Sunday, January 30, 2011

অসম সাহিত্য সভাৰ বৰ্তমানৰ স্বৰূপ



     ৰিণি ৰিণিকৈ এতিয়াও মনত আছে সেই সভা খনৰ কথা। এগৰাকী বয়সস্থ মানুহ এটা শুকুলা হাঁহৰ ওপৰত উঠি সকলোকে নমস্কাৰ কৰি আগবাঢ়ি গৈছিল। বুজিপোৱা নাছিলো তেতিয়া ভালকৈ, প্ৰকৃততে কি হৈ আছিল। এটায়ে কথা জানিছিলো যে সেইখন আছিল কিতাপৰ মেলা, লিখাপঢ়া কৰা বহুতো ডাঙৰ ডাঙৰ লোক আহে তালৈ, প্ৰতিবছৰে হয় মেলা খন। কিন্তু যেতিয়া অলপ ডাঙৰ হলো, যেতিয়া কুইজত প্ৰশ্ন সোধা কৰিলে যে, অসম সাহিত্য সভাৰ বৰ্তমান সভাপতিগৰাকী কোন বুলি, উপলব্ধি কৰিছিলো সেই সভাখনৰ গুৰুত্ব। বুজি উঠিছিলো সেই শুকুলা হাঁহত উঠি যোৱা ব্যক্তি গৰাকী আছিল অসম সাহিত্য সভাৰ সেইবাৰৰ সভাপতি নৱকান্ত বৰুৱা দেৱ। যেতিয়াই অলপ কিতাপ পত্ৰ পঢ়া আৰম্ভ কৰিলো তেতিয়া বুজিছিলো অসমৰ সাহিত্য জগতৰ আঁত ধৰা অনুষ্ঠানটোৱেই হ, অসম সাহিত্য সভা।
     অসমীয়া সাহিত্যৰ কাণ্ডাৰী সকলৰ দ্বাৰা গঠিত এই অসম সাহিত্য সভা দেশৰ ভিতৰতে এটা উল্লেখযোগ্য জাতীয় অনুষ্ঠান। পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ এক অবিৰত যাত্ৰা। কিন্তু এটা প্ৰশ্নবোধক চিনে সদায় মনত খুন্দিয়াই থাকে, অসম সাহিত্য সভা আজিৰ দিনত কিমান প্ৰাসংগিক? অসমৰ জাতীয় জীৱনত সঁচাকৈয়ে কিবা উল্লেখযোগ্য অৱদান আছেনে অসম সাহিত্য সভাৰ? অসমৰ সাহিত্য সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কি কৰিছে অসম সাহিত্য সভাই? অসমীয়াৰ গাঁঠিৰ ধনেৰে প্ৰতিষ্ঠিত অসম সাহিত্য সভাই আজি দেখোন সগৌৰৱেৰেব পৰা হআমাকো ব্যৱসায়ীৰ চান্দা লাগিবই।সাহিত্যৰ তথাকথিত কাণ্ডাৰী সকলৰ আজি এই ভাষ্য। সাহিত্য সভাৰ অধিবেশনৰ নামত আচ্লতে কি হয়? কেইগৰাকী মান নেতা পালিনেতাৰ আদৰণী সমিতিত মইমতালি,ক্ষমতা অৰ্থৰ নিৰ্লজ্জ প্রদৰ্শন, কেলেংকাৰী ইত্যাদি। এইবোৰেই হয় আজিকালিৰ সাহিত্য সভাত। সাহিত্য চৰ্চা কম, ৰাজনৈতিক চৰ্চা বেছি।  পদ্মনাথ-লক্ষীনাথৰ অসম সাহিত্য সভা আজিকালি আদালতত কাঠগড়াত যুঁজে বিভিন্ন কেলেংকাৰীক লৈ। একো একো জন বিষয়ববীয়াই বছৰ বছৰ ধৰি একো একোটা বিষয় বাব দখল কৰি ৰজা হৈ থাকে,নিৰ্বাচনৰ নামত ভণ্ডামি কৰি। এটা সময় আছিল যেতিয়া অসম সাহিত্য সভাৰ সভাপতি পদটো আছিল এক অতি সন্মানীয় পদ। কিন্তু আজি যেন এইটো পদৰ পৰা কিছু সংখ্যক সাহিত্যিকে নিজকে নিলগত ৰাখে। সাহিত্য সভাৰ অৱস্থা আজি ইমানেই পানীত হাঁহ নচৰা! সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ আজি ইমান বছৰৰ পাছতো আজি অসমীয়া ভাষা সংস্কৃতিৰ অৱস্থা আজিও দুখলগা। বছৰি বছৰি একো একো খন অধিবেশন পাতিয়েই, বাহিৰৰ কেইগৰাকীমান বিদগ্ধ পণ্ডিতক মাতি গামোছা পিন্ধাই নিজৰ ঢাক ঢোল বজায়েই নিজৰ দায়িত্ব সামৰিছে। অসম সাহিত্য সভাৰ প্ৰতি যে বৰ্তমান নৱপ্ৰজন্মৰ মন তীব্ৰ বিতৃষ্ণাৰে ভৰি আছে, সেয়া অসম সাহিত্য সভাই অনুধাৱন কৰাৰ সময় আহি পৰিছে। অসমৰ জাতীয় জীৱনলৈ অতুলনীয় অৱদান আগবঢ়াই যোৱা মনিষী সকলৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা এই অনুষ্ঠান আজি কিছুসংখ্যক সুবিধাবাদী তথাকথিত সাহিত্যিকৰ কবলত। যদি এনেকৈয়ে চলি থাকে তেন্তে ই ভৱিষ্যতে ইমানেই এলাগী হৈ পৰিব যে,সেই স্কুল কুইজৰ অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন?” বোলা প্ৰশ্ন টোৱেই হয়তো এদিন কোনেও নোসোধা হব।


