Friday, November 11, 2011

‘সুউচ্চ পাহাৰৰ শৃংগলৈ উঠা মই এক প্ৰেমিক অশ্বাৰোহী’

     সঁচাকৈয়ে যেন এক দুৰন্ত গতিৰে আৰোহণ কৰিছিল এক সুউচ্চ শৃংগ কাৰোবাৰ বাবে ভূপেন দা, কাৰোবাৰ বাবে ভূপেন মামা। গীতৰ জৰিয়তে অসমীয়া সংগীতত আলোড়ন সৃষ্টি কৰা এক কিংবদন্তিৰ জীৱন নাটৰ যৱনিকা পৰিল। কি এনে সন্মোহনী শক্তি আছিল এই গৰাকী ব্যক্তিৰ, যাৰ বাবে মৃত্যুৰ পাছতো লাখ লাখ লোকে শ্ৰদ্ধাঞ্জলি দিবলৈ উবুৰি খাই পৰিছিল?
     বহু বৰেণ্য ব্যক্তিৰ জীৱন কৰ্মৰাজিৰ বিষয়ে সাধাৰণতে ইতিহাসত পঢ়িছো অথবা শুনিছো। কিন্তু যোৱা প্ৰায় দুটা দশকৰ ভূপেন হাজৰিকাৰ কৰ্মৰাজি দেখিছিলো নিজ চকুৰে। সেই ইন্দ্ৰমালতীৰ যুগৰে পৰা বৰ্তমানলৈকে কি এক অবিশ্বাস্য যাত্ৰা! জীৱনৰ বিয়লি বেলাতো যি গীত গায়েই সৃষ্টি কৰিলে এক নজিৰ জ্যোতি-বিষ্ণুৰ সান্নিধ্যত যেন প্ৰাণ পাই উঠিছিল ভূপেন হাজৰিকাৰ সংগীত সাধনাৰ এক অনন্য ৰূপ। কি নাছিল ভূপেন দাৰ গীতত? শোষণ, বঞ্চনা, প্ৰতিবাদ, প্ৰেম, জীৱন দৰ্শন, কলা সংস্কৃতি আদি বিষয়বস্তুৰে আজীৱন গীত গাই গৈছিল, এই গৰাকী যাযাবৰে। সমাজ সংস্কাৰক হিচাবেও মই ভূপেন হাজৰিকাক শংকৰদেৱৰ পাছতে স্থান দিম,যি বৰ অসম খন একগোট কৰি ৰাখিবলৈ আপ্ৰান চেষ্টা কৰিছিল,গীতৰ মাজেৰে-
“The Galong of Siyang
The Khamti of Luit
The Wancho of Tirap
Why do they beckon to me”
যুগে যুগে শোষণ বঞ্চনাৰ বলি হৈ অহা বৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক ভূপেন হাজৰিকাই গীতৰ মাজেৰে দিছিল এক উচ্চ সন্মান।
     ভূপেন হাজৰিকাই আছিল হয়তো প্ৰথম শিল্পী যি গীতৰ মাজেৰে প্ৰকাশ কৰিছিল বিভিন্ন জাতি জনজাতিৰ মাজৰ একতাৰ শক্তিশালী বান্ধোন সৰ্বহাৰাৰ দুখ বুজি পোৱা এগৰাকী শিল্পী যাক কলিকতাত ডকাইতৰ দলেও ভৰিত ধৰি সেৱা জনাই বাট মুকলি কৰি দিছিল, এনে এগৰাকী শিল্পী যাৰ গীতে সিক্ত কৰিছিল নগা বিদ্ৰোহীৰ চকু, এনে এগৰাকী শিল্পী যাৰ গীতত শিহৰিত হৈ উঠিছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী মুজিবুৰ ৰহমান ভূপেন দাৰ নিজৰ ভাষাতেই “মই সময়তকৈ আগবাঢ়ি থাকো”, সঁচাকৈয়ে! পঞ্চাশ ষাঠি দশকত যিবোৰ কালজয়ী গীত তেখেতে ৰচনা কৰিছিল সেইবোৰ আছিল চমকপ্ৰদ। নিজে লিখি, সুৰ দি, নিজৰ কণ্ঠৰে হাজাৰ হাজাৰ গীত গাব পৰা এগৰাকী শিল্পী গোটেই বিশ্বতে কেইগৰাকী আছে? ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী যিয়ে গীত গাইছিল হাৰমনিয়াম, গীটাৰ,বাঁহী ইত্যাদি সাধাৰণ বাদ্যযন্ত্ৰৰে কিন্তু আজি সেই গীতবোৰেই শ্ৰোতাৰ কাণে কাণে।
     ভূপেন দা আছিল সমাজৰ সকলো শ্ৰেণীকে প্ৰতিনিধিত্ব কৰা মানুহ। ষাঠি দশকত বামপন্থী চিন্তাধাৰাৰে জনচেতনা উদ্ভাষিত হৈ থকা সময়তে লিখি উলিয়াইছিল “প্ৰতিধ্বনি শুনো মই” গীতটি,কিন্তু একে সময়তে চীনৰ বিশ্বাসঘাটকতাত লিখি উলিয়াইছিল “কতজোৱানৰ মৃত্যু হল” অসমৰ সামাজিক জীৱনক লৈ লিখা অসংখ্য গীতে এতিয়াও উদ্বুদ্ধ কৰি তোলে জাতীয় চেতনা। বিদেশী বিতাড়ণ আন্দোলনৰ দৰে বিষয়ক লৈ লিখা লুইতপৰীয়া ডেকা বন্ধু” য়েই হওঁক অথবা প্ৰেমৰউত্তাল তৰংগৰাজিৰে লিখা “দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ” গীতই হওঁক,ভূপেন হাজৰিকাৰ প্ৰতিটো গীততেই সোমাই আছে একো একোটা আত্মা। অন্যহাতে অতি সাধাৰণ কিছুমান বিষয় বস্তুৰে কালজয়ী গীত সৃষ্টিৰ এক জলন্ত উদাহৰণ হল “আকাশী যানেৰে উৰণীয়া মনেৰে” গীতটি। গীতটিত নাই কোনো জটিলতা, মাথো আছে এক ৰোমাঞ্চকৰ অভিযানৰ কাহিনী। বিমান তেজপুৰত অৱতৰণ কৰাৰ সময়ত উৰাজাহাজৰ গতিৰ লগতে যেন ভূপেনদাৰ গীতৰ গতি সমান হৈ গৈছে! সুৰৰ কি এক বিস্ময়কৰ পৰিভাষা। কেনেকৈ এটি কথোপকথন ভূপেন দায়ে আলফুলে সাজিছিল গীতৰ ৰূপত এইটো এটা মাথোঁ উদাহৰণহে।
     বহুদিনৰ আগতেই ভূপেন দায়ে অসম এৰি গুচি গৈছিল সমালোচনাৰ পাত্ৰ হৈছিল অসমক বিদায় দিয়া বাবে। কিন্তু তেওঁ ওলাই যোৱাৰ পাছত অসমৰ একো ক্ষতি নহ, বৰং উজলি উঠিল অসমৰ নাম বিশ্ব দৰবাৰত অসমীয়া সমাজৰ ঠেক গণ্ডিৰ মাজত নিজকে আৱদ্ধ কৰি ৰখাহেঁতেন হয়তো ভূপেন দায়ে আজি এই সন্মান নাপালেহেঁতেন কিন্তু অসমৰ পৰা আঁতৰি গৈয়ো জানো পাহৰি গল অসমক? দেহটোৱেহে বাস কৰিছিল মুম্বাইত,কিন্তু হৃদয়খন থৈ গৈছিল নিজৰাপাৰত। জীৱিত কালত এইগৰাকী শিল্পী কিমান যে সমালোচনাৰ সন্মুখীন হৈছিল তাৰ হিচাব নাই বিভিন্ন ব্যক্তিগত অৰু সামাজিক বিষয়ৰ বিতৰ্ক ইত্যাদিয়ে যেন তেওঁক কোঙা কৰি পেলাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু প্ৰতিটো বিতৰ্কতে একো ৰাজহুৱা মন্তব্য নিদি,যোগ্য প্ৰত্যুত্তৰ দিছিল গীতৰ মঞ্চত,গীতৰ মাজেৰে। আৰু তেনেবোৰ বিতৰ্কৰ সলনি জনপ্ৰিয় হৈ পৰিছিল গীতবোৰহে।
     এতিয়া মাথোঁ এক মহাশূণ্যতা। পঁচাশী বছৰীয়া গীতৰ মঞ্চখন যেন খালী হৈ পৰিল। হয়তো অসমত কোনো কালেই দ্বিতীয় এগৰাকী ভূপেন হাজৰিকা জন্ম নহয় মঞ্চ উকা কৰি আঁতৰি গল এগৰাকী কালজয়ী শিল্পী, কিন্তু মঞ্চত সদায় জ্বলি থাকিব ভূপেন দাৰ কথাৰ চাকীৰে, সুৰৰ তেলেৰে আৰু কণ্ঠৰ শলিতাৰে এক অক্ষয় বন্তি

1 comment:

rupam sarma said...

Himjyotida, Great to read your post.
Thank you so much.