েল নেটৱৰ্কিং চাইট যোগে এনেধৰণৰ বাতৰিবোৰ সঘনে প্ৰচাৰ হয়। ফলত এনেধৰণৰ কিছুমান বাতৰি দৃষ্টিগোচৰ হৈ অনুসন্ধান কৰিলেই জোলোঙাৰ মেকুৰী ওলাই পৰে।
          যোৱা কিছুদিনত এনেধৰণৰ বিভ্ৰান্তি মুলক বাতৰিবোৰে প্ৰায়েই বাতৰিকাকতৰ পৃষ্ঠা দখল কৰি আহিছে। যাৰ নাই কোনো সত্যতা,মাথোঁ কিছুমান আভুৱা ভৰা বাতৰি। আৰু যিবোৰ পঢ়ি আমি সেই নায়ক’, ‘নায়িকাসকলক বা: বা: দিওঁ। অসম অথবা অসমীয়াই কোনো দিশত ভাল কাম কৰি থাকিলে অথবা নিজৰ নিজৰ ক্ষেত্ৰখনত উজলি উঠিলে আমিও অসমীয়া হিচাবে গৌৰৱ অনুভৱ কৰো কিন্তু ভাল বাতৰি এটা দিয়াৰ নামত যে ভুঁৱা বাতৰি বোৰ প্ৰকাশিত হয়, সেয়া কেনেকৈ হজম কৰা যায়? ই যে কেৱল আমাকেই লাজত পেলাই এনে নহয়, এটা জাতিক বেলেগৰ সন্মুখত লাজত পেলোৱাৰ দৰে অৱস্থা হয়। অসমৰ বাহিৰত থাকি এইকথা মৰ্মে মৰ্মে উপলদ্ধি কৰোঁ,বিশেষকৈ যেতিয়া অনা অসমীয়া বন্ধুসকলে এনে ধৰণৰ বাতৰি বোৰ গম পায়,তেতিয়া আমি অসমীয়া জাতিটোৱেই যেন এক হাঁহিয়াতৰ পাত্ৰ হৈ পৰো।
          সেইবাবে বাতৰি কাকত সমূহে এই দিশটো যাতে গুৰুত্ব সহকাৰে লয়, ইয়াকে কামনা কৰিলো। কাৰণ এটা তোষামোদকাৰী ভুঁৱা বাতৰিৰে বা: বা: লব খোজা লোকসকলে যে পাছত তেওঁলোকৰ এই কাৰ্য্যৰ যোগেদি সম্পূৰ্ণ বাতৰি কাকত খনকেই যে এক হাঁহিয়াতৰ পাত্ৰ কৰি তোলে সেয়া অসমৰ প্ৰতিখন বাতৰি কাকতেই অনুভৱ কৰিব পাৰিব লাগিব

Wednesday, July 13, 2011

"আকাশ আমাক অকনি আকাশ দিয়া"

গীতিকবি নৱকান্ত বৰুৱা দেৱ ৰচিত দহটি কালজয়ী গীত:

আকাশে বতাহে ইমান সুৰৰ গুন গুন (বীৰেন্দ্ৰ নাথ দত্ত)
অ' ধুন ধুনীয়া মোৰ অকনমানি (বীৰেন্দ্ৰ নাথ দত্ত)
মুখত দুডাল দুবৰিবন (বীৰেন্দ্ৰ নাথ দত্ত)
মোৰ অকনমানি পুখুৰীটোৰ (বিউটি শৰ্মা বৰুৱা)
মই এটি দিনৰ জোনাকী (জ্যোতিষ ভট্টাচাৰ্য্য)
নিয়ৰৰে ফুল (ভুপেন হাজৰিকা)
ৰহিমলা ওৰণিৰ মাজেৰে (বীৰেন্দ্ৰ নাথ দত্ত)
আকাশ আমাক অকনি আকাশ দিয়া (বীৰেন্দ্ৰ নাথ দত্ত)
বতৰৰে গীত গাবলৈ (বীৰেন্দ্ৰ নাথ দত্ত)

Saturday, July 9, 2011

গুৰুজনাৰ নামত চলি থকা কাণ্ড কাৰখানাবোৰ

১৩ এপ্রিলত প্ৰকাশিত 'আমাৰ অসম'ৰ বাতৰি
     আজি কেইদিনমানৰ পৰা ফেচবুকত ঘটি থকা নাভুত নাশ্ৰুত ঘটনা কিছুমানে সকলোৰে চকু কঁপালত তুলিছে। ফেচবুকৰ বাতৰি সঘনাই বাতৰি কাকত সমূহত প্ৰকাশ পাই থকাটো আজিকালি নিত্য নৈমিত্তিক ঘটনা। কিন্তু কিছুদিন আগতে অসমৰ এখন আগশাৰীৰ বাতৰি কাকতত দুবাৰকৈ ১২ এপ্ৰিল আৰু ৪ জুলাই তাৰিখে যি বাতৰি প্ৰচাৰ কৰা হল সেই বাতৰি দেখি মুখৰ মাত হৰিল ১৩ এপ্ৰিলৰ বাতৰিটোত প্ৰকাশ হৈছিল যে বিশ্ববিখ্যাত পপ গায়িকা শ্বাকিৰাই ফেচবুকত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সম্বন্ধীয় গোট(Followers of Srimanta Shankardeva) এটাত গুৰুজনাৰ অনুগামী হিচাবে যোগদান (?) কৰিছে। হাঁহিত পেট বিষোৱা এটা বাতৰি। গল কথা গুচি। কিন্তু একে ধৰণৰ এটা বাতৰি সৌ সিদিনা ৪ জুলাই তাৰিখে পুনৰ একেখন কাকততে প্ৰকাশ হল। এইবাৰ এখোপ চৰা শ্বাকিৰাৰ লগত যোগ হল শচীন, যুৱৰাজ, হৃত্বিক ইত্যাদি। একেটা গোটৰ বাতৰি দুবাৰকৈ একেখন বাতৰি কাকতত ওলাল! সকলো বস্তুৰে সহ্যৰ এটা সীমা থাকে। এই মিছা বাতৰিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ যাৰ ফলত এই লেখকক সেই নিৰ্দিষ্ট গোটটোৰপৰা বহিষ্কাৰ কৰি দিয়া হ কেৱল বহিষ্কাৰেই নহয়, সম্পূৰ্ণ Block কৰি দিয়া হ, যাতে মই সেই গোটটো দৰ্শনো কৰিব নোৱাৰো।
     এতিয়া আহো ভুঁৱা প্ৰফাইল গোটটোত অন্তৰ্ভুক্তিৰ কথা। আমি ইন্টাৰনেৰ লগত জড়িত প্ৰায় সকলো লোকেই জানো যে ছচিয়েল নেটৱৰ্কিং চাইট ফেচবুকত ভুঁৱা প্ৰফাইল সমূহৰ দপদপনি সদায় বিৰাজমান। জনপ্ৰিয় ব্যক্তিসকলৰ নামত ভুঁৱা প্ৰফাইল খুলি প্ৰায়েই ৰাইজক আঁভুৱা ভৰা হয়। এই ভুঁৱা প্ৰফাইল সমূহ সেই গোটটোত অন্তৰ্ভুক্ত কৰি অসমৰ সহজ সৰল ৰাইজৰ মাজত এনেধৰণে বাতৰি প্ৰচাৰ কৰা হল যে শ্বাকিৰা,শচীন, হৃত্বিক আদিয়ে শংকৰদেৱৰ অনুগামী হিচাবে যোগ দিছে। যিগৰাকী ব্যক্তিয়েএই বাতৰিটো তৈয়াৰ কৰিছিল, তেওঁ এবাৰ হলেও অনুসন্ধান কৰি চাইছিলেনে যে এই প্ৰফাইলবোৰ সঁচা নে মিছা? ইয়াত কোনো দ্বি মত নাই যে অসমৰ খুব কমসংখ্যক সাংবাদিকৰহে ফেচবুক, ইন্টাৰনেট আদিৰ বিষয়ে গভীৰ জ্ঞান আছে। সাংবাদিক গৰাকীৰ ভুল সেইখিনিতেই।
     এতিয়া আহো গোটটোৰ প্ৰশাসক সকলৰ ভুমিকালৈ। যেতিয়াই ফেচবুকত প্ৰকাশিত এই বাতৰিবোৰৰ বিপক্ষে প্ৰতিবাদ হবলৈ ধৰিলে, ৰহস্যজনক ভাবে এইক্ষেত্ৰত তেওঁলোকে মৌন ব্ৰত ধাৰণ কৰিলে। বিষয়টো সাংবাদিকৰ ভুল বুলি ঠেলি দিবলৈ চেষ্টা কৰিলে। কিন্তু একেটা বাতৰি একেখন বাতৰি কাকতত দুবাৰকৈ প্ৰায় একধৰণে ওলোৱাটো কেৱল সাংবাদিকৰ ভুলেই নে? প্ৰশাসক সকলৰ মন্তব্য আছিল হাস্যাস্পদ তেওঁলোকৰ মতে কোনটো ভুঁৱা প্ৰফাইল কোনটো সঁচা প্ৰফাইল জনাৰ কোনো উপাই নাথাকে। তেওঁলোকে ইমানেই যদি বিভ্ৰান্তিত ভুগিছিল,তেন্তে সেই প্ৰফাইলবোৰৰ নামত বাতৰিটো প্ৰকাশ হলেই বা কিয়? প্ৰশাসক সকলে এটা ৰাজহুৱা স্পষ্টীকৰণ নিদিয়ে কিয় যে সেই বাতৰি তেওঁলোকে যোগান ধৰা নাছিল বুলি? জনপ্ৰিয় তাৰকাৰ ভুঁৱা প্ৰফাইলঅবোৰ যোগ কৰি যোৱা হৈছিল আৰু প্ৰশাসক সকলে সেয়া লাইক বুটামটো টিপি লাইককৰি গৈছিল।
     আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে আজিকালি ফেচবুকত এটা গোট খুলি আপুনি যিকোনো মানুহক তেওঁ গম নোপোৱাকৈয়ে যোগদান কৰাব পাৰে। অৰ্থাৎ আপুনি নজনাকৈয়ে আপোনাৰ অনুমতি নোহোৱাকৈও আপোনাক আনে কোনো গোটত সুমুৱাই দিব পাৰে। তেনেক্ষেত্ৰত দুই সহস্ৰাধিক লোকে যোগদান কৰাটো একো প্ৰচাৰ কৰিব লগীয়া বাতৰি নহয়। কিন্তু দুখ লাগিল ভুৱা প্ৰফাইল বোৰৰ নাম লৈ গুৰুজনাৰ বাতৰি প্ৰচাৰ কৰাটোক লৈহে। ইয়াতে এটা কথা ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে, প্ৰখ্যাত ব্যক্তি সকলৰ বেছি ভাগৰে নিজৰ কোনো ফেচবুক প্ৰফাইল নাথাকে। তেওঁলোকৰ সাধাৰণতে ফিচিয়েল অনুগামী পৃষ্ঠা (Official Fan Page) হে থাকে।
     এনেকুৱা বাতৰি এটা পঢ়ি অসমৰ যিসকল লোকৰ ইন্টাৰনেট জ্ঞান নাই, তেওঁলোক আৱেগিক হৈ যাব বুলি সহজেই অনুমেয় কিন্তু এনে বিচাৰ বিশ্লেষণ নকৰাকৈ পৰিৱেশন কৰা বাতৰিৰে মানুহৰ আৱেগক লৈ খেল খেলাৰ কিবা যুক্তি আছেনে? এই বাতৰিয়ে গুৰুজনাক তীব্ৰ অপমান কৰিলে। অসমৰ বাহিৰত থাকি হলেও অসম খন ভাল পাওঁ, গুৰুজনাক শ্ৰদ্ধা কৰো। আৰু গুৰুজনাক লৈ তৈয়াৰ কৰা এই মিছা বাতৰি পঢ়ি আমি বহুতো প্ৰবাসী অসমীয়া ইতিমধ্যে মৰ্মাহত হৈ পৰিছো। বিশ্ব দৰবাৰলৈ নিয়াৰ নামত জনপ্ৰিয় কিছুমান তাৰকাৰ ভুৱা প্ৰফাইল অনুগামী হোৱা বুলি দেখুৱাই নিন্দনীয় কাম এটা কৰা হল। অৰু আটাইতকৈ ডাঙৰ কথাটো হল এই গোটটোৰ লগত জড়িত হৈ আছে কেইবাগৰাকীও অতি উচ্চ শিক্ষিত ব্যক্তি। তেনেস্থলত এনে এনে ঘটনা অতি দুখলগা।
৪ জুলাইত প্ৰকাশিত 'আমাৰ অসম'ৰ বাতৰি
     আপোনালোকে হয়তো ভাবিছে ফেচবুকৰ সৰু ঘটনা এটা লৈয়ে তিলটোক তাল কৰা হৈছে। কিন্তু এই বিষয়টি বৰ্তমান ফেচবুকৰ পৰা ওলাই অসমৰ বাতৰি কাকত পালে। আৰু ৰাইজক মূৰ্খ সজোৱা হৈ আছে এনেদৰেই। গুৰুজনাক লৈ এনে নিকৃষ্ট মানৰ বাতৰি প্ৰকাশ কৰাৰ অধিকাৰ কোনে পালে?ফেচবুকৰ সাধাৰণ এটা গোটৰ প্ৰচাৰৰ নামত কিছুমান ভুঁৱা লোকক লৈ গুৰুজনাক সাঙোৰা হ ইয়াৰ প্ৰতিবাদ নহব কি যুক্তিত?গুৰুজনাক কৰা এনে অপমান কেতিয়াও সহ্য কৰা নহ