Thursday, January 20, 2011

কেশৱ মহন্তদেৱ ৰচিত মোৰ কেইটিমান প্ৰিয় গীত

  • বৰষুণৰ বতৰত মইনা নুঠে মটৰত
  • কাউৰী পৰে 
  • এখন দেশত এক ৰজা আছিল
  • বৰ ঘৰৰ মেকুৰী
  • আনে যোৱা বাটে
  • ল' পাক গুলচী ল'
  • যায় অ' কানু বাই বেণু
  • লৰিয়লি সৰু চৰাই
  • শিলে শিলে ঠেকা খালে
  • এনেকৈয়ে ভাগেনে সপোন 



তলৰ প্লেয়াৰটোৰ প্লে বুটামটোত ক্লিক কৰক:

  Powered by     eSnips.com 

Wednesday, January 19, 2011

পঞ্চাশৰ দশকত ৰেকৰ্ডিত এটি দুৰ্লভ গীত

(তলৰ প্লে বুটামটোত ক্লিক কৰক)

Luitore pani jabi ...


লুইতৰে পানী যাবি অ' বৈ
সন্ধিয়া লুইতৰ পানী সোণোৱালী 
চহৰে নগৰে যাবি অ' বৈ
জয়াৰে কীৰিতি দেশে বিদেশে
সাগৰে নগৰে ফুৰিবি কৈ
মাটিৰে দেহাটি এৰি জয়মতী
জ্যোতিৰে দেহাটি লৈ
যাউতিযুগীয়া কীৰিতি ৰাখিলে
চানেকী জগতলৈ
এটুপি দুটুপি তেজে তিনিটুপি
দেশৰ হকে জয়াই গ'লে বিলাই
অসমৰ জীয়ৰী অসমৰ বোৱাৰী
এটুপি চকুলো যোৱা পেলাই


পঞ্চাশৰ দশকত ৰেকৰ্ডিত এই গীতটিত কণ্ঠ নিগৰাইছিল স্বনামধন্য শিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই

Tuesday, January 18, 2011

ভৱিষ্যত প্রজন্ম কোন দিশে?

শিল্পী দিৱসৰ দিনা এটা নিউজ চেনেলত এটা নোহোৱা নোপোজা ঘটনা দেখিলো। সেইখিনি দেখি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈকে লাজ পালো। সোধা হৈছিল জ্যোতিপ্ৰসাদ কোন বুলি। কিন্তু যিখিনি উত্তৰ পালো সেইখিনি শুনি মূছ্কছ যাবলৈহে বাকী। ইংৰাজী মাধ্যমত পঢ়া বাবেই জ্যোতিপ্ৰসাদ আগৰৱালাক চিনি নাপায় হেনো এগৰাকীয়ে!! এওঁলোকৰ পৰা আমি প্ৰকৃততে কি আশা কৰিব পাৰো? নিজৰ জাতিটোৰ, সংস্কৃতিৰ বিষয়ে নূন্যতম জ্ঞান খিনিও নথকা এইসকলৈই হৈছে আমাৰ ভৱিষ্যতৰ নাগৰিক। আমি আকৌ সত্যজিৎ ৰায়ে শংকৰদেৱ কোন বুলি কোৱা শুনি দুখ কৰো! দেখিলে দুখ লাগে অসমীয়া নৱ প্ৰজন্মৰ ভৱিষ্যত। ইয়াৰ বাবে দায়ী কোন? চৰকাৰ নিশ্চয় নহয়, তেন্তে? ইয়াৰ বাবে সম্পূৰ্ণৰূপে দোষী অভিভাৱক সকল আৰু শিক্ষক সকল। বিশেষকৈ ইংৰাজী মাধ্যমৰ শিক্ষক সকল। অভিভাৱক আৰু শিক্ষকসকলেই এজন শিশুক গুৰু হিচাবে শিক্ষা দিয়ে, তেনেস্থলত নিজৰ জাতি, সংস্কৃতি আদিৰ শিক্ষা দিয়াটোও অত্যন্ত জৰুৰী। ভাটৌৰ দৰে পঢ়া কিতাপ বোৰ মুখস্থ কৰি পৰীক্ষাত ভাল মাৰ্ক পালেই যদি তাক ভাল শিক্ষা বুলি কোৱা হয় তেন্তে তেওঁলোকৰ সেই ধাৰণা সম্পূৰ্ণ ভুল। অসমত যেন এতিয়া অসমৰ বিষয়ে কিমান নাজানো তাৰে এক অঘোষিত প্ৰতিযোগিতাহে চলিছে। কিন্তু নিজৰ সন্তানক অসম সম্পৰ্কে নূন্যতম শিক্ষা নিদিয়া এই সকল অভিভাৱকে এবাৰ হলেও ভাবি ভাবি চাইছেনে যে, তেওঁলোকৰ সন্তান সকল যেতিয়া বাহিৰলৈ পঢ়িবলৈ আহিব, তেন্তে অসম সম্পৰ্কে কি জ্ঞান লৈ আহিব? আমি বাহিৰত থাকি এটা কথা অনুভৱ কৰিছো বেলেগ বেলেগ প্ৰদেশৰ পৰা দিল্লীলৈ অহা ছাত্ৰ ছাত্ৰী সকলৰ নিজৰ ঠাইখন, সংস্কৃতি আদিৰ জ্ঞান লেখত লবলগীয়া। তাৰ তুলনাত আমাৰ জ্ঞান যেন তেনেই সীমিত। ইংৰাজী মাধ্যমত পঢ়ি বহুতো নম্বৰ লৈ বাহিৰৰ কলেজ এখনত পঢ়িবলৈ আহিলেই অভিভাৱক অথবা এখন বিদ্যালয়ৰ শিক্ষক সকলৰ দায়িত্ব শেষ হোৱাটো নুবুজায়। নিজৰ সন্তান অথবা ছাত্ৰ ছাত্ৰী এগৰাকীক নিজৰ কলা সংস্কৃতিৰ বিষয়ে নূন্যতম জ্ঞান খিনি দি বাহিৰলৈ পঠাওঁক। অন্তত: জ্যোতিপ্ৰসাদ কোন বুলি অনা অসমীয়া এজনে প্রশ্ন কৰিলে যাতে উত্তৰ দিব পাৰে, ইংৰাজী মাধ্যমত পঢ়া বুলি, তেওঁৰ বিষয়ে নাজানো বুলি হাঁহিয়াতৰ পাত্ৰ যাতে নহয়। জ্যোতিপ্ৰসাদ কোন নাজানিলে নিয়ম মতে বাহিৰলৈ পঢ়িবলৈকে অহাৰ প্ৰয়োজন নেদেখো, সেই পৰুৱাৰ মগজুৰ সমান জ্ঞান লৈ। তথাকথিত ইংৰাজী মাধ্যমৰ ভুৱা আভিজাত্যৰে মহীয়ান আমাৰ অসমৰ বিদ্যালয় সমূহেও ছাত্ৰ ছাত্ৰী সকলক অলপ শিকাওঁক জ্যোতিপ্ৰসাদ্, বিষ্ণুৰাভাৰ বিষয়ে। বাহিৰৰ পৃথিৱীখন বহু আগবাঢ়ি গ, এতিয়া আৰু পাঠ্যক্ৰম খিনি পঢ়ি জগত জিনাৰ দিন গল। চাৰিওফালে জ্ঞান অৰ্জন কৰি জগত জিনাৰ সময় এয়া,  নিজৰ সংস্কৃতিক আওকান কৰি, জ্যোতিপ্রসাদক চিনি নাপাওঁ বুলি গৌৰৱেৰে টিভিৰ আগত কৈ ভৱিষ্যতে মুখ থেকেচা খোৱাৰ দিন নহয়।

Friday, January 14, 2011

হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজ

অসমৰ তিনিওটা বিহুৰ ভিতৰত ভোগালী আৰু ৰঙালী বিহুৰ উত্সাহ উদ্দীপনাই আটাইতকৈ বেছি। ৰং ৰহইচৰ মাজেৰে পাৰ হোৱা বিহুৰ দিনবোৰৰ লগতে জড়িত হৈ আছে অসমীয়া সমাজৰ বিভিন্ন ৰীতি নীতি, আচাৰ ব্যৱহাৰ আৰু বিভিন্ন লোক গাঁথাৰ অপূৰ্ব সমন্বয়। ঠিক সেইদৰে মাঘ বিহু অথবা ভোগালী বিহুৰ লগতো জড়িত হৈ আছে কিছুমান পৰম্পৰা। মহ যুঁজ, হাঁহ কনী যুঁজ, মেজি আদিবোৰ যেন ভোগালী বিহুৰে অতীজৰে পৰা চলি অহা কিছুমান পৰম্পৰা। এনে পৰম্পৰাবোৰৰ ভিতৰৰে এটা হ'ল বুলবুলি চৰাইৰ যুঁজ। অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে। এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয়। কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে। ইয়াৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষন দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়। এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পাছৰ যুঁজলৈ বাচনি কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয়। সাধাৰণতে এডোখৰ ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে। যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়। এতিয়াও এই যুঁজ হাজো অঞ্চলত খুবেই প্ৰচলিত। অৱশ্যে মাজে মাজে জীৱ-জন্তু প্ৰেমী সংগঠন সমূহে এই যুঁজৰ ব্যাপক সমালোচনা কৰাও দেখা যায়।

(ফটো উৎস: গুগল)

Monday, January 10, 2011

অসমৰ সমাজ জীৱনত ঢেঁকী

অসমত এতিয়া উৎসৱৰ বতৰ। ভোগালী আহি আছে অতি উলাহেৰে। অসমৰ গাঁৱে ভূঁঞে এতিয়া হয়তো বিহুৰ বাবে পিঠা পনা বনোৱাৰ ঢৌ। আকাশ বতাহ বৰ্তমান মুখৰিত হৈ উঠিছে ঢেঁকীৰ শব্দত। অসমৰ গ্ৰাম্য সমাজ জীৱনৰ এটি অবিচ্ছেদ্য অংগ হল ঢেঁকীশাল। ভোগালী বিহু আৰু ৰঙালী বিহুত ঢোঁলৰ ছেঁৱৰ লগত যেন ঢেঁকীৰ শব্দই বিহুত অইন এটি উৎসাহৰ ৰহণ সানে। অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে। প্ৰায় পাঁচ হাত মান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক আমি ঢেঁকীথোৰা বোলো। এই থোৰা ডাল সাধাৰণতে মজবুত কাঠৰ হব লাগে।  থোৰাটোৰ একেবাৰে মূৰত এটা লোহাৰ আঙুঠি সদৃশ এটি টুকুৰা থাকে যাক গুলচ বুলি কোৱা হয়। থোৰাটো যিটো অংশত পেলাই ৰখা হয় তাক খুবলি বোলা হয়। সাধাৰণতে শিল এচটাত গাত খান্দি খুবলি প্ৰস্তুত কৰা হয়। ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেইখিনি হফিছা। সেইখিনিৰ পৰাই অলপ আঁতৰতে এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় যাক আষল শলা বুলি কোৱা হয়। এই শলা ডাল দুয়োফালে দুডাল Y আকৃতিৰ সৰু কাঠৰ খুটাত লগাই ৰখা হয়, যাক কটৰা' বোলা হয়। অসমীয়াৰ লগতে বিভিন্ন অইন বহুতো জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। অসমৰ সাহিত্য সংস্কৃতিৰ লগত ঢেঁকী ওত:প্ৰোত:ভাৱে জড়িত। ঢেঁকীৰ বিষয়ে অসমীয়া সমাজ জীৱনত প্ৰচলিত ফঁকৰা যোজনা বিধেই হঅচিন কাঠৰ থোৰা নলগাবা। ৰসৰাজে তেজীমলা সাধুটোতো ঢেঁকীৰ উল্লেখ কৰিছে।  

চিত্রত: ১গুলচখুবলিঢেঁকীথোৰাফিছাকটৰাআষল শলা

(প্রসংগ পুথি: অসমীয়া সংস্কৃতিৰ কণিকা)

Sunday, January 9, 2011

ক্ৰিকেটৰ প্রতি মোৰ মোহভংগ ঘটিল কিয়?

