Tuesday, January 18, 2011

ভৱিষ্যত প্রজন্ম কোন দিশে?

শিল্পী দিৱসৰ দিনা এটা নিউজ চেনেলত এটা নোহোৱা নোপোজা ঘটনা দেখিলো। সেইখিনি দেখি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈকে লাজ পালো। সোধা হৈছিল জ্যোতিপ্ৰসাদ কোন বুলি। কিন্তু যিখিনি উত্তৰ পালো সেইখিনি শুনি মূছ্কছ যাবলৈহে বাকী। ইংৰাজী মাধ্যমত পঢ়া বাবেই জ্যোতিপ্ৰসাদ আগৰৱালাক চিনি নাপায় হেনো এগৰাকীয়ে!! এওঁলোকৰ পৰা আমি প্ৰকৃততে কি আশা কৰিব পাৰো? নিজৰ জাতিটোৰ, সংস্কৃতিৰ বিষয়ে নূন্যতম জ্ঞান খিনিও নথকা এইসকলৈই হৈছে আমাৰ ভৱিষ্যতৰ নাগৰিক। আমি আকৌ সত্যজিৎ ৰায়ে শংকৰদেৱ কোন বুলি কোৱা শুনি দুখ কৰো! দেখিলে দুখ লাগে অসমীয়া নৱ প্ৰজন্মৰ ভৱিষ্যত। ইয়াৰ বাবে দায়ী কোন? চৰকাৰ নিশ্চয় নহয়, তেন্তে? ইয়াৰ বাবে সম্পূৰ্ণৰূপে দোষী অভিভাৱক সকল আৰু শিক্ষক সকল। বিশেষকৈ ইংৰাজী মাধ্যমৰ শিক্ষক সকল। অভিভাৱক আৰু শিক্ষকসকলেই এজন শিশুক গুৰু হিচাবে শিক্ষা দিয়ে, তেনেস্থলত নিজৰ জাতি, সংস্কৃতি আদিৰ শিক্ষা দিয়াটোও অত্যন্ত জৰুৰী। ভাটৌৰ দৰে পঢ়া কিতাপ বোৰ মুখস্থ কৰি পৰীক্ষাত ভাল মাৰ্ক পালেই যদি তাক ভাল শিক্ষা বুলি কোৱা হয় তেন্তে তেওঁলোকৰ সেই ধাৰণা সম্পূৰ্ণ ভুল। অসমত যেন এতিয়া অসমৰ বিষয়ে কিমান নাজানো তাৰে এক অঘোষিত প্ৰতিযোগিতাহে চলিছে। কিন্তু নিজৰ সন্তানক অসম সম্পৰ্কে নূন্যতম শিক্ষা নিদিয়া এই সকল অভিভাৱকে এবাৰ হলেও ভাবি ভাবি চাইছেনে যে, তেওঁলোকৰ সন্তান সকল যেতিয়া বাহিৰলৈ পঢ়িবলৈ আহিব, তেন্তে অসম সম্পৰ্কে কি জ্ঞান লৈ আহিব? আমি বাহিৰত থাকি এটা কথা অনুভৱ কৰিছো বেলেগ বেলেগ প্ৰদেশৰ পৰা দিল্লীলৈ অহা ছাত্ৰ ছাত্ৰী সকলৰ নিজৰ ঠাইখন, সংস্কৃতি আদিৰ জ্ঞান লেখত লবলগীয়া। তাৰ তুলনাত আমাৰ জ্ঞান যেন তেনেই সীমিত। ইংৰাজী মাধ্যমত পঢ়ি বহুতো নম্বৰ লৈ বাহিৰৰ কলেজ এখনত পঢ়িবলৈ আহিলেই অভিভাৱক অথবা এখন বিদ্যালয়ৰ শিক্ষক সকলৰ দায়িত্ব শেষ হোৱাটো নুবুজায়। নিজৰ সন্তান অথবা ছাত্ৰ ছাত্ৰী এগৰাকীক নিজৰ কলা সংস্কৃতিৰ বিষয়ে নূন্যতম জ্ঞান খিনি দি বাহিৰলৈ পঠাওঁক। অন্তত: জ্যোতিপ্ৰসাদ কোন বুলি অনা অসমীয়া এজনে প্রশ্ন কৰিলে যাতে উত্তৰ দিব পাৰে, ইংৰাজী মাধ্যমত পঢ়া বুলি, তেওঁৰ বিষয়ে নাজানো বুলি হাঁহিয়াতৰ পাত্ৰ যাতে নহয়। জ্যোতিপ্ৰসাদ কোন নাজানিলে নিয়ম মতে বাহিৰলৈ পঢ়িবলৈকে অহাৰ প্ৰয়োজন নেদেখো, সেই পৰুৱাৰ মগজুৰ সমান জ্ঞান লৈ। তথাকথিত ইংৰাজী মাধ্যমৰ ভুৱা আভিজাত্যৰে মহীয়ান আমাৰ অসমৰ বিদ্যালয় সমূহেও ছাত্ৰ ছাত্ৰী সকলক অলপ শিকাওঁক জ্যোতিপ্ৰসাদ্, বিষ্ণুৰাভাৰ বিষয়ে। বাহিৰৰ পৃথিৱীখন বহু আগবাঢ়ি গ, এতিয়া আৰু পাঠ্যক্ৰম খিনি পঢ়ি জগত জিনাৰ দিন গল। চাৰিওফালে জ্ঞান অৰ্জন কৰি জগত জিনাৰ সময় এয়া,  নিজৰ সংস্কৃতিক আওকান কৰি, জ্যোতিপ্রসাদক চিনি নাপাওঁ বুলি গৌৰৱেৰে টিভিৰ আগত কৈ ভৱিষ্যতে মুখ থেকেচা খোৱাৰ দিন নহয়।

No comments: