Tuesday, June 28, 2011

অসমৰ বৰ্তমান পৰিস্থিতি আৰু সংবাদ মাধ্যম

     সংবাদ মাধ্যম সমূহৰ কাম কি? আমি হয়টো পোনচাতেই ক'ম, বাতৰি পৰিবেশন কৰা। কিন্তু আজিৰ সংবাদ মাধ্যম সমূহ বাতৰি দিয়াতেই ক্ষান্ত হৈ আছেনে? বহুতো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেৱল সংবাদ দিয়াতেই ক্ষান্ত হৈ নাথাকি নিজৰ মতামত প্ৰকাশ কৰিবলৈ যায়। যাৰ ফলত বিভ্ৰান্তিত ভোগে দৰ্শক সকল। প্ৰতিটো সংবাদ চেনেলৰে ৰাজনৈতিক মতামত ভিন ভিন। ফলত নিজৰ মতামত প্ৰতিষ্ঠিত কৰিবলৈ গৈ আশ্ৰয় ল'বলগীয়া হয় বহুতো নিম্ন খাপৰ বাতৰিৰ।
     অসমতো যেন এখন অনুৰূপ ছবি। হয়তো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতকৈও এখন ভয়াবহ ছবি। অসমত হঠাতে আৰম্ভ হোৱা বাতৰি চেনেল সমূহৰ দপদপনিত যেন অসমৰ ৰাইজ দিশহাৰা হৈ পৰিছে। বাতৰি চেনেল সমূহৰ তীব্ৰ বিভ্ৰান্তিমূলক বাতৰিত যেন আজি অসমৰ ৰাইজ বিভ্ৰান্ত। ক্ষমতাত অধিষ্ঠিত কোনো মন্ত্ৰীৰ যেতিয়া নিজৰ এটা বাতৰি প্ৰতিষ্ঠান থাকে, নিশ্চিতভাৱে সেই বাতৰি চেনেলটোৰ পৰা আমি চৰকাৰৰ বেয়া কথাবোৰ কেতিয়াও দেখিবলৈ নাপাওঁ। সদায় ভালটোকই দেখি থাকিম। কিন্তু বেয়াটোক ভাল অথবা ভালটোক বেয়া কৰিবলৈ গৈ যেতিয়া কিছুমান মিথ্যা তথা উচটনি মুলক বাতৰি পৰিবেশন কৰা হয়, তেতিয়া আপুনি কি ক’ব? তেতিয়াও আপুনি সমৰ্থন কৰি থাকিবনে চকুত ক’লা কাপোৰ বান্ধি? অসমৰ পৰিস্থিতি বৰ্তমান উত্তপ্ত। সৌ সিদিনা দিছপুৰত ঘটি যোৱা ঘটনাটোৰ পৰা পৰিস্থিতিয়ে জলন্ত ৰূপ ধাৰণ কৰিছে। তিনিজনকৈ লোক গুলীবিদ্ধ হ’ল। ইয়াৰ বাবে দায়ী কোন সেয়া আইনে নিৰ্ধাৰণ কৰিব (যদিও আমি এই ক্ষেত্ৰত এক সম্পূৰ্ণ এক পক্ষীয় আইন দেখা পাইছো)। আগতে কোৱাৰ দৰে সকলো বাতৰি প্ৰতিষ্ঠান কিছুমান নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শেৰে অনুপ্ৰানিত। কিন্তু আমি দেখা পাইছো, অসমৰ এটা নিৰ্দিষ্ট বাতৰি চেনেলে যেন দিগ বিদিগ হেৰুৱাই হকে বিহকে কিছুমান নিম্নখাপৰ বাতৰি পৰিবেশন কৰি আছে। ভাষাৰ অপপ্ৰয়োগ, অতি নিম্নখাপৰ শব্দৰ প্ৰয়োগ আদিয়ে যেন সীমা চেৰাই গৈছে। বিষয় : অখিল গগৈ। হয়, অখিল গগৈক আক্ৰমণ কৰিবলৈ গৈ যেন শালীনতাৰ সকলো সীমা চেৰাই পেলোৱা হৈছে। কিন্তু এটা বাতৰি চেনেল শালীনতাৰ এটা পৰিধিৰ মাজত থকাটো অতিকে প্ৰয়োজনীয়। অখিল গগৈ দোষী হয়নে নহয় সেয়া বিচাৰ কৰিবলৈ ৰাইজ আৰু আইন আছে।
     বৰ্তমান দেখা গৈছে অসমীয়া সমাজ দুটা ভাগত বিভক্ত। অখিল সমৰ্থক আৰু অখিল বিৰোধী। ভৱিষ্যতৰ পৰিস্থিতিলৈ ই যেন এক ভয়াবহ ইংগিত। ইয়াত অৰিহণা যোগাইছে অসমৰ সংবাদ মাধ্যম সমূহে। বিষয়বস্তু এটাত জনসাধাৰণৰ সমৰ্থন তথা বিৰোধ থকাটো স্বাভাৱিক। কিন্তু সেই বিৰোধ অথবা সমৰ্থন উগ্ৰ আৰু অন্ধ হ’ব নালাগে। কিন্তু কিছুমান অপ্ৰাসংগিক বাতৰিয়ে যেন সমাজখনক দুটা ভাগত বিভক্ত কৰি জনসাধাৰণক উগ্ৰ কৰি তুলিছে। ৰজাঘৰীয়া-প্ৰজাঘৰীয়া সকলো সংবাদ মাধ্যম বাতৰি পৰিবেশন কৰোতে সাৱধান হওঁক। কেৱল বাতৰি পৰিবেশন কৰক, ঘটনাৰ সমৰ্থন অথবা বিৰোধৰ বিশ্লেষণ নহয়। বিশ্লেষণ অসমৰ ৰাইজে নিজেই কৰি ল’ব। অসমৰ ৰাইজৰ নিজৰ বিচাৰ বুদ্ধিৰে প্ৰতিটো ঘটনাৰ বিশ্লেষণ কৰিব পৰা ক্ষমতা আছে। সমাজখন দুভাগত বিভক্ত কৰি ধবংসৰ মুখলৈ ঠেলি নিদিয়ে যেন। নহ’লে অদূৰ ভৱিষ্যতে অসমৰ পৰিস্থিতি যদি আৰু বেয়াৰ ফাললৈ ঢাল খাই তেন্তে ইয়াৰ বাবে চৰকাৰ অথবা অইন কোনো শক্তিতকৈ বেছি দায়ী হ’ব অসমৰ সংবাদ মাধ্যম। কাৰণ জ্বলা জুইত ঘিঁউ ঢালিলে জুই দপদপাই জ্বলি উঠে।

Saturday, June 18, 2011

অসমৰ প্ৰথমগৰাকী মহিলা কথাছবি পৰিচালক : সুপ্ৰভা দেৱী




     অসমীয়া কথাছবি জগতত নাৰীৰ অৱদান চিৰস্মৰণীয়। সেই তাহানিতে আইদেউ সন্দিকৈয়ে 'জয়মতী' ত অভিনয় কৰি যি সাহসৰ পৰিচয় দিছিল সেয়া আছিল অবিস্মৰণীয়। জ্যোতিপ্ৰসাদে আৰম্ভ কৰা অসমীয়া কথাছবিৰ স্বৰ্ণিল পথটোত বিভিন্ন পৰিচালকে নিজৰ কীৰ্তিৰে প্ৰস্তুত কৰিছিল ভিন্ন ভিন্ন ছন্দৰ অলেখ কথাছবি। কিন্তু জ্যোতিপ্ৰসাদৰ জয়মতী নিৰ্মান হোৱাৰ প্ৰায় পাঁচোটা দশকলৈকে কোনো মহিলা আগবাঢ়ি অহা নাছিল যি এখন কথাছবি পৰিচালনাৰ ভাৰ ল'ব। সেই সময়ৰ কটকটীয়া সামাজিক বান্ধোনে এই কাম কৰিবলৈ মহিলা সকলক অনুমতি দিয়াৰ ক্ষেত্ৰত এক বাধাৰ প্ৰাচীৰ হিচাবে থিয় দিছিল কিন্তু তেনে এক সময়তে এগৰাকী মহিলা আগবাঢ়ি আহিছিল এখন কথাছবি পৰিচালনা কৰিবলৈ। কথাছবি খনৰ নাম আছিল – নয়নমনি। পৰিচালিকা গৰাকী আছিল সুপ্ৰভা দেৱী। গোলাঘাটৰ জীয়ৰী আৰু যোৰহাটৰ জে বি কলেজত শিক্ষা সমাপ্ত কৰা সুপ্ৰভা দেৱী আছিল টেবুল টেনিচৰ এগৰাকী চেম্পিয়ন খেলুৱৈ। স্নাতক শিক্ষাৰ পাছতেই ১৯৬০ চনত তেখেত বিবাহ পাশত আৱদ্ধ হয় কোঁচ ৰাজবংশৰ দ্বিজেন্দ্ৰ নাৰায়ন দেৱৰ সৈতে। কোঁচ ৰাজপৰিয়ালৰ বোৱাৰী হিচাবে সুপ্ৰভা দেৱীয়ে এক নতুন পৰিচয় লাভ কৰে। দ্বিজেন্দ্ৰ নাৰায়ন দেৱ আছিল এগৰাকী কলাপ্ৰেমী ব্যক্তি। কথাছবি নিৰ্মানত তেওঁৰ ধাউতি আছিল অসীম। আৰু সেই ধাউতিয়ে পুৰ্ণ ৰূপ পায় ১৯৭১ চনত মুক্তি প্ৰাপ্ত কথাছবি যোগ বিয়োগ ৰ যোগেদি। সুপ্ৰভা দেৱী আছিল কথাছবিখনৰ প্ৰযোজিকা। তাৰ পাছতে তৰামাই, মৰমী আৰু ৰাংঢালী কথাছবি কেইখনৰ প্ৰযোজিকা হিচাবে দায়িত্ব পালন কৰে। ৰাংঢালী কথাছবি খনৰ কাম চলি থাকোতেই স্বামীৰ অকাল বিয়োগ ঘটাত ছবি খনৰ পাছৰ কাম খিনি তেখেতে সাহসেৰে অকলেই চম্ভালিব লগীয়া হৈছিল। ১৯৮৩ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে হাত দিয়ে কথাছবি পৰিচালনাৰ কামত ছবিখনৰ নাম আছিল নয়নমনি। চাৰিটা প্ৰিন্টেৰে কথাছবিখনে মুক্তিলাভ কৰিছিল অসমৰ বিভিন্ন প্ৰেক্ষাগৃহত কথাছবিখন যদিও খুব এটা জনপ্ৰিয় হোৱা নাছিল,তথাপি এটা মধ্যমীয়া ব্যৱসায় কৰিছিল। কিন্তু এই চলচ্চিত্ৰ খনেই অসমীয়া কথাছবি জগতত সংযোগ কৰে অসমৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম, সুপ্ৰভা দেৱী হিচাবে। নয়নমনিৰ পাছতে সৰবজান (১৯৮৫) নামৰ অইন এখন অসমীয়া কথাছবিৰ পৰিচালিকা হিচাবে আছিল সুপ্ৰভা দেৱী এইগৰাকী মহিলাই হয়তো জীৱিতকালত অসমীয়া সমাজখনৰ পৰা যিখিনি স্বীকৃতি পাব লাগিছিল সেইখিনি নাপালে, ইয়াৰ বিপৰীতে তেখেতৰ কৰ্মৰাজি যেন পাহৰণিৰ গৰ্ভতে লীন যাবলৈ ধৰিছে। আৰু এদিন তেনেকৈয়ে যোৱা ১৪ জুন তাৰিখে নীৰৱে আঁতৰি গুচি গল, সুপ্ৰভা দেৱী।

Monday, June 13, 2011

আহোম যুগৰ পুখুৰী খন্দা পদ্ধতি


  আহোম যুগত নিৰ্মিত বিভিন্ন স্থাপত্যশিল্পৰ নিৰ্মানশৈলীবোৰ আছিল চমকপ্ৰদ তেতিয়াৰ দিনতে সম্পূৰ্ণ বৈজ্ঞানিক বিশ্লেষণেৰে নিৰ্মিত স্থাপত্য শিল্পকলাই আজিও জনসাধাৰণৰ মনত ব্যাপক কৌতুহলৰ সৃষ্টি কৰে। আহোম যুগৰ বিভিন্ন নিৰ্মাণ কাৰ্য্য সমূহৰ ভিতৰত এটা বহুচৰ্চিত বিষয় আছিল – পুখুৰী খন্দা পদ্ধতি। আহোম যুগৰ পুখুৰী সমূহৰ উল্লেখযোগ্য বৈশিষ্ট্যটোৱেই হল বাৰিষা আৰু খৰালি পুখুৰীত পানীৰ সম মাত্ৰা। মাটিৰ ভাৰসাম্যতা, মাটিৰ গুনাগুন আদিৰ বৈজ্ঞানিক  বিশ্লেষণ সমূহৰ পাছতহে পুখুৰী খন্দা হৈছিল। ইয়াৰ বাবে মাটি চেলেকা নামৰ বিষয়া এগৰাকীয়ে পুখুৰী খান্দিবলগীয়া ঠাই খিনিৰ মাটি চেলেকি মাটিৰ গুনাগুণ পৰীক্ষা কৰিছিল সেই ঠাইখিনিতে ৰাতি কিছুমান খুঁটা সংস্থাপিত কৰি, প্ৰতিটো খুঁটাত এটা এটা মাটিৰ চাকি জ্বলোৱা হৈছিল যিখিনি ঠাইত চাকিবোৰ বিনা বতাহত নুমাই যায়, সেইখিনি ঠাইত এটা চিহ্ন দি তাতে মাটিৰ তলি ফুটুওৱা হৈছিল, য'ৰ পৰা নিৰ্গত হৈছিল পানী। পুখুৰীৰ ভিতৰৰ ফালে তিনি খলপীয়াকৈ দ কৰা হৈছিল আৰু বাহিৰ ফালে খাৱৈ খান্দি ভেঁটা দিয়া হৈছিল। পুখুৰীৰ পাৰৰ মাটি হাতীৰে গছকাই গুড়ি কৰি এনেভাৱে ইয়াক প্ৰস্তুত কৰা হৈছিল যাতে পুখুৰীৰ পানী বাহিৰলৈ ওলাই আহিব নোৱাৰে। এই সমগ্ৰ পুখুৰী খন্দা পদ্ধতিৰ তদাৰকৰ দায়িত্ব দিয়া হৈছিল দৰৱধৰা বৰুৱা নামৰ এগৰাকী বিষয়াক।

মালতীক বিয়াৰ বাতৰি জনোৱা গীতটি


অসমীয়া সংগীতত নাৰী জীৱনৰ প্ৰতিফলন সততে দেখা পোৱা যায়। সেয়া লাগিলে জ্যোতিপ্ৰসাদৰ গীতেই হওঁক অথবা ৰুদ্ৰ বৰুৱা নতুবা ভূপেন হাজৰিকাৰ গীতেই হওঁক। নাৰী জীৱনৰ সুখ, দুখ, হাঁহি, কান্দোন আদিৰে উদ্ভাসিত অসমীয়া গীত সমূহৰ মাজত এটা গুৰুত্বপুৰ্ণ বিষয়বস্তু হৈছে বিবাহ। বৈবাহিক জীৱনৰ আৰম্ভণিতে এগৰাকী নাৰীৰ অন্তৰত উদ্ভাসিত মনৰ উগুল থুগুলবোৰ প্ৰতিফলিত হৈছিল বহুতো কালজয়ী অসমীয়া গীতৰ মাজেৰে। দীপালি বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক', বিউটি শৰ্মা বৰুৱাৰ 'দাপোনমতী', 'টোপ টোপ ৰভাতলী' আদি অসমীয়া সংগীতৰ জনপ্ৰিয় গীত সমূহৰ মাজতে অন্যতম। অন্যান্য গীত সমূহৰ মাজতে ভূপেন হাজৰিকা ৰচিত আৰু ঊষা মংগেশকাৰৰ কণ্ঠত 'অ' মালতী কথা এটি কওঁ শুনা কাণ পাতি' গীতটোও জনপ্ৰিয় গীত সমূহৰ মাজতে অন্যতম, যদিও এই গীতটি বৰ্তমান সিমান উপলব্ধ নহয়। গীতটিৰ মাজেৰে ফুটি উঠিছে এগৰাকী নাৰীৰ মনৰ প্ৰাক বৈবাহিক প্ৰস্তুতি।

Sunday, June 5, 2011

প্ৰসংগ : দুৰ্নীতি বিৰোধী আন্দোলন


     বৰ্তমান ভাৰতবৰ্ষৰ জনগন এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ মাজেৰে গতি কৰিছে। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চলি থকা আন্দোলন সমুহে প্ৰত্যেক দিনাই নিজৰ ৰূপ সলনি কৰি আছে। চৰকাৰ-দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতা সকলৰ মাজৰ বাক যুদ্ধ, ব্যক্তিগত খণ্ডৰ বাতৰি চেনেল সমূহৰ নিজস্ব মতামত আদিয়ে, জনসাধাৰণৰ মাজত তীব্ৰ বিভ্ৰান্তি মূলক অৱস্থাৰ সৃষ্টি কৰিছে। কিন্তু এনে বিভ্ৰান্তিবোৰৰ সৃষ্টি হৈছে কিয়? এইবোৰৰ আঁৰত উদ্দেশ্য প্ৰণোদিত এক অপশক্তিৰ হাত থকা বুলি অনুভৱ নহয়নে?
     আন্না হাজাৰেই যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে এক ব্যাপক আন্দোলন গঢ়ি তুলিছিল, তেতিয়াই গোটেই ভাৰতবৰ্ষতে সৃষ্টি হৈছিল এক ব্যাপক জনজাগৰণ। যাৰ ফলত চৰকাৰে লোকপাল বিধেয়ক খন শক্তিশালী ৰূপত আনিবলৈ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া চালে বেৰে কোবোৱা কথাৰে যেন সেই প্ৰতিশ্ৰুতি ভংগ কৰিছে। প্ৰধানমন্ত্ৰী, সাংসদ আৰু কিছুমান বিষয়াক ইয়াৰ আওঁতালৈ আনিব নোৱাৰাৰ কথা কৈছে চৰকাৰে। কিন্তু কিয়? এখন দেশৰ প্ৰধানমন্ত্ৰী দেশৰ ভগৱান জানো? গণতান্ত্ৰিক দেশত প্ৰজায়েই ৰজা। তেনেস্থলত প্ৰধানমন্ত্ৰীল ইয়াৰ আওঁতালৈ অনাৰ যুক্তি নাই কিয়? কোৱা হৈছে ই এক সাংবিধানিক সংকটৰ সৃষ্টি কৰিব। কিন্তু যি গৰাকী প্ৰধানমন্ত্ৰীক জনসাধাৰণে নিৰ্বাচিত কৰি পঠায় (ব্যতিক্ৰম বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকী!), সেইগৰাকীৰ বিৰুদ্ধে জনসাধাৰণে লোকপাল আইনৰ যোগেদি মাত মতাৰ অধিকাৰ নাই কিয়? কংগ্ৰেছৰ শাসনকালত যি হাৰত দুৰ্নীতি হবলৈ ধৰিছে, সেই দিশলৈ চাই এই বিধেয়ক খন যেনে তেনে নানিবলৈকে চৰকাৰে চেষ্টা কৰি আছে। সেই উদ্দেশ্যেই এই নতুন ভেকোঁভাওনা। আৰু বেলেগ বেলেগ ৰাজনৈতিক দলেও ইয়াৰ সমৰ্থনত শক্তিশালী ৰূপত আগবাঢ়ি অহা নাই কাৰণ সকলোৱেই যে দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি।
     এতিয়া আহোঁ বাবা ৰামদেৱৰ লা ধনৰ বিপক্ষে আৰম্ভ কৰা আন্দোলনৰ। নি:সন্দেহে এক বৃহৎ ইছ্ছ্যু। ভাৰতৰ বাহিৰত কিমান কোটি কোটি টকা কলা ধন চানি আছে তাৰ কোনো হিচাবেই নাই। এইবোৰ ঘূৰাই অনাটো প্ৰয়োজনীয় নহয় জানো? নে এইটোও এটা অপ্ৰাসংগিক ইছ্ছ্যু? কিন্তু বহুলোকে ৰামদেৱৰ এই আন্দোলনক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিচাবে অভিহিত কৰিছে। কিন্তু তেওঁ যিটো ইচ্ছ্যু লৈ আন্দোলন আৰম্ভ কৰিছে, সেইটো উপেক্ষা কৰিবলগীয়া কোনোপধ্যেই নহয়। যদি জনসাধাৰণৰ এনে সমৰ্থনেৰে ৰামদেৱে নিজৰ ৰাজনৈতিক লাভালাভ সিদ্ধি কৰিব খুজিছে, তেন্তে এদিন হয়তো এই জনসাধাৰণেই ৰামদেৱক উচিত শাস্তি দিব। তেওঁৰ অনুষ্ঠানৰ বৃহৎ সম্পত্তি সমূহ লৈও চৰকাৰে প্ৰশ্নৰ অৱতাৰণা কৰিছে। উচিত তদন্ত হওঁক ইয়াৰ কিন্তু সেয়া চৰকাৰে কৰিব নিবিচাৰে, কাৰণ চৰকাৰক সদায় এটা ইচ্ছ্যু লাগে, জনসাধাৰণৰ মনত বিভ্ৰান্তি ওপজাবলৈ।
      এতিয়াও এচামে তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে এই দুৰ্নীতি বিৰোধী আন্দোলনক লৈ। আমি আন্না হাজাৰে অথবা ৰামদেৱক সমৰ্থন দিব নালাগে, কিন্তু তেওঁলোকে আৰম্ভ কৰা আন্দোলনৰ কাৰণবোৰক আমি সমৰ্থন দিব নোৱাৰো কিয়? আমি সকলো এক হ'ব নোৱাৰো কিয় দুৰ্নীতিৰ বিৰুদ্ধে? নে ভোগবাদিতাৰ কৰাল গ্ৰাসত নিমজ্জিত বৰ্তমান সমাজ খনৰ দুৰ্নীতি অনিয়ম আমি সদায় এনেদৰেই থকাটো বিচাৰো?