এটা সময় আছিল যেতিয়া টিভিত ক্ৰিকেট চলি থাকোতে পঢ়াত মন নবহিছিল। সেয়া আছিল স্কুলীয়া দিনৰ কথা। মেট্ৰিক পৰীক্ষাৰ আগে পাছে হোৱা খেল চোৱাৰ পৰা বৰ বেয়াকৈ বঞ্চিত হৈছিলো। খেলৰ স্কোৰ বোৰ নজনালৈকে পেটলৈ ভাত যোৱা নাছিল। স্কুলতো খুবেই আলোচনা চলিছিল। সিদ্ধু, মাঞ্জৰেকাৰ কোন কূটা? আমি নিজেই বিশেষজ্ঞৰ দৰে আলোচনা কৰিছিলো লগৰীয়া বোৰৰ সৈতে।কিন্তু ক্ৰিকেটৰ প্ৰতি হঠাতে মোহভঙ্গ ঘটিছিল তেতিয়া, যেতিয়া ২০০০ চনত মেচ ফিক্সিং’ নামৰ শব্দ এটায়ে ধুমুহাৰ সৃষ্টি কৰিছিল। হেন্সি ক্ৰনিয়েৰ কেলেংকাৰী বোৰ যেতিয়া পোহৰলৈ আহিল তেতিয়াৰ পৰাই ক্ৰমান্বয়ে ক্ৰিকেটৰ পৰা আঁতৰি আহিবলৈ ধৰিলো।  সেই সময়ত হয়তো ভাবিবই পৰা নাছিলো যে ক্ৰিকেটৰ দৰে খেলতো টকাৰ বিনিময়ত ফলাফল নিৰ্ণয় কৰিব পৰা যায়। নাজানো কিয়, তেতিয়াৰে পৰাই ক্ৰিকেটৰ লগত সম্পৰ্ক ক্ৰমান্বয়ে কমি আহিল। এতিয়া মাত্ৰ কোন খন খেলত কোন জিকিল, কোনে কিমান স্কোৰ কৰিলে, বাতৰি পঢ়ি তাক জানিব লাগে বাবেহে জানো। কিন্তু এতিয়া ক্ৰিকেটৰ যিটো ৰূপ দেখা পাইছো, সেইটো দেখিহে কেতিয়াবা আচৰিত হৈ যাওঁ। ক্ৰিকেট যে বৰ্তমান এটা খেলা হৈ আছে তেনে অনুভৱ নহয়, এতিয়া ই এটা হাজাৰ হাজাৰ কোটি টকাৰ উদ্যোগ মাথোঁ। বৰ্তমান টকাৰ লগত ক্ৰিকেটক এনেকৈ সাঙুৰি লোৱা হৈছে যে, ই বজাৰৰ পণ্য সামগ্ৰীত পৰিণতহৈ পৰিছে,ত কোটি কোটি টকাত খেলুৱৈ বিক্ৰী হয়, বজাৰত শাক পাচলি বিক্ৰী হোৱাৰ দৰে। যোৱাকালি একে সময়তে দুটা বাতৰি দুটা বেলেগ বেলেগ নিউজ চেনেলত দি আছিল, এটা ফালে দেখুৱাই আছিল আই পি এল ৰ বাবে কোটি কোটি টকাৰ দৰদাম আৰু আনফালে উত্তৰ ভাৰতৰ শীত প্ৰৱাহৰ ফলত ঘৰৰ বাহিৰত থাকিবলগীয়া হোৱা কিছুলোকৰ দুখ কষ্টবোৰ। আচৰিত হৈ যাওঁ একে সময়তে একেখন দেশৰে দুখন বিপৰীত প্ৰতিচ্ছবি!! এতিয়া ঘূৰি আহো ক্ৰিকেটলৈ। ক্ৰিকেটৰ এই বানিজ্যিকীকৰণে ক্ৰিকেটৰ কিমান উপকাৰ সাধিব সেয়া বিতৰ্কৰ বিষয়। কাৰণ এতিয়া ক্ৰিকেট হৈ পৰিছে ৰাজনীতিবিদ, ব্যৱসায়ী আদিৰ মুনাফা লুটাৰ এটা উপায়। যিমানেই আই পি এল নোলাওঁক কিয়, এতিয়াও বহুতো ক্ৰিকেটপ্ৰেমী আছে যি সকলে ক্ৰিকেটৰ ধ্ৰুপদী ৰূপটোকে ভাল পায় আৰু তেনে ক্ৰিকেট এতিয়াও কিছু প্ৰচলিত হৈ আছে কিন্তু যেতিয়াই কোনো বস্তু মুনাফা লুটাৰ আহিলা হৈ পৰে তেতিয়াই ই ধ্বংসলৈ গতি কৰে,লাগিলে যিমানেই জনপ্ৰিয় নহওঁক কিয়! আই পি এলো যেন তাৰেই এটা উদাহৰণ। এই বোৰ কাৰণতে ক্ৰিকেটৰপৰা আঁতৰি আহিলো,কিন্তু শচীনে যেতিয়া এটা শতকীয় ইনিংচ খেলাৰ বাতৰি পাওঁ, আজিও আনন্দিত হওঁ। ক্ৰিকেট ভাল নাপালো কি হ? শচীন সদায়েই মোৰ প্ৰিয় হৈ থাকিব,এজন প্ৰকৃত ক্ৰিকেট খেলুৱৈ হিচাবে!

Friday, January 7, 2011

ভাষা বিভ্রাট

আজি কিছুদিনৰ আগতে দিল্লীৰ সৰোজিনী মাৰ্কেট গৈছিলো। এখন কাপোৰৰ দোকানত সোমাইছিলো, দেখিলো মেখেলা চাদৰ পৰিহিতা দুগৰাকী মহিলাই বজাৰ কৰি আছে। বুজিবলৈ বাকী নাথাকিল অসমীয়া মহিলা। এনেয়ো অসমৰ পৰা অহা মানুহৰ দিল্লীত বজাৰ কৰিবলৈ মুখ্য দুটা স্থান হৈছে, সৰোজিনী মাৰ্কেট আৰু পালিকা বজাৰ। এই দুখন ঠাইত বজাৰ কৰিবলৈ নোসোমালে দিল্লী ভ্ৰমণ আধৰুৱা হৈ থকা বুলি ধৰা হয় সাধাৰণতে। দোকাখনত সোমায়েই দেখিলো মহিলা দুগৰাকীয়ে দোকানীৰ লগত দৰ দাম কৰি আছে। এনেতে এগৰাকীয়ে দোকানীক কৈ উঠিল, “ইতনা জুই চাই দাম ক্যু বোলতা হে?” তেখেতৰ হিন্দী শুনি মুৰটো ঘুৰাই তেখেতৰ মুখলৈ চালো। লগৰটো ইতিমধ্যে মুখত সোপা দি বাহিৰলৈ ওলাই গল। এইবাৰ মোৰ আচৰিত হোৱাৰ পাল, যেতিয়া দোকানীজনে মানুহগৰাকীক প্ৰত্যুত্তৰ দিলে “জুই চাই দাম নহী বোল ৰাহা হু মেডাম”। মহিলা দুগৰাকী দামত সন্তুষ্ট নহৈ উঠি গল। তেতিয়া দোকানীজনক সুধিছিলো জুই চাই দাম মানে কি জানেনে বুলি? সি অলপো পলম নকৰাকৈ উত্তৰ দিলে জুই চাই দাম মানে খুব বেছি দাম। সি কৈ যাবলৈ ধৰিলে সৰোজিনী মাৰ্কেটলৈ অসমৰ পৰা বহু মানুহ আহে, সেইবাবে দৰ দাম কৰোতে কৰোতে তেওঁলোকেও অসমীয়া শিকি গৈছে। অসমীয়া ভালকৈ কব নাজানিলেও অৰ্থবোৰ বুজি পায় অৰু দুই এটা ভঙা ভঙা শব্দ কব পাৰে। অসমীয়া লোকৰ হিন্দী আৰু হিন্দী ভাষীৰ অসমীয়া কথনত যেন এটা নতুন ভাষাৰ হে আৱিষ্কাৰ হওঁ হওঁ!! দিল্লীত দেখা যায় অসমীয়া লোকে পোনতেই ভুল কৰা হিন্দী ব্যাকৰণ কেইটা হৈছে আ-কাৰ’, ই-কাৰ যুক্ত বাক্যবোৰ। হিন্দীত পুংলিংগত আ-কাৰ বহে আৰু স্ত্ৰী লিংগ যুক্ত বাক্য ই-কাৰ হয়। কিন্তু আমি গোটেইবোৰ সানি পুতুকি একাকাৰ কৰি পেলাওঁ। মোৰ নিজৰেই কেতিয়াবা এই ভুল হয়। আনহাতে হিন্দীভাষী লোকসকলে পোনতেই ভুল কৰা শব্দটো হৈছে – আচামী। এওঁলোকে অসমবাসী অসমীয়া সকলক আচামী বুলি কয়। যেন কোনোবা কেচত ফঁচি থকা জাতি এটাহে! অসমীয়া বুলি কবলৈ শিকাই ভাগৰি গলো আৰু! অৱশ্যে কাৰো গাতেই ভুল নাই, এনেকৈয়ে চলি আহিছে অতীজৰ পৰা, হিন্দীভাষীৰ অসমীয়া আৰু অসমীয়াৰ হিন্দী!!যত কোনো ব্যাকৰণৰ প্ৰতিবন্ধকতা নাই, নাই কোনো জানি বুজি কৰা ভুল। এজনে মাত্ৰ আনজনক বুজি পালেই হল। “ক্যু কি বোলনে কে লিয়ে কিচী ভাষা কি জৰুৰত নহী হোতী! হোৱাট এন আইডিয়া!”

Thursday, January 6, 2011

'বিতৰ্ক'ৰ সংজ্ঞা

কেতিয়াবা এই 'বিতৰ্ক' শব্দটোক লৈ মোৰ খুবেই খেলিমেলি অনুভৱ হয়। আচলতে শব্দটো এনে কিছুমান ঠাইত প্ৰয়োগ হয় যে, শব্দটো ধনাত্মক ক্ষেত্ৰত ব্যৱহাৰ হয় নে ঋণাত্মক ক্ষেত্ৰত ব্যৱহাৰ হয় উৱাদিহ নাপাওঁ। অসমত কিন্তু এই শব্দটোৰ খুবেই প্ৰচলন আছে। বিতৰ্ক হওঁক নহওঁক, কিবা এটা বজাৰত ওলোৱাৰ আগে আগে 'বিতৰ্ক' শব্দটো যদি লগাই দিয়া যায়, নিশ্চয় ভাল বজাৰ এখন পোৱা যায়। গানৰ মুক্তিৰ আগে আগে প্ৰচাৰ কৰা হয়, 'এই বছৰৰ বহু বিতৰ্কিত বিহুগীত/আধুনিক গীত'। লাগিলে সেইটো শুনিব নোৱাৰা বেসুৰা গানেই হওঁক। কিতাপৰ ক্ষেত্ৰতো একেই, এইবাৰৰ বহু বিতৰ্কিত গ্ৰন্থ। তেনেকুৱা বহু বিতৰ্কিত গ্ৰন্থ কিনিছিলোও বহু কেইখন, কিন্তু পঢ়ি উঠি তৰ্ক কৰিবলৈয়ে একো বিচাৰি নাপালো, বিতৰ্কৰ কথা বাদেই দিলো। কিছুমান বিজ্ঞাপনটো এখোপ চৰা।  এনেবোৰ বিজ্ঞাপনে ৰাইজক জনায়, 'মুক্তি হোৱাৰ আগতেই বিতৰ্কৰ সৃষ্টি' হোৱা বুলি। হেৰৌ, মুক্তিৰ আগত নো বিতৰ্কিত হ'ল কেনেকৈ? না ৰাইজে শুনিলে, না ৰাইজে পঢ়িলে! অৱশ্যে প্ৰযোজক, প্ৰকাশক, গায়্ক, লেখক আদিৰ মাজতে তৰ্ক বিতৰ্ক হৈ যদি মুক্তি পাইছে তেন্তে নাজানো আৰু! ভ্ৰাম্যমানৰ নাটকৰ ক্ষেত্ৰটো শুনিছো 'এই বছৰৰ এখন বহু বিতৰ্কিত নাট'(লাগিলে সেইখন কোনোবা হিন্দী কথাছবিৰ নকলেই হওঁক্!!)।আজিকালিটো টিভিৰ কাৰ্য্যসূচীও 'বহু বিতৰ্কিত' বুলিহে বিজ্ঞাপন দিয়ে। 'বিতৰ্ক' শব্দটোৰ যে অৱস্থা নাইকিয়া হৈ গৈছে! হাতী-ঘোঁৰা সকলোৰে আগত 'বিতৰ্ক' লগাই কিন্তু ভাল টকা ঘটি থকা হৈছে। এনেও আমিবোৰ বিতৰ্ক প্ৰেমীয়ে মানুহ, য'তেই বিতৰ্ক তাতেই মাতষাৰ মাতিবলৈ সাজু হৈয়েই থাকোঁ।

