Monday, February 21, 2011

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু কিছু অনুভৱ

প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰা হয়। বাংলাদেশৰ সেই বিখ্যাত ভাষা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ ইউনেস্কই মাতৃভাষাৰ ব্যাপক প্ৰসাৰৰ বাবে প্ৰতিবছৰে এই দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰে।
১৯৪৮ চনত পাকিস্তান চৰকাৰে পূব পাকিস্তানত ৰাজকীয় ভাষা হিচবে উৰ্দুৰ প্ৰচলন ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছিল বাংলাভাষী পূব পাকিস্তানৰ নাগৰিক সকল আৰু জ্বলিছিল বিদ্ৰোহৰ অগনি, ঢাকা বিশ্ববিদ্যালয়ৰ কেইবাজনো ছাত্ৰ আৰক্ষীৰ গুলীত নিহত হোৱাৰ ফলত এই ভাষা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰে। ফলত বাধ্য হৈ পাকিস্তান চৰকাৰে বাংলা ভাষাক চৰকাৰী ভাষা হিচাবে স্বীকৃতি দিবলৈ বাধ্য হৈ পৰে। এটা ভাষাৰ বিজয় এনেদৰেই হ’ল ব্যাপক জনজাগৰণৰ ফলস্বৰূপে।
অসমৰ ভাষা আন্দোলনো এই ক্ষেত্ৰত এক যুগান্তকাৰী ঘটনা। এতিয়া প্ৰশ্ন হয়, বাংলাদেশৰ ভাষা আন্দোলন আৰু অসমৰ ভাষা আন্দোলনৰ মাজত মুল পাৰ্থক্য ক’ত? বাংলাদেশৰ ভাষাপ্ৰেমে হয়তো অসমৰ ভাষাপ্ৰেমক চেৰাই গ’ল। সেই ভাষা আন্দোলনে বাংলা ভাষাৰ প্ৰতি থকা ভক্তি যেন দুগুনে জগাই তোলে। যাৰ ফল আজিও আমি দেখো। কিন্তু সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছবি এখন আমি দেখা পালো অসমত। ভাষা আন্দোলনৰ সেই ত্যাগৰ যেন একো মূল্যই আমি দেখা নাপালো অসমত।
বৰ্তমান অসমত দেখা গৈছে মাতৃভাষাৰ ব্যাপক অনাদৰ। কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহেই হ’ল মাতৃভাষাৰ মূল শৰাধকাৰী। সেই বিদ্যালয় সমূহৰ শিক্ষা পদ্ধতি ইমানেই ইংৰাজী কেন্দ্ৰিক যে এদিন হয়তো এটি শিশুৱে নিজৰ মাতৃভাষাটো কবলৈও পাহৰি যাব। মাজে মাজে বাতৰি ওলায়, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিশুৱে অসমীয়া ভাষাত কথা ক'লে শাস্তি বিহাৰ বাতৰি! ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু কি হ’ব পাৰে? এতিয়াও বহু বিদ্যালয়ৰ চৌহদত আনকি অভিভাৱক সকলকো অসমীয়া ভাষাত কথা ক’বলৈ দিয়া নহয়। যিটো এটা দেখ দেখ কৈ অপৰাধ। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা অসমত এতিয়াও কিছুমান ভুল ধাৰণাৰে পৰিচালিত। তেওঁলোকৰ মূলমন্ত্ৰই হ’ল, যদি ইংৰাজীত ‘ভাটৌ’ হ’ব বিচাৰা তেন্তে অসমীয়া ত্যাগ কৰা। য’ত ভোল যায় বহুতো অভিভাৱক আৰু যাৰ ফলত নিজৰ ল’ৰা ছোৱালীক ঘৰতো অসমীয়াত কথা বতৰা কোৱাত বাধা আৰোপ কৰে। কিন্তু অভিভাৱক সকলে এবাৰ ভাবি চাইচেনে যে বহুতো ছাত্ৰ ছাত্ৰী অসমীয়া মধ্যমৰ পৰা গৈ বিভিন্ন দিশত সুনাম আৰ্জিছে। এওঁলোকে ঘৰত নিজৰ মাতৃভাষাৰেই কথা পাতিছিল!
নি:সন্দেহে ইংৰাজী ভাষাটো বৰ্তমান যুগত এটা অতি প্ৰয়োজনীয় ভাষা, সেইবুলি নিজৰ মাতৃভাষাটো বাদ দি ইংৰাজীত পণ্ডিত হ’বলৈ যোৱাটো মুৰ্খৰ পৰিচায়ক। ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰাটো কোনো কাৰণতেই বেয়া কথা হ’ব নোৱাৰে, কিন্তু ইংৰাজী শিকোৱাৰ নামত নিজৰ মাতৃভাষাৰ শৰাধ কৰাটোহে গৰিহণাৰ যোগ্য। শিক্ষক সকলতকৈও অভিভাৱক সকল এইক্ষেত্ৰত সচেতন হোৱাটো খুবেই জৰুৰী। অভিভাৱক সকলে নিজৰ শিশুক Orange মানে Orange বুলিয়ে শিকাওঁক, কিন্তু লগতে ইয়াৰ যে 'সুমথিৰা’ বুলি অসমীয়া নাম এটা আছে সেইটোও শিকাওঁক। ই কোনো অপৰাধ নহয় !!

3 comments:

Bikram M Baruah said...

পঢ়ি পাল লাগিল৷ মোৰ বোধেৰেও অসমত ভালদৰে গৱেষণা কৰি তৈয়াৰ কৰা পাঠ্যক্ৰমৰ অভাৱ৷ আমাক এনে পাঠ্যক্ৰমৰ প্ৰয়োজন যি শিশুক আধুনিক যুগত ফেৰ পাৰিব পৰাকৈ বিজ্ঞান, গণিত, ইংৰাজী আদিৰ উপযুক্ত প্ৰশিক্ষণ দিয়াৰ লগতে নিজৰ মাতৃভাষা, বুৰঞ্জী, ঐতিহ্য আদিৰো সবিশেষ জ্ঞান দিয়ে৷

dwijenmahanta said...

ভাল লাগিল পঢ়ি।আগলৈও এনে লিখা আশা কৰিলো।

সুশান্ত কর said...

কিন্তু বাংলাদেশত এতিয়াও ৪৫টা অবাংলাভাষার কোনো সাংবিধানিক স্বীকৃতি নাই। তাৰ মাজত, বডো, ৰাভা, গাৰো, খাসিয়া, চাকমা, হাজং, সাঁওতালী, উর্দূ, ৰাজবংশী ইত্যাদি আছে। এয়া, সেইখন দেশৰ বাবে বৰ লাজৰ কথা, যাৰ প্রয়াসৰ ফল স্বৰূপে দিনটো আন্তর্জাতিক মাতৃভাষা হিচাপে স্বীকৃতি পালে।