Monday, May 9, 2011

এটা চিনেমা হলৰ মৃত্যুত!


     সেয়া আছিল আছিল ১৮৮০ চনৰ কথা। ৰাজস্থানৰ পৰা গণেশ দাস গোৱেংকা নামৰ এগৰাকী সাধাৰণ লোক অসমলৈ আহিছিল জীৱিকাৰ সন্ধানত অশেষ কষ্টৰ অন্তত নিজকে এগৰাকী সফল ব্যৱসায়ী হিচাবে নিজকে প্ৰতিষ্ঠা কৰিছিল এই গৰাকী ব্যৱসায়ীৰে এগৰাকী পুত্ৰ আছিল জীৱনৰাম সদায় উচ্চ অভিলাষী জীৱনৰামৰ সপোন আছিল কিবা এটা বেলেগ কাম কৰাৰ। সেই সূত্ৰেই ১৮৯৫ চনতেই পিতৃয়ে গুৱাহাটীৰ ফাঁচী বজাৰত কিনি থোৱা দুবিঘা মাটিতেই আৰম্ভ কৰিছিল এক নতুন প্ৰকল্প। প্ৰায় চল্লিশ বছৰ ধৰি পৰি থকা ফাঁচী বজাৰৰ সেই পৰিত্যক্ত মাটিতেই আৰম্ভ কৰে এটি চিত্ৰগৃহ নিৰ্মানৰ কাম। ১৯৩৫ চনত স্থাপিত হয় – কেলভিন চিনেমা। গুৱাহাটী মহানগৰীৰ দ্বিতীয়টো চলচ্চিত্ৰ গৃহ। ৩০২ জন দৰ্শকৰ সামৰ্থ্যৰে আৰম্ভ হয় কেলভিন চিনেমাৰ দৰ্শনী। সেই সময়তে শ্বিলঙতো একে নামেৰে প্ৰতিষ্ঠা হৈছিল অইন এটা চিত্ৰগৃহ। দুয়োটা চিত্ৰগৃহৰে নাম ৰখা হৈছিল – কেলভিন। জাৰ্মানীত নিৰ্মিত কেলভিন কোম্পানীৰ প্ৰজেক্টৰৰ সহায়ত কথাছবি দেখুওৱা হৈছিল বাবে ইয়াৰ নাম ৰখা হৈছিল – কেলভিন দুটা দশক ধৰি এই প্ৰজেক্টৰৰ সহায়ত ছবি দেখুৱাৰ পাছত ১৯৬১ চনত ইয়াত সংস্থাপিত হয় এটা ফিলিপচ প্ৰজেক্টৰ। ইংৰাজী, হিন্দীৰ লগতে অসমীয়া চলচ্চিত্ৰৰ মুক্তিয়ে সেই সময়ত কেলভিনক জনপ্ৰিয় কৰি তোলে। এই চিত্ৰগৃহত পোনপ্ৰথম বাৰৰ বাবে মুক্তিপ্ৰাপ্ত অসমীয়া কথাছবিখন আছিল – চিৰাজ। ১৯৪৮ চনৰ ২০ মাৰ্চৰ দিনা এই কথাছবিখনে গুৱাহাটীত মুক্তি লাভ কৰে কেলভিনত। ইয়াৰ পাছতে পাৰঘাট, সঁৰাপাত, এৰা বাটৰ সুৰ আদি জনপ্ৰিয় চলচ্চিত্ৰ সমূহে এই চিত্ৰগৃহতে প্ৰিমিয়াৰ শ্ব প্ৰদৰ্শন তথা মুক্তি লাভ কৰিছিল অসমৰ সাহিত্য, কলা – সংস্কৃতি, সমাজ জীৱনৰ বহুতো বৰেণ্য ব্যক্তি আছিল কেলভিনৰ নিয়মীয়া দৰ্শক অসমীয়া কথাছবিৰ লগতে সেই সময়ৰ হলিউড আৰু বলিউডৰ বিভিন্ন কালজয়ী কথাছবিৰো প্ৰদৰ্শন ইয়াতই হৈছিল। উল্লেখযোগ্য যে, অসমত পোন প্ৰথমবাৰৰবাবে 70mm চিনেমা স্ক্ৰীণৰ ব্যৱহাৰ এই চলচ্চিত্ৰ গৃহতে হৈছিল। লগতে অসমত পোনপ্ৰথমবাৰৰ বাবে মেটিনি শ্ব হিচাবে চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা লৈছিল কেলভিনে কেলভিনত প্ৰদৰ্শিত জয় সন্তোষী মা চিনেমা খনে অসমত চলচ্চিত্ৰ জগতত এটা সৰ্বকালৰ ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছিল, যি এতিয়াও অক্ষত। সৰ্বমুঠ ৫৩ সপ্তাহ (প্ৰায় এবছৰ) ধৰি চলা কথাছবি খনৰ প্ৰতি দৰ্শকৰ আগ্ৰহ আছিল অপৰিসীম। প্ৰতিটো দৰ্শনীৰ আগতে পূজা পাতল কৰি ইয়াৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল লগতে ডাঙৰ স্ক্ৰীণত মা সন্তোষী চৰিত্ৰটো দেখাৰ লগে লগে দৰ্শকে বিপুল পৰিমানে মুদ্ৰা স্ক্ৰীণলৈ বুলি দলিয়াইছিল। যাৰ ফলত চলচ্চিত্ৰ গৃহৰ এটা অতিৰিক্ত লাভ হৈছিল। প্ৰায় ছটা দশক ধৰি দৰ্শকক উন্নত মানৰ চলচ্চিত্ৰৰে আমোদ যোগোৱা কেলভিন পাছলৈ হৈ পৰে প্ৰাপ্তবয়স্কৰ কথাছবিৰে ভাৰাক্ৰান্ত ফলত ই হৈ পৰে গুৱাহাটীৰ এটা এলাগী কথাছবি গৃহ।
     আজি কেলভিন আৰু নাই। কেইদিনমানৰ আগতে কেলভিন কথাছবি গৃহটো ভাঙি ইয়াৰ ঠাইত বনাই থকা হৈছে অইন এটা অট্টালিকা। যেন সময়ৰ সোঁতত কেলভিন উটি গল! কিন্তু চলচ্চিত্ৰ জগতলৈ বিশেষকৈ অসমীয়া কথাছবি জগতলৈ কেলভিনৰ যি অৱদান, সেয়া নিশ্চয় অনস্বীকাৰ্য্য

(বহু বছৰৰ আগতে দা টেলিগ্ৰাফ কাকত আৰু বিভিন্ন উত্সৰ পৰা পোৱা তথ্যৰ ভিত্তিত লেখাটি প্ৰস্তুত কৰা হৈছে।)

1 comment:

quetzalcoatl said...

Kelvinor logot mor (aru ei projonmor besibhag byoktir) porisoy praptoboyosko sobir joriyotei...

Kintu sobighortor puroni oitijyor kotha xoworai dia babe dhonyobad...

(assamese font kisuman try korilu kintu xubidhajonok nelagil etao)