Tuesday, February 8, 2011

লেণ্ডলাইনৰো এটা 'জামানা' আছিল!

“হেল্ল’ এইটো ৰাজেন বৰাৰ ঘৰ হয়নে?”
“হয়, আপুনি কোনে কৈছিলে বাৰু?”
“মই গুৱাহাটীৰ পৰা হোমেন বৰুৱাই কৈছিলো, আচলতে আপোনালোকৰ ওচৰ চুবুৰীয়া ভদ্ৰ হাজৰিকাক অলপ লাগিছিল। মাতি দিব পাৰিব নেকি বাৰু?”
“ঠিক আছে মাতি দিছো। আপুনি পোন্ধৰ মিনিটৰ পাছত ফোন কৰক।”
“অই বাবু, যাছোন ভদ্ৰ খুড়াক মাতি আন, ফোন অহা বুলি কগৈ।“
“বাৰু”(মুখ বিকটাই)

পোন্ধৰ মিনিট পাছত ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং

“অ’ তেখেত আহি পোৱা নাই, মানে তেওঁৰ ঘৰ সিটো মূৰত যে, আহিবলৈ অলপ সময় লাগে। তাতে আকৌ তেওঁলোকৰ লগত কাষৰীয়া শইকীয়াহঁতৰ ভাল নহয় যে, সেইকাৰণে আমাৰ নম্বৰটোকে দি থৈছে(অলপ বেছিয়েই হ’ল)। আপুনি ২০ মিনিট পাছত ফোন কৰকছোন।“ 

প্ৰথম ফোনৰ সম্পুৰ্ণ আধা ঘণ্টাৰ পাছত ভদ্ৰ খুড়াৰ পদাৰ্পন। ফোন আহিব আহিব বুলি বহি আছে, বৰশী বাই।

“লওঁক চাহ একাপ”
“এহ চাহ নোহোৱা হ’লেও হ’ল হয়। মিছাতেই কষ্টখন হ’ল”
আৰু আধা ঘন্টা মানৰ পাছ্ত হোমেন বৰুৱাৰ ফোন
“অ শইকীয়া, কাইলৈ আহোতে লগতে ফাইলটো লৈ আহিব”
“ঠিক আছে বাৰু। আৰু কিবা?”
“অ’ আৰু এটা কথা, আপোনাৰ একেবাৰে ওচৰৰ কাৰোবাৰ ঘৰত ফোন নাইনে কাৰো? বহুত সময় ৰখিবলগীয়া হ’ল। পাৰিলে আপোনালোকৰ কাষৰীয়া শইকীয়াৰ লগত সম্বন্ধটো ভাল কৰক হে।”

No comments: