Thursday, April 28, 2011

এখন কৃত্রিম নদীৰ কথাৰে

এখন নদী। যি সৃষ্টি হোৱা নাছিল, তাক খান্দি সৃষ্টি কৰোৱা হৈছিল। শুনিবলৈ আচৰিত নালাগেনে বাৰু? হয়, যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা এখন সৰু নৈ, ভোগদৈ। বহু লোক হয়তো জ্ঞাত নহয় যে ইয়াক প্ৰকৃততে খান্দিহে সৃষ্টি কৰা হৈছিল। দৌল, পুখুৰী, আদিৰ চমত্কাৰি নিৰ্মানকাৰ্য্যৰে আহোম স্বৰ্গদেউ সকলে যিধৰণেৰে চমক সৃষ্টি কৰিছিল, তাৰে এটা উদাহৰণ হ’ল এই ভোগদৈ নৈ খন। স্বৰ্গদেউ গৌৰীনাথ সিংহই আহোমৰ শেষ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰিছিল। সেই সময়ত নতুন ৰাজধানী যোৰহাটত প্ৰজাৰ সুবিধাৰ্থে পানী যোগানৰ বাবে এখন নৈৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ হৈছিল। সেইমতে স্বৰ্গদেউৱে পাত্ৰ মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ সৈতে আলচ কৰি যোৰহাটত এখন নদী খন্দাৰ সিদ্ধান্ত গ্ৰহন কৰে। কথামতে কাম। ওঠৰশ শতিকাত দিচৈ নৈ খন খান্দি যোৰহাটৰ মাজেৰে বোৱাই ব্ৰহ্মপুত্ৰৰ লগত সংযোগ কৰাৰ আঁচনি লোৱা হয়। নৈ খন্দাৰ প্ৰাকমূহূৰ্তত পূৰ্ণানন্দ বুঢ়াগোঁহায়ে কাম খিনি সুকলমে আগবাঢ়িবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ভোগ প্ৰদান কৰে। সেইবাবে সেই নদীখনে নাম পালে ‘ভোগদৈ’। কোনো আধুনিক কাৰিকৰী কৌশল অবিহনে এখন নদী খন্দাৰ দৰে দুৰূহ কাম নিশ্চয় বিস্ময়কৰ। ভোগদৈ নৈ আজিও বৈ আছে। কিন্তু ইমান কষ্টেৰে সৃষ্টি কৰা এখন নৈৰ ভালদৰে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমাৰ যেন কৰণীয় একো নাই!

Wednesday, April 13, 2011

জ্যোতি সংগীত আৰু জ্যোতি নাট

     অসমীয়া সংগীত জগতত জ্যোতি সংগীত সমূহৰ এক সুউচ্চ স্থান আছে অসমীয়া আধুনিক সংগীতৰ উত্তৰণত এই গীত সমূহৰ অৱদান অনস্বীকাৰ্য্য। উচ্চ মানৰ সুৰ, কথা, চন্দৰে সমাহিত এই গীত সমূহ সদায় জিলিকি থাকিব অসমীয়া সংগীত জগতত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিজৰ কথা তথা সুৰেৰে সজ্জিত এই গীত সমূহৰ বেছিভাগেই মুলত: ৰচিত হৈছিল তেখেতৰ নাট সমূহৰ বাবে। লভিতা, কাৰেঙৰ লিগিৰী, ৰূপালীম আদি কালজয়ী নাটসমুহৰ লগতে এই গীত সমুহেও সমানে জনপ্ৰিয়তা লাভ কৰিছিল তলৰ তালিকা খনত কেইটামান জনপ্ৰিয় জ্যোতি সংগীত তথা সেই গীত সমূহ সন্নিবিষ্ট মুল নাট কেইখনৰ নাম উল্লেখ কৰা হল-

  • গছে গছে পাতি দিলে (শোণিত কুঁৱৰী, ১৯৪৮)
  • আমাৰে সখীয়া আকুল বিয়াকুলে (শোণিত কুঁৱৰী, ১৯৪৮)
  • ৰূপহ কোঁৱৰৰ চুমা পৰশনত (শোণিত কুঁৱৰী, ১৯৪৮)
  • সোণৰ পালেঙতে অ মনেতৰা (কাৰেঙৰ লিগিৰী)
  • মোৰে জীৱনৰে সখা কৃষ্ণ (কাৰেঙৰ লিগিৰী)
  • বনৰীয়া আমি বনৰ চৰাই (কাৰেঙৰ লিগিৰী)
  • যাউতি যুগীয়া (কাৰেঙৰ লিগিৰী)
  • জিৰ জিৰ জিৰ জিৰ নিজৰি (ৰূপালীম, ১৯৩৬)
  • সখী আজি (ৰূপালীম, ১৯৩৬)
  • জয় আলোকময় (ৰূপালীম, ১৯৩৬)
  • জোনাকী কাৰেঙত কোনে বীন বায় (ৰূপালীম, ১৯৩৬)
  • সেউজী সেউজী সেউজী অ (নিমাতী কইনা)
  • জানো জানো জানো বিফলে নাযায় (নিমাতী কইনা)
  • আমাৰ গাওঁ (লভিতা, ১৯৪৭)
  • লুইতৰ আকাশত তৰাৰ তৰাৱলী (লভিতা, ১৯৪৭)