Sunday, November 28, 2010

এটা ব্যতিক্রমী সপ্তাহ

মোৰ ফেচবুক প্রফাইলত জিলিকি থকা কিছুমান অসমীয়া নাম
"ৰাইজ, ম‍ই এটা কথা ভাবিছো আমি যদি আমাৰ profileৰ ইমেজত আমাৰ নাম সমুহ অসমীয়াত লিখি (ইমেজ হিচাপে) এসপ্তাহৰ ববে ব্যৱহাৰ কৰো কেনে হয় ? ইয়াৰ উদেশ্য -- অসমীয়া ভাষা cyberworld ত promotion কৰা আৰু আমাৰ অসমীয়া মানুহক অসমীয়া ভাষাত typingৰ প্ৰতি আকৰ্ষিত কৰা | আলোচনা কৰকচোন .. যদি হয় সবিশেষ (নিয়ম নীতি/কোনটো সপ্তাহ আদি ) পিছত সকলোৱে মিলি ঠিক কৰিম।ধন্যবাদ"

ফেচবুকত এইদৰেই বনজীৎ পাঠকে ২৭ নৱেম্বৰ পুৱা বাৰ্তা এটা পঠাইছিল কেইজনমানলৈ। মই অৱশ্যে অলপ দেৰিকৈ পাইছিলো অনলাইন নথকা বাবে। আহি দেখো বুলজিৎ বুঢ়াগোঁহায়ে ইতিমধ্যে অসমীয়া আখৰেৰে ফটো এখন আপলোড কৰিলেই। তাৰ পাছত দেখো এখন এখনকৈ প্রফাইল ফটোবোৰ অসমীয়া আখৰবোৰলৈ ৰূপান্তৰ হৈ পৰিছে। নিজৰ খনো কৰি ল'লো। দিনটোৰ সময় আগবঢ়াৰ লগে লগে আন বহুটো প্রফাইল অসমীয়া হৈ পৰিল। বহুতো বন্ধুয়ে নিজৰ নামটো অসমীয়াত লিখি দিবলৈ ক'লে মোক (যিসকলৰ সময়, সুবিধা মিলা নাছিল)। অসমীয়া আখৰ কেইটাক লৈ ইন্টাৰনেটত ইমান উৎসাহ হয়তো আগতে কাহানিও দেখা নাছিলো। নিশ্চয় প্রসংশনীয়। ফেচবুক যদিও অসমীয়া ভাষাত ওলোৱা নাই (যদিও বাংলা ভাষাত ই উপলব্ধ!)। কিন্তু সেইদিনটো (আশাকৰো অনাগত ছটা দিনো!) এনে লাগিছিল যেন ফেচবুকে 'অসমীয়া ভাষাটোও অন্তৰ্ভূক্ত কৰি ল'লে। ই নিশ্চয় এটা ভাল লক্ষণ। যিটো সময়ত অসমত অসমীয়া ভাষাৰ দুখ লগা অৱস্থা, সেইটো সময়ত ইন্টাৰনেটত ইমানবোৰ লোক অসমীয়া অ আ ক খ (টাইপিং) শিকিবলৈ আগবাঢ়ি আহিছে। ইন্টাৰনেটত অইন ভাৰতীয় ভাষা সমূহৰ প্রসাৰ আৰু প্রচাৰ চমকপ্রদ। এয়াও হয়তো সেই ভাষাৰ লোকসমুহৰ উৎসাহৰে ফচল। কিন্তু অসমীয়া ভাষাটো বাংলাৰ লগত একে বুলিয়ে এলাগী হৈ পৰি ৰয়। কিন্তু আচলতে বহুতো যে পাৰ্থক্য আছে সেয়া বাহিৰৰ পৃথিৱীখনক নিশ্চয় বুজাবলগীয়া আছে।ফেচবুকত অসমীয়া প্র'ফাইল ফটো পদক্ষেপটো এক মাইলৰ খুঁটি স্বৰূপ হৈ ৰওঁক।

Monday, November 15, 2010

যাৰ বাবে 'জয়মতী' আছিল এক অভিশাপ

এজনী ষোল্ল বছৰীয়া ছোৱালী। তেতিয়াও সেই সময়টো তাইৰ বাবে হয়তো পখিলা খেদি ফুৰাৰেই বয়স আছিল। নতুন পৃথিৱী এখন আৱিষ্কাৰ কৰা বয়স সেইটো। এদিন এজন মানুহ আহিল সিহঁতৰ ঘৰলৈ। সেই কিশোৰী জনীক লগ ধৰিলে কলিকতাত ডাঙৰ ডাঙৰ জাহাজ চাবলৈ। ডাঙৰ ডাঙৰ জাহাজ!! সেই সময়ত  সেয়া দেখাৰ সৌভাগ্য কেইজনৰ হয়? তাকো কলিকতাত!! ওলাল তাই জাহাজ চাবলৈ, লগত গ'ল তাইৰ ভায়েক। কিন্ত তাই সঁচাকৈয়ে জাহাজ দেখা পালেনে? জাহাজ দেখিলে ঠিকেই, কিন্তু তাইৰ বাবে ৰৈ আছিল বিস্ময়কৰ, আচহুৱা তিনিটা শব্দ - লাইট, কেমেৰা আৰু একচন। হয়, এয়াই আছিল এগৰাকী কিশোৰীৰ অন্ধকাৰ জীৱন এটাৰ আৰম্ভণি। এই কিশোৰী গৰাকীয়েই আছিল আইদেউ, যাক আমি আইদেউ সন্দিকৈ হিচাবে জানো। এনে এগৰাকী মহিলা, যি গোটেই জীৱনটো কটাইছিল এক অন্ধকাৰ গহ্বৰত। মাথো এটাই আছিল দোষ, প্রথম অসমীয়া চিনেমাখনত অভিনয় কৰিছিল। যাক লৈ আমি এতিয়া গৌৰৱ অনুভৱ কৰো, সেই গৌৰৱখিনিয়েই সেই সময়ৰ ৰক্ষণশীল সমাজখনত কাল হৈ পৰিছিল আইদেউ নামৰ সেই কিশোৰীজনীৰ বাবে। জ্যোতিপ্রসাদ আগৰৱালাই নিজৰ প্রথমখন অসমীয়া চিনেমা নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু সেই চিনেমা খনেই শেষ কৰি দিলে এগৰাকী কিশোৰীৰ জীৱন। সেই চিনেমা খনত অভিনয় কৰাৰ পাছত যেতিয়া আইদেউ নিজৰ ঘৰলৈ ঘুৰি আহিছিল, ৰাইজে জনোৱা নাছিল ফুলৰ থোপাৰে আদৰণি, প্রথমখন অসমীয়া চিনেমাৰ অভিনেত্রী হিচাবে, আদৰণি জনাইছিল ঠাট্টা মস্কৰাৰে আৰু এক তীব্র ঘৃণাৰে। যাৰ ফলত আইদেউৰ গোটেই পৰিয়ালটোক সমাজে বহিষ্কাৰ কৰিছিল। কেৱল সমাজেই নহয় সমাজৰ পৰা বহিষ্কৃত হোৱা পৰিয়ালটোয়েও নিজাকৈ বহিষ্কাৰ কৰিছিল আইদেউক। ঘৰৰ বাৰীৰ চুকত এটা ঘৰত অকলে থাকিবলৈ দিয়া হৈছিল আইদেউক। ঠিক হোৱা বিয়াখনো ভাঙি গৈছিল একমাত্র চিনেমাত 'বঙহৰদেউ' বুলি অইন অভিনেতাক কোৱা বাবেই। ফলত আজীৱন থাকি যাবলগীয়া হ'ল অবিবাহিতা হিচাবে। এইখিনিতে কিছুমান প্রশ্নই মনত খু দুৱনি তোলে। জ্যোতিপ্রসাদ আগৰৱালাই এগৰাকী অবুজ কিশোৰীক এনেদৰে ফুচুলাই চিনেমা কৰোৱাটো কিমান দূৰ ঠিক আছিল? হয়, প্রথম অসমীয়া চিনেমা এখন অসমে পালে, কিন্তু সেইখনে এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰি নিদিলেনে? অভিনয় কৰি কি পালে এই গৰাকী মহিয়সী নাৰীয়ে? জ্যোতিপ্রসাদ আগৰৱালাই চিনেমা খনত ব্যৱহাৰ কৰিয়েই আইদেউক অৱহেলা কৰা নাছিলনে? মাথোঁ অৱহেলা, লাঞ্চনাৰে বহু বছৰ ধৰি অন্ধকাৰকেই সাৱটি থাকিল এইগৰাকী নাৰীয়ে। আৰু যেতিয়া কিছু স্বীকৃতি পাবলৈ আৰম্ভ কৰিলে তেতিয়ালৈ বহু পলম হৈ পৰিছিল। সম্বৰ্ধনা, কিছু আৰ্থিক সাহায্যতেই সীমাবদ্ধ হৈ থকা এই স্বীকৃতিয়ে কিন্তু কেতিয়াও ঘূৰাই দিব পৰা নাছিল আইদেউৰ জীৱনৰ হেৰাই যোৱা ৰং বোৰ। যি গৰাকী নাৰী ৰাষ্ট্রীয় পৰ্য্যায়ত স্বীকৃতি পোৱাৰ যোগ্য আছিল, সেই গৰাকী নাৰীক আমি স্বীকৃতি দিব নোৱাৰিলো। আৰু তেনেকেই আমাক এৰি আঁতৰি গ'ল নীৰৱে বুকুত আজীৱন ভৰি থকা দুখৰ বোজা লৈ। জয়মতী হৈ পৰিছিল প্রতিজন অসমীয়াৰ বাবে আশীৰ্বাদ, কিন্তু এগৰাকী নাৰীৰ বাবে ই আছিল আজীৱন এক অভিশাপ স্বৰূপ।

Friday, November 12, 2010

ভাল খবৰঃ সৌৰভ কুমাৰ চলিহা

 'ভাল খবৰ', সৌৰভ কুমাৰ চলিহাৰ এটি চুটি গল্পৰ আধাৰত ৰচিত এখন চুটি ছবি, তেখেতৰ নিজৰ কণ্ঠত। (উৎসঃ গুগল ভিডিও)

Wednesday, November 10, 2010

কঁহুৱা বন মোৰ অশান্ত মন

এই গীতটি ১৯৫৯ চনৰ ফনী শৰ্মা পৰিচালিত কথাছবি 'পুৱঁতি নিশাৰ সপোন'ত অন্তৰ্ভূক্ত কৰা হৈছিল। গীতটিৰ কথা, সুৰ আৰু কণ্ঠ আছিল ভূপেন হাজৰিকাৰ । কথাছবিখনত এই গীতটি বিভিন্ন চিত্রায়নত মুঠ তিনিবাৰ ব্যৱহৃত হৈছিল ।


kohua bon.mp3

কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি

নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট মিট আন্ধাৰৰ নিমাত ৰাতি
এটি এটি ক্ষণ যেন এটি এটি পন
এনেয়ে হেৰুৱালে নাহে উভতি

পুৱঁতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলো সেই ক্ষণটি
অনন্ত সময়ৰ সাগৰখনিৰ
চঞ্চল কোলাহলে ভাঙে ঘূমটি
অ' বলিয়া মন কিয় উচাটন
কালিৰ সূৰূজে আনি দিব পুৱাটি

Tuesday, November 9, 2010

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰে চহৰীয়া ভাওনা

'শোনিতকোঁৱৰ' গজেন বৰুৱা অংকিত বাৰে চহৰীয়া ভাওনাৰ চিত্র
জামুগুৰিহাট, শোনিতপুৰ জিলাত অৱস্থিত এক ঐতিহ্যমণ্ডিত নগৰ। এই ঐতিহ্যমণ্ডিত জামুগুৰিহাটতে প্রতি চাৰি বছৰৰ অন্তৰত অনুস্থিত হয় বাৰে চহৰীয়া ভাওনা, যি প্রায় দুশ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুস্থিত হৈ আহিছে। এই ভাওনাৰ মুল বৈশিষ্ট্য হ'ল ১৪ ৰ পৰা ২১ খন বেলেগ বেলেগ খলাত একে সময়তে অনুষ্ঠিত নাট ভাওনা। পদুমৰ চকাৰ আৰ্হিত নিৰ্মিত মূলমণ্ডপৰ কেন্দ্রবিন্দুত ভাগৱত সিংহাসন প্রতিষ্ঠা কৰা হয়। এই মূলমণ্ডপক কেন্দ্র কৰিয়ে চাৰিওদিশে তৈয়াৰ কৰা ১৪ ৰ পৰা ২১ খন খলাই এক বৃত্তাকাৰ ৰূপ ধাৰণ কৰে। সিংহাসন প্রতিষ্ঠিত মণ্ডপৰ পশ্চিম দিশৰ খলা খনক মূল খলা হিচাপে গন্য কৰি বাকীবোৰ খলাৰ নাম দিয়া হয়। এই সকলো খেলাতে একে সময়তে ডবা বৰকাঁহ বাজি ভাওনা আৰম্ভ কৰা হয়। প্রতিখন খলাত গায়ন বায়ন, সূত্রধাৰ, নাট আদি ভিন ভিন। কিন্তু একে সময়তে এনে বৃহৎ মণ্ডপত একেলগে অনুষ্ঠিত এই নাট ভাওনা সুকলমে সম্পন্ন হোৱাত কোনো বাধাৰ সৃষ্টি নহয়। বাৰেচহৰীয়া ভাওনাৰ প্রসাৰ আৰু স্বীকৃতিৰ ক্ষেত্রত আগভাগ গ্রহন কৰিছিল 'শোনিতকোঁৱৰ' গজেন বৰুৱাই, যাৰ ফলত এই ব্যতিক্রমী ভাওনা মহোৎসৱে আজি অসমীয়া সংস্কৃতিৰ পথাৰখনত স্বীকৃতি লভে।

'প্রথম প্রহৰ ৰাত্রি ফুলি আছিল চম্পা' : প্রথম অসমীয়া আংশিক ৰঙীন কথাছবিখন

ভাৰতীয় নাট্য জগত অথবা চলচ্চিত্র জগতত সঘনে পৰীক্ষা নিৰীক্ষা চলা কাহিনী এটা হ'ল মহাকবি কালিদাসৰ বিখ্যাত শকুন্তলা। ১৯২০ চনতে ভাৰতীয় চলচ্চিত্রত পোনপ্রথমবাৰৰ বাবে ভুমুকি মাৰিছিল শকুন্তলাই। কিন্তু পোনপ্রথমবাৰৰ শকুন্তলাই অসমীয়া চলচ্চিত্র জগতত ভূমুকি মাৰিছিল ১৯৬১ চনত। ১৯৬১ চনৰ ২৪ নবেম্বৰৰ দিনা শকুন্তলাই পোনপ্রথমে মুক্তি পায় ডিব্রুগড় আৰু গোলাঘাটত। এইখনেই আছিল প্রথম অসমীয়া আংশিক ৰঙীন কথাছবি, য'ত প্রথমবাৰৰবাবে এটি গীতত ৰঙৰ সমাবেশ ঘটে। 'কামৰূপ চিত্র'ৰ বেনাৰত নিৰ্মিত শকুন্তলাৰ পৰিচালক আছিল ডঃ ভূপেন হাজৰিকা। লগতে সঙ্গীত, কলা নিৰ্দেশনা, সংলাপ আদিৰ আঁৰৰ ব্যক্তিজনো আছিল ডঃ ভূপেন হাজৰিকা। মূল চৰিত্র সমূহৰ অভিনয়ত আছিল- পবিত্র বৰকাকতী (দুষ্মন্ত), অনিতা (শকুন্তলা), দিলীপ চৌধুৰী (বিশ্বমিত্র), শ্যামলী দেৱী (মেনকা), ইভা আচাও (প্রিয়ম্বদা), লগতে আছিল বিদ্যা ৰাও, ফনী শৰ্মা, লক্ষ্মী লহকৰ, খগেন মহন্ত, কুলদা কুমাৰ ভট্টাচাৰ্য্য আদি। শকুন্তলা আছিল ভূপেন হাজৰিকাৰ এক সঙ্গীতমধুৰ নিবেদন। ইয়াত অন্তৰ্ভূক্ত হোৱা গীতসমূহ আছিল-
  • প্রথম প্রহৰ ৰাত্রি ফুলি আছিল চম্পা (ইলা বোস, কবিতা হাজৰিকা)
  • পিতৃগৃহ ত্যাগি আই মোৰ পতিগৃহে যায় (ভূপেন হাজৰিকা)
  • বনৰে পখিটি (ইলা বোস)
  • বিৰাজে কি সাজে (ভূপেন হাজৰিকা)
  • নৱমল্লিকাৰ হেঁপাহ জানো পলাব (ইলা বোস, অনামিকা)
  • অলৌগুটি তলৌগুটি (ইলা বোস, ভূপেন হাজৰিকা)

Thursday, November 4, 2010

প্রদূষণমুক্ত দীপাৱলীৰ কামনাৰে



ফুলজাৰি, জলকীয়া বোমা, কলগছ বোমা এই নামবোৰ যেন মুখত আখৈ ফুটাদি ফুটিছিল তেতিয়া। সেই তেতিয়াৰ কথা, যেতিয়া দেউতাই মোনা ভৰাই ভৰাই ফটকা আনিছিল, অৱশ্যে আমাৰ তাগিদাতে। খুব  ফুটাইছিলো সেইবোৰ। জলকীয়া বোমা হাতত ফুটাই বীৰত্ব প্রদৰ্শন কৰিছিলো। পাছদিনা স্কুলত আলোচনা, কোনে কিমান বোমা ফুটালো। যেন এক অঘোষিত প্রতিযোগিতাহে। ঘৰৰ অইন লোকসকলে জ্বলাই যোৱা চাকিবোৰ জলকীয়া বোমা ফুটাই ফুটাই এফালৰ পৰা নুমুৱাই গৈছিলো, লগতে খাই গৈছিলো প্রচণ্ড গালি। সেয়া আছিল আজিৰ পৰা ১২-১৩ বছৰ আগৰ কথা। লাহে লাহে কমি গৈছিল ফটকা-ফুলজাৰিৰ প্রতি মোহ। হয়তো ডাঙৰ হৈ আহিলে ফুলজাৰি জলকীয়া বোমাৰ প্রতি মোহ নাথাকে। তাতে অইন কিছুমান চিন্তা ভাৱনাই খলকনি তুলিছিল মনত। বুজি উঠিছিলো ফটকা ফুটোৱাৰ নামত আমি যে আচলতে সেই কাগজৰ নোট বোৰ হে জ্বলাও। ফটকাৰ প্রতি মোহভঙ্গ হৈছিল ,যেতিয়া বুজি উঠিছিলো প্রদূষণৰ ভয়াৱহতা। আমি যে অগোচৰেই কিছুমান ভয়ঙ্কৰ প্রদূষণৰ সৃষ্টি কৰো সেয়া বুজি উঠিবলৈ এতিয়াও হয়তো বহুত দূৰ। ভাৰতত গোটেই বছৰটোত ঘটা প্রদূষণৰ মাত্রা হয়তো মাত্র এটা দিনেই চেৰ পেলায়। এই ফটকাবোৰতে থাকে ৭৫ শতাংশ পটাছিয়াম নাইট্রেট, ১৫ শতাংশ কাৰ্বন আৰু ১০ শতাংশ ছালফাৰ, যিবোৰ বিস্ফোৰিত হ'লে নিৰ্গত হয় ছালফাৰ ডাই অক্সাইড, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, কেডমিয়াম, মেঙ্গানিজ আদিৰ দৰে ভয়ঙ্কৰ ৰাসায়নিক গেছ পদাৰ্থসমূহ। এই কথাবোৰ যেতিয়া বুজি উঠিছিলো তেতিয়াই মোহভংগ ঘটিছিল ফটকাৰ প্রতি। তাৰোপৰি শুনা পাইছিলো ফটকা উদ্যোগৰ লগত জড়িত থকা শিশু শ্রমিকৰ শ্রম। যি আছিল অতিকৈ নিৰ্মম। তেতিয়াৰে পৰা বাদ দিছিলো দীপাৱলীত ফটকা ফুটোৱাৰ চখটো। কোটি কোটি টকাৰ শৰাধ কৰি ফটকা বোৰ ফুটুৱাৰ যুক্তিও নেদেখো। অৱশ্যে এইবোৰ কথা বুজি উঠিছিলো বহু দেৰিকৈ। তথাপি শেষ ভালেই জগত ভাল বুলি সান্ত্বনা লভো। আহকচোন আমি এই পোহৰৰ উৎসৱটো পোহৰৰেই পালন কৰো, ফটকাৰ পোহৰৰে নহয়, বন্তিৰ আলোকৰে।

(এই ব্লগৰ সমূহ পঢ়ুৱৈলৈ দীপান্বিতাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো)