Wednesday, May 25, 2011

মেধাৰ সংজ্ঞা


     সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (চিবিএচই) ত উত্তীৰ্ণ এগৰাকী শিক্ষাৰ্থীয়ে মোৰ আগত দুখ প্ৰকাশ কৰিছিল, ৮৫% ত কৈও অধিক নম্বৰ লাভ কৰিও মানুহে তেওঁক কৈ আছে “আৰু নম্বৰ অলপ পাব লাগিছিল”, “ভাল নহল” ইত্যাদি ইত্যাদি। এতিয়া কথা হল আৰু কিমান নম্বৰ পালে ছাত্ৰ অথবা ছাত্ৰী এগৰাকী মেধাৰ শাৰীত পৰে? হাঁহি উঠে কথাটো ভাবি, এনেকুৱা মানুহ এতিয়াও আছে যি এই যুগতো পৰীক্ষাৰ নম্বৰ কেইটাৰ ওপৰতে মেধাৰ সংজ্ঞা নিৰূপন কৰে।
     সঁচাকৈয়ে এই নম্বৰবোৰেই জানো ছাত্ৰ ছাত্ৰী এগৰাকীৰ মেধা নিৰ্ণয় কৰে? মুঠেও নহয়। প্ৰকৃততে মেধা হবলৈ নম্বৰৰ কোনো প্ৰয়োজনেই নাই। কেৱল ভাটৌৰ দৰে পাঠ্যপুথি সমূহ মুখস্থ কৰি পৰীক্ষাত নম্বৰ বুটলাটোৱেই মেধা নহয়। ক্ৰিকেট খেলা এজন ছাত্ৰ, গান গোৱা এগৰাকী ছাত্ৰীও নিজ নিজ দিশত এগৰাকী মেধাবী ছাত্ৰ অথবা ছাত্ৰী হব পাৰে। “অমুকৰ পুতেকে তমুক নম্বৰ পালে, তই কিয় নাপালি?”, “আৰু দুই নম্বৰ বেছিকৈ পোৱা হলে শইকীয়াৰ জীয়েকক চেৰ পেলাব পাৰিলিহেঁতেন” এনেধৰণৰ মানসিকতাৰ আজিৰ দিনতো অভাৱ নাই। কিন্তু যোৱা দহোটা বছৰ যদি আমি ভালদৰে 'ছেবা'ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল লক্ষ্য কৰো তেন্তে দেখিম এখন বিপৰীত চিত্ৰ। এই দহোটা বছৰত কিমান হাজাৰ জনে অসমৰ ভিতৰতে স্থান লাভ কৰি মেধাৰ পৰিচয় দিলে। কিন্তু তেওঁলোক এতিয়া ক, কি, কৰি আছে? আমাৰ হাতত কিবা খবৰ আছেনে? দুই এদিনৰ বাবে বাতৰি কাকতত নাম ওলাই তাৰ পাছতে এই নামবোৰ যেন সময়ৰ কোবাল গতিত উটি যায়। খুব কমসংখ্যক লোক হে এনে আছে যি স্থান লাভ কৰি এতিয়া বিভিন্ন ক্ষেত্ৰত কৃতিত্ব লভি আছে ২০০০ চনৰ পাছত হাইস্কুল পৰীক্ষা শিথিল কৰি দিয়াৰ পাছতে প্ৰতি বছৰে প্ৰথম বিশটা স্থানত গড়ে এশ গৰাকীয়ে স্থান লাভ কৰি আহিছে। সেই অনুপাতে যোৱা দহ বছৰত কমেও হাজাৰোধিক ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিলে। কিন্তু এওঁলোকৰ উচ্চতৰ মাধ্যমিকত ফলাফল কেনে হয় অথবা ভবিষ্যতৰ কেৰিয়াৰ কেনেকৈ আগবাঢ়ে, এইবোৰ জনাৰ উপাই নাই,অথচ মেধাৰ সংজ্ঞা আমি আগতেই নিৰূপন কৰি লওঁ। হাস্যাস্পদ!

(বি:দ্ৰ: এই লেখাৰ জৰিয়তে কোনো স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক অৱজ্ঞা কৰা হোৱা নাই।)

Sunday, May 22, 2011

এখন অসাধাৰণ সাধাৰণ কথাছবি

     বহুদিনৰ আগৰ পৰা এখন চিনেমা চাবলৈ পন কৰি আছিলো, দা কিংচ স্পীচ (The King’s Speech) আমোদজনকভাবে একাডেমী বঁটা পোৱাৰ পাছতেই চিনেমাখন গোটাই থৈছিলো যদিও বিভিন্ন কামৰ হেঁচাত চাবলৈ সময় পোৱা নাছিলো। কিন্তু কিছুদিন আগতে চিনেমা খন চালো। অভিভূত হৈ পৰিলো। মনলৈ অনুশোচনা আহিছিল, ইমান দিনে কিয় এই চিনেমা খন চোৱা নাছিলো।
     বৃটিছ ৰাজ পৰিয়ালৰ ৰাজকুমাৰ প্ৰিন্স এলবাৰ্টৰ ৰাজহুৱা ভাষণত কথা কওঁতে হোৱা অসুবিধাক (stammer) কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন চাই উঠি ভাবিছিলো কেনেকৈ এনেকুৱা সাধাৰণ ঘটনা এটাৰেও এক অসাধাৰণ কথাছবি নিৰ্মান কৰিব পাৰি? কথা কওঁতে অথবা বক্তৃতা দিওঁতে মুখত কথা লাগি ধৰা অসুবিধাৰ বাবেই প্ৰিন্স এলবাৰ্ট বৃটিছ ৰাজপাটৰ পৰা সদায় আঁতৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। যাৰ বাবে নিজ ভ্ৰাতৃ প্ৰিন্স এডৱাৰ্ডক সমৰ্থন কৰিছিল, কিন্তু দুবাৰকৈ বিবাহিতা এগৰাকী মহিলাৰ প্ৰেমত হাবু ডুবু খোৱা এডৱাৰ্ডে বৃটিচ ৰাজপৰিয়ালৰ সন্মানৰ খাতিৰত হেৰুৱাব লগীয়া হৈছিল ৰাজপাট ফলত প্ৰিন্স এলবাৰ্টৰ ৰাজপাটত বহাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাছিল। কিন্তু এটা কথায়েই তেওঁক অনবৰতে শংকিত কৰি ৰাখিছিল। জনসাধাৰণৰ আগত তেওঁ ভাষণ দিব কেনেকৈ? কথা কওঁতে মুখত লাগি ধৰা এজন ব্যক্তি যদি ৰজা হয় তেন্তে বৃটিছ ৰাজপৰিয়াল, জনসাধাৰণ তথা বিশ্বৰ সন্মুখত হাঁহিয়াতৰ পাত্ৰ হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছিল। আৰু ই আছিল বৃটিছ ৰাজ পৰিয়ালৰ বাবে এক অপমানজনক তথা এক লজ্জাজনক ঘটনা। কিন্তু এনে সময়তে এগৰাকী অষ্ট্ৰেলিয়ান স্পীচ থেৰাপিষ্ট লায়নল জৰ্জ হৈ পৰিছিল তেওঁৰ বাবে ভগৱান স্বৰূপ। লায়নলৰ একান্ত চেষ্টা আৰু একাগ্ৰতাৰ বলতে প্ৰিন্স এলবাৰ্টে শেষলৈ কিং জৰ্জ ষষ্ঠ হিচাবে নিৰ্বিঘ্নে বিবিচি যোগে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দেশবাসীক উদ্দেশ্যি ভাষণ দিছিল
     সত্য ঘটনাৰ ওপৰত আধাৰিত এই কথাছবি খনে মনত এক গভীৰ সাঁচ বহুৱালে। ইমান সহজ সৰল তথা কোনো জটিলতা নথকা কথাছবি এখন বহুদিনৰ মুৰত উপভোগ কৰিলো। সাধাৰণ কথা এটাকে অসাধাৰণ ৰূপত ডাঙি ধৰি পৰিচালক টম হুপাৰে নিজৰ কৃতিত্বৰ পৰিচয় দাঙি ধৰিলে এই কৃতিত্বৰ জোৰতে চাৰিটাকৈ একাডেমী বঁটা আজুৰি আনিবলৈ সক্ষম হল এই কথাছবি খনে। প্ৰিন্স এলবাৰ্টৰ চৰিত্ৰত চৰিত্ৰত অভিনয় কৰা কলিন ফাৰ্থৰ অভিনয় অনবদ্য, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ একাডেমী বঁটাটো দখল আনিবলৈ সক্ষম হল। মুঠৰ ওপৰত সকলোৰে বাবে ই এখন মাষ্ট ৱাটচ্ কথাছবি।

Tuesday, May 17, 2011

অসম বিধান সভা নিৰ্বাচনৰ ফলাফল আৰু কিছু অনুভৱ

     নিৰ্বাচন গ’ল, ফলাফল আহিল। সকোলোৰে বাবে হয়তো এক অবিশ্বাস্য ফলাফল। খোদ কংগ্ৰেছ দলেই হয়তো ভবা নাছিল এই ফলাফল। বিৰোধী বাহিনীয়ে চৰকাৰ গঠনৰ কুচ কাৱাজ কৰাৰ সপোন, সপোন হৈয়ে থাকিল। অসমৰ ৰাজনৈতিক আৰু সামাজিক ভৱিষ্যতৰ বাবে এক কালসন্ধ্যা হিচাবে উত্থান ঘটিল বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ। যিটো হয়তো কংগ্ৰেছে সত্তৰোধিক আসন পোৱাতকৈয়ো নাভুত নাশ্ৰুত কথা।
    কিন্তু আমি জনসাধাৰণে বিবেক ভোটেৰে চৰকাৰখন গঠন কৰিলোনে? নাই কৰা। কিছুমান ভণ্ড, অকৰ্মন্য বিধায়ক পুনৰ বিধায়ক হৈ জিকি আহিল। দুদিনমান আগতে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া আৰু নাওবৈছা সমষ্টিৰ কিছু অংশ ভ্ৰমন কৰিছিলো। খোদ বিহপুৰীয়া নগৰীৰ মাজ মজিয়াত ৰাস্তা ঘাটৰ অৱস্থা দেখি চকু কপালত উঠিছিল। কেনেকৈ এজন বিধায়কে পাঁচ বছৰ সাধাৰণ ৰাস্তা এটা নবনোৱাকৈ জিকি আহিব পাৰে? নাওবৈছা সমষ্টিৰ কথাটো নকওঁৱেই। ইয়াত 5-6 কিমি দৈৰ্ঘ্যৰ কিছুমান ৰাস্তা পাৰ হ’বলৈ সময় লাগে প্ৰায় আধা ঘণ্টা। দুয়োটা সমষ্টিৰ বিধায়ক কংগ্ৰেছ দলৰ আৰু দুয়োজনেই সগৌৰেৱেৰে ৰাইজৰ সঁহাৰি লভি বিধান সভাত পুনৰ পাঁচ বছৰ আৰাম কৰিবলৈ সুবিধাকন পালে। এখন গনতান্ত্ৰিক দেশ য'ত বিধায়কো ধৃতৰাষ্ট্ৰ, ভোট দাতাও ধৃতৰাষ্ট্ৰ! ইয়াত কোনো সন্দেহ নাই যে দুৰ্নীতিৰ ইটাৰে কংগ্ৰেছ দলে 'উন্নয়ন'ৰ দেৱাল বান্ধি পুনৰ ক্ষমতালৈ আহিল, আৰু অহাৰ পূৰ্ণ সম্ভাৱনাও আছিল যিহেতু ইয়াৰ কোনো বিকল্প উপায় নাছিল। কিন্তু অকামিলা বিধায়ক সকলৰ বিধান সভাৰ মজিয়াত কাম কি? আমিয়েই জানো জিকাই পঠোৱা নাই এওঁলোকক? ইয়াৰ মাজতে শাসক বিৰোধীৰ বহু কেইগৰাকী অকামিলা বিধায়কে পৰাজয় বৰণ কৰিছে, কিন্তু সেয়াই যথেষ্ট জানো?
      ইয়াত কোনো দ্বিমত নাই যে তৃতীয় বাৰৰ বাবেও চৰকাৰ কংগ্ৰেছ দলেই গঠন কৰিলেহেঁতেন। কাৰণ অসমত বৰ্তমান বিৰোধী বোলা কোনো বস্তুৱেই নাই। শ শ শ্বহীদৰ তেজেৰে গঢ়া অসম গন পৰিষদৰ অৱস্থা পানীত হাঁহ নচৰা। বিদেশী বিতাৰণ আন্দোলন আৰম্ভ হোৱাৰ সময়ত মোৰ জন্মই হোৱা নাছিল। কিন্তু জ্যেষ্ঠ জনৰ মুখেৰে এই দলৰ প্ৰতি মানুহৰ কিমান আন্তৰিকতা আছিল সেয়া শুনিলে আজিও শিহৰিত হৈ উঠো। কিন্তু ক্ষমতাৰ লোভে এই দলৰ নেতৃত্বক অন্ধ কৰি দিলে ঠিক ধৃতৰাষ্ট্ৰৰ দৰে। কি যুক্তিত এইটো দলক ৰাইজে ভোট দিব? প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি পূৰ্বৰ নেতাসকল যেতিয়ালৈকে এইটো দলত থাকে তেতিয়ালৈকে এই দলৰ ভৱিষ্যত অন্ধকাৰ।
     অসমৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিয়ে চমক সৃষ্টি কৰিব বুলি আটায়ে আশা পালি আছিল। পূৰ্বৰ নিৰ্বাচন সমূহত যথেষ্ট ভাল ফলাফল দেখুওৱা এই দলটোৱে মুখ থেকেচা খালে নেতৃত্বৰ নিজৰ মাজতে লগা খোৱা কামোৰাৰ ফলত। ক'বলৈ গলে ভাৰতীয় জনতা পাৰ্টিত সবল নেতৃত্বই নাই।
     অসমৰ ৰাজনীতিত ধুমকেতুৰ দৰে দৰে উজলি উঠিল বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ। নি:সন্দেহে চিন্তনীয় বিষয়। সাম্প্ৰ্দায়িক ৰাজনীতিয়েই যাৰ লক্ষ্য, তেনে এটা দলৰ দ্বিতীয় বৃহৎ দল হিচাবে অসমত উত্থান যেন ভৱিষ্যতৰ অসমত এক ভয়ানক কাল ধুমুহাৰ ইংগিত।
     এতিয়া অসমত প্ৰয়োজন কংগ্ৰেছৰ বিকল্প এক শক্তিৰ। এক নতুন উদ্যমেৰে গঠিত এক শক্তিশালী নতুন ৰাজনৈতিক দলৰ। কিন্তু সেয়া জানো সম্ভৱ?

Monday, May 9, 2011

এটা চিনেমা হলৰ মৃত্যুত!


     সেয়া আছিল আছিল ১৮৮০ চনৰ কথা। ৰাজস্থানৰ পৰা গণেশ দাস গোৱেংকা নামৰ এগৰাকী সাধাৰণ লোক অসমলৈ আহিছিল জীৱিকাৰ সন্ধানত অশেষ কষ্টৰ অন্তত নিজকে এগৰাকী সফল ব্যৱসায়ী হিচাবে নিজকে প্ৰতিষ্ঠা কৰিছিল এই গৰাকী ব্যৱসায়ীৰে এগৰাকী পুত্ৰ আছিল জীৱনৰাম সদায় উচ্চ অভিলাষী জীৱনৰামৰ সপোন আছিল কিবা এটা বেলেগ কাম কৰাৰ। সেই সূত্ৰেই ১৮৯৫ চনতেই পিতৃয়ে গুৱাহাটীৰ ফাঁচী বজাৰত কিনি থোৱা দুবিঘা মাটিতেই আৰম্ভ কৰিছিল এক নতুন প্ৰকল্প। প্ৰায় চল্লিশ বছৰ ধৰি পৰি থকা ফাঁচী বজাৰৰ সেই পৰিত্যক্ত মাটিতেই আৰম্ভ কৰে এটি চিত্ৰগৃহ নিৰ্মানৰ কাম। ১৯৩৫ চনত স্থাপিত হয় – কেলভিন চিনেমা। গুৱাহাটী মহানগৰীৰ দ্বিতীয়টো চলচ্চিত্ৰ গৃহ। ৩০২ জন দৰ্শকৰ সামৰ্থ্যৰে আৰম্ভ হয় কেলভিন চিনেমাৰ দৰ্শনী। সেই সময়তে শ্বিলঙতো একে নামেৰে প্ৰতিষ্ঠা হৈছিল অইন এটা চিত্ৰগৃহ। দুয়োটা চিত্ৰগৃহৰে নাম ৰখা হৈছিল – কেলভিন। জাৰ্মানীত নিৰ্মিত কেলভিন কোম্পানীৰ প্ৰজেক্টৰৰ সহায়ত কথাছবি দেখুওৱা হৈছিল বাবে ইয়াৰ নাম ৰখা হৈছিল – কেলভিন দুটা দশক ধৰি এই প্ৰজেক্টৰৰ সহায়ত ছবি দেখুৱাৰ পাছত ১৯৬১ চনত ইয়াত সংস্থাপিত হয় এটা ফিলিপচ প্ৰজেক্টৰ। ইংৰাজী, হিন্দীৰ লগতে অসমীয়া চলচ্চিত্ৰৰ মুক্তিয়ে সেই সময়ত কেলভিনক জনপ্ৰিয় কৰি তোলে। এই চিত্ৰগৃহত পোনপ্ৰথম বাৰৰ বাবে মুক্তিপ্ৰাপ্ত অসমীয়া কথাছবিখন আছিল – চিৰাজ। ১৯৪৮ চনৰ ২০ মাৰ্চৰ দিনা এই কথাছবিখনে গুৱাহাটীত মুক্তি লাভ কৰে কেলভিনত। ইয়াৰ পাছতে পাৰঘাট, সঁৰাপাত, এৰা বাটৰ সুৰ আদি জনপ্ৰিয় চলচ্চিত্ৰ সমূহে এই চিত্ৰগৃহতে প্ৰিমিয়াৰ শ্ব প্ৰদৰ্শন তথা মুক্তি লাভ কৰিছিল অসমৰ সাহিত্য, কলা – সংস্কৃতি, সমাজ জীৱনৰ বহুতো বৰেণ্য ব্যক্তি আছিল কেলভিনৰ নিয়মীয়া দৰ্শক অসমীয়া কথাছবিৰ লগতে সেই সময়ৰ হলিউড আৰু বলিউডৰ বিভিন্ন কালজয়ী কথাছবিৰো প্ৰদৰ্শন ইয়াতই হৈছিল। উল্লেখযোগ্য যে, অসমত পোন প্ৰথমবাৰৰবাবে 70mm চিনেমা স্ক্ৰীণৰ ব্যৱহাৰ এই চলচ্চিত্ৰ গৃহতে হৈছিল। লগতে অসমত পোনপ্ৰথমবাৰৰ বাবে মেটিনি শ্ব হিচাবে চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা লৈছিল কেলভিনে কেলভিনত প্ৰদৰ্শিত জয় সন্তোষী মা চিনেমা খনে অসমত চলচ্চিত্ৰ জগতত এটা সৰ্বকালৰ ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছিল, যি এতিয়াও অক্ষত। সৰ্বমুঠ ৫৩ সপ্তাহ (প্ৰায় এবছৰ) ধৰি চলা কথাছবি খনৰ প্ৰতি দৰ্শকৰ আগ্ৰহ আছিল অপৰিসীম। প্ৰতিটো দৰ্শনীৰ আগতে পূজা পাতল কৰি ইয়াৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল লগতে ডাঙৰ স্ক্ৰীণত মা সন্তোষী চৰিত্ৰটো দেখাৰ লগে লগে দৰ্শকে বিপুল পৰিমানে মুদ্ৰা স্ক্ৰীণলৈ বুলি দলিয়াইছিল। যাৰ ফলত চলচ্চিত্ৰ গৃহৰ এটা অতিৰিক্ত লাভ হৈছিল। প্ৰায় ছটা দশক ধৰি দৰ্শকক উন্নত মানৰ চলচ্চিত্ৰৰে আমোদ যোগোৱা কেলভিন পাছলৈ হৈ পৰে প্ৰাপ্তবয়স্কৰ কথাছবিৰে ভাৰাক্ৰান্ত ফলত ই হৈ পৰে গুৱাহাটীৰ এটা এলাগী কথাছবি গৃহ।
     আজি কেলভিন আৰু নাই। কেইদিনমানৰ আগতে কেলভিন কথাছবি গৃহটো ভাঙি ইয়াৰ ঠাইত বনাই থকা হৈছে অইন এটা অট্টালিকা। যেন সময়ৰ সোঁতত কেলভিন উটি গল! কিন্তু চলচ্চিত্ৰ জগতলৈ বিশেষকৈ অসমীয়া কথাছবি জগতলৈ কেলভিনৰ যি অৱদান, সেয়া নিশ্চয় অনস্বীকাৰ্য্য

(বহু বছৰৰ আগতে দা টেলিগ্ৰাফ কাকত আৰু বিভিন্ন উত্সৰ পৰা পোৱা তথ্যৰ ভিত্তিত লেখাটি প্ৰস্তুত কৰা হৈছে।)

Monday, May 2, 2011

সেই প্ৰাথমিক বিদ্যালয়ত পদ্য মতা দিনবোৰ

জ্যোতিপ্ৰসাদৰ সেই বিখ্যাত পদ্যটি, যিটোৱে সকলোকে লৈ যায় আকৌ শৈশৱৰ দিনবোৰলৈ –

কুম্পুৰ সপোন

মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী – নাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী

এটা কলা, এটা বগা নাঙঠ্ পিঙঠ্ ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই কলে – “পুট্, পুট্, পুট্”
ইটোৱে মা নাক জোকাৰি কলে – “ধুত্ ধুত্”
মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি।

চৰখোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
কোটোক্ কোটোক্ ঘোটোক্ কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি

মই, তই যে কৱ –
ভূতে বোলে লৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা লৰাকহে মা ভূতে ধৰি কিলায়

মা, মোৰ হলে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।

বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
মা, মোৰ হলে অক্কনমানো ভূতলে ভয় নাই,
তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা লৰাকহে মা ভূতে ধৰি কিলায়
মা, মোৰ হলে ভূতলে ভয় নাই।


Sunday, May 1, 2011

আহোম সৈন্যৰ সমৰ সজ্জা

    অসমৰ ইতিহাসত আহোম সৈন্যৰ বীৰত্বৰ কাহিনী পাতে পাতে। দৰাচলতে আহোম সৈন্যৰ বীৰত্বৰ বাবেই আহোম সকলে ছশটা বছৰ অসমখন শাসন কৰিব পাৰিলে। যুদ্ধত দেখুওৱা পৰাক্ৰম, বীৰত্ব আদিৰ বাবেই মোগলকে ধৰি বিভিন্ন আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰি আহিছিল আহোম সৈন্যই। কেনে আছিল আহোমৰ যুদ্ধৰ সমৰ সজ্জা?
     আহোমসকলে যুদ্ধ আৰম্ভ হোৱাৰ পুৰ্বে ট্ৰেন নামৰ এক উপাস্য দেৱতাৰ পুজা অনুষ্ঠিত কৰিছিল আহোম সকলৰ স্থলসেনাৰ বিভাগটোৰ বাহিৰেও নৌসেনা বিভাগ এটাও আছিল। স্থলযুদ্ধৰ মুল সেনাপতি গৰাকীক ফুকন আৰু নৌসেনা বিভাগৰ সেনাপতি গৰাকীক পানী ফুকন খিতাপ দিয়া হৈছিল। সেনাপতিৰ তলৰ সেনাপতি কেইগৰাকীক বৰ নেওঁগ আৰু নেওঁগ হিচাবে জনা গৈছিল।
     আহোমে সেনাবাহিনীয়ে যুদ্ধলৈ কেইগৰাকী মান পণ্ডিত লগত লৈ গৈছিল। ইয়াৰ ভিতৰত বেজবৰুৱা, বাইলুং, দেওধাই আদিয়ে প্ৰধান। বেজবৰুৱা সকলে সাধাৰণতে যুদ্ধত আহত সৈনিক সকলৰ চিকিত্সা কৰিছিল আনহাতে বাইলুং, দেওধাই আদি সকলে গণকৰ কাম কৰিছিল কোন দিশৰ পৰা কেনেকৈ অক্ৰমন কৰিব লাগে, অথবা কোন দিশৰপৰা শত্ৰুৱে আক্ৰমণ কৰাৰ সম্ভাৱনা বেছি ইত্যাদিৰ কথা গণক সকলে গণনা কৰি উলিয়াইছিল।
     প্ৰয়োজন সাপেক্ষে আহোম ৰাজদৰবাৰৰ মুখ্য বিষয়াসকল যেনে বৰফুকন, বৰবৰুৱা আদিয়েও যুদ্ধক্ষেত্ৰত গৈ যুদ্ধ কৰিছিল কেতিয়াবা স্বৰ্গদেউয়েও নিজেই গৈ যুঁজিছিল। প্ৰধান বিষয়া সকলে যুঁজিছিল মুলত: হাতীত উঠি
     আহোম যুঁজত কোনো আহোম সৈন্য যুদ্ধ আধাতে এৰি পলাই সাৰিব নোৱাৰিছিল সেয়া লাগিলে সেনাপতিয়েই হওঁক অথবা সৈন্যয়েই হওঁক। কঠোৰতম শাস্তি বিহা হৈছিল এওঁলোকক। অইন সেনা সকলৰ সন্মুখত এওঁলোকক হত্যা কৰা হৈছিল যাতে ভৱিষ্যতে অইন সেনা সকল যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ সাহ নকৰে।
     প্ৰথমাৱস্থাত আহোমসকলৰ যুদ্ধৰ মুল অস্ত্ৰ আছিল কাঁড়, হেংদান, দা, যাঠি আদি। কিন্তু সময়ৰ লগে লগে পাছলৈ হিলৈ বৰতোপ আদিও ব্যৱহাৰ হবলৈ ধৰে বিভিন্ন ধৰণৰ বৰতোপ যেনে, হাতীমুৰীয়া, টুবুকী, মিঠা হোলোং, বাঘমৰা আৰু বিভিন্ন প্ৰকাৰৰ হিলৈ যেনে- পহলংগী, ৰামচাঙী, কেঁচাই, খোকা, বছদাৰী আদি ব্যৱহৃত হৈছিল। অসমৰ কেইখনমান নিৰ্দিষ্ট স্থানত এইবোৰ তৈয়াৰ কৰা হৈছিল। ইয়াৰোপৰি বোমা বাৰুদত ব্যৱহৃত খাৰ নিৰ্মানতো অহোম সকল আগৰণুৱা আছিল। এই খাৰবোৰ নিৰ্মানাৰ তদাৰক কৰিছিল এগৰাকী আহোম বিষয়াই যাক খাৰঘৰীয়া ফুকন হিচাবে জনা গৈছিল।
     এনেদৰেই প্ৰস্তুত হৈছিল আহোমৰ দেশ ৰক্ষাৰ সমৰ সজ্জা।

যিটো গীতৰ কাৰণে তৰালী শৰ্মাই লাভ কৰিছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা

মাধবদেৱ বিৰচিত নামঘোষাৰ কাকুতি ঘোষাটি, কথাছবি 'আকাশীতৰাৰ কথাৰে'ত পৰম্পৰাগত সুৰত কোনো বাদ্যযন্ত্ৰ অবিহনেই গাই  তৰালী শৰ্মাই লাভ কৰিছিল ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ এই শ্ৰেষ্ঠ সন্মান। 

কিমতে ভকতি কৰিবো তোমাত হৰি এ
মই মুঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম
মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নাযায় ৰাম ৰাম

ভকতি মিনতি প্ৰণতি নাজানো হৰি এ
মোত পৰে জ্ঞানশূণ্য হীনমতি নাই ৰাম ৰাম
তুমি প্ৰভু কৃপা ৰসেৰে সাগৰ হৰি এ
দিয়া মোক তুৱা পদছায়া তলে ঠাই ৰাম ৰাম