Tuesday, March 1, 2011

‘আস্থা’ত আস্থা

     ৰাতিপুৱা পাঁচ বজাৰ লগে লগে বৰুৱাৰ ঘৰখনত সদায় এটা উখল মাখল পৰিবেশৰ সৃষ্টি হয় চাৰে চাৰি বজাৰ পৰা এই আয়োজন চলে। ৰ, ভুল বুজিছে, তেওঁলোক সদায় পুৱা ছয় বজাত গুৱাহাটী যোৱা গাড়ীখন নধৰে। অইন এটা কামত হে ব্যস্ত হৈ যায় পুৱা পাঁচ বজাত টিভিটোৰ সন্মুখত বহি যায় আস্থা চেনেল টো লগাই। ৰামদেৱ বাবাৰ যোগ প্ৰশিক্ষণ নাই, এটাও খণ্ড মিচ্ নকৰে কেতিয়াও। পকাতে কঠ দুখন পাৰি ৰামদেৱ বাবা ওলোৱাৰ লগে লগে সেৱা এটা জনাই 'কপালভাটি'ৰে যোগ ব্যায়াম আৰম্ভ কৰে, বাবাৰ নিৰ্দেশত পাছফালে বন কৰা ছোৱালী মিনি। বেচেৰীকো বহুৱাই লয় পাছফালে। যোগৰ গুৰুত্ব সম্পৰ্কে তাইকো বুজায় তেওঁলোকে। তায়ো পাছ্ফালে বহি টোপনিয়াই টোপনিয়াই বাবাৰ আদেশ মানি যায় বৰুৱাৰ ঘৰ খন যেন পতঞ্জলি যোগাশ্ৰমৰ এটা শাখাহে। যি ফালে মুৰ ঘূৰাই সেইফালেই 'পতঞ্জলি মাৰ্কা' মৰা বস্তুবোৰ দেখিব তেল, চাবোন, টুথপেষ্ট ৰ পৰা আৰম্ভ কৰি বিভিন্ন সৰু বৰ 'পতঞ্জলি সামগ্ৰী'ৰে ঘৰ ঠাঁহ খাই আছে।
     ওচৰ চুবুৰীয়া শইকীয়া-শইকীয়ানীহঁতৰো খুব মন যোগ শিকাৰ, কিন্তু তেওঁলোকৰ ঘৰত সেই সুবিধাকন নাই। লৰা ছোৱালীহঁতে পুৱা পাঁচটাতে টিভি লগালে হাংগামা কৰি দিব। বৰুৱা-বৰুৱানীৰ সেই অসুবিধা নাই। লৰা বাহিৰত পঢ়ে আৰু ছোৱালীজনী দুমাহ আগতে বিয়া দিলে।
        প্ৰস্তাৱটি প্ৰথম বৰুৱানীহঁতেই দিলে। ঠিক হল শইকীয়া দম্পত্তিও আহিব পুৱা পাঁচটাতে একেলগে যোগ শিকিবলৈ, বৰুৱানীহঁতৰ ঘৰত টিভিৰ সন্মুখত বহি। মিনিয়ে কথাটো গম পাই মুখখন মনে মনে যিমান পাৰি বেঁকা কৰিলে, চাহ দুকাপ বেছিকৈ বনাবলগীয়া হব বাবে, সেই ব্ৰহ্মপুৱাতে।
      দুদিনমান পাছতে আৰম্ভ হল বৰুৱাৰ ঘৰত সৰু সুৰা যোগৰ পাঁচজনীয়া শিবিৰ এটা। পূৰ্ণ্যোদমে চলিল যোগ চৰ্চা মাজতে ৰামদেৱ বাবাই এটা নতুন যোগ শিকালে। ওঁম বুলি দীঘলীয়াকৈ কৈ হাত দুখন ওপৰলৈ ডাঙি ধৰিব লাগে, দুবাৰ প্ৰথমবাৰ ব্যায়ামটো কৰি ওপৰলৈ হাত দুখন ডাঙোতেই শইকীয়া-শইকীয়ানী দুয়োজনৰে আকৌ কাঁহে ধৰিলে চৰ্চৰণি খোৱা বুলি মিনি দৌৰ মাৰিলে পানী আনিবলৈ। পাছদিনাও সেইটো কৰোতে দুয়োজনৰে কাঁহ তৃতীয় দিনাও একেই অৱস্থা। বৰুৱাহঁতৰ এইবাৰ অবাক হোৱাৰ পাল প্ৰথমে ভাবিছিল হাত ওপৰলৈ ডাঙোতে বুকুত ধৰে কিজানি বয়সৰ কাৰণে। কিন্তু দুয়োজনৰে একে সময়তে একেটা ব্যায়ামত কাঁহ উঠাটোহে দেখোন ৰহস্যজনক চতুৰ্থ দিনা বৰুৱাই থাকিব নোৱাৰি সুধিয়েই দিলে কথাটো। “কিহে শইকীয়া, কথাটো কি? ইমানকৈ কাঁহে ধৰে নে আপোনালোকক এইটো যোগত বাকীবোৰ দেখোন ঠিকেই যায়" শইকীয়াই অলপ লাজ লাজ কৈ এবাৰ শইকীয়ানীৰ মুখলৈ চাই আৰম্ভ কৰিলে, “এহ বৰুৱা, আপোনালোকৰ পৰানো আৰু কি লুকুৱাম? আচলতে আমি যে আকৌ 'শংকৰী' মানুহ ওঁম বুলি কোৱাত অলপ বাধা আছে। জানেই নহয় আৰু সমস্যাবোৰ” বৰুৱাই অলপ সময় শইকীয়াৰ মুখলৈ থৰ লাগি চাই ৰ টিভিত ৰামদেৱ বাবাই 'ওঁম' 'ওঁম' বুলি তেতিয়াও চিঞৰি আছিল

(গল্পৰ দৰে যদিও সত্য ঘটনাৰ আধাৰত লিখা )

2 comments:

Priyanka said...

bhal lagil lekhatu...

Anjal said...

গল্পৰ দৰে- কিন্তু সঁচা কথা... মজা লাগিল৷ এনে মানুহ আজিকালি গাঁৱবোৰত সহজলভ্য হৈ পৰিছে...৷