Sunday, July 3, 2011

কোক ষ্টুডিঅ’ ত বিহুৰ জয়যাত্ৰা


      
    বিহুৰ সুদিন যেন পুনৰ ঘূৰি আহিছে। ইমান পুৰণিদিনীয়া অসমীয়া গীত মাত বোৰ যেন পুনৰ প্ৰাণ পাই উঠিছে। দিল্লীত এম টিভিৰ ডাঙৰ ডাঙৰ হোৰ্ডিং বোৰত যেতিয়া খগেন গগৈৰ একক চিত্ৰ সম্বলিত বিজ্ঞাপন বোৰ দেখা যায়, তেতিয়া যেন অসমীয়া সংস্কৃতিৰ জাকত জিলিকা প্ৰতিচ্ছবি এখন ভাঁহি আহে। এম টিভিয়ে আৰম্ভ কৰা কোক ষ্টুডিঅশীৰ্ষক অনুষ্ঠানত বিহুক যি প্ৰাধান্য দিয়া হৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। সোমনাথ বৰা, খগেন গগৈ, মৌচম গগৈ আদি বিহু শিল্পী সকলে কোক ষ্টুডিঅ ত যিবোৰ গীত পৰিৱেশন কৰিছে সেইবোৰে ইতিমধ্যে অসমৰ বাহিৰৰ লোকসকলৰ মাজত বিহুৰ এক সুকীয়া পৰিচয় ডাঙি ধৰিছে।