Sunday, July 3, 2011

কোক ষ্টুডিঅ’ ত বিহুৰ জয়যাত্ৰা


      
    বিহুৰ সুদিন যেন পুনৰ ঘূৰি আহিছে। ইমান পুৰণিদিনীয়া অসমীয়া গীত মাত বোৰ যেন পুনৰ প্ৰাণ পাই উঠিছে। দিল্লীত এম টিভিৰ ডাঙৰ ডাঙৰ হোৰ্ডিং বোৰত যেতিয়া খগেন গগৈৰ একক চিত্ৰ সম্বলিত বিজ্ঞাপন বোৰ দেখা যায়, তেতিয়া যেন অসমীয়া সংস্কৃতিৰ জাকত জিলিকা প্ৰতিচ্ছবি এখন ভাঁহি আহে। এম টিভিয়ে আৰম্ভ কৰা কোক ষ্টুডিঅশীৰ্ষক অনুষ্ঠানত বিহুক যি প্ৰাধান্য দিয়া হৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। সোমনাথ বৰা, খগেন গগৈ, মৌচম গগৈ আদি বিহু শিল্পী সকলে কোক ষ্টুডিঅ ত যিবোৰ গীত পৰিৱেশন কৰিছে সেইবোৰে ইতিমধ্যে অসমৰ বাহিৰৰ লোকসকলৰ মাজত বিহুৰ এক সুকীয়া পৰিচয় ডাঙি ধৰিছে।
    
ভাৰতীয় সংগীতত লোকসংগীতৰ এক বিশেষ প্ৰাধান্য আছে। বলিউডৰ গীতেই হওঁ অথবা অন্যান্য সংগীত সমূহেই হওঁক সকলোতে লোকগীতৰ চাপ বিদ্যমান। এই ক্ষেত্ৰত পঞ্জাৱৰ লোকগীত সমূহে এক সুকীয়া পৰিচয় ডাঙি ধৰি আছে। বৰ্তমান দেখা গৈছে এই লোকগীত সমূহৰ ভৰতীয় কথাছবি সংগীতত ব্যাপক প্ৰয়োগ। ঠিক সেইদৰে অন্যান্য ভাৰতীয় লোকগীত সমূহেও ব্যাপক ৰূপত প্ৰাধান্যতা লাভ কৰিছে। কিন্তু দুখলগাকৈ পিছ পৰি আছে অসমৰ লোকগীত সমূহ। সেই তাহানিতে নৌচাদে কামৰূপী লোকগীত ঘন বৰষুন পিছল মাটিৰ আধাৰত মাডাৰ ইণ্ডিয়াকথাছবিৰ বাবে দুখ ভৰে দিন বিতেৰে ভায়াশীৰ্ষক গীতটি ৰচি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। কিন্তু বিহুগীত সমূহক লৈ পৰীক্ষা নিৰীক্ষা যেন খুব কমেই চলিছে। অথচ অসমৰ মুল পৰিচয়েই হল বিহু।
    এতিয়া যেন বিহুগীতৰ এখন বহল দুৱাৰ মেল খালে। কোক ষ্টুডিঅবিহুক লৈ যি পৰীক্ষা নিৰীক্ষা চলিচে সি ইতিমধ্যে অসমীয়া তথা অনা অসমীয়া দৰ্শক বিশেষকৈ নৱ প্ৰজন্মৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। এতিয়াৰপৰা হয়তো বিভিন্ন ভাৰতীয় তথা আন্তৰ্জাতিক স্তৰৰ সংগীতত বিহু সুৰীয়া গীত শুনিবলৈ পোৱা যাব যিটো অতিকে শুভ লক্ষণ
     কিন্তু ইয়াৰ দ্বাৰা এইটো অনুভৱ কৰিব নালাগে যে বিহুত পাশ্চাত্য বাদ্যযন্ত্ৰৰ ব্যাপক ব্যৱহাৰেৰে বিহুৱে নিজৰ স্বকীয় মৰ্য্যদা হেৰুৱাই পেলাব আমাৰ ৰক্ষণশীল মনোভাৱৰ বাবেই হয়তো বিহুগীত সমুহে ইমান দিনে ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক স্তৰত প্ৰতিষ্ঠা পোৱা নাছিল কিন্তু এতিয়া এক শিথিলতাৰ প্ৰয়োজন। কাৰণ আধুনিক যুগৰ লগত বিহুকো খাপ খুৱাই লোৱাৰ সময় আহি পৰিছে। এটা কথা হয়তো আমি নিজেও মানি লব লাগিব, অসমত কিছুমান বিহুগীত যিমান বিকৃত ৰূপত উপস্থাপন হয়, তাতোকৈ বহু উন্নত ৰূপত উপস্থাপন হৈ আছে কোক ষ্টুডিঅ কিন্তু বিহু অসমত সদায় সেই বাপতি সাহোন বিহু হৈয়ে থাকিব, ঢোল, পেঁপা, গগনাৰ শৱদৰেই বিহুগীত সদায় ৰজনজনাই থাকিব।

1 comment:

Manjit Nath said...

সঁচাই
-মনজিৎ