Monday, March 28, 2011

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইংৰাজী কবিতাটো

জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া কবিতা নিশ্চয় আমি বহুতেই পঢ়িছো। কিন্তু তেওঁৰ ইংৰাজী কবিতাৰ সোৱাদ আমাৰ বহুতেই নিশ্চয় লোৱা নাই। তলত আগবঢ়ালো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইংৰাজী কবিতা এটি। (বোধহয় এইটোৱেই জ্যোতিপ্ৰসাদৰ একমাত্ৰ প্ৰকাশিত ইংৰাজী কবিতা)

I'll be loving you always
With a love that's true always
When the things you've planned
Need a helping hand

I will understand always
Days may not be fair always
That's when I'll be thee always
Not for just an hour
Not for just a day
Not fr just a year
But always.

Everything went, and the whole day long
I felt so blue
For the longest while I forget to smile,
Then I met you
Now that my blue days have-
Now that I have found you at last.

Monday, March 14, 2011

এখন আলোচনীৰ জন্মকাহিনী


     ২০০৯ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা সন্ধিয়া। গুগল টকৰ যোগেদি এজন অনা অসমীয়া বন্ধুৰ সৈতে কথা পাতি আছিলো, কথা প্ৰসংগত ওলাল অসমৰ কথা, অসমৰ বিভিন্ন তথ্য পাতি সমূহ ইন্টাৰনেটত উপলব্ধতাৰ কথা। মোক সি কৈ আছিল মোৰ হাতত ইমানবোৰ সংগ্ৰহ আছে, তেন্তে মই এটা অসম সংক্ৰান্তীয় ব্লগ এটাকে নোখোলো কিয়? কথাটো ময়ো ভাবি চালো ব্লগ এটা নিশ্চয় খুলিব পাৰি। কিন্তু মুৰত খেলাই আছিল অইন এটা কথা হে। এটা ৱেবচাইট আৰম্ভ কৰাৰ কথা, অসম সংক্ৰান্তীয়। ভবামতে কাম, তেতিয়া ইউক্ৰেইনত থকা অন্তৰংগ বন্ধু আদিত্য, দিল্লীতে থকা শান্তনু দা, অচ্যুত দা, ভাৰ্গৱ দা, পংকজ, মুম্বাইৰ অংকুৰ দা, গুৱাহাটীৰ নিজৰা হাজৰিকা, শিৱসাগৰৰ অঞ্জলি সোণোৱাল, আমেৰিকাত থকা প্ৰসেনজিত দা, চেন্নাইৰ ইন্দুকল্প্, দিল্লীত মোৰ ওচৰ চুবুৰীয়া বিমান, গুৱাহাটীৰ কেটজ গোটটোৰ ভাস্কৰ, শ্বমীম, বিতোপন, সুদীপ্ত, আই আই টি, গুৱাহাটীৰ বুলজিত দা আৰু ব্ৰজেন আদিৰ লগত আৰম্ভ কৰিলো কথা বতৰা এওঁলোকে যথেষ্ট আগ্ৰহৰে আগবাঢ়ি আহিল স্বেচ্চাই সেৱা আগবঢ়াবলৈ এতিয়া বিপাঙত পৰিলো ৱেবচাইট টোৰ নামটো কি দিওঁ? আমাক এনেকুৱা এটা নাম লাগে যিটো প্ৰথমেই হব লাগিব শুনিবলৈ মিঠা, তাৰ পাছতে সহজ আৰু সহজতে মনত ৰখা। শিৱসাগৰৰ পৰা অঞ্জলি সোনোৱালে সৰু সৰু শব্দ কিছুমানৰ ভাণ্ডাৰ এটা পঠাই দিলে। তাৰে পৰাই তুলি ললো এনাজৰী নামটো। সহজ, মিঠা আৰু অৰ্থপুৰ্ণ তাৰ পাছতে বিমান লাগিল প্ৰগামিঙৰ কামত, কেটজ গ্ৰুপ লাগিল ডিজাইনিঙৰ কামত প্ৰস্তুতি আৰম্ভ হৈ থাকোতেই যোগ দিলে দিল্লীৰে অমৰজিৎ, গুৱাহাটীৰ লীনা, দীপাংকৰ আৰু শিৱসাগৰৰ কৃষ্টি কমলে। সকলো নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়ি আহিল আৰ্থিক ভাৱে কাৰো পৰা সহায় নোলোৱাকৈ নিজৰ পকেটৰ পৰাই আৰম্ভ কৰিলো এনাজৰী ডট কমৰ প্ৰাৰম্ভিক কাম কাজ যিহেতু প্ৰায়খিনি কাম আমাৰ এনাজৰী পৰিয়ালৰ সদস্য সকলে স্বেচ্চাই আৰম্ভ কৰিলে, সেইবাবে আৰ্থিক ভাৱে সিমান সমস্যাৰ সন্মুখীন নহলো। হাতত সময় বান্ধি ললো দুমাহ; দুমাহৰ ভিতৰত আমি এনাজৰী সাজু কৰি উলিয়াম কথামতে কাম, দিন ৰাতি একাকাৰ কৰি লাগি গলো কামত এতিয়াও মনত আছে এনাজৰী ওলোৱাৰ আগে আগে দিল্লীত বহি বিমান,পংকজ, অমৰজিতৰ সৈতে পুঁৱতি নিশালৈকে কৰা কামবোৰ, ৰাতি এঘাৰ বজাত শিৱসাগৰৰ অঞ্জলি সোনোৱালে পাক্ঘৰৰ বৈয়াম খুলি আমালৈ পঠাইছিল কোমল চাউলৰ কেমেৰাৰে তোলা ফটো, কাৰণ আমাৰ এটা শাখাত কোমল চাউলৰ টোকা এটা আছিল যাৰ বাবে আমাক প্ৰয়োজন হৈছিল ফটো এখনৰ । সেইবোৰ এতিয়া এক মিঠা স্মৃতি! তাৰ পাছতে দিল্লীৰ পৰা আহি গুৱাহাটীত আৰম্ভ হৈছিল উন্মোচনী সভাৰ কাম কাজবোৰ অৱশেষত ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটী প্ৰেচ ক্লাবত নিৰুপমা বৰগোঁহাই বাইদেউৱে মাউচত ক্লিক কৰি শুভ উদ্বোধন কৰিলে এনাজৰী ডট কমৰ তাৰ পাছতে ইন্টাৰনেটৰ ৰাইজৰ প্ৰতিক্ৰিয়া আছিল চমকপ্ৰদ কাহানিও আশা কৰা নাছিলো এনাজৰীয়ে ইমান সোনকালে সকলোকে মৰমেৰে বান্ধি পেলাব বুলি। আৰু সেই মৰমৰ বাবেই হয়তো আজি এনাজৰীয়ে সম্পূৰ্ণকৰিলে এটা বছৰ এনাজৰী চলি থকাৰ মাজতে নিজ নিজ ক্ষেত্ৰত স্বেচ্চাই সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল গুৱাহাটীৰ অৰ্পন, তেজপুৰৰ অৰুণাভ, মানচেষ্টাৰৰ কাবান্দি আৰু ইটানগৰৰ বৰ্ণালী হাজৰিকা
     এটা কথা ভাবি এতিয়া ভাল লাগে যেতিয়া এনাজৰীত অসমৰ ইমানবোৰ তথ্য একেলগে পাই এজন অনা অসমীয়া লোকে অসম অহাৰ পৰিকল্পনা কৰে। (বাহিৰত থকা অসমীয়াবন্ধু এজনে জনাইছিল সেইকথা)
     এনাজৰী ডট কম এতিয়া এখন ৰেজিষ্টাৰ্ড ছোচাইটী। আমি নিজকে ইন্টাৰনেটৰ বিশ্বতে সীমিত কৰি ৰাখিব খোজা নাই। অসমীয়া কলা, সাহিত্য, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰকল্প হাতত লোৱা হৈছে ইতিমধ্যেই। যত প্ৰয়োজন আছে ৰাইজৰ সহায় সহযোগিতা, শুভেচ্ছা, পৰামৰ্শ আদিৰ আৰু আমি নিশ্চিত, সেয়া আমি সদায়েই লাভ কৰি থাকিম ব্যক্তিগত ৱেবচাইট হিচাবে আৰম্ভ কৰিম বুলি ভবা এনাজৰী ডট কম এতিয়া এটা সামাজিক সংগঠন এনাজৰী ডট কম বৰ্তমান বিশ্বৰ চুকে কোনে বিয়পি থকা এমুঠি নতুন প্ৰজন্মৰ যুৱক যুৱতীৰে গঢ়া এটা সপোনৰ অনুষ্ঠান

     এনাজৰী ডট কমৰ প্ৰথম বৰ্ষপুতি উপলক্ষ্যে পৰিয়ালৰ আটাইলৈ শুভেচ্ছা আৰু সমূহ পঢ়ুৱৈলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

Tuesday, March 1, 2011

‘আস্থা’ত আস্থা

     ৰাতিপুৱা পাঁচ বজাৰ লগে লগে বৰুৱাৰ ঘৰখনত সদায় এটা উখল মাখল পৰিবেশৰ সৃষ্টি হয় চাৰে চাৰি বজাৰ পৰা এই আয়োজন চলে। ৰ, ভুল বুজিছে, তেওঁলোক সদায় পুৱা ছয় বজাত গুৱাহাটী যোৱা গাড়ীখন নধৰে। অইন এটা কামত হে ব্যস্ত হৈ যায় পুৱা পাঁচ বজাত টিভিটোৰ সন্মুখত বহি যায় আস্থা চেনেল টো লগাই। ৰামদেৱ বাবাৰ যোগ প্ৰশিক্ষণ নাই, এটাও খণ্ড মিচ্ নকৰে কেতিয়াও। পকাতে কঠ দুখন পাৰি ৰামদেৱ বাবা ওলোৱাৰ লগে লগে সেৱা এটা জনাই 'কপালভাটি'ৰে যোগ ব্যায়াম আৰম্ভ কৰে, বাবাৰ নিৰ্দেশত পাছফালে বন কৰা ছোৱালী মিনি। বেচেৰীকো বহুৱাই লয় পাছফালে। যোগৰ গুৰুত্ব সম্পৰ্কে তাইকো বুজায় তেওঁলোকে। তায়ো পাছ্ফালে বহি টোপনিয়াই টোপনিয়াই বাবাৰ আদেশ মানি যায় বৰুৱাৰ ঘৰ খন যেন পতঞ্জলি যোগাশ্ৰমৰ এটা শাখাহে। যি ফালে মুৰ ঘূৰাই সেইফালেই 'পতঞ্জলি মাৰ্কা' মৰা বস্তুবোৰ দেখিব তেল, চাবোন, টুথপেষ্ট ৰ পৰা আৰম্ভ কৰি বিভিন্ন সৰু বৰ 'পতঞ্জলি সামগ্ৰী'ৰে ঘৰ ঠাঁহ খাই আছে।
     ওচৰ চুবুৰীয়া শইকীয়া-শইকীয়ানীহঁতৰো খুব মন যোগ শিকাৰ, কিন্তু তেওঁলোকৰ ঘৰত সেই সুবিধাকন নাই। লৰা ছোৱালীহঁতে পুৱা পাঁচটাতে টিভি লগালে হাংগামা কৰি দিব। বৰুৱা-বৰুৱানীৰ সেই অসুবিধা নাই। লৰা বাহিৰত পঢ়ে আৰু ছোৱালীজনী দুমাহ আগতে বিয়া দিলে।
        প্ৰস্তাৱটি প্ৰথম বৰুৱানীহঁতেই দিলে। ঠিক হল শইকীয়া দম্পত্তিও আহিব পুৱা পাঁচটাতে একেলগে যোগ শিকিবলৈ, বৰুৱানীহঁতৰ ঘৰত টিভিৰ সন্মুখত বহি। মিনিয়ে কথাটো গম পাই মুখখন মনে মনে যিমান পাৰি বেঁকা কৰিলে, চাহ দুকাপ বেছিকৈ বনাবলগীয়া হব বাবে, সেই ব্ৰহ্মপুৱাতে।
      দুদিনমান পাছতে আৰম্ভ হল বৰুৱাৰ ঘৰত সৰু সুৰা যোগৰ পাঁচজনীয়া শিবিৰ এটা। পূৰ্ণ্যোদমে চলিল যোগ চৰ্চা মাজতে ৰামদেৱ বাবাই এটা নতুন যোগ শিকালে। ওঁম বুলি দীঘলীয়াকৈ কৈ হাত দুখন ওপৰলৈ ডাঙি ধৰিব লাগে, দুবাৰ প্ৰথমবাৰ ব্যায়ামটো কৰি ওপৰলৈ হাত দুখন ডাঙোতেই শইকীয়া-শইকীয়ানী দুয়োজনৰে আকৌ কাঁহে ধৰিলে চৰ্চৰণি খোৱা বুলি মিনি দৌৰ মাৰিলে পানী আনিবলৈ। পাছদিনাও সেইটো কৰোতে দুয়োজনৰে কাঁহ তৃতীয় দিনাও একেই অৱস্থা। বৰুৱাহঁতৰ এইবাৰ অবাক হোৱাৰ পাল প্ৰথমে ভাবিছিল হাত ওপৰলৈ ডাঙোতে বুকুত ধৰে কিজানি বয়সৰ কাৰণে। কিন্তু দুয়োজনৰে একে সময়তে একেটা ব্যায়ামত কাঁহ উঠাটোহে দেখোন ৰহস্যজনক চতুৰ্থ দিনা বৰুৱাই থাকিব নোৱাৰি সুধিয়েই দিলে কথাটো। “কিহে শইকীয়া, কথাটো কি? ইমানকৈ কাঁহে ধৰে নে আপোনালোকক এইটো যোগত বাকীবোৰ দেখোন ঠিকেই যায়" শইকীয়াই অলপ লাজ লাজ কৈ এবাৰ শইকীয়ানীৰ মুখলৈ চাই আৰম্ভ কৰিলে, “এহ বৰুৱা, আপোনালোকৰ পৰানো আৰু কি লুকুৱাম? আচলতে আমি যে আকৌ 'শংকৰী' মানুহ ওঁম বুলি কোৱাত অলপ বাধা আছে। জানেই নহয় আৰু সমস্যাবোৰ” বৰুৱাই অলপ সময় শইকীয়াৰ মুখলৈ থৰ লাগি চাই ৰ টিভিত ৰামদেৱ বাবাই 'ওঁম' 'ওঁম' বুলি তেতিয়াও চিঞৰি আছিল

(গল্পৰ দৰে যদিও সত্য ঘটনাৰ আধাৰত লিখা )