বি.দ্ৰ. মোৰ ব্লগৰ এই পোষ্টটোও খুবেই বিতৰ্কিত দেই!

গুৰুজনাৰ নামত চলি থকা ভণ্ডামিবোৰ

"আমি অসমীয়া নহওঁ দুখীয়া"- এই মন্ত্ৰ ফাঁকি আজিকালিৰ যুগত বাৰু সঁচাকৈয়ে খাপ খাইনে? ঠিকেই আমি সাহিত্য, কলা-সংস্কৃতি আদিৰ ফালৰ পৰা কেতিয়াও দুখীয়া নহয়, কিন্তু তথাপি আমি নিজকে সদায় দুখীয়াৰ শ্ৰেণীতেই ৰাখিম। বিশেষকৈ ধনৰ দুখীয়া নহ'লেও মনৰ দুখীয়া সদায়েই হৈ থাকিম। যি খিনি সময়ত অন্যান্য ভাষা, জাতিৰ লোকে নিজৰ কৃষ্টি সংস্কৃতি আদিবোৰ সগৌৰৱেৰে বিশ্ব দৰবাৰলৈ উলিয়াই নিবলৈ ধৰিছে, সেইখিনি সময়তে আমি নিজৰ মাজতে খোৱা কামোৰা খন কৰি আছো। আজি কেইদিনমানৰ পৰা অসমীয়া বাতৰি কাকত সমূহত এটা আচহুৱা বিতৰ্ক চলি থকা দেখা পাইছো। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীৰ্তন ঘোষা' পুথি খন হেনো সম্পাদনা কৰা হৈছে, বেলেগ ধৰণে। চকু কপালত উঠা কথা নহয়নে? আমি নিজকে গুৰুজনাতকৈও ইমান পণ্ডিত বুলি ভাবোনে? ইয়াকে লৈ দুটা ফৈদৰ মাজত টনা আজোৰা! অতি নিৰ্লজ্জ কাৰবাৰ। আমি কেতিয়াবা এইটো ভাবি চাইছোনে যে গুৰুজনাৰ অমৰ কীৰ্তি সমূহ বিশ্ব বাসীৰ আগত উলিয়াই দিবলৈ এতিয়াও বহু কাম বাকী। এতিয়াও শংকৰদেৱ বুলি ক'লে অসমৰ বাহিৰত মানুহে মুখ মেলি থাকে, 'শংকৰদেৱ কোন বুলি?' তেখেতৰ বিষয়ে অসমৰ বাহিৰত প্ৰচাৰৰ বাবে আমি কিমান কাম কৰিছো? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাথোঁ এজন ধৰ্ম প্ৰচাৰকেই নহয়, অসমৰ এটি জাতীয় অনুষ্ঠান সদৃশ নাম। তেনেক্ষেত্ৰত তেখেতৰ নামত এনে ধৰণৰ বিতৰ্ক সৃষ্টিৰ কাৰণেই বা ক'ত? দুই-তিনিঘৰ আঁতৰে আঁতৰে একো একোটা নামঘৰ স্থাপন কৰি আবেলি আবেলি নাম কীৰ্তন কৰাতেই আমাৰ শ্ৰদ্ধা ভক্তি বোৰ সীমিত হৈ আছে। তাতো আকৌ বিভিন্ন সামাজিক ভাগ বতৰা, গুৰুজনাৰ নামত! বিভিন্ন ফৈদৰ মাজত অহি নকুল সম্পৰ্ক। এনেকৈয়ে আমি ভক্তি ৰসত ডুবি আছো, তাতকৈ বেছি একো কৰিব পৰা নাই আৰু হয়তো এনেকৈয়ে থাকিব সদায়। শংকৰদেৱৰ নামত সৰু বৰ কিমান যে সংগঠন আছে! ইয়াৰে বহুতো হয়তো 'ধনী' সংগঠন, কিন্তু জানিবলৈ মন যায়, গুৰুজনাক অসমৰ বাহিৰত প্ৰতিষ্ঠা কৰিবলৈ এখেত সকলে কি কৰি আছে প্ৰকৃততে, অসমত গুৰুজনাক লৈ খোৱা কামোৰা কৰি থকাৰ বাহিৰে? আমাৰো এটা সপোন আছে, অসমৰ বাহিৰত গুৰুজনাৰ নাম উচ্চাৰণ কৰিলেই যেন এজন অনা-অসমীয়া ব্যক্তিৰ শ্ৰদ্ধাত মূৰ দোঁ খাই যায়। কিন্তু এতিয়া দেখিছো সেই দিন সুদূৰ পৰাহত! 

(১৩.০১.১১ 'আমাৰ অসম' কাকতৰ 'সম্পাদকলৈ চিঠি' শিতানত প্রকাশিত)

Sunday, January 2, 2011

ভাল মানুহ হিচাবে জীয়াই থকাৰ সংকল্প!

এটা নতুন দশকৰ প্রথম দিন! মোবাইল ফোনটোত জমা হৈ থকা এচ এম এচ বোৰ এফালৰ পৰা পঢ়ি গৈছো। এঠাইত এটা এচ এম এচত অলপ থমকি ৰ'লো। নতুন বছৰৰ সংকল্পক লৈ বন্ধু এজনৰ এটা এচ এম এচ। অহা বছৰৰ পৰা মদ্যপান বাদ্! উফ্! এইবোৰটো বহু পুৰণি সংকল্প। প্ৰতিবছৰেটো এইবোৰেই শুনি আহিছো। নতুনত্ব একো নাই। মোৰ নিজৰ মনতে কিছুমান ভাৱৰ বুৰবুৰণি উঠিছিল এচ এম এচ টো দেখি। ভাবিছিলো, মই নিজেনো কি সংকল্প ল'লো নতুন বছৰ হিচাবে? কিন্তু সংকল্প ল'বলৈ একোৱেই নাই দেখোন। মনত খেলাইছিল, আমি সকলোৱেই যদি ভাল মানুহ হৈ থকাৰ সংকল্প এটাকে ল'লোহেঁতেন, তেন্তে পৃথিৱীখন কিমান সুন্দৰ হৈ পৰিলহেঁতেন! সকলো সমস্যাৰ উৎসটো আমি মানুহ নামৰ প্ৰাণীবিধেই। হত্যা, হিংসা, দুৰ্নীতি, কেলেংকাৰী আদিৰে সমাজখনটো আমিয়ে কলুষিত কৰি তুলিছো। সৌ সিদিনা বাতৰিত দেখিছিলো গুৱাহাটীৰ মাজমজিয়াত এগৰাকী নাৰীয়ে অইন এগৰাকী নাৰীৰ ওপৰত অত্যাচাৰ চলোৱাৰ শিহৰণকাৰী দৃশ্য। ভাবিছিলো আমি মানুহবোৰ ইমান নীচ কেনেকৈ হ'ব পাৰিলো? আজি সমাজখন এনেকুৱা এটা পৰ্য্যায় পাইছেগৈ যে আমি নিজৰ বাহিৰে আনক চিনি পাবলৈ এৰি দিছো। সকলোতে নিজৰ স্বাৰ্থ জড়িত হৈ থাকে। কাৰোবাক লাগে প্রতিপত্তি, কাৰোবাক লাগে ক্ষমতা। কিন্তু আমি এবাৰ হ'লেও ভাবি চাইছো নে যে এইবোৰ আহৰণ কৰাৰ নামত আমি সমাজ খনৰ কিমান ক্ষতি কৰি আছো? আমি নিজকে শুধৰাবলৈ কিবা ব্যৱস্থা হাতত লৈছোনে? নতুন বছৰ প্ৰতিবাৰে আহে, আৰু প্ৰতিবছৰে আমি নতুন সংকল্প লওঁ। কিন্তু আমি কেতিয়াবা ভাল মানুহ হিচাবে জীয়াই থকাৰ সংকল্প লৈছোনে? হয়, ভাল মানুহ হিচাবে জীয়াই থাকিবলৈ খুবেই টান, বিশেষকৈ আজিৰ যুগত। কিন্তু সমাজখনৰ একো ক্ষতি নোহোৱাকৈ ভাল মানুহ হিচাবে জীয়াই থাকিব পাৰি নিশ্চয়। যেতিয়ালৈকে আমি নিজেই নিজকে শুধৰাব নোৱাৰো, সমাজ ব্যৱস্থাৰ অধ:পতনৰ বাবে আনক দোষ দি লাভ নাই। সকলোৱেই বুজি উঠক নিজ নিজ দায়িত্ব, সমাজ পৰিৱৰ্তন কৰাৰ দায়িত্ব। তেতিয়াহে যদি এখন সপোনৰ পৃথিৱী গঢ় লৈ উঠিব পাৰে। আহঁকচোন আমিও সংকল্প লওঁ এগৰাকী ভাল মানুহ হিচাবে জীয়াই থকাৰ। এদিন নিশ্চয় পৃথিৱীখন সুন্দৰ হৈ উঠিব! কথাটো সপোন যেন লাগিছে নিশ্চয়। কিন্তু এতিয়া পুঁৱতি নিশা!(৩ বাজি ১৫ মিনিট) আৰু পুঁৱতি নিশাৰ সপোন হেনো ফলিয়ায়!!!!