Wednesday, May 25, 2011

মেধাৰ সংজ্ঞা


     সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (চিবিএচই) ত উত্তীৰ্ণ এগৰাকী শিক্ষাৰ্থীয়ে মোৰ আগত দুখ প্ৰকাশ কৰিছিল, ৮৫% ত কৈও অধিক নম্বৰ লাভ কৰিও মানুহে তেওঁক কৈ আছে “আৰু নম্বৰ অলপ পাব লাগিছিল”, “ভাল নহল” ইত্যাদি ইত্যাদি। এতিয়া কথা হল আৰু কিমান নম্বৰ পালে ছাত্ৰ অথবা ছাত্ৰী এগৰাকী মেধাৰ শাৰীত পৰে? হাঁহি উঠে কথাটো ভাবি, এনেকুৱা মানুহ এতিয়াও আছে যি এই যুগতো পৰীক্ষাৰ নম্বৰ কেইটাৰ ওপৰতে মেধাৰ সংজ্ঞা নিৰূপন কৰে।
     সঁচাকৈয়ে এই নম্বৰবোৰেই জানো ছাত্ৰ ছাত্ৰী এগৰাকীৰ মেধা নিৰ্ণয় কৰে? মুঠেও নহয়। প্ৰকৃততে মেধা হবলৈ নম্বৰৰ কোনো প্ৰয়োজনেই নাই। কেৱল ভাটৌৰ দৰে পাঠ্যপুথি সমূহ মুখস্থ কৰি পৰীক্ষাত নম্বৰ বুটলাটোৱেই মেধা নহয়। ক্ৰিকেট খেলা এজন ছাত্ৰ, গান গোৱা এগৰাকী ছাত্ৰীও নিজ নিজ দিশত এগৰাকী মেধাবী ছাত্ৰ অথবা ছাত্ৰী হব পাৰে। “অমুকৰ পুতেকে তমুক নম্বৰ পালে, তই কিয় নাপালি?”, “আৰু দুই নম্বৰ বেছিকৈ পোৱা হলে শইকীয়াৰ জীয়েকক চেৰ পেলাব পাৰিলিহেঁতেন” এনেধৰণৰ মানসিকতাৰ আজিৰ দিনতো অভাৱ নাই। কিন্তু যোৱা দহোটা বছৰ যদি আমি ভালদৰে 'ছেবা'ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল লক্ষ্য কৰো তেন্তে দেখিম এখন বিপৰীত চিত্ৰ। এই দহোটা বছৰত কিমান হাজাৰ জনে অসমৰ ভিতৰতে স্থান লাভ কৰি মেধাৰ পৰিচয় দিলে। কিন্তু তেওঁলোক এতিয়া ক, কি, কৰি আছে? আমাৰ হাতত কিবা খবৰ আছেনে? দুই এদিনৰ বাবে বাতৰি কাকতত নাম ওলাই তাৰ পাছতে এই নামবোৰ যেন সময়ৰ কোবাল গতিত উটি যায়। খুব কমসংখ্যক লোক হে এনে আছে যি স্থান লাভ কৰি এতিয়া বিভিন্ন ক্ষেত্ৰত কৃতিত্ব লভি আছে ২০০০ চনৰ পাছত হাইস্কুল পৰীক্ষা শিথিল কৰি দিয়াৰ পাছতে প্ৰতি বছৰে প্ৰথম বিশটা স্থানত গড়ে এশ গৰাকীয়ে স্থান লাভ কৰি আহিছে। সেই অনুপাতে যোৱা দহ বছৰত কমেও হাজাৰোধিক ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিলে। কিন্তু এওঁলোকৰ উচ্চতৰ মাধ্যমিকত ফলাফল কেনে হয় অথবা ভবিষ্যতৰ কেৰিয়াৰ কেনেকৈ আগবাঢ়ে, এইবোৰ জনাৰ উপাই নাই,অথচ মেধাৰ সংজ্ঞা আমি আগতেই নিৰূপন কৰি লওঁ। হাস্যাস্পদ!

(বি:দ্ৰ: এই লেখাৰ জৰিয়তে কোনো স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক অৱজ্ঞা কৰা হোৱা নাই।)

2 comments:

Anjal said...

অতি গুৰুত্বপূৰ্ণ কথা৷ প্ৰতিযোগিতাৰ নামত এতিয়া মাক-দেউতাকে সন্তানক এটা নম্বৰ পোৱা মেচিনত পৰিণত কৰিছে৷ সৰুৰে পৰাই শিক্ষাৰ নামত কেৱল ভাটৌৰ শিক্ষা৷ কিন্তু সমাজৰ অন্য দিশবোৰ সম্পৰ্কে বেছিভাগৰে কোনো জ্ঞান নাই৷ আনহাতে দেখা যায় বেছিভাগেই আকৌ পিচলৈ সেই ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰে৷

Dr. Arindam Adhikari said...

ভাল লাগিল পঢ়ি ।