Tuesday, September 28, 2010

অসমীয়া সংগীত শিল্পীৰ চৌৰ্য্যবৃত্তি!

আচল
চলচ্চিত্র : Varanam Aayiram (Tamil)
গীত: Nenjukkul Peidhidum




নকল
ভিচিডি: কি নাম দি মাতিম
গীত: বৰষা মেঘৰ





আচল
চলচ্চিত্র : Mussanje Maathu (Kannada)
গীত: Aakasha Bhoomi Indu





নকল
ভিচিডি: অপ্সৰা
গীত: আকাশে বতাহে

Friday, September 24, 2010

প্রসংগ : অযোধ্যা

বৰ্তমান সময়ত দেশত যি দুটা বিষয় আলোচনা বিষয়বস্তু হৈ আছে, সেই দুটাই হ’ল কমনৱেলথ গেমচ আৰু অযোধ্যাৰ ভূমি বিবাদৰ বহু প্রতীক্ষিত ৰায়দান। এটায়ে ইতিমধ্যে সমগ্র বিশ্বৰ সন্মুখতে লজ্জাত দেশৰ মুখ উলিয়াব নোৱাৰা অৱস্থা কৰি তুলিছে। আনটো বিষয়ে ইতিমধ্যে দেশত এক চেপা উত্তেজনাৰ বিৰাজ কৰাইছে। ৰাজনৈতিক দলসমূহে ইয়াৰ পূৰ্ণসুযোগ গ্রহন কৰিবলৈ ইতিমধ্যে উঠিপৰি লাগিছে। এটা কথা বুজাত অসুবিধা হৈছে, অযোধ্যা ৰায়দান বিষয়টোক চৰকাৰ অথবা দল সংগঠনে ইমান বা দিছে কেলেই? ইমান বছৰৰ পাছত এটা ৰায়দান ওলাব, তাৰ বাবে দেশত এক জৰুৰীকালীন পৰিস্থিতিৰ দৰে পৰিৱেশ সৃষ্টি কৰোৱা হৈছে কিয়? এচ এম এচ, এম এম এচ আদিবোৰ বন্ধ কৰি দিয়া হৈছে, জিলাই জিলাই আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে। ঠিকেই আছে, সতৰ্ক হৈ থকাটো জৰুৰী। কাৰণ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হবলৈ বেছি পৰ নালাগে। কিন্তু এই ব্যৱস্থা বোৰ ইমানকৈ প্রচাৰ কৰা হৈছে কিয়? খোদ গৃহমন্ত্রীয়ে সাংবাদিক মেল পাতি এই বাতৰি বোৰ দিছে। কিন্তু কি যুক্তিত? ইয়াৰ জৰিয়তে সাধাৰণ ৰাইজৰ মাজত এটা আতংময় পৰিবেশৰ সৃষ্টি হোৱা নাইনে? এইবোৰ ব্যৱস্থা দেশৰ আভ্যন্তৰীন সুৰক্ষাৰ স্বাৰ্থত নিশ্চয় গোপনেও লব পৰা যায়। ৰায়দানৰ পাছতে যে কিছুমান ৰাজনৈতিক অ-ৰাজনৈতিক সংগঠনৰ তথাকথিত ভণ্ড কিছুমান নেতা পালিনেতাই যে অবাঞ্চিত মন্তব্য দি একুৰা জুই জ্বলাবলৈ প্রস্তুতি চলাইছে সেয়াও নুই কৰিব নোৱাৰি। কংগ্রেছ আৰু ইয়াৰ সমভাবাপন্ন দলসমূহৰ মুছলমান প্রীতি আৰু বিজেপি আৰু ইয়াৰ লগৰীয়া সকলৰ হিন্দু প্রীতিয়ে যে দেশৰ কিমান ক্ষতি কৰিছে সেয়া সকলোৱে ভালদৰে হৃদয়ঙ্গম কৰিব পাৰে। গোটেই বিষয়টো যিহেতু আইনৰ মেৰপাকতে আবদ্ধ হৈ আছে, তেন্তে আইনে যি কয় সেয়া মানি লবলৈ একপ্রকাৰ সকলো বাধ্য। কিন্তু এই স্পৰ্শকাতৰ বিষয়টো সংবাদ মাধ্যম আৰু চৰকাৰে এনেদৰে প্রচাৰ কৰি আছে যে, সমগ্র দেশবাসীৰ মনত এক প্রকাৰ ১৯৯২ ৰ বিভীষিকাময় পৰিবেশৰ দৃশ্যবোৰেই যেন চানি ধৰিছে। সংবাদ মাধ্যম আৰু চৰকাৰেও গোটেই বিষয়টোৰ ব্যাপক প্রচাৰ বন্ধ কৰাটো দৰকাৰী হৈ পৰিছে।

Tuesday, September 14, 2010

যিসকল শিল্পীৰ কণ্ঠত প্রাণ পাইছিল অসমীয়া সংগীত জগতখনে











যিসকল স্বনামধন্য কণ্ঠশিল্পীৰ ফটো লগাব পৰা নগল, তেখেতসকললৈ ক্ষমা প্রাৰ্থনাৰে...

তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ

তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ
বুকুত দিলেযে মৌ
কি যে মিঠা মিঠা

কেনেকৈ কি যে হৈ গ'ল
কলিটি কুসুমে হ'ল
সুৰভি উপচি গ'ল
কি যে ভাল লগা

ফুলে কয় বতাহক লাহেকৈ এই কি কৰিলা?
বতাহেও সুধিছে ফুলকেই এই কি কৰিলা?
গোপন ফাগুনে যেন লুকাই হাঁহিছে সৌ
খুলি গোপনতা

জিৰিজিৰ্ জিৰিজিৰ্ এধানি সৌ জুৰিটি যে
নীলাকৈ পানীৰে ভৰি গ'ল কোন ছেগতে যে
মৰম নদীতে যেন
নিজকে উতাই দিম
কি যে আকুলতা
কি যে ভাল লগা

তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ (কথাঃ নিৰ্মল প্রভা বৰদলৈ; কণ্ঠ/সুৰঃ জয়ন্ত হাজৰিকা)

Monday, September 13, 2010

হিন্দীৰ পৰা অসমীয়া ভাষালৈ ডাবিং কৰা প্রথমখন কথাছবি

বৰ্তমান কথাছবি এখন মুক্তি দিওঁতে বিভিন্ন ভাষাত মুক্তি দিয়াটো এটা সাধাৰণ কথা। কিন্তু অসমীয়া ভাষালৈ ডাবিং অথবা অসমীয়া ভাষাৰ পৰা অইন ভাষালৈ ডাবিং হোৱাটো খুব কমেই হে দেখিবলৈ পোৱা যায়। কিন্তু ১৯৬৮ চনতে এখন হিন্দী কথাছবি অসমীয়া ভাষালৈ ডাবিং কৰা হৈছিল। হিন্দী কথাছবি খনৰ নাম আছিল তাৰাচান্দ বৰজাত্য প্রযোজিত তথা বিখ্যাত ৰাজশ্রী প্রডাকচনৰ 'তকদীৰ'। হিন্দীৰ পৰা অসমীয়া ভাষালৈ ডাবিং কৰা এইখনেই আছিল প্রথম কথাছবি, অসমীয়াত কথাছবি খনৰ নাম দিয়া হৈছিল 'ভাগ্য'। ভাৰত ভূষন, কমল কাপুৰ, ফৰীদা জালাল আদি অভিনীত 'তকদীৰ' কথাছবি খন মুক্তি পাইছিল ১৯৬৭ চনত আৰু বহুতো আঞ্চলিক ভাষালৈ এইখন ডাবিং কৰা হৈছিল। তাৰে ভিতৰত অসমীয়া ভাষাটো আছিল অন্যতম। অসমীয়া ভাষালৈ ৰূপান্তৰ কৰাৰ আঁৰৰ ব্যক্তি জনেই আছিল স্বনামধন্য শিল্পী, ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই কথাছবি খনৰ বাবে অসমীয়া ভাষাত সংলাপ আৰু গীত ৰচনা কৰিছিল। অসমীয়া ভাষাত কথাছবি খনৰ বিভিন্ন চৰিত্র সমূহৰ বাবে কণ্ঠ দিছিল কুলদা কুমাৰ ভট্টাচাৰ্য্য, ৰেণু গগৈ, প্রফুল্ল বৰুৱা, পুলক গগৈ আদিয়ে। শ্রুতিমধুৰ হিন্দী গীত কেইটিৰ দৰেই অসমীয়া কথাছবি খনতো আছিল দুটি কালজয়ী গীত। ইলা বসু আৰু শ্যামল মিত্রৰ 'নৱ নৱ বহাগ আহে' আৰু শ্যামল মিত্রৰ কণ্ঠত নিগৰিছিল 'কোনে জানে তোমাৰ সপোন' গীত দুটি, যি দুটি গীত আজিও জনপ্রিয়। সংগীত আছিল লক্ষ্মীকান্ত প্যাৰেলালৰ।

জব্ জব্ বাহাৰ আয়ে (মঃ ৰফী)


নৱ নৱ বহাগ আহে (শান্তা উজীৰৰ কণ্ঠত 'ৰি-মেক')


কেইসে কই জানে (মঃ ৰফী)


কোনে জানে তোমাৰ সপোন (চেমচনৰ কণ্ঠত 'ৰি-মেক')


Saturday, September 11, 2010

"মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্ দাও"

বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে অসমৰ জাতীয় জীৱনতো সঘনাই জড়িত এবিধ বাদ্যযন্ত্র হৈছে - ঢোল আমি আমাৰ অতিকে আপোন বিহুৰ লগতে ঢোলটো সাঙুৰি লওঁ যদিও ই যে কেৱল বিহুতে যে ব্যৱহাৰ হয় এনে নহয় অন্যান্য বিভিন্ন উৎসৱ পাৰ্বন তথা লোক সংগীতৰ লগতো এই বাদ্যযন্ত্রবিধ জড়িত উৎসৱ তথা বিভিন্ন জনজাতি ভেদে ঢোলৰ প্রকাৰো ভিন ভিন অসমৰ বিভিন্ন লোকাচাৰ ভেদে ভিন্ন প্রকাৰৰ ঢোল ব্যৱহাৰ কৰা হয় তাৰে ভিতৰত প্রধান ঢোল কেইবিধ হ'ল - বৰ ঢোল বা জয়ঢোল, ঢেপাঢোল, বিহু ঢোল ইত্যাদি বিভিন্ন ৰাজহুৱা উৎসৱ, সবাহ আদিত বৰ ঢোল বজোৱা হয় সাধাৰণতে দেওধানী নৃত্যত জয়ঢোল এক অপৰিহাৰ্য্য অঙ্গ আনহাতে ঢেপা ঢোলৰ বহুল প্রচলন আছে দৰং জিলাতএই ঢোলৰ এফালে এতৰপীয়া আৰু আনটো ফালে দুতৰপীয়া ছাগলীৰ ছাল ব্যৱহাৰ কৰা হয়এই ছাল দুখনৰ মাজত এটা সৰু বিন্ধা থাকে আৰু বজাবৰ সময়ত সেই বিন্ধাৰে পানী সুমুৱাই দিয়া হয়, যাতে ছাল খন সোপোকা হৈ পৰেসেইবাবে ইয়াক ঢেপা ঢোল বোলা হয় বিহু গীতত ব্যৱহৃত আমাৰ সকলোৰে পৰিচিত ঢোলবিধৰ হাতেৰে বজোৱা বাওঁফালৰ অংশ তৈয়াৰ কৰা হয় ছাগলীৰ ছালেৰে আৰু মাৰিৰে বজোৱা সোঁ ফালৰ অংশ তৈয়াৰ কৰা হয় গৰুৰ ছালেৰে এই ঢোলবোৰ সাধৰণতে চাম, কঠাল, আম আদি গছৰ পৰা তৈয়াৰ কৰা হয় অকল অসমীয়া সমাজতে যে ঢোলৰ প্রচলন আছে এনে নহয় অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজতো ঢোল বিভিন্ন ৰূপত দেখা যায় বড়ো আৰু ৰাভা সকলে ব্যৱহাৰ কৰা দীঘল আকৃতিৰ ঢোল বিধক খাম বোলে কাৰ্বি সকলে ঢোল কেৱল ছাগলীৰ ছালেৰেহে প্রস্তুত কৰে, ইয়াক চেং বোলা হয় আনহাতে তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাজত ঢোলক খ্রাং হিচাপে জনা যায়বিভিন্ন প্রকাৰৰ খ্রাং বোৰ হ'ল - খ্রামচা, বাৰ', লুৱা, পন্থাই ইত্যাদি

বৰঢোল বাদন (তলৰ প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰক)

জ্যোতিপ্রসাদ আগৰৱালাৰ কেইখনমান দুৰ্লভ ছবি

কৈশোৰ কালৰ জ্যোতিপ্রসাদ আগৰৱালা


ইংলেণ্ডৰ টেমচ নৈত জ্যোতিপ্রসাদৰ নৌকা বিহাৰ

 শেষ শয়নত জ্যোতিপ্রসাদ

Wednesday, September 8, 2010

ভূপেন দা লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা

আজি আকাশৰ শেষ হ'ব পায় শেষ বাৰিষাৰ গান
(পাৰ্বতী প্রসাদ বৰুৱাৰ গীত ভূপেন হাজৰিকাৰ কণ্ঠত)


Tuesday, September 7, 2010

শ্বিলঙৰে মনালিছা লিংডো

তলৰ প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰক


কথাঃ ভূপেন হাজৰিকা; সুৰঃ জয়ন্ত হাজৰিকা

শিল্পীঃ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা


শ্বিল
ঙৰে মনালিছা লিংডো
তোমাৰ হাতৰ গীতাৰখনিত
হিলিবিলি মিউজিক বজাই যোৱা
হিলিবিলি মিউজিক বজাই যোৱা
মনালিছা মনালিছা মনালিছা
তোমাক স্রজিলে কোন লিঅ'নাৰ্ডই
কেনেকে হ'লা তুমি ইমান ধুনীয়া

মনত আছেনে দুয়ো গৰখীয়া
শৰাতীৰ সুৰে সুৰে কিন কিন বৰষুণে ভিজা
শ্বিলং পিকত সেই দেওবাৰে পুৱা
হিলিবিলি মিউজিক বজাই যোৱা
হিলিবিলি মিউজিক বজাই যোৱা

তুমি আজি লাবানৰ কৰবাত
আৰু ৰাজধানী সলনিৰ পিছত আহি
হ'লো এতিয়া দিছপুৰীয়া
ক্রিছেন্থিমাম যিমান ৰঙা মোৰ
তোমাৰ সোঁৱৰণী সিমানে ৰঙা
মনালিছা, নংপোলে এবাৰ আহানা
ময়ো যাম ছুটি পালে নংপোলৈ
মন দিম মন নিম গীতাৰৰ সুৰে সুৰে
অদুৰ মধুৰ কোনোবা ৰাতিপুৱা
শ্বিলঙৰে মনালিছা লিংডো


বিহুগীত আৰু হিন্দী গীত অন্তৰ্ভূক্ত হোৱা প্রথমখন অসমীয়া চিনেমা


                                    অ' মোৰে দেহিটি ঐ
অ' মোৰে চেনাইটি ঐ
চকু জুৰণীয়া ৰোৱা কুমলীয়া
কাইলৈ মেলিবি ঠোক

এইটোৱেই আছিল বিহুগীত, যি পোনপ্রথম বাৰৰ বাবে অন্তৰ্ভুক্ত হৈছিল অসমীয়া চলচ্চিত্রত।চলচ্চিত্র খনৰ নাম আছিল নিপ বৰুৱা পৰিচালিত 'স্স্মৃতিৰ পৰশ' ।বিহুগীতটিত কণ্ঠদান কৰিছিল, গুনদা দাস, ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা আৰু গিৰীণ বৰুৱাই। ১৯৫৬ চনৰ ৬ এপ্রিল তাৰিখে মুক্তিলাভ কৰা 'স্স্মৃতিৰ পৰশ'ৰ অভিনয় শিল্পী সকল আছিল বিমলা বৰুৱা, নিভা বৰুৱা, ব্রজেন বৰুৱা, নিপ বৰুৱা, গিৰীণ বৰুৱা, তৰুণ নাথ আদি। সঙ্গীত আছিল ব্রজেন বৰুৱাৰ।'বৰুৱা আৰ্ট প্রডাকচন'ৰ বেনাৰত নিৰ্মিত 'স্মৃতিৰ পৰশ' আন এটা ক্ষেত্রতো প্রথম খন অসমীয়া চিনেমা হিচাপে পৰিচিত। সেইটো হ'ল - পোন প্রথম বাৰৰ বাবে অসমীয়া চলচ্চিত্রত হিন্দী গীতৰ অন্তৰ্ভূক্তি। কলিকতাৰ বিখ্যাত কণ্ঠশিল্পী শ্যামল মিত্র আৰু আল্পনা বন্দোপাধ্যায়ৰ কণ্ঠৰ গীত দু্টি আছিল ক্রমে চিনেমা খনৰ নাম আছিল নিপ বৰুৱা পৰিচালিত 'স্মৃতিৰ পৰশ''হে চলক পড়ী চান্দনী, ইক বহক ৰহী ৰাগনী' আৰু 'কিচিকী য়াদ মে যাতি চলী য়ে জিন্দগী অপনী'। ইয়াৰে প্রথম গীতটি ৰচিছিল বীৰেন দত্তই আৰু দ্বিতীয় গীতটি লিখি উলিয়াইছিল এম গৌতমে।

Thursday, September 2, 2010

বিষ্ণু প্রসাদ ৰাভাৰ কণ্ঠৰ এটি আপুৰুগীয়া বৰগীত

(কণ্ঠঃ বিষ্ণু প্রসাদ ৰাভা, বৰগীতটি অসম্পূৰ্ণ)
তলৰ প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰক


শ্রীশ্রী মাধৱদেৱ বিৰচিত বৰগীত

তেজৰে কমলাপতি পৰভাত নিন্দ
তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ
ৰজনী বিদূৰ দিশ ধৱলী বৰণ
তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ
শতপত্র বিকশিত ভ্রমৰ উৰায়
ব্রজবধু দধি মথে তজু গূণ গায়
দাম সুদামে ডাকে তেৰি লৈয়া নাম
হেৰ দেখ উঠিয়া আসিল বলৰাম
নন্দ গেল বাথানে গোৱাল গেল পাল
সুৰভি চাৰিতে লাগে উঠৰে গোপাল
ক্ষীৰ লৱণু লইয়া শিঙা বেত বেণু
সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু
কহয় মাধৱ মাই কিনু তপসাইলা
ত্রিজগত পতি হৰি ৰাখোৱাল পাইলা

“সেই চিনাকী চিফুঙৰ সুৰে যে মাতিছে বাৰে বাৰে...”

বাঁহী, অসমৰ সমাজ জীৱনৰ লগত ওতঃপ্রোতঃ ভাৱে জড়িত এক বাদ্যযন্ত্র। বিহুকে ধৰি বিভিন্ন সঙ্গীতানুষ্ঠানত বাঁহীৰ ব্যৱহাৰ প্রায়েই দেখা যায়। বাঁহী সাধাৰণতে বাঁহেৰেই তৈয়াৰ কৰা হয় যদিও সময়ৰ পৰিবৰ্তন অনুসৰি বাঁহীও বৰ্তমান বিভিন্ন ৰূপত দেখা পোৱা যায়। কিন্তু অসমৰ সমাজ জীৱনত বাঁহৰ বাঁহী ডালৰেই আদৰ বেছিবাঁহী যে কেৱল অসমীয়া সমাজ জীৱনৰে এক অঙ্গ এনে নহয়। অসমৰে বিভিন্ন জনগোষ্ঠীৰ লোক সকলৰ মাজতো বাঁহীৰ সমানেই আদৰএওঁলোকৰ মাজত বিভিন্ন প্রকাৰৰ বাঁহীৰ প্রচলন আছে। তিৱা সকলে দুইধৰণৰ বাঁহী ব্যৱহাৰ কৰে – থুৰাং আৰু পাংছি। আনহাতে মিছিং সকলৰ বাঁহীক কুৰুলি হিচাবে জনা যায়ই দুবিধ- পথালিকৈ বজোৱা ডালক কেতপং আৰু থিয়কৈ বজোৱা ডালক তৃতক হিচাপে জনা যায়। ৰাভা জনজাতিৰ মাজত বাঁহীক ব্রাংছি হিচাপে জনা যায়। তাৰ ভিতৰত লাখৰব্রাংছি, জাপখাৰাব্রাংছি, খাৰাব্রাংছি, মুখব্রাংছি আদি প্রধান। আনহাতে খাচী সম্প্রদায়ৰ লোকসকলে ব্যৱহাৰ কৰা বাঁহীডালক শ্বৰতি হিচাপে জনা যায়। ডিমাছা সম্প্রদায়ৰ লোকে ৱাঠিছা আৰু চুফিন নামৰ দুই ধৰণৰ বাঁহী ব্যৱহাৰ কৰেকিন্তু এই সকলোবোৰৰ ভিতৰতে বড়ো সম্প্রদায়ৰ লোকে ব্যৱহাৰ কৰা বাঁহী বিধৰ নিজৰ এক সুকীয়া পৰিচয় আছে, যাক আমি চিফুং হিচাপে জানো। পাঁচটা ফুটা থকা এই বাঁহীৰ জনপ্রিয়তাও বড়ো লোকসকলৰ মাজত অধিক। চিফুং বড়ো জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্র হিচাপেই পৰিচিত।

Wednesday, September 1, 2010

আচিনায়াং মানে কি অ’ মৰমী

কথা,সুৰ: মানস ৰবীন


আচিনায়াং মানে কি অ’ মৰমী
আচিনায়াং মানে হ’ল বুকুৰে মৰম
তুমি যদি বুজি পোৱা মোৰে চেনাইটি
আইপ মেনাং মানে কি অ’ মৰমী
আইপ’ মেনাং মানে হ’ল তোমাকে ভাল পাওঁ
লুইতেদি উজায়ে মই তোমালৈয়ে যাওঁ

ঘূঁণা সুতিৰে পাৰত বহি মোৰ
জংকি পানৈ কথা শুনিবৰ মন যায়
থাকিবা নে সঁচাকৈ মোৰ ক’নেং ঐ
মই আহিমে বুলি তুমি বাটে চায়

ফাগুনত আহিবা লিগাং চাবলৈ
ৰঙালীৰ বিগাচেং গাতে ল’বলৈ

ঐনিতম এটি হৈ মোৰ কনেং ঐ
বাজি থাকিবা তুমি মোৰে বুকুত ঐ
পাহৰিব নোৱাৰিম মই সঁচাকৈ
ৰাগি আপঙৰ লাগিছে যে বেয়াকৈ
মৰমৰ চিলনী সাঁতোৰ দিবলে
আহিবা চেনাই ঐ মোৰে লগতে