Saturday, February 12, 2011

ধৰ্মীয় কাম কাজৰ এক অপৰিহাৰ্য্য অংগ : কঠ

নামঘৰ অথবা বিভিন্ন ধৰ্মীয় কাম কাজত বহিবলৈ ব্যৱহৃত বস্তুবিধেই হৈছে 'কঠ'। বিভিন্ন তৃণজাতীয় উদ্ভিদৰ মুঠাৰে তৈয়াৰী এইবিধ আসন বিভিন্ন ধৰ্মীয় কাম কাজত ব্যৱহৃত হয়, বিশেষকৈ বৈষ্ণৱ সমাজৰ সত্ৰ নামঘৰ আদিত ইয়াৰ প্ৰচলন সৰ্বাধিক। কঠৰ বাহিৰে অইন আসন সাধাৰণতে ব্যৱহাৰ কৰা নহয়। এই কঠৰ প্ৰচলন পোন প্ৰথম বাৰৰ বাবে মহাপুৰুষ শ্ৰীমাধৱদেৱে কৰা বুলি 'কথা গুৰুচৰিত' পুথিত উল্লেখ আছে। মাধৱদেৱে শুকান কলপাতৰ থোৰাৰ সহায়ত ভকত সকলৰ বহা আসন তৈয়াৰ কৰি শ্ৰীমন্ত শংকৰদেৱৰ সন্মুখত প্ৰদৰ্শন কৰিছিল, যাৰ নাম মাধৱদেৱে ৰাখিছিল 'কট' হিচাবে। সাধাৰণতে কলগছৰ শুকান পাতৰ থোৰ, কুঁহিলা আদিৰ সহায়ত কঠ প্ৰস্তুত কৰা হয়। বাৰিষা কালত পানীত সেমেকি থকা অঞ্চলৰ পৰা কোমল আৰু সোপোকা কুঁহিলা সংগ্ৰহ কৰি সেইবোৰ জোখমতে কাটি পাচত শালত কঠ তৈয়াৰ কৰা হয়। নগাওঁ জিলাৰ বটদ্রৱা অঞ্চলত কুঁহিলাৰ সহায়ত কঠ নিৰ্মান এক উদ্যোগ হিচাবে জনাজাত।

No comments: