Tuesday, July 27, 2010

“এয়া আকাশবাণী গুৱাহাটী”

আজিৰ পৰা বহু বছৰ ধৰি শুনি অহা এই শব্দ কেইটাৰ লগত প্রতিজন অসমীয়াৰ যেন এক আত্মিক সম্পৰ্ক চিৰ বিৰাজমান। সেই ১৯৪৮ চনৰ পৰা বৰ্তমানলৈ যেন আকাশবাণী গুৱাহাটীৰ এক দূৰন্ত যাত্রা। ১৯৪৮ চনৰ ১ জুলাইত মুকলি কৰা হৈছিল আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্র দুটা। ভূপেন হাজৰিকা, চৈয়দ আব্দুল মালিক, সত্য প্রসাদ বৰুৱা, ফনী তালুকদাৰ, বীৰেন্দ্র ৰাম ফুকন আদি যশস্বী ব্যক্তি সকলৰ পৰিচালনাৰে আৰম্ভ হৈছিল আকাশবাণীৰ কাম সমূহ। পোন প্রথমে আকশবাণীৰ কাম সমূহ কলিকতাৰ পৰা পৰিচালনা কৰা হৈছিল যদিও পাছলৈ কামবোৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়। আৰম্ভ হয় অকনিহঁতৰ বাবে ‘অকনিৰ মেল’, মহিলা সকলৰ অনুষ্ঠান ‘আইদেউৰ বুলনি’ আদি বিবিধ অনুষ্ঠান সমূহ। উল্লেখযোগ্য যে মহিলা সকলৰ অনুষ্ঠান ‘আইদেউৰ বুলনি’ৰ নামাকৰণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই। অকনিৰ মেল পৰিচালনাৰ দায়িত্বত আছিল প্রখ্যাত শিক্ষাবিদ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা আৰু আইদেউৰ বুলনিৰ পৰিচালনাত আছিল মিনতি ৰাজখোৱা। এই দুটা নিয়মীয়া অনুষ্ঠানৰ বাহিৰেও সময়ে সময়ে প্রচাৰিত হৈছিল বিভিন্ন নাট, গীত-মাত, সাক্ষাৎকাৰ আদিৰ অনুষ্ঠান সমূহ। পাছলৈ নাটকৰ অনুষ্ঠান সমুহ নিয়মীয়া হৈ পৰে। আকাশবাণী গুৱাহাটীৰ পৰা প্রচাৰিত প্রথমখন নাট আছিল সত্য প্রসাদ বৰুৱাৰ ‘ধৰালৈ নামিব যিদিনা সৰগ’। গীত মাত সঙ্গীতালেখ্য আদিৰ দায়িত্বত আছিল ডঃ ভুপেন হাজৰিকা, পুৰুষোত্তম দাস, বীৰেন্দ্র ৰাম ফুকন আদি বৰেণ্য শিল্পীসকল। ডঃ মহেশ্বৰ নেওগ আৰু ফনী তালুকদাৰ দেৱৰ ‘গঞাঁ ৰাইজলৈ’ অনুষ্ঠানটো খুবেই জনপ্রিয় হৈছিল।১৯৫৩ চনত পোনপ্রথম বাৰৰ বাবে ‘অল ইণ্ডিয়া ৰেডিঅ’ ক ‘আকাশবাণী’ নামেৰে নামাকৰণ কৰা হয় আৰু লগে লগে গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ’ হৈ পৰে আকাশবাণী গুৱাহাটী। ইয়াৰ পাছতে অসমৰ জাতীয় জীৱনৰ সৈতে ওতঃপ্রোতঃ ভাৱে জড়িত হৈ ই এক জাতীয় অনুষ্ঠানৰ ৰূপ ললে। বহুতো বৰেণ্য সংগীত শিল্পী, অভিনয় শিল্পী আদিৰ পৰশত আকাশবাণী গুৱাহাটীয়ে জনমানসত এক সুকীয়া মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হয়। ডঃ ভূপেন হাজৰিকাৰ সংগীতময় জীৱনৰ সিংহভাগ গীতেই জনপ্রিয় হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্র যোগেদি প্রচাৰিত হৈ। তাৰোপৰি লক্ষ্যহীৰা দাস, নিৰ্মল প্রভা বৰদলৈ, বীৰেন্দ্র নাথ দত্ত, তফজ্জ্বুল আলি, জ্যোতিৰ্ময় কাকতি, কমল নাৰায়ণ চৌধুৰী, জ্ঞানদা কাকতি, তাৰিকুদ্দিন আহমেদ, ৰুদ্র বৰুৱা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, খগেন মহন্ত, দিপালী বৰঠাকুৰ আদি বৰেণ্য শিল্পী সকল গীতৰ যোগেদি অসমৰ ৰাইজৰ মাজত জনপ্রিয় হৈছিল এই কেন্দ্রৰ যোগেদিয়েই। তাৰোপৰি অসমৰ নাট্য জগতখনো আকাশবাণী গুৱাহাটীৰ জৰিয়তে ঠন ধৰি উঠে। প্রচাৰিত হয় বহতো কালজয়ী জনপ্রিয় নাট। অৰুণ শৰ্মা, সত্যপ্রসাদ বৰুৱা, মহেন্দ্র বৰঠাকুৰ, ফনী তালুকদাৰ, ডঃ ভবেন্দ্র নাথ শইকীয়া, তৰুণ শইকীয়া আদি বিশিষ্ট নাট্যকাৰ সকলৰ নাটে প্রভূত জনপ্রয়িতা অৰ্জন কৰে জনসাধাৰণৰ মাজত। কোনে পাহৰিব পাৰে তৰুণ শইকীয়াৰ ‘গোৱৰ্ধন চৰিত’ অথবা ডঃ ভবেন্দ্র নাথ শইকীয়াৰ ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট্’ৰ জনপ্রিয়তা?এয়াই আছিল আকাশবাণী গুৱাহাটী। হয়তো আজি বাণিজ্যিক এফ এম চেনেল সমুহে আকাশবাণীৰ স্থান দখল কৰিছে, কিন্তু আকাশবাণী গুৱাহাটীৰ অসমীয়া জাতীয় জীৱনলৈ যি অৱদান সেয়া সকলো অসমীয়াই সদায়ে শ্রদ্ধাৰে সুঁৱৰিব।
(আকাশবাণী গুৱাহাটী লগত জড়িত হৈ আছে অলেখ কাহিনী, আকাশবাণী গুৱাহাটী উত্থান কাহিনী। কিন্তু এটা ব্লগত হয়তো আটাইবো কথা লিখাতো অলপ জটিল কাম। সেইবাবে এটি চমু আভাস দিবলৈ প্রয়াস কৰিলো। লেখাটো প্রস্তুত কৰোতে বিভিন্ন কাকত আলোচনী সহায় লোৱা হৈছে। বহুতো নাম হয়তো বাদ পৰি যাব পাৰেক্ষমা প্রাৰ্থনাৰে...)

Saturday, July 24, 2010

"কিউকি ৱ' The ক' The নহী ব'লতে"

মোৰ লগৰ এজনৰ পৰীক্ষাৰ কাহিনী। তাৰ সেইদিনা আছিল ইংৰাজীৰ কাকত। পঢ়া শুনাত ভালেই। তাৰ ইংৰাজী শুনিলে আমি মুখেৰে মাত নামাটো বাকীকেইটাই। ইংৰাজীৰ ছাত্র বুলিয়েই সি ইমানেই ষ্টাইলত ইংৰাজী কয় যে আমি তাক দুবাৰ মান সুধিবলগীয়া হয়, আচলতে কি কৈছে। ইংৰাজী শব্দবোৰৰ অৱস্থা সি এনেকুৱা কৰি দিয়ে যেন, সি আৱিষ্কাৰ কৰা নতুন শব্দ কেইটা অক্সফোর্ড অভিধান খনত সুমুৱাইহে এৰিব। মানে তাৰ ভাষাত একেবাৰে 'yo yo' টাইপ ইংৰাজী। এচ.এম.এচ(sms) ত সাংঘাটিক পোক। প্রেয়সীলৈ কি পঠাই নাজানো কিন্তু আমালৈ ঘনাই ঘনাই অদৰকাৰী কিছুমান (গণেশ বাবাৰ নামত ১০ টা এচ.এম.এচ আনলৈ পঠোৱাৰ নিৰ্দেশ সহ) এচ.এম.এচ পঠোৱাটো তাৰ পুৰণি অভ্যাস। ইমানেই 'চৰ্ট ফৰ্ম' ব্যবহাৰ কৰে যে তাক সুধিবলগীয়া হয় আচলতে কি লিখিছে। এইজন মহাশয়ৰে সেইদিনা আছিল ইংৰাজীৰ প্রশ্নকাকত এখন। পৰীক্ষা দি উঠি মোলৈ ফোন। খবৰ বাতৰি ললো পৰীক্ষাৰ। কিন্তু আচৰিত, এইবাৰ দেখোন তাৰ কথাত ইংৰাজী শব্দৰ পয়োভৰ খুবেই কম। "অই বুজিচ, মই এই এচ.এম.এচ দিয়াটো কমাব লাগিব। নহ'লে মই বৰ্বাদ হৈ যাম।" পেটে পেটে ভালেই পালো যদিও ভদ্রতাৰ খাতিৰত সুধিলো "কিয়?"। "আব্বে। নকবি আৰু, আজিৰ পেপাৰ খন গেলাই থৈ আহিলো। কি জানো হ'ল, মুৰটোৱে কাম নকৰা হ'ল নেকি। আধাতকে বেচি উত্তৰ এচ.এম.এচ টাইপত লিখি দিলো।" মোৰ বুজিবলৈ বাকী নাথাকিল আৰু সি প্রকৃততে কি লিখি থৈ আহিলে। মানে You টো U, The টো D, English টো Eng, We টো V ইত্যাদি ইত্যাদি আৰু। বেচেৰাটোৱে আকৌ সুধিলে "অ'ই, তেনেকে লিখিলে মাৰ্ক পামনে?" মিছা সান্ত্বনাৰ সুৰত ক'লো "তোৰ উত্তৰ বহী চোৱাজনো যদি তোৰ দৰে এচ.এম.এচ. পাগল , তেন্তে নিশ্চয় পাবি।"পাছত গম পাইছিলো সেই পেপাৰ খনত তাৰ 'বেক্' লাগিল।

Friday, July 23, 2010

গাঁৱৰে জীয়ৰী সপোন সুন্দৰীঃ ইভা আচাও



"গাঁৱৰে জীয়ৰী, সপোন সুন্দৰী,
গাঁৱতে সৰগ ৰচো মই
মাটিতে সৰগ ৰচো মই
দেৱতাই ৰ লাগি চায়।"

হয় ,সঁচাকৈয়ে যেন দেৱতাই ৰ লাগি চোৱা চেহেৰাই আছিল তেখেতৰ, লগতে আছিল প্রতিভাৰ অফুৰন্ত সমাহাৰ। সেয়া আন কোনো নাছিল, আছিল অসমৰ এগৰাকী মোহময়ী অভিনেত্রী ,ইভা আচাও। যি গৰাকী নাৰীৰ কথা আজি প্রায় পাহৰণিৰ গৰ্ভত। ১৯৫৪ চনত 'পিয়লি ফুকন' চলচ্চিত্রৰ যোগেদি মাত্র চৈধ্য বছৰ বয়সতে অসমীয়া চলচ্চিত্র জগতত ভৰি দিয়া ইভা আচাওৰ জন্ম হৈছিল ১৯৪০ চনৰ ১০ এপ্রিল তাৰিখে। পিতৃ আছিল চীনা মুলৰ আৰু মাতৃ আছিল অসমীয়া। পিতৃৰ প্রৱল বাধা সত্ত্বেও একমাত্র নটসুৰ্য্য ফনী শৰ্মা আৰু ভাতৃ হিল্টন আচাওৰ চেষ্টা আৰু নিজৰ প্রবল হেঁপাহৰ জোৰতে 'পিয়লি ফুকন'ত অভিনয় কৰিবলৈ ঢাপলি মেলে কলিকতালৈ।তাৰ পাছতে ১৯৫৬ চনত ডঃ ভুপেন হাজৰিকাৰ 'এৰাবাটৰ সুৰ'ৰ যোগেদি প্রভূত জনপ্রিয়তা অৰ্জন কৰে ইভা আচাওয়ে। সেয়াই যেন আৰম্ভণি। তাৰ পাছতে শকুন্তলা, লাচিত বৰফুকন, কেঁচাসোণ, মনিৰাম দেৱান, ভাইটি, মমতা, নৰকাসুৰ, প্রতিধ্বনি আদি অলেখ ছবিত অভিনয় কৰি সেই সময়ৰ এগৰাকী অপ্রতিদ্বন্দী নায়িকাত পৰিণত হয়।কেৱল অসমতে নহয় বিদেশৰ তথা বলিউদৰ চলচ্চিত্রতো অভিনয়ৰ সুযোগ পাইছিল ইভা আচাওয়ে। বাংলাদেশৰ প্রখ্যাত চলচ্চিত্র পৰিচালক এ যে কাৰদাৰৰ 'অফ হিউমেন হেপিনেচ্' নামৰ এখন চলচ্চিত্রটো অভিনয় কৰিছিল ইভা আচাওয়ে। কিন্তু ইভা আচাওৰ আজীৱন আক্ষেপ থাকি গৈছিল বিমল ৰায়ৰ 'সুজাতা' চলচ্চিত্রত অভিনয় কৰিব নোৱাৰা কথাটোৱে। হয়তো আমি নুতনৰ ঠাইত দেখা পালো হয় ইভা আচাওক। কিন্তু ব্যক্তিগত সমস্যাৰ বাবে ইভা আচাওয়ে এই সুযোগ গ্রহন কৰিব নোৱাৰিলে। অসমৰ নাট্য জগতৰ লগতো ওতঃপ্রোতঃ ভাৱে জড়িত আছিল এইগৰাকী অভিনেত্রী, ভাৰতীয় গণনাট্য সঙ্ঘৰ নিবেদিত বহুতো নাটকত অভিনয়ো কৰিছিল। ১৯৮৮ চনৰ ১৪ জুন তাৰিখে মাত্র ৪৮ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰা এইগৰাকী সাহসী অভিনেত্রীয়ে অসমীয়া চলচ্চিত্র জগতলৈ সেই তাহানিৰ দিনতে যিখিনি অৱদান আগবঢ়াই গ'ল সি সঁচাকৈয়ে অতুলনীয়।
গাঁৱৰে জীয়ৰী, সপোন সুন্দৰী (কথাছবি: পিয়লি ফুকন)

Tuesday, July 20, 2010

এখন উচ্চ প্রশংসিত অথচ ব্যৰ্থ চলচ্চিত্রৰ কথাৰে

বহু আশাৰে ৰখি আছিলো চিনেমাখনলৈ। মন আছিল 'ফাৰ্ষ্ট দে ফাৰ্ষ্ট শ্বো' চোৱাৰ। আৰু শেষত যেনিবা সেই সুযোগটোৱেই পাইছিলো। কথাছবিখন আৰম্ভ হোৱাৰ মাত্র আধা ঘণ্টা মানৰ পাছতেই হতাশ হবলৈ ধৰিলো। চিনেমা খন আছিল অসমৰ চিনেমাজগতত শেহতীয়া সংযোজন 'শ্রীমন্ত শঙ্কৰদেৱ'। বহু আশা আছিল এইখন চলচ্চিত্রৰ পৰা। শ্রীমন্ত শংকৰদেৱৰ সুবিশাল কৰ্মৰাজিক বিশ্ব দৰ্শকৰ সন্মুখত উপস্থাপন কৰাৰ এক সুন্দৰ সুযোগ পাইছিল প্রযোজক পৰিচালকে। কিন্তু ব্যৰ্থ হ'ল। এটা কথা বুজাত অসুবিধা হ'ল 'শ্রীমন্ত শংকৰদেৱ' খন চলচ্চিত্র হিচপে নিৰ্মান কৰা হৈছিল নে তথ্যচিত্র হিচাপে নিৰ্মান কৰা হৈছিল? কাৰণ এইখন, চলচ্চিত্রতকৈ এখন তথ্যচিত্র হিচাপেহে ভালদৰে প্রতিষ্ঠত হৈছিল। শুনা গৈছিল বহু বছৰ গবেষণাৰ অন্তত কথাছবি খন নিৰ্মান হৈছিল। কিন্তু তাৰ ছাঁ টোকে দেখা নগল। কথাছবি খনত যিখিনি দেখুওৱা হ'ল সেইখিনি সৰ্বজনবিদিত। নতুনত্ব একো নাই। বেছিভাগ ঘটনাই চৰিত্রবোৰৰ মাজেৰেই বৰ্ণনা কৰা হ'ল। সেই ঘটনাবোৰ যদি পৰ্দাত অঙ্কিত কৰা হ'লহেঁতেন নিশ্চয় অলপ হলেও আকৰ্ষণ কৰিলেহেঁতেন। কাৰণ আজিকালি উচ্চ প্রযুক্তিয়ে সেইখিনি সম্ভৱ কৰি তুলিছে। মলয়া গোস্বামী আৰু অন্য দুটিমান চৰিত্রৰ বাহিৰে অভিনয়ৰ মানদণ্ড অতি নিম্নখাপৰ বুলিয়ে গন্য কৰিম। শংকৰদেৱ আৰু খেৰসুতী আইক পৰ্দত সঠিক ৰূপত উপস্থাপন কৰাত 'মেক আপ মেন' বৰ বেয়াকৈ বিফল হ'ল। সংগীতেই যি অলপ ভাল হৈছিল, সেয়াও আছিল গুৰুজনাই ৰচনা কৰা বৰগীত হে। একেঘেয়ামী সংলাপ বোৰেও খুবেই বিৰক্ত কৰিছিল। কিন্তু মই এটা কথা দেখিহে আচৰিত হৈছো, এইখন কথাছবিক অসমৰ বাতৰি কাকত সমূহত উচ্চ প্রশংসা কৰা হৈছে। আৰু এনেদৰে লেখাবোৰ উপস্থাপন কৰা হৈছে যেন কথাছবি খনত একো ভুল নায়েই। কিছুমানে আনকি চলচ্চিত্র খন নোচোৱাৰ বাবে জনসাধাৰণক চোকা সমালোচনা কৰিছে। চলচ্চিত্র খন যদি সঁচাকৈয়ে ভাল লাগিল হেঁতেন তেন্তে মই নিশ্চয় আনকো কলোহেঁতেন চাবলৈ।কিন্তু মই নিৰুপায়। জোৰ জবৰদস্তি এনে এখন চিনেমা চাব নোৱাৰি। এজন 'চিনেমা বলীয়া' হিচাপে ইয়াকে কম। হয়তো মহাপুৰুষ জনাৰ কাহিনী কাৰণেই তেখেতসকলে চিনেমা খনৰ সঠিক সমালোচনা কৰাত অলপ অসুবিধা পাইছে। কিন্তু এইগৰাকী মহাগুৰুক আৰু ভালদৰে কথাছবি খনৰ মাজেদি উপস্থাপন কৰাৰ যথেষ্ট থল আছিল। আমি যদি এখন চিনেমাৰ দিশেৰে চাওঁ, তেন্তে এইখন সম্পুৰ্ণ ব্যৰ্থ চিনেমা। শংকৰদেৱৰ জীৱনটো জানো মহাত্মা গান্ধীৰ জীৱনতকৈ কম ঘটনাৰে পৰিপুৰ্ণ? কিন্তু এটেনবৰে গান্ধীক এনেদৰে উপস্থাপন কৰিলে, যিখন চিনেমা এতিয়া সৰ্বকালৰ এখন সৰ্বশ্রেষ্ঠ চিনেমা হিচাপে গন্য কৰা হয়।কিন্তু আমাৰ ইয়াত এটেনবৰৰ গান্ধী নালাগে, চলচ্চিত্র হিচাপে শংকৰদেৱ খন অলপ ভালদৰে চাব পৰাটোৱেই আমাৰ কাৰণে এক ভাল সুযোগ আছিল।কিন্তু সেয়া হৈ নুঠিল। শঙ্কৰদেৱৰ ১২০ বছৰীয়া জীৱনকাল চলচ্চিত্র ৰূপত অঙ্কিত কৰাটো সঁচাকৈয়ে এটি অতি জটিল কাম। কিন্তু যিখিনি উপস্থাপন কৰা হৈছিল সেইখিনিকে অলপ ভালদৰে উপস্থাপন কৰাৰ থল আছিল। প্রযোজক পৰিচালকক এটা কাৰণতেই ধন্যবাদ দিম, তেওঁলোকে গুৰুজনাৰ নামত এখনি কথাছবি নিৰ্মান কৰিবলৈ আগবাঢ়ি আহিল।

(মই কোনো চলচ্চিত্র সমালোচক নহয়। কথাছবি খন চাই উঠাৰ পাছত, এজন দৰ্শক হিচাপে এইখিনি সম্পুৰ্ণ মোৰ মনৰ অনুভৱ। হয়তো কোনোবাই কথাছবি খন চাই ভাল পাইছে। তেখেত সকললৈ ক্ষমা প্রাৰ্থনাৰে)

Friday, July 16, 2010

'দৈনন্দিন',মই আৰু দিল্লী মেট্র'

দিল্লীত বাচ অথবা মেট্রৰেলত ঘূৰোতে মই প্রায়েই সদায় পিঠিত বেগ এটা ওলোমাই লৈ ঘূৰাটো এটা নিয়মেই যাতে বেগত আধা পঢ়া গল্প, উপন্যাস অথবা প্রান্তিক সাতসৰী আদিবোৰ লৈ ফুৰিব পাৰো। বিশেষকৈ মেট্রৰেলত বৰ ধুনীয়াকৈ সময়খিনি কটাব পাৰি কিতাপ আলোচনীৰ মাজত ডুবি থাকি। যোৱাবছৰৰ ঘটনা, মেট্রৰেলত সদায় পঢ়াৰ দৰে সেই মাহৰ প্রান্তিক খন উলিয়াই ললো। প্রথমেই মই প্রান্তিক খনত শেষ পৃষ্ঠাটো পঢ়ো, তাৰ পাছতে এজন নিৰ্দিষ্ট লেখকৰ লেখা বিচাৰো, ডঃ ভৃংগেশ্বৰ শৰ্মাৰ 'দৈনন্দিন'। এইজনেই এগৰাকী লেখক যাৰ লেখা পঢ়ি প্রানখুলি হাঁহিব পাৰি। আছিল, সেইটো সংখ্যাত আছিল ভৃংগেশ্বৰ শৰ্মাৰ 'দৈনন্দিন' এটা। আৰম্ভ কৰিলো তেওঁৰ লেখা পঢ়িবলৈ। আশে পাশে পৰিবেশটো অলপ নিৰীক্ষন কৰি ললো। ওচৰে পাজৰে অজস্র লোক। মইও লাহে লাহে ভৃংগেশ্বৰ শৰ্মাৰ লেখনীত ডুব যাবলৈ ধৰিলো। মাজে মাজে মিচিক মাচাক হাঁহি। মন কৰিছিলো মোৰ কাষত থকা পাঞ্জাবী চৰ্দাৰজী জনে প্রান্তিক খনৰ পৃষ্ঠাটো চকু ফুৰাই কিনো লিখা আছে চাবলৈ বৃথা চেষ্টা কৰিছিল।ৰুমাল খন উলিয়াই ললো। অনুভৱ কৰিলো, এনেকৈ মিচিক মাচাক কৰি থকা্টো ভাল দেখা নাই। কিন্তু কিমান পৰ? হঠাৎ কথা নাই বতৰা নাই মুখেদি অট্টহাস্য এটা ওলাই গল, হাতৰ ৰুমাল চিটিকি কোনোবাখিনিত পৰিল। