Monday, March 14, 2011

এখন আলোচনীৰ জন্মকাহিনী


     ২০০৯ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা সন্ধিয়া। গুগল টকৰ যোগেদি এজন অনা অসমীয়া বন্ধুৰ সৈতে কথা পাতি আছিলো, কথা প্ৰসংগত ওলাল অসমৰ কথা, অসমৰ বিভিন্ন তথ্য পাতি সমূহ ইন্টাৰনেটত উপলব্ধতাৰ কথা। মোক সি কৈ আছিল মোৰ হাতত ইমানবোৰ সংগ্ৰহ আছে, তেন্তে মই এটা অসম সংক্ৰান্তীয় ব্লগ এটাকে নোখোলো কিয়? কথাটো ময়ো ভাবি চালো ব্লগ এটা নিশ্চয় খুলিব পাৰি। কিন্তু মুৰত খেলাই আছিল অইন এটা কথা হে। এটা ৱেবচাইট আৰম্ভ কৰাৰ কথা, অসম সংক্ৰান্তীয়। ভবামতে কাম, তেতিয়া ইউক্ৰেইনত থকা অন্তৰংগ বন্ধু আদিত্য, দিল্লীতে থকা শান্তনু দা, অচ্যুত দা, ভাৰ্গৱ দা, পংকজ, মুম্বাইৰ অংকুৰ দা, গুৱাহাটীৰ নিজৰা হাজৰিকা, শিৱসাগৰৰ অঞ্জলি সোণোৱাল, আমেৰিকাত থকা প্ৰসেনজিত দা, চেন্নাইৰ ইন্দুকল্প্, দিল্লীত মোৰ ওচৰ চুবুৰীয়া বিমান, গুৱাহাটীৰ কেটজ গোটটোৰ ভাস্কৰ, শ্বমীম, বিতোপন, সুদীপ্ত, আই আই টি, গুৱাহাটীৰ বুলজিত দা আৰু ব্ৰজেন আদিৰ লগত আৰম্ভ কৰিলো কথা বতৰা এওঁলোকে যথেষ্ট আগ্ৰহৰে আগবাঢ়ি আহিল স্বেচ্চাই সেৱা আগবঢ়াবলৈ এতিয়া বিপাঙত পৰিলো ৱেবচাইট টোৰ নামটো কি দিওঁ? আমাক এনেকুৱা এটা নাম লাগে যিটো প্ৰথমেই হব লাগিব শুনিবলৈ মিঠা, তাৰ পাছতে সহজ আৰু সহজতে মনত ৰখা। শিৱসাগৰৰ পৰা অঞ্জলি সোনোৱালে সৰু সৰু শব্দ কিছুমানৰ ভাণ্ডাৰ এটা পঠাই দিলে। তাৰে পৰাই তুলি ললো এনাজৰী নামটো। সহজ, মিঠা আৰু অৰ্থপুৰ্ণ তাৰ পাছতে বিমান লাগিল প্ৰগামিঙৰ কামত, কেটজ গ্ৰুপ লাগিল ডিজাইনিঙৰ কামত প্ৰস্তুতি আৰম্ভ হৈ থাকোতেই যোগ দিলে দিল্লীৰে অমৰজিৎ, গুৱাহাটীৰ লীনা, দীপাংকৰ আৰু শিৱসাগৰৰ কৃষ্টি কমলে। সকলো নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়ি আহিল আৰ্থিক ভাৱে কাৰো পৰা সহায় নোলোৱাকৈ নিজৰ পকেটৰ পৰাই আৰম্ভ কৰিলো এনাজৰী ডট কমৰ প্ৰাৰম্ভিক কাম কাজ যিহেতু প্ৰায়খিনি কাম আমাৰ এনাজৰী পৰিয়ালৰ সদস্য সকলে স্বেচ্চাই আৰম্ভ কৰিলে, সেইবাবে আৰ্থিক ভাৱে সিমান সমস্যাৰ সন্মুখীন নহলো। হাতত সময় বান্ধি ললো দুমাহ; দুমাহৰ ভিতৰত আমি এনাজৰী সাজু কৰি উলিয়াম কথামতে কাম, দিন ৰাতি একাকাৰ কৰি লাগি গলো কামত এতিয়াও মনত আছে এনাজৰী ওলোৱাৰ আগে আগে দিল্লীত বহি বিমান,পংকজ, অমৰজিতৰ সৈতে পুঁৱতি নিশালৈকে কৰা কামবোৰ, ৰাতি এঘাৰ বজাত শিৱসাগৰৰ অঞ্জলি সোনোৱালে পাক্ঘৰৰ বৈয়াম খুলি আমালৈ পঠাইছিল কোমল চাউলৰ কেমেৰাৰে তোলা ফটো, কাৰণ আমাৰ এটা শাখাত কোমল চাউলৰ টোকা এটা আছিল যাৰ বাবে আমাক প্ৰয়োজন হৈছিল ফটো এখনৰ । সেইবোৰ এতিয়া এক মিঠা স্মৃতি! তাৰ পাছতে দিল্লীৰ পৰা আহি গুৱাহাটীত আৰম্ভ হৈছিল উন্মোচনী সভাৰ কাম কাজবোৰ অৱশেষত ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটী প্ৰেচ ক্লাবত নিৰুপমা বৰগোঁহাই বাইদেউৱে মাউচত ক্লিক কৰি শুভ উদ্বোধন কৰিলে এনাজৰী ডট কমৰ তাৰ পাছতে ইন্টাৰনেটৰ ৰাইজৰ প্ৰতিক্ৰিয়া আছিল চমকপ্ৰদ কাহানিও আশা কৰা নাছিলো এনাজৰীয়ে ইমান সোনকালে সকলোকে মৰমেৰে বান্ধি পেলাব বুলি। আৰু সেই মৰমৰ বাবেই হয়তো আজি এনাজৰীয়ে সম্পূৰ্ণকৰিলে এটা বছৰ এনাজৰী চলি থকাৰ মাজতে নিজ নিজ ক্ষেত্ৰত স্বেচ্চাই সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল গুৱাহাটীৰ অৰ্পন, তেজপুৰৰ অৰুণাভ, মানচেষ্টাৰৰ কাবান্দি আৰু ইটানগৰৰ বৰ্ণালী হাজৰিকা
     এটা কথা ভাবি এতিয়া ভাল লাগে যেতিয়া এনাজৰীত অসমৰ ইমানবোৰ তথ্য একেলগে পাই এজন অনা অসমীয়া লোকে অসম অহাৰ পৰিকল্পনা কৰে। (বাহিৰত থকা অসমীয়াবন্ধু এজনে জনাইছিল সেইকথা)
     এনাজৰী ডট কম এতিয়া এখন ৰেজিষ্টাৰ্ড ছোচাইটী। আমি নিজকে ইন্টাৰনেটৰ বিশ্বতে সীমিত কৰি ৰাখিব খোজা নাই। অসমীয়া কলা, সাহিত্য, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰকল্প হাতত লোৱা হৈছে ইতিমধ্যেই। যত প্ৰয়োজন আছে ৰাইজৰ সহায় সহযোগিতা, শুভেচ্ছা, পৰামৰ্শ আদিৰ আৰু আমি নিশ্চিত, সেয়া আমি সদায়েই লাভ কৰি থাকিম ব্যক্তিগত ৱেবচাইট হিচাবে আৰম্ভ কৰিম বুলি ভবা এনাজৰী ডট কম এতিয়া এটা সামাজিক সংগঠন এনাজৰী ডট কম বৰ্তমান বিশ্বৰ চুকে কোনে বিয়পি থকা এমুঠি নতুন প্ৰজন্মৰ যুৱক যুৱতীৰে গঢ়া এটা সপোনৰ অনুষ্ঠান

     এনাজৰী ডট কমৰ প্ৰথম বৰ্ষপুতি উপলক্ষ্যে পৰিয়ালৰ আটাইলৈ শুভেচ্ছা আৰু সমূহ পঢ়ুৱৈলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

3 comments:

mridusmita said...

Janmar aaraat thakaa kastar xafalataa ene dinborate

Mukul Pathak said...

প্ৰথমে যি দিনা হিমজ্যোতিৰ নাম শুনিছিলো, সেইদিনা হিমজ্যোতিৰ মাজত লুকাই থকা অধ্যৱসায় আৰু দায়বদ্ধতাৰ উমান পোৱা নাছিলো | মোৰ ভাতৃপ্ৰতীম পাৰ্থ বৰাৰ কম্পিউটাৰৰ পৰা অসমীয়া গান অলপ লৈছিলো | ইলেক্ট্ৰনিক মাধ্যমত সেই গানসমূহ সততে পোৱা নাযায় | পাৰ্থৰ মুখতে হিমজ্যোতিৰ নামটো শুনিছিলো | তাৰ বহু দিনৰ পাছত ফেচবুকত হিমজ্যোতিক লগ পালো | মাজে মাজে দিল্লীত হৈ থকা অসমীয়া নাটক চোৱাৰ সময়ত হিমক প্ৰায়ে লগ পোৱা হ’লো |এনাজৰীলৈ মোৰ একো অৱদান নাই | কিন্তু এনাজৰীয়ে অসমীয়া জাতি আৰু ভাষালৈ বঢ়োৱা অৱদানৰ বাবে অসমীয়া হিচাপে হিম আৰু অন্যান্য কৰ্মকৰ্ত্তা সকলক আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদিলো | সময়ৰ গতিত এই সুন্দৰ যাত্ৰা আৰু বলিষ্ঠ হওঁক, যুগমীয়া হৈ ৰওঁক |

হিমজ্যোতি said...

এনেধৰণৰ মন্তব্যবোৰে আমাক সঁচাকৈয়ে অভিভূত কৰে। অশেষ ধন্যবাদ।