Thursday, February 24, 2011

শৈশৱ, টিংকল আৰু পাই খুড়া

সন্ধিয়া কম্পিউটাৰত বহি কামত ব্যস্ত হৈ থাকোতে হঠাতে IBNLive এটা বাতৰিয়ে কম্পিউটাৰ স্ক্ৰীনত সংকেত দিলে। বাতৰিটো আছিল অমৰ চিত্ৰ কথা তথা টিংকলৰ জন্মদাতা অনন্ত পাই, যাক আমি পাই খুড়া' হিচাবে জানিছিলো, তেখেতৰ ৮১ বছৰ বয়সত দেহাৱসান ঘটিল মনটো সেমেকি উঠিল টিংকলৰ লগত শৈশৱ আমাৰ সম্বন্ধ সাধাৰণতে কেনেকুৱা সেয়া হয়তো সৰ্বজনবিদিত আমাৰ মাজৰ বেছিভাগেই যদি নিজৰ নিজৰ শৈশৱৰ পাতখিলা মেলি চাওঁ তেন্তে হয়তো বহুতো মিঠা স্মৃতি ভাঁহি আহিব অসমীয়া মাধ্যমত পঢ়া শুনাকৰা বাবে অসমীয়া টিংকল খন আছিল অতি প্ৰিয় স্কুলত থাকোতে লগৰ সমনীয়া বোৰৰ সৈতে টিংকলৰ খুবেই আদান প্ৰদান চলিছিল বিশেষকৈ সুপন্দি, চামটকা, কালিয়া, আনোৱাৰ, চিকাৰী শম্ভু, তন্ত্ৰী, মোল্লা নাছিৰুদ্দিন আদিৰ লগতেই যেন গোটেই শৈশৱটো কটাইছিলো। সুপন্দিৰ কাণ্ডবোৰ, চিকাৰী শম্ভুৰ ভাগ্যখন, তন্ত্ৰীৰ কু বুদ্ধিবোৰ, কালিয়াৰ টেঙৰামি আদিবোৰৰ মাজতেই ডুব গৈছিল শৈশৱ অমৰ চিত্ৰ কথা, টিংকল আদিৰে যিদৰে পাই খুড়াই এগৰাকী শিশুৰ শৈশৱ আচ্ছন্ন কৰি ৰাখিছিল সেয়া আছিল সঁচাকৈয়ে চমকপ্ৰদ কলেজ পোৱাৰ পাছতেই টিংকলৰ লগত সম্পৰ্কও কমি আহিল এতিয়াও টিংকল ওলাই আছে কিন্তু বহুত সলনি হ, হয়তো সময়ৰ আহ্বান কিন্তু সেই পুৰণি টিংকলবোৰৰ সুপন্দি, আনোৱাৰ, চামটকাহঁতৰ ছবি আজিও চকুৰ সন্মুখত হয়তো টিংকলক পাহৰিব নোৱাৰিম কেতিয়াও, যেনেদৰে পাহৰিব নোৱাৰিম পাই খুড়া

আজি পুৱা শুই উঠি ব্লগত টিংকলৰ ওপৰত এটা টোকা লিখাৰ পৰিকল্পনা কৰিছিলো। কিন্তু আবেলিলৈ টোকাটো লিখিবলগীয়া হল পাই খুড়াৰ মৃত্যুৰ বাতৰিৰে। সঁচাকৈয়ে অসহনীয়!

No comments: