Monday, August 30, 2010

কিয় ৰৈ ৰৈ কেতেকী বিনাঅ’

কথা, সুৰ : কমলানন্দ ভট্টাচাৰ্য্য



কিয় ৰৈ ৰৈ কেতেকী বিনাঅ

অমাতৰ মাত

তোৰে সমনীয়া ল চেমনীয়া

আহ উৰণীয়া মেলি দিও হাত

ৰ’দে বৰষুণে দুখ পাবি তাত ।।

জোনবাই ধৰি দিম

সখি পাতি ওমলিম

শিতানতে শুব দিম সোণৰ সঁজাত ।

চেনেহৰ চুমা দিম পাখি হেঙুলীয়া গাত ।

বনৰীয়া আমি বনৰ চৰাই

কথা, সুৰ: জ্যোতিপ্রসাদ আগৰৱালা



বনৰীয়া আমি বনৰ চৰাই

বনে বনে ফুৰোঁ অনাই বনাই

অনাই বনাই আমি

অনাই বনাই আমি

অনাই বনাই অ অনাই বনাই

উ-উ-উ-উ-উ-উ,উ-উ,উ ।

ভৈয়ামৰ মইনা তই পোহনীয়া পখী

বনৰীয়া মইনাৰে পতালিহি সখী,

ঘৰৰ কথা আমি বনত পাতিম

বনৰ কথা আমি ঘৰত পাতি

পৰ্বতৰ বননি ফুৰিম বগাই

অনাই বনাই আমি

অনাই বনাই আমি

অনাই বনাই অ অনাই বনাই




Sunday, August 29, 2010

"সৰুদৈয়া জাপি দুহাতে ঘূৰাই ঘূৰাই, নাচিলি নচুৱালি মোক..."


জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। অসমৰ লোককলাৰ এক সুন্দৰ নিদৰ্শন জাপি, অসমীয়াৰ বাবে যেন এক গৌৰৱৰ প্রতীক। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্রচলিত। বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মুলতঃ আগৰ দিনত ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল।জাপি কেইবাপ্রকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ'ল বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম। উকা বৰজাপিবোৰ সাধাৰণতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্রান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্রয়োগ ঘটিছিল বহুলভাবে।। আগৰ দিনত বিভিন্ন উৎসৱ পাৰ্বনতো সম্ভ্রান্ত ঘৰৰ মানুহে আৰু সত্রাধিকাৰ সকলে বৰজাপি ব্যৱহাৰ কৰিছিল। নাম প্রসঙ্গ আদিত খুটা এটা পুতি তাত ফুলাম বৰজাপি এটা থৈ তাৰ তলত মাহ প্রসাদ এক নিয়ম আছিল।আহোম ৰাজত্ব কালতো জাপিৰ ব্যাপক প্রচলন আছিল। বিষয়ববীয়াৰ পদৰ ওপৰত ভিত্তি কৰি জাপিৰ প্রচলন আছিল। উদাহৰণস্বৰূপে, বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্রগোঁহাই আদি বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মত পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল। বৰফুকন সকলে পিন্ধিব পাৰিছিল ৰূপৰ চুলাৰে নিৰ্মিত পানী আৰু টুপি জাপি।পাছলৈ অসমীয়া সমাজত ছাতিৰ প্রচলন ঘটাত জাপিৰ ব্যৱহাৰ কমি গ'ল। অৱশ্যে এতিয়াও গাওঁ অঞ্চলত কৃষক সকলৰ মাজত বৰজাপিৰ প্রচলন দেখা যায়। পুৰণি কালত বিহু নৃত্যত জাপিৰ প্রচলন নাছিল, ই আছিল মাত্র ৰ'দ বৰষুণৰ পৰা আত্মৰক্ষাৰ এক উপায়। আজিকালি প্রায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়। এইবিধেই হ'ল সৰুদৈয়া জাপি।বিহুত জাপিৰ প্রচলন নতুন। আজিকালি হয়তো কৰ্মক্ষেত্রত জাপিৰ প্রচলন প্রায়েই নাই। কিন্তু প্রত্যেক ঘৰ অসমীয়াৰ বাসগৃহত এটাকৈ হলেও জাপি ওলমি থকা দেখা যায়, এক গৌৰৱৰ প্রতীক ৰূপে।

সাতশাকীঃ বহাগ বিহুৰ এক পৰম্পৰা

অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্রোতঃ ভাৱে জড়িত উৎসৱ - ব’হাগ বিহু। এই বিহুৰ লগতে জড়িত হৈ আছে অলেখ ৰীতি নীতি। এই ৰীতি সমূহৰ ভিতৰত এটা লেখত লবলগীয়া প্রথা হ’ল, সাতশাকী। সাত বিহুৰ যিকোনো এটা দিনত ১০১ ৰ পৰা ১১৫ লৈ বিভিন্ন শাক-পাচলীৰে বিহুৰ দিনা পৰম্পৰাগত ভাৱে এসাজ খোৱাটো এক পুৰণিকলীয়া প্রথা ঠাই ভেদে শাকৰ পৰিমানো বেলেগ হয়। উজনি অসমত সাধাৰণতে ১১৫ বিধ শাক খোৱাৰ প্রচলন আছে।বৰো, মিচিং, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ মাজতো সাতশাকীৰ প্রচলন আছে। বাৰীৰ সকলো শাক-পাচলীৰ সংমিশ্রণেৰে তৈয়াৰী ব্যঞ্জনে অকল তৃপ্তি দিয়াই নহয় বহুপৰিমাণে ৰোগমুক্ত কৰি তোলে বুলি জনবিশ্বাস প্রচলিত হৈ আহিছে।

সাতশাকীত ব্যৱহৃত উল্লেখযোগ্য শাক-পাচলিসমূহ হলঃ

ঢেকীয়া, টিকনী বৰুবা, নেফাফু, বনজালুক, কচু, ভেদাইলতা, লৰ বৰুৱা, খুতুৰা, কলমৌ, মাটি কাদুৰী, মানিমুনি, মহানিম, নৰসিংহ, ভাং, বেতগাজ, কেৰেলা, বেঙেনা, বৰথেকেৰা, বিহলঙনি, মছন্দৰী, জিলমিল, মান ধনীয়া, জেতুকী পকা, শুকলতি, দোৰোণ, কল পচলা, পিৰালী পালেং, ব্রাহ্মী, পিৰালী কুৱৰী, কঠালৰ মুচি, পিপলী, পদিনা, জালুক, কেহৰাজ, পচতীয়া, বাহেক, মধুসোলেং, ভেকুৰী, মৰলীয়া, গাখিৰতী, টেঙেচী, তুলসী, জলকুৱঁৰী, কাচিপকা, আগেজলা, চালকুৱঁৰী, হেলঞ্চি, তিতাফুল, বকফুল, লাইজাবৰি, বৰ মানিমুনি, সৰু মানিমুনি, হাতী খুতুৰা, সৰিয়হ, তিল, চিৰতা, মেটেকা, পানী কলা, ভেট ফুল, মৰিছা, দুপৰ টেঙা, ভৃংগৰাজ, পুৰৈ, বিয়নী সাবটা, অগৰা, ভঁৰালী ভকুৱা, আমৰ মল, ধুতুৰা, বৃন্দাবন, কাচিপকা, বৰ্হমথুৰি, বিশল্যকৰণি, মালভোগ, টেঙামৰা, ফুতুকলা, টুপুৰীলতা, শেৱালী ফুল, কুৰ্হিলা, অশোক, ধনীয়া, পালেং, চুকা, মেঠী, মৰাপাট, থেৰেজু, ৰাজুপকা, হাড়ঘুনুচা, নুনী, নিলাজী, পনৌনোৱা, কুকুৰা ঠেঙীয়া, কোৱা ভাতুৰী, আৰফুল, পদুম, থৈলাংনী, মচুৰ, কেঞাবন, কাচকল, জবাফুল, মদাৰ, জাতিলাও, ৰঙালাও, আলু, পিঁয়াজ, টিয়হ, গৰুখিচ, সোণ বৰিয়াল, দুৰ্লভা, সৰ্পজিভা, ইন্দ্রযৱ, জবেত্রি, মাজেঠী, জেষ্ঠমধু আৰু ৰাম তুলসী।

কিছুমান পাচলিৰ অৱশ্যে ঠাইভেদে নাম বেলেগ বেলেগ হয়।ইয়াৰে বহুকেইবিধ পাচলি বর্তমানে বিলুপ্তপ্রায়।

শ্রীমন্ত শংকৰদেৱ বিৰচিত বৰগীত 'শুন শুন ৰে সুৰ'


শুন শুন ৰে সুৰ বৈৰী প্রমাণা,
নিশাচৰ নাশ নিদানা ।
ৰাম নাম যম-সমৰক সাজি
সমদলে কয়লি পয়াণা ।।
ঠাট প্রকট পটু কোটি কোটি কপি
গিৰি গৰ গঢ় পদ ঘাৱে ।
বাৰিধি তৰি তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে ।।
হাট ঘাট বহু বাট বিয়াপি
চৌগঢ় বেঢ়লি লঙ্কা ।
গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন
শ্রৱণে জনময় শঙ্কা ।।
ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি ঝম্পে ।
সুৰ নৰ কিন্নৰ ফণধৰ থৰ থৰ
মহীধৰ তৰসি প্রকাম্পে ।।
অন্ধ মুগুধ দশস্কন্ধ পাপবুধ
জানকী শিৰত চৰাই ।
ৰঘূপতি পদ বৰ ধৰ ৰজনী চৰ
শঙ্কৰ কহতু উপাই ।।

ৰাগঃ আশোৱাৰী ; তালঃ পৰি


শুন শুন ৰে সুৰ বৈৰী প্রমাণা (ডঃ ভূপেন হাজৰিকা)

Sunday, August 8, 2010

দুৰ্নীতিৰ বিৰুদ্ধে এটা দিন

৮.৮.২০১০। এই দিনটো হয়তো এটা উল্লেখযোগ্য দিন হিচাবে চিহ্নিত হৈ ৰ'ব অসমত। ইন্টাৰনেটৰ যোগেদিও যে সাধাৰণ জনতাৰ মাজত সজাগতা আনিব পাৰি তাৰেই এক জলন্ত উদাহৰণ আজিৰ দিনটো। 'ফেচবুক'ৰ জৰিয়তে অসমীয়া যুৱ প্রজন্মৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে যি সজাগতা এটা আজিৰ দিনটোত দেখা গ'ল সি সঁচাকৈয়ে স্মৰণীয়। নাছিল কোনো ৰাজনৈতিক নেতা, পালিনেতা, নাছিল কোনো সংগঠন-গোটৰ নেতা, নাছিল কোনো সংগঠনৰ সমৰ্থন। অসমখনক ভাল পোৱা কেইমুঠি মান নতুন প্রজন্মৰ ডেকা গাভৰুৰ প্রচেষ্টাত আজি নতুন দিল্লী, বাংগালুৰুকে ধৰি অসমৰ কেইবা ঠাইতো সাধাৰণ জনতাৰ দুৰ্নীতিৰ যি প্রতিবাদ দেখা গ'ল সেয়া সঁচাকৈয়ে স্মৰণীয়। আজি আমি অসমৰ জনসাধাৰণ দুৰ্নীতিৰ লগত ইমান সহজেই মিলি গৈছে যে এতিয়া যেন 'এহ, এইবোৰ কেতিয়াও শেষ নহয়, চলিয়েই থাকিব' এনে এটা ভাৱ সকলোৰে মনত সোমাই পৰিছে। এই অসম মুলকতে কাৰোবাৰ ঘৰৰ পৰা ১৩ কোটি টকা পৰ্য্যন্ত ওলাব পাৰে, যিটো সপোনৰো অগোচৰ। এই খন অসম মুলকতে (এক কথাত গোটেই ভাৰততে) ১০০ টকাৰ পৰা ১০০০ টকা নিদিলে ফাইল এটা লৰচৰ নহয়। সকলোতে যেন আমি অভ্যস্ত। চলি আছে, চলি থাকিবলৈ দে! কিন্তু কিমান দিন? হয়তো আমি নিজে এটা ভাল জীৱন যাপন কৰি আছো, দুবেলা দুমুঠি খাই থাকিব পাৰিছো(যিটোৰ কাৰণে আমি দুৰ্নীতিৰ লগত অভ্যস্ত হৈ গৈছো)। কিন্তু আমি এবাৰ হলেও ভাবি চাইছোনে, দৰিদ্র পৰিয়ালৰ সেই খাটি খোৱা লোকসকলৰ কথা? এই দগাবাজ ৰাজনৈতিক নেতা পালিনেতা বোৰে তেওঁলোকৰ মুখৰ ভাত কাঢ়িয়েই সম্পত্তিৰ পাহাৰ গঢ়া নাইনে? উন্নয়নৰ বাবে অহা পইচা নেতা-ঠিকাদাৰে ভাগ কৰি খাই থয়। উন্নয়ন হ'ব ক'ত? আৰু আমি চিঞঁৰো, কেন্দ্রই আমাক 'মাহী আই'ৰ দৃষ্টিৰে চায়। ধিক! দুৰ্নীতিগ্রস্ত ৰাজনৈতিক নেতাৰ পৰিয়াল এটাই হওঁক, অথবা কোনোবা ভ্ৰষ্ট বিষয়া ঠিকাদাৰৰ পৰিয়ালেই হওঁক, তেওঁলোকৰ পৰিয়াল এটা চলিবলৈ মাহে কিমান টকাৰ প্রয়োজন হয়? ৩০,০০০-৪০,০০০ টকা বা তাতকৈ অলপ হলেও বেছি? কিয় তেওঁলোকে সেইখিনিৰেও চলিব নোৱাৰে নেকি, চৰকাৰী সুবিধা বোৰ মিলাই। কিন্তু সাধাৰণ লোকৰ টকা খিনিত চকু কিয় এই ডকাইত বোৰৰ। আমাৰ গাতো দোষ, চকু মুদা কুলি হৈ চাই থাকো। 'খাইছে, খাবই' এই মন্ত্র জাপ কৰি বহি থাকো। মাত নামাতে কোনেও। আজি ফেচবুকত বহুতো প্রফাইল ফটো ক'লা কৰি দিয়া হৈছে, দুৰ্নীতিৰ প্রতিবাদত।কিন্তু তাৰ মাজতে বহুতে প্রশ্ন কৰিছে "কি হ'ব ক'লা কৰিলে?", "কি হ'ব মম জ্বলাই?"। একো নহয়, আজি ক'লা কৰিলে কাইলৈ দুৰ্নীতি নাইকিয়া হৈ নাযায়। কিন্তু তেওঁলোকে এবাৰ হ'লেও ভাবি চাইচেনে যে, এটা সাধাৰণ চচিয়েল নেটৱৰ্কিং চাইটৰ যোগেদি যে আজি এনেকুৱা এটা প্রতিবাদ হব পাৰে, যাৰ নিজৰ কোনো পৰিচয় নাই। এটাই মাঁথো পৰিচয় 'দুৰ্নীতিৰ বিৰুদ্ধে সাধাৰণ নাগৰিক'। কোনোবাই দেখিছেনে আজিলৈকে এনে এটা প্রতিবাদ য'ত মানুহ স্বতঃস্ফুৰ্ত ভাবে ওলাই আহিছে ভাগ লবলৈ, কোনো সংগঠনৰ অবিহনেই। 'ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হয়'। আজি কেইজনমান লোকৰ যোগেদি দুৰ্নীতিৰ বিৰুদ্ধে ফিৰিঙতি জ্বলিছে, কিছুবছৰ পাছত হয়তো এই ফিৰিঙতিৰেই যোগেদিয়েই 'দুৰ্নীতি' দাহ হ'ব, কাৰণ মই আশাবাদী। আজিৰ প্রতিবাদটোয়ে যেন 'দুৰ্নীতি'ৰ 'দূৰ' আখৰকেইটা কিছু হলেও মছি পেলালে।

ফটোঃ
দুৰ্নীতিৰ বিৰুদ্ধে গুৱহাটীৰ দীঘলীপুখুৰী পাৰত প্রতিবাদ ৮.৮.২০১০ (দীপাঙ্কৰ বৰাৰ সৌজন্যত)

Saturday, August 7, 2010

কালমাডীৰ কলিযুগৰ কমনৱেলথ

এখন দেশ য'ত অলিম্পিকত এটা মাত্র সোণৰ মেডেল পালে গোটেই দেশতে উৎসৱৰ আয়োজন কৰা হয়, সেইখন দেশতে আয়োজিত হবলৈ ওলাইছে খেলৰ মহাসমৰ। ৭২ খন ৰাষ্ট্রৰ অংশগ্রহণকাৰীয়ে ভাগ লবলগীয়া এই মহাসমৰ আৰম্ভ হ'ব অহা অক্টোবৰ মাহত। ২০০৩ চনতে কানাডাৰ হেমিল্টনক হৰুৱাই দিল্লীয়ে কাঢ়ি আনিছিল ২০১০ কমনৱেলথ গেম আয়োজকৰ খিতাপ। কিন্তু আজি এই খেলকে লৈ দেশবাসী দোধোৰ মোধোৰত পৰিছে। সঁচাকৈয়ে সময়মতে হ'বনে খেল! কাৰণ এতিয়াও বহু প্রস্তুতি বাকী। কিন্তু এইখিনিতে এটা প্রশ্ন উদয় হয়। ভাৰতৰ দৰে এখন দেশত কমনৱেলথৰ দৰে ইমান খৰছী গেমৰ আয়োজন প্রাসঙ্গিক নে? হয়, আমি হয়তো আনৰ আগত গৌৰৱ কৰিব পাৰো, আমিও এনে ধৰণৰ বৃহৎ গেম আয়োজন কৰাৰ ক্ষমতা ৰাখিব পাৰো। কিন্তু কথাবোৰ চালিজাৰি চালে ভাৰতৰ ক্রীড়া ব্যৱস্থাৰ ফোপোলা স্বৰূপ টো দুখ লগাকৈ ওলাই পৰে। ভাৰতত ক্রীড়া বুলি কলে একমাত্র ক্রিকেটকে বুজা যায়। কিন্তু আনবোৰ খেলেও সমানে সন্মান পাইনে? বাকীবোৰ খেলত খেলুৱৈৰ পুতৌজনক প্রদৰ্শনৰ বাবে দায়ী কোন? আমাৰ ক্রীড়া প্রশাসক সকলেই নহয় নে? খেলৰ 'খ' টোও নজনা কিছুমান ৰাজনীতিবিদ আজি বছৰ বছৰ হৈ আছে ক্রীড়া সংগঠনবোৰৰ প্রশাসক। এই সংগঠন বোৰ ব্যৱহাৰ কৰি আহিছে নিজৰ পৈত্রিক সম্পত্তিৰ দৰেই। 'ভাৰতীয় অলিম্পিক সংঘ'ৰ সুৰেশ কালমাডীৰ কথাকেই ধৰক। আজি পোন্ধৰ বছৰ ধৰি একেটা সংগঠনৰ মুৰব্বী। বাকীবোৰৰ কথা নকলোৱেইবা। এই সকল তথাকথিত ক্রীড়া সংগঠক প্রকৃততে ভাৰতত ক্রীড়াৰ উন্নতিৰ বাবে কিমান সচেতন? দুৰ্নীতি ভ্রষ্টাচাৰেৰে সংগঠনবোৰ লুটিপুটি খোৱা এই সকলৰ হাতত আমাৰ ক্রীড়াৰ ভৱিষ্যত কিমান সুৰক্ষিত?এইসকল লোকেই পাতিবলৈ ওলাইছে প্রায় ৪০,০০০ কোটি টকীয়া কমনৱেলথ গেমচ্। আৰ্থিক কেলেংকাৰীৰে ভাৰাক্রান্ত কমনৱেলথ গেম যেন এই সকল ভণ্ড নেতা, পালিনেতা, ক্রীড়া সংগঠক সমূহে লুটি পুটি খাবলৈকে আয়োজন কৰিছে।দেশৰ মান মৰ্য্যাদা, ক্রীড়াৰ বিকাশ এইবোৰ যেন তেওঁলোকৰ চিন্তাৰ পৰিসৰৰ বাহিৰত।সেই ৪০,০০০ কোটিৰে যদি ভাৰতীয় ক্রীড়াৰ আন্তঃগাঁঠনি টোকে উন্নত কৰিব পৰা গ'লহেঁতেন তেন্তে হয়তো ভাৰতে দহ বছৰ পাছত অলিম্পিক আয়োজন কৰিব পৰা ক্ষমতা ৰাখিলেহতেন। অৱশ্যে তাৰ বাবে এই ভ্রষ্ট প্রশাসক বোৰক আতঁৰোৱাতো দৰকাৰী হৈ পৰিলহেঁতেন। কিন্তু ভাৰতবাসীৰ কষ্টোপাৰ্জিত ধনৰ ব্যাপক অপব্যয়েৰে কমনৱেলথ গেম আয়োজন কৰাৰ যুক্তি দেখা নাই।

Thursday, August 5, 2010

বৃন্দাবনী বস্ত্র : গুৰুজনাৰ জীৱনৰ শেষৰটো মহৎ কৰ্ম


মহাপুৰুষ শংকৰদেৱৰ অসমৰ জাতীয় জীৱনলৈ যি অৱদান সেয়া হয়তো অসম আৰু অসমীয়া থাকে মানে স্মৰণ কৰা হ'ব। অঙ্কীয়া নাট ভাওনাৰ পৰা আৰম্ভ কৰি বৰগীত, সত্রীয়া গীত মাতলৈকে তেখেতৰ কৰ্মৰাজিৰ যি এক বিশাল পৰিসৰ সেয়া চিৰস্মৰণীয় তেখেতৰ এই মহৎ কৰ্মৰাজি বোৰৰ ভিতৰতে আছিল এক অনুপম তথা অভিনৱ সৃষ্টি - বৃন্দাবনী বস্ত্র ভগৱান শ্রীকৃষ্ণৰ জীৱন গাঁথা এখন কাপোৰত চিত্র হিচাপে অঙ্কিত কৰাটো কিমান দুৰূহ হ'ব পাৰে? কিন্তু এই দুৰূহ কামটোকে সম্ভৱ কৰি তুলিছিল গুৰুজনাই কোচৰজা মহাৰাজ নৰনাৰায়ন আৰু শুক্লধ্বজ (চিলাৰায়)ৰ অনুৰোধ মৰ্মে গুৰুজনাই এই বিশাল কাম আৰম্ভ কৰিবলৈ বৰপেটাৰ পাটবাউসীত বাহৰ পাতিছিলপাটবাউসীৰ ওচৰতে থকা তাঁতীকুছিত বৃন্দাবনী বস্ত্রৰ কাম আৰম্ভ হয় মুখ্য শিপিনীৰ ভাৰ দিয়া হয় গোপাল নামৰ এজন ব্যক্তিক, যি পাছলৈ মথুৰা দাস বুঢ়া আতা হিচাপে প্রখ্যাত হৈ পৰে তেখেতৰ নেতৃত্বতে এক বৃহৎ সংখ্যক শিপিনীয়ে কাম আৰম্ভ কৰে বৃন্দাবনী বস্ত্রত মুখ্যতঃ ৰঙা, বগা, ক'লা, হালধীয়া, সেউজীয়া আৰু দুই এবিধ মিশ্রিত ৰঙৰ সূতা ব্যৱহাৰ কৰা হৈছিল, যিবোৰ যোগান ধৰিছিল চিলাৰায়ে শ্রীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি বৃন্দাৱনৰ লীলালৈকে অঙ্কিত হোৱা এই বস্ত্রত বৰ্ণনাসমূহো সূতাৰেই শিপিনীয়ে তুলি ধৰিছিলগুৰুজনাই নিজেই সদায় তাঁতীকুছি গৈ এই বিশাল কামৰ তদাৰক কৰিছিল দৈনিক চাৰি ইঞ্চিকৈ আগবাঢ়িছিল বয়নৰ কাম আৰু অৱশেষত সম্পুৰ্ণ এবছৰৰ মূৰত তৈয়াৰ হৈ উঠিছিল বৃন্দাবনী বস্ত্র দীঘলে প্রায় ১৮০ ফুট আৰু বহলে প্রায় ৯০ ফুট আকাৰৰ এই বস্ত্র খন ডাঙিবলৈ, বান্ধিবলৈ আৰু মুকলি কৰিবলৈ প্রয়োজন হৈছিল একেলগে ৬০ জন লোকৰ এই বস্ত্র খন নাওত কঢ়িয়াই গুৰুজনাই চিলাৰায়ৰ হাতত অৰ্পণ কৰিছিলবৃন্দাবনী বস্ত্রৰ কাম সমাপ্ত হোৱাৰ কিছুদিন পাছতে গুৰুজনা স্বৰ্গগামী হয় এই বস্ত্র বহুদিনলৈ কোচবিহাৰৰ মধুপুৰ সত্রত থাকে কিন্তু তাৰ পাছত অন্তৰ্ধান হয় কোনেও নাজানিলে বস্ত্রখন ক'ত হেৰালপাছত লণ্ডনৰ Victoria & Albert সংগ্রহালয়ে এই বস্ত্রখন তিব্বতৰ পৰা উদ্ধাৰ কৰে বৰ্তমান এই বস্ত্রখনৰ সম্পুৰ্ণ ৰূপটো নাইকিন্তু এটা অংশ লণ্ডনৰ Victoria & Albert সংগ্রহালয়ত সংৰক্ষিত হৈ আছে আৰু আন কিছুমান অংশ পেৰিচ, আমেৰিকা যুক্ত্রৰাষ্ট্র আদিৰ সংগ্রহালয়ত সংৰক্ষিত হৈ আছে


ছবিতঃ ১.Victoria & Albert সংগ্রহালয়ত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্রৰ এটা অংশ (ওপৰৰ খন, উৎস: গুগল)
২.Victoria & Albert সংগ্রহালয়ৰ বিষয়া Rosemary Crill -য়ে এই লেখকলৈ বৃন্দাবনী বস্ত্রৰ বিষয়ে জনাই প্রেৰণ কৰা ই-মেইল খন (তলৰখন)

Wednesday, August 4, 2010

অসমৰ জাতীয় জীৱনত চাং

চাং বুলিলে সাধাৰণতে প্রয়োজনীয় বস্তুবোৰ ওপৰত তুলি থবলৈ কাঠ অথবা বাঁহেৰে সজা যতন বিধকে বুজো। অসমীয়া সমাজ জীৱনত এই চাং শব্দটোৰ যথেষ্ট গুৰুত্ব আছে। বাৰীত লাও, জিকা, ভোল আদি পাচলিৰ খেতি কৰিবলৈ যি বাঁহৰ হেদালি দিয়া হয় তাকো চাঙেই বোলা হয়। আনহাতে চাং ঘৰ সাজি বসবাস কৰা কাৰ্য্য বৰ্তমানেও কিছুমান জনজাতীয় লোকৰ মাজত প্রচলিত। চাঙৰ বিভিন্ন ভাগবোৰ তলত বৰ্ণনা কৰা হ'ল-

১. ধোৱা চাং - সাধাৰণতে আখল ঘৰত জুহালৰ ওপৰ ভাগত প্রয়োজনীয় বস্তু থবৰ বাবে ধোৱা চাং ব্যবহাৰ কৰা হয়। এনেধৰণে বস্তু থলে পোক পৰুৱাৰ পৰা বচাই ৰাখিব পাৰি আৰু বস্তু সেমেকি নাযায় বুলি বিশ্বাস কৰা হয়।

২. পানী চাং - এই চাং খন সজোৱা হয় আখলঘৰত পানীৰ কলহ ৰাখিবলৈ।

৩. হেদালি চাং - ঘৰৰ সৰু সুৰা বস্তুবোৰ তুলি থবলৈ এই চাং খন ব্যবহাৰ কৰা হয়।

৪. হদলা চাং - ভঁৰালৰ ভিতৰত ধান থোৱা চাং খনক হদলা চাং বোলা হয়।

৫. বৰ চাং - বৰঘৰৰ ভিতৰত ওখকৈ শুবলৈ ব্যৱহাৰ কৰা চাং খনেই হৈছে বৰ চাং।

৬. ডেকা চাং - গাঁৱৰ অবিবাহিত ডেকাসকলে গাওঁ পহৰা দিবলৈ ওখকৈ সাজি লোওা চাং খনকেই ডেকা চাং বোলা হয়। বিভিন্ন জনজাতিৰ লোকসকলৰ মাজত ডেকা চাং আজিও প্রচলিত, য'ত মহিলাৰ প্রৱেশ নিষেধ।

৭. গাভৰু চাং - জনজাতীয় অবিবাহিতা গাভৰু সকলৰ আড্ডা দিয়া স্থলী, য'ত পুৰুষৰ প্রৱেশ নিষেধ।

উজনি অসমৰ ফালে চাঙক মচা, পাভটি আদি নামেৰে আৰু নামনি অসমত বচাং নামেৰেও জনা যায়। চাঙৰ লগত জড়িত কেইটামান খণ্ডবাক্য হ'ল - আকাশত চাং পতা কথা (সজাই মেলি মিছা কথা কোৱা), ধোৱা চাঙত তুলি থোৱা (কোনো এটা বস্তু বহুদিন ব্যবহাৰ নকৰাকৈ পেলাই থোৱাৰ ক্ষেত্রত ব্যবহৃত) ইত্যাদি।

Tuesday, August 3, 2010

অসমত অভিধানৰ জন্ম কাহিনী

এখন অভিধান হৈছে এটা ভাষাৰ প্রাণকেন্দ্র স্বৰূপ। এটা জাতি, এটা ভাষাই নিজৰ এখন অভিধান লৈ নিশ্চয় গৌৰৱ কৰিব পাৰে। বিশ্বৰ অইন ভাষা সমূহৰ দৰেই অসমতো অভিধান প্রণয়নৰ এক সোণালী বুৰঞ্জী বিৰাজমান। অসমত প্রথম অভিধান প্রকাশিত হৈছিল ১৮৩৯ চনতে। যদুৰাম ডেকা বৰুৱা আছিল প্রথম অসমীয়া, যি অভিধান প্রণয়নৰ কামত আগভাগ লৈছিল। কিন্তু তেওঁ প্রণয়ন কৰা অভিধান খন আছিল বঙলা অসমীয়া অভিধান। ১৮৩৯ চনতে এই অভিধান খন প্রণয়ন কৰি তেওঁ কৰ্ণেল জেনকিন্সৰ হাতত অৰ্পণ কৰে। সেই সময়ৰ অসমৰ আন এজন স্বনামধন্য ব্যক্তি আনন্দ ৰাম ঢেকীয়াল ফুকনেও(১৮২৯-১৮৫৯) দুখন অভিধান, ‘অসমীয়া-ইংৰাজী’ আৰু ‘ইংৰাজী-অসমীয়া’ প্রণয়নৰ কথা পোৱা যায় ‘অৰুণোদয়’ত প্রকাশিত এ এইচ ডেনফোৰ্ডৰ ১৮৫৭ চনৰ এটি লেখনীৰ যোগেদি। কিন্তু অভিধান কেইখনৰ বিষয়ে পাছত একো তথ্য পোৱা নগ’ল। তাৰ পাছতে ১৮৬৭ চনত মাইলচ্ ব্রনচনে পোনপ্রথমবাৰৰ বাবে ইংৰাজী অসমীয়া অভিধান প্রণয়ন কৰে। তেওঁ অভিধান খনৰ নাম দিছিল ‘অসমীয়া আৰু ইংৰাজী অভিধান’। অভিধান খন প্রণয়ন কৰোতে তেওঁ যদুৰাম ডেকা বৰুৱাৰ অভিধান খনকে সাৰথি হিচাপে লৈছিল। মুঠ ১৪০০০ শব্দ থকা এই অভিধান খনেই আছিল ১৯০০ চন পৰ্যন্ত্য অসমীয়া ভাষাৰ পথ প্রদৰ্শক। তাৰ পাছতে অসমীয়া ভাষা সাহিত্যত এক মাইলৰ খুটী স্বৰূপে হেম বৰুৱাৰ ‘হেমকোষ’ প্রকাশ পায় ১৯০০ চনত। যিখন অভিধান আজিও অসমীয়া ভাষা সাহিত্যত এক সুকীয়া স্থান দখল কৰি আছে। হেমকোষৰ মুঠ শব্দ সংখ্যা হ’ল ২২,৩৪৬। এই অভিধানৰ যোগেদি হেম বৰুৱাই পোনপ্রথমবাৰৰ বাবে সংস্কৃতৰ আখৰ জোঁটনি ব্যহাৰ কৰে। তাৰ পাছতে ১৯৩৩ চনত যোৰহাটৰ প্রখ্যাত ব্যৱসায়ী ৰাধাকান্ত সন্দিকৈৰ দানেৰে অসম সাহিত্য সভাই প্রণয়ন কৰি উলিয়ায় ‘চন্দ্রকান্ত অভিধান’। হেমকোষৰ পাছতে এইখনেই হৈছে অসমীয়া ভাষাৰ আটাইতকৈ সন্মানীয় অভিধান। ইয়াৰ মুঠ শব্দ সংখ্যা ৩৬,৮১৯। তাৰ পাছতো বহুকেইখন অভিধান প্রণয়ন হয়। তাৰ ভিতৰত গিৰিধৰ শৰ্মাৰ ‘অসমীয়া অভিধান’(১৯৫২),ডঃ সতেন্দ্র নাথ শৰ্মা আৰু নৰেন্দ্র নাথ শৰ্মাৰ ‘ব্যৱহাৰিক অসমীয়া শব্দকোষ’(১৯৭১), অসম প্রকাশন পৰিষদৰ ‘আধুনিক অসমীয়া অভিধান’, গুৱাহাটী বিশ্ববিদ্যালয় ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা আৰু অসমীয়া আখ জোঁটনি আদি উল্লেখযোগ্য।
প্রথমখন ইংৰাজী অসমীয়া অভিধান মাইলচ্ ব্রনচন‘অসমীয়া আৰু ইংৰাজী অভিধান’ পঢ়িব পাৰে  তলৰ লিংকটোৰ পৰা
http://www.archive.org/stream/adictionaryinas02brongoog#page/n6/mode/2up
ছবিত: প্রথমখন ইংৰাজী অসমীয়া অভিধান মাইলচ্ ব্রনচন‘অসমীয়া আৰু ইংৰাজী অভিধান’ ৰ বেটুপাত

Sunday, August 1, 2010

অৰ্কূট, ফেচবুক আৰু বন্ধুত্ব


কিছুবছৰ আগলৈকে হয়তো কোনেও ভবা নাছিল পৃথিৱীখন ইমানেই সৰু হৈ পৰিব বুলি। আজিৰ পৰা ৭-৮ বছৰ মানৰ আগলৈকে হয়তো ‘ছচিয়েল নেটৱৰ্কিং’ বুলি কোনো শব্দই নাছিল। আছিল যদিও অভিধানৰ মাজতেই সীমাৱদ্ধ আছিল। কিন্তু বৰ্তমান ‘ছচিয়েল নেটৱৰ্কিং’ শব্দটো যেন দৈনন্দিন জীৱনৰে এক অংগ হৈ পৰিছে। বৰ্তমান এনে এটা পৰ্য্যায় পাইছেগৈ যে অৰ্কূট, ফেচবুক আদিবোৰ নোহোৱাকৈ আমি আমাৰ দৈনন্দিন কৰ্মসূচী খন তৈয়াৰ কৰিবলৈও অসুবিধা হৈ পৰিছে। নতুন নতুন মনে মিলা বন্ধুৰ সৈতে ভাৱৰ আদান প্রদানৰ ক্ষেত্রত এই ‘ছচিয়েল নেটৱৰ্কিং চাইট’ বোৰৰ অৱদান অনস্বীকাৰ্য্য। বিশেষকৈ অৰ্কূটত মোৰ চাৰি বছৰীয়া অস্তিত্বত ইমানবোৰ বন্ধুৰ লগত চিনাকি হম বুলি হয়তো সপোনতো ভবা নাছিলো। অচিনাকী মুখবোৰ নো পলকতে কেনেকৈ আপোন হৈ পৰিল টলকিবই নোৱাৰিলো। হয়তো কোনোবা এজন বন্ধু সাত সাগৰ তেৰ নদীৰ সিপাৰে আছে, যাক মই এতিয়ালৈ লগেই পোৱা নাই। তথাপি বন্ধুত্বৰ এনাজৰী ডাল যে ইমানেই সুদৃঢ় সেয়া হয়তো বুজাবলৈ ভাষা নাই। হয়তো কোনোবা এজন ভাৰতবৰ্ষৰে কোনোবা এটা প্রান্তত থাকে, যাৰ লগত অৰকূট, ফেচবুকৰ যোগেদিহে চিনাকী তেওঁৰ লগতো বন্ধুত্বৰ এনাজৰী ডাল সমানেই সুদৃঢ়। কেৱল অসমীয়াই নহয়, ইয়াৰ যোগেদি লাভ কৰিছো বিভিন্ন অনা অসমীয়া বন্ধু, বিভিন্ন প্রান্তৰ। যিসকল আজীৱন থাকিব বুকুৰ আপোন হৈ। হয়তো ইয়েই হৈছে বন্ধুত্বৰ ‘ইন্টাৰনেট’ সংজ্ঞা, কিন্তু যি বন্ধুত্ব এতিয়া ইন্টাৰনেটৰ পৰিসৰৰ বাহিৰত।