Tuesday, October 18, 2011

একুকি গল্পৰে সাহিত্যৰ ভঁৰাল চহকী কৰা লেখিকা গৰাকী


পুৰণি আকাশৰ তৰা ২     

   অসমীয়া সাহিত্যলৈ নাৰীৰ অৱদান চিৰস্মৰণীয়। অতীজৰে পৰাই পুৰুষপ্ৰধান সমাজত নাৰীয়ে হাতত কলম তুলি লৈ সাহিত্যৰ যোগেদি নিজৰ আৱেগ অনুভূতিৰ বহি:প্ৰকাশ কৰি আহিছে। অসমত কেইবাগৰাকী নাৰীয়ে অসমীয়া সাহিত্যৰ পৃথিৱীখনত নিজৰ কলমৰ জোৰত খোপনি পুতি লবলৈ সক্ষম হৈছিল। ইয়াৰ মাজতে এগৰাকী আছিল – স্নেহ দেৱী, হয়তো অসমীয়া সাহিত্য জগতত কমকৈ চৰ্চিত এটি নাম কিন্তু অসমীয়া গল্প সাহিত্যত নাৰী চৰিত্ৰক এক শক্তিশালী ৰূপত উপস্থাপন কৰাত স্নেহ দেৱীৰ ভূমিকা আছিল অপৰিসীম।

    ১৯১৬ চনত যোৰহাটত জন্মগ্ৰহন কৰা স্নেহ দেৱীৰ পিতৃৰ নাম আছিল নন্দধৰ বৰুৱা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। মাত্ৰ পঞ্চম শ্ৰেণীতে তেখেতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি সৰু কালতে বিবাহপাশত আৱদ্ধ হয় ১৯৫৩ চনত জোৱাৰৰ পাছত নামৰ গল্পটো লিখি ৰামধেনুৰ যোগেদি আত্মপ্ৰকাশ কৰা স্নেহ দেৱীয়ে পোনপ্ৰথমবাৰৰ বাবে গল্পৰ পৃথিৱী খনত প্ৰৱেশ কৰে। ১৯৫৮ চনত তেখেতৰ প্ৰথমখন গল্প সংকলন কৃষ্ণা দ্বিতীয়াৰ জোনাক প্ৰকাশিত হয় স্বামীৰ মৃত্যুৰ পাছতো অসীম মনোবলেৰে কলম চলাই যোৱা স্নেহ দেৱীৰ আন এখন গল্প সংকলন প্ৰকাশ হয়, ১৯৮৭ চনত প্ৰকাশিত ,'স্নেহদেৱীৰ একুকি গল্প নামৰ এই গল্পসংকলন খনৰ যোগেদি তেখেতে কঢ়িয়াই আনিছিল ১৯৯০ চনৰ সাহিত্য অকাডেমী বঁটা। অৱশ্যে তেখেতক এই বঁটা মৰোণোত্তৰভাবে প্ৰদান কৰা হৈছিল মাত্ৰ চাৰিখন গল্পসংকলনেৰে অসমীয়া গল্প সাহিত্যত নিজৰ খোপনি পুতিবলৈ সক্ষম হোৱা এই নাৰীবাদী লেখিকা গৰাকীয়ে ১৯৯০ চনৰ ৫ অক্টোবৰ তাৰিখে যোৰহাটত ইহলীলা সম্বৰণ কৰে। 
(প্ৰসংগ পুথি: কথা বৰেণ্য)

No comments: