Friday, October 29, 2010

শ্রদ্ধাঞ্জলি

৩০ অক্টোবৰ ২০০৮ চনৰ গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকললৈ শ্রদ্ধাঞ্জলি


video

Wednesday, October 27, 2010

মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি

কথা, সুৰ, কণ্ঠঃ জুবিন গাৰ্গ
বোলছবিঃ দাগ
(তলৰ প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰক)


জুবিন গাৰ্গ
মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত

তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্রতি পুৱাত
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত

প্রতি শৰতৰ প্রভাতী ফুলে ক'ব তোমাকেই মোৰ কথা
প্রতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেথা
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত

দুচকুৰে তোমাক চালে সপোন আঁতৰি দিঠক নামে
চুব খুজিলে মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত

Tuesday, October 26, 2010

ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজাই ক'ত?

ভূপেন হাজৰিকাৰ জনপ্রিয় ৰিমঝিম ৰিমঝিম গীতটি ব্যৱহাৰ কৰা হৈছিল ফনী শৰ্মা পৰিচালিত 'কেঁচাসোণ'(১৯৫৯) বোলছবিত। বোলছবি খনৰ গীতটিত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, ইলা চক্রৱৰ্তী, মন্টু ঘোষ, গুনদা দাস আৰু বিৰজা দাসে। (প্রসংগ পুথিঃ অসমীয়া বোলছবিৰ গীত- পবিত্র কুমাৰ ডেকা)

(ইয়াত দিয়া গীতটি ভূপেন হাজৰিকাৰ একক কণ্ঠৰ)
ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজাই ক'ত? (কথা, সুৰ, কণ্ঠঃ ভূপেন হাজৰিকা) 

ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজাই ক'ত? ক'ত?
গিৰ্ গিৰ্ গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজাই ক'ত?ক'ত?
এই অসম দেশত,অসম দেশত

ভূপেন হাজৰিকা
মাইহং বাটিত সোৱাদ পানী
যাচে কোনে ক'ত?
কাৰ পদূলিৰ কেতেকীনো
মলে মলায় ক'ত
এই অসম দেশত,অসম দেশত

এধানি এধানি নৈ সাগৰ হয় ক'ত?
সাগৰকো ভয় নকৰেনো কোনে ক'ত?
এই অসম দেশত,অসম দেশত

আইৰে চকুৰে মুকুতানো সৰে ক'ত?
সেই মুকুতাৰে মনি পিন্ধি সাহ পাওঁ ক'ত?
মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক'ত
সেই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত?
অ' মোৰ অসম দেশত

মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত?
ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত?
আনে কৰা উপলুঙা ওফৰাইনো ক'ত?
এই মোৰ অসম দেশত

অয় অয় আকাশ শুব

অয় অয় আকাশ শুব (তলৰ প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰক)


কথা,সঙ্গীতঃ ভূপেন হাজৰিকা
শিল্পীঃ সুমন কল্যানপুৰ
চলচ্চিত্রঃ প্রতিধ্বনি (১৯৬৫)

সুমন কল্যানপুৰ
অয় অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাহাকাৰ হ'ব

সময় যেন স্তব্ধ হয়, হয় ভীত হয়
হয় চকুলোও শিল হ'ব
অয় অয় সময় শুব

পাপ যদি বেয়া কামনা কিয় দিলে
মোহ যদি বেয়া সুৰ কিয় দিলে
ভাঙন যদি বেয়া বিৰহ কিয় দিলে
তাৰ সমিধান কোনে দিব
অয় অয় সময় শুব

সাঁথৰ ভৰা নিশা মোৰ সোণ শুব
বৈধ কি অবৈধ কি প্রশ্ন হ'ব
দিগন্ততে হাহাকাৰ হ'ব

Sunday, October 24, 2010

প্রসংগঃ বৃহৎ নদী বান্ধ

          কিছু বছৰ আগতে এবাৰ ধেমাজিলৈ গৈছিলো। হয়, বানে প্রতিবছৰে তাণ্ডবৰ সৃষ্টি কৰা সেই ধেমাজি খনেই। যিখন ঠাই অসমৰ মানুহে কেৱল বানপানীৰ বাবেহে চিনি পায়। সেই ধেমাজিতে দেখিছিলো কিছুমান অবৰ্ণনীয় দৃশ্য। কিছুমান ঠাইৰ ৰাস্তাৰ কাষে কাষে থকা ঘৰবোৰ আধা বালিত পোত খাই আছিল। মানুহ দুনুহৰ চিন চাব ক’তো নাছিল। সেইবছৰ ধেমাজিত হোৱা প্রলয়ংকাৰী বানে তাণ্ডবৰ সৃষ্টি কৰিছিল, তাৰেই চিন আছিল এয়া। ধেমাজিৰ জনসাধাৰণৰ দুখ কষ্টবোৰ সেইদিনা নিজ চকুৰে দেখিছিলো। এইখন ধেমাজিতে এন এইচ পি চি য়ে নিৰ্মান কৰি আছে দেশৰ ভিতৰতে বৃহৎ ‘মৰণফান্দ’ টো। ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মানকাৰ্য্য চলি আছে দেশৰ ভিতৰতে বৃহৎ নামনি সোৱনশিৰি জলবিদ্যুৎ প্রকল্পৰ। ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন ১৬০ মিটাৰ উচ্চতাৰ এই প্রকল্পটোৰ কাম যিমানেই আগবাঢ়িছে সিমানেই ই সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত। ইতিমধ্যে এই এই বৃহৎ প্রকল্পৰ বিৰুদ্ধে তীব্র ক্ষোভৰ সৃষ্টি হৈছে। উমি উমি জ্বলি থকা এই জুইকুৰাত ঘিঁউ ঢালে বিশেষজ্ঞ কমিটীৰ প্রতিবেদনে। খোদ চৰকাৰে গঠন কৰা বিশেষজ্ঞ কমিটিয়েই যেতিয়া ইয়াৰ ভয়াৱহতাবোৰ দেখুৱাই প্রতিবেদন দাখিল কৰে তেতিয়া চৰকাৰেই জবাবদিহি হৈ পৰে। কেইবাখনো প্রখ্যাত শিক্ষানুষ্ঠানৰ বিশেষজ্ঞৰে গঠিত কমিটীৰ প্রতিবেদন চৰকাৰে আওকান কৰি আগবাঢ়িছে এই প্রকল্প সম্পূৰ্ণ কৰিবলৈ।
          কিয় এই প্রকল্প ইমান ভয়াৱহ? ইয়াত কোনো দ্বিমত থাকিব নালাগে যে এখন দেশত বিদ্যুৎ উৎপাদন খুবেই প্রয়োজনীয়। দেশ এখন প্রগতিৰ পথত আগবাঢ়িবলৈ বিদ্যুতশক্তিৰ অৱদান নুই কৰিব নোৱাৰি। কিন্তু এখন ঠাইৰ জনসাধাৰণৰ জীৱনলৈ তীব্র ভাবুকিৰ সৃষ্টি কৰি আনিব খোজ়া এই প্রগতি কিমান দূৰ গ্রহনযোগ্য? আমি সকলোৱে ভালদৰে জ্ঞাত ভাৰতৰ এই উত্তৰ পূৰ্বাঞ্চল গোটেই দেশৰ ভিতৰতে আটাইতকৈ ভূমিকম্প প্রৱন ক্ষেত্রত পৰে, যাক ‘জ’ন-৫’ হিচাপে জনা যায়। এজন বিজ্ঞানৰ নূন্যতম জ্ঞান নথকা মানুহেও ক'ব পাৰিব যে এনে এখন ক্ষেত্রত এনেকুৱা বৃহৎ প্রকল্প হাতত ল’লে ভৱিষ্যতে কি ভয়াৱহ ঘটনা সংঘটিত হ’ব পাৰে। মদু ভূমিকম্প এটা আহিলেই গুৱাহাটিৰ অট্টালিকা কিছুমানত ফাট মেলে, তেনেক্ষেত্রত এই বান্ধৰ ভৱিষ্যত কি? কোনো ঠাইত এটা বৃহৎ প্রকল্প গঢ় লৈ উঠিলে তাৰ লগত সেই ঠাইৰ অৰ্থনৈতিক উন্নতি হোৱাটো স্বাভাবিক, লগতে নিয়োগৰো প্রচুৰ সুবিধা থাকে। কিন্তু গেৰুকামুখৰ এই প্রকল্পটোওে অসম তথা অৰুণাচলৰ জনসাধাৰণৰ জীৱনলৈ তীব্র ভাবুকি কঢ়িয়াই আনিব তাত কাৰো দ্বিমত থাকিব নালাগে। জাপানৰ দৰে ভূমিকম্প প্রৱন ঠাইতো নদী বান্ধ আছে। কিন্তু জাপানৰ উচ্চ কাৰিকৰী দিশৰ লগত আমাৰ তুলনা হয় জানো? জাপান কাৰিকৰী দিশৰ ফালৰ পৰা ইমানেই উন্নত যে সেয়েহে বোধহয় কোৱা হয়, গোটেই বিশ্বখন এখোজ় আগবাঢ়ি থাকিলেও জাপান অকলেই দুখোজ আগবাঢ়ি থাকে। তদুপৰি ভাৰতৰ দৰে দুৰ্নীতিপৰায়ণ দেশ এখনত এনে বান্ধৰ গুনাগুন কিমান দূৰ বিশ্বাসযোগ্য তাকো নুই কৰিব নোৱাৰি। বিদ্যুৎ উৎপাদনৰ বাবে সৰু সৰু বান্ধ নিৰ্মান কৰাত বাধা থাকিব নালাগে। বিজ্ঞানসন্মত ভাৱে সৰু সৰু বান্ধবোৰো বিদ্যুৎ উৎপাদনত যথেষ্ট সহায়ক হয়। কিন্তু এন এইচ পি চি ৰ এই প্রকল্প সঁচাকৈয়ে গৰিহনাৰ যোগ্য। বৰ্তমান দেখা গৈছে অসম চৰকাৰে মুকলিকৈ ইয়াৰ সমৰ্থনত ওলাই আহিছে। অৰুণাচলৰ মুখ্যমন্ত্রীয়েও অসমৰ লাভ(?)ৰ কাৰণেই ইয়াক সমৰ্থন কৰিছে। বিভিন্ন অৰাজনৈতিক সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে। তাৰ মাজতে কিছুমানে আকৌ ৰাজনীতিৰ বোকা ছটিওওাৰ খেলাও আৰম্ভ কৰিছে। কিন্তু এয়া জানো উচিত? নিজৰ মাতৃভুমিৰ উন্নতি কোনে কামনা নকৰে? কিন্তু ৰাজনৈতিক লাভালাভ অথবা মাত্র কেইটামান টকাৰ বিনিময়ত যেতিয়া মাতৃভুমিক লৈ দৰদাম চলে তেতিয়া সহ্য কৰাটো দুৰ্বিষহ হৈ পৰে। অসমৰ বিষেশজ্ঞ কমিটিৰ সেই ব্যক্তিসকলে ভুল বাখ্যা আগবঢ়ালে নেকি? নে তথাকথিত উন্নয়নৰ মন্ত্র জপা সকল বিজ্ঞানৰ সকলো দিশতে ‘পণ্ডিত’। এই বান্ধে যদি ভয়াৱহ ভাবে অসম খন ক্ষতিগ্রস্ত কৰে তেন্তে দেশৰ ভিতৰতে বৃহৎ বান্ধ বন্ধা বুলি ফোপজহি মৰাসকল আৰু আমাৰ চৰকাৰে ইয়াৰ দায়িত্ব লবনে? নে তেতিয়াও জনসাধাৰণক উন্নয়ন অৰ্থশাস্ত্রৰ পাঠ পঢ়াব? এটা অঞ্চলৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি উন্নয়ন আনিব খোজ়া সকল হয়তো ইয়াৰ বাবে এদিন জবাবদিহি হব লাগিব। ধেমাজিত সেই আধা পোত খোৱা ঘৰবোৰ বৰ্তমান আছেনে নাই নাজানো। হয়তো কিছুবছৰ পাছত ধেমাজিত সম্পূৰ্ণ ঘৰবোৰেই বালিত পোত খাই থকা দেখা পাম। সেই দিন যেন কেতিয়াও  নাহে!

Saturday, October 23, 2010

শ্রীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন


গুৱাহাটীৰ লতাশিল খেলপথাৰৰ মুখ্য দ্বাৰ খন মন কৰিছেনে? সেই দ্বাৰ খনতে এটি গীত খোদিত হৈ আছে। গীতটি হ'ল "শ্রীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন"।মোৰ শেহতীয়া অসম ভ্রমনত লতাশিল খেলপথাৰৰ দ্বাৰ খনত লিখি থোৱা এই গীতটি দেখি শিহৰিত হৈ পৰিছিলো। কাৰণ এই গীতটিক যে অসমৰ সৰ্বকালৰ এক সৰ্বশ্রেষ্ঠ গীত হিচাপেও বিবেচনা কৰা হয়। ১৯৫১ চনত লতাশিল বিহু সন্মিলনীৰ উদ্বোধনী গীত হিচাপে ৰচিত এই গীতটিৰ সৃষ্টিৰ আঁৰৰ ব্যক্তিগৰাকীয়েই আছিল - পুৰোষোত্তম দাস, যি গৰাকী আছিল অসমীয়া কলা সংস্কৃতিৰ এগৰাকী পুৰোধ্য ব্যক্তি। বৰপেটাত জন্মগ্রহন কৰা পুৰোষোত্তম দাসে ১৯৪৮ চনত শ্বিলঙত প্রতিষ্ঠা কৰা অঁনাতাৰ কেন্দ্রৰ বিষয়া হিচাপে যোগদান কৰি অঁনাতাৰ যোগে অসমীয়া গীত মাত ৰাইজৰ ওচৰলৈ লৈ যোৱাত অগ্রনী ভূমিকা গ্রহন কৰিছিল।

শ্রীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন 



যি সময়ত অসমত প্রচলিত লোকসঙ্গীত সমূহক মুল ধাৰাৰ সঙ্গীতজ্ঞ সকলে হেয় জ্ঞান কৰিছিল, সেইখিনি সময়তে অসমৰ থলুৱা লোকগীত সমূহ তেখেতে প্রতিষ্ঠা কৰিছিল অসমৰ সঙ্গীতপ্রেমী ৰাইজৰ হৃদয়ত। বৰগীত, গোৱালপৰীয়া লোকগীত, ৰাভা, বড়ো আদি বিভিন্ন জনগোষ্ঠীৰ গীত সমূহ অঁনাতাৰ কেন্দ্র যোগে প্রচাৰ কৰি অসমীয়া সঙ্গীত জগতখন চহকী কৰাত বিশেষ ভূমিকা গ্রহন কৰিছিল পুৰোষোত্তম দাসে। পুৰোষোত্তম দাসে সঙ্গীত পৰিচালনা কৰা চলচ্চিত্র তিনিখন আছিল বদন বৰফুকন(১৯৪৭), পাৰঘাট(১৯৪৯) আৰু নিমিলা অঙ্ক(১৯৫৫)।পুৰোষোত্তম দাসৰ অসমৰ কলা সংস্কৃতিৰ পথাৰ খনত যি অৱদান সেয়া সঁচাকৈয়ে সদা স্মৰণীয়।



Monday, October 11, 2010

ডুগ্গল পৰিয়ালৰ কথাৰে



      বিদ্যালয়ৰ শিক্ষক মি. সন্তোষ ডুগ্গলৰ উপাৰ্জন মাহে ২০,০০০ টকা। কিন্তু চলিবলৈ প্রয়োজন হয় ২৪,০০০ টকা। মিচেচ ডুগ্গলে হিচাপ নিকাচ কৰি ‘বেলেঞ্চ চিট্’ খন সদায় মিলাবলৈ যত্ন কৰে। কিন্ত মিলোৱাটো কঠিন হৈ পৰে। তাৰ মাজতে এদিন মি.ডুগ্গলৰ হাতলৈ আহে ইনকাম টেক্স ৰিটাৰ্ণৰ ৭,৬০০ টকা। ইয়াকে লৈ পৰিয়ালটোৰ উলাহৰ অন্ত নাই। চাৰিজনীয়া পৰিয়ালটোৰ এগৰাকীক লাগে আই পড, আনজনক লাগে ডিটিএইচ সংযোগ। মিচেচ ডুগ্গলৰ মন ৰাতি শুবৰ সময়ত ঘেৰঘেৰাই থকা ফ্রীজটো সলোৱাৰ।কিন্তু সকলোৰে আশাত চেঁচাপানী পৰে যেতিয়া পৰিয়ালটোৱে খবৰ পায় মিৰাটত আত্মীয়ৰ বিয়াৰ বাতৰি। কাৰণ বিয়া মানেই যে খৰছৰ এটা উৎসৱ। এনেকৈয়ে ছবিখনত আগবাঢ়িছে ডুগ্গল পৰিয়াল আৰু তেওঁলোকৰ নিম্ন মধ্যবিত্ত জীৱনৰ সৰু বৰ কাহিনীবোৰ।

      প্লেনমেন মোচন পিকচাৰ্চ আৰু ৱাল্ট ডিজনী প্রডাকচনৰ চলচ্চিত্র ‘দো দুনী চাৰ’ত, দিল্লীৰ (হয়তো আন বহু ঠাইৰে)নিম্ন মধ্যবিত্ত জীৱনৰ বাস্তৱ প্রতিচ্ছবি এখন যেন হুবহু ৰূপত অঙ্কিত হৈছে। সেয়া লাগিলে এটা পৰিয়ালৰ আশা নিৰাশাবোৰেই হওঁক অথবা উত্তৰ ভাৰতীয় লোকৰ বিয়াত দেখা পোৱা তথাকথিত ভেমেই হওক অথবা চুবুৰীয়াৰ সৈতে সৰু সৰু কথাত হোৱা কাজিয়া পেচালেই হওঁক নতুবা তাৰ মাজতে তিলটোকে তালটো কৰা অইন ওচৰ চুবুৰীয়া সকলেই হওঁক। যিবোৰ দিল্লীৰ এক সুলভ দৃশ্য। মি.ডুগ্গল ৰূপী ঋষি কাপুৰ আৰু মিচেচ ডুগ্গল ৰূপী নিতু কাপুৰৰ একেলগে প্রায় তিনিটা দশকৰ পাছত যেন এক দুৰ্দান্ত প্রত্যাবৰ্তন। চলচ্চিত্র খনত নাই অইন কোনো গ্লেমাৰ থকা অভিনেতা বা অভিনেত্রী। সেইবাবে হয়তো সিমান প্রচাৰো পোৱা নাই। অথচ আটাইকেইগৰাকী মুখ্য শিল্পীৰ অভিনয় শলাগিবলগীয়া। কম বাজেটৰ চলচ্চিত্রবোৰেও যে কেতিয়াবা এটা চমক দিয়ে ইয়ে এটা উদাহৰণ। হবিব ফইজলে নিজৰ প্রথম খন চলচ্চিত্রৰেই ইতিমধ্যে দৰ্শকৰ মন মুহি পেলাইছে। বহুদিনৰ মূৰত এখন ভাল হিন্দী চিনেমা চাই টোকা এটা লিখাৰ লোভ সামৰিব নোৱাৰিলো। কাৰণ ই যে প্রতিটো ভাৰতীয় নিম্ন মধ্যবিত্ত পৰিয়ালৰ এক সুলভ কাহিনী। স্কুটাৰ এখনৰ পৰা এখন গাড়ী কিনাৰ সপোন আৰু বাস্তৱৰ কাহিনী।





(উল্লেখযোগ্য যে এই কথাছবিখনে শ্রেষ্ঠ হিন্দী চলচ্চিত্রৰ ৰাষ্ট্রীয় বঁটা লাভ কৰিছে)

Friday, October 8, 2010

জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা গীত

অসমীয়া সংগীত জগতত জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা গীতৰ যি অতুলনীয় অৱদান, সেয়া হয়তো যুগ যুগ ধৰি চিৰস্মৰণীয় হৈ থাকিব আধুনিক অসমীয়া সংগীতৰ বাটকটীয়া এই গীতসমূহত সুৰ, তাল,কথাৰ যি অপূৰ্ব সমন্বয়, সেই সমন্বয়ৰ অভাৱ বহুক্ষেত্রত বৰ্তমানৰ সঙ্গীত ক্ষেত্র খনত দেখা পোৱা যায় কিন্তু আমি এই অতুলনীয় সৃষ্টি সমূহৰ বহুল প্রচাৰৰ ক্ষেত্রত কিমান সচেতন? বহুক্ষেত্রত দেখা পোৱা যায় জ্যোতি সঙ্গীত, বিষ্ণু ৰাভা গীত বুলিলে কেইটামান নিৰ্দিষ্ট গীত হে সকলোৰে মাজত বেচিকৈ পৰিচিত জ্যোতি সঙ্গীত বুলিলে ‘গছে গছে পাতি দিলে’ গীতটি যিমান প্রচলিত, তাতকৈ হয়তো ‘সোণৰ পালেঙতে’ গীতটি বহুতে চিনিয়েই নাপায় ঠিক সেইদৰে 'বিলতে হালিছে' গীতটি বিষ্ণু ৰাভা গীত হিচাবে যিমান জনপ্রিয়, 'ফুল কুঁৱৰীৰ' গীতটি হয়তো সিমান জনপ্রিয় নহয়।অথচ আটাইবোৰ গীতেই সুমধুৰ আৰু হয়তো বহুতো কিছুমান গীত আছে যিবোৰ আমাৰ এতিয়াও অগোচৰেই আছে সেইবাবে জ্যোতি সঙ্গীত, বিষ্ণু ৰাভা গীতৰ এক বহুল প্রচাৰৰ প্রয়োজন আহি পৰিছে বছৰি বছৰি ৰাভা দিৱস, শিল্পী দিৱস পাতি থাকিলে লাভ নাই, যদিহে আমি তেখেতসকলৰ অপূৰ্ব সৃষ্টি সমুহ প্রসাৰৰ ব্যৱস্থা হাতত নলওঁ যিবোৰ গীত এতিয়াও কথাৰ মাজতেই সীমাবদ্ধ হৈ আছে, সেইবোৰ গীত জ্যোতি-বিষ্ণু ৰাভা গীতৰ গৱেষক তথা বিশিষ্ট শিল্পী সকলৰ হতুৱাই সুৰ দি গীতৰ ৰূপ দিয়াটো প্রয়োজন হৈ পৰিছে।

ফুল কুঁৱৰীৰ ৰস চুমি লৈ (
বিষ্ণু ৰাভা গীত)



সোণৰ পালেঙতে (জ্যোতি সংগীত)


নামনি অসমত প্রচলিত মহোহো উৎসৱ

মহৌ হৌ মহৌ হৌ মহ খেদবা টোকান লৌ,
মহে বোলে মৰলু দে, টেপৰ পুৰা খালু দে।।

নামনি অসমৰ লোক উৎসৱ সমুহৰ ভিতৰৰ এটা প্রধান উৎসৱ হৈছে মহোহো বা মহখেদা উৎসৱ। এই লোক উৎসৱ মতে আঘোনী পূৰ্ণিমাত গাঁৱৰ চেমনীয়া আৰু ডেকা সকলে মিলি কেইবাটাও ভাগত বিভক্ত হৈ মানুহৰ ঘৰে ঘৰে গীত গায়। চোতালত থিয় হৈ ঘূৰণিয়াকৈ গোৱা এই গীতসমূহত এজন দলপতি থাকে, যি গীতৰ সূত্র ধৰে আৰু বাকীসকলে তেওঁক অনুসৰণ কৰে। সকলোৰে হাতত একোডালকৈ টাঙোন থাকে আৰু মাটিত টাঙোন ডালেৰে টুকুৰিয়াই গীত গোৱা হয়। উজনি অসমৰ হুঁচৰিৰ সৈতে সাদৃশ্য থকা এই গীত সমুহক মহহো গীত বা ভাওল দিয়া গীত হিচাবে জনা যায়। সাধাৰণতে গাঁৱৰ পৰা মহ ডাহ বোৰ খেদাবলৈ এই গীত গোৱা হয়, প্রচলিত বিশ্বাস অনুসৰি এই গীত গালে গাৱৰ পৰা মহবোৰ নাইকিয়া হয়। ঘৰে ঘৰে চোতালত গীত গোৱাৰ পাছত গৃহস্থক আশীৰ্বাদ দিয়া হয় আৰু গৃহস্থই চাউল অথবা টকা পইচা দি মহহো দলক বিদায় দিয়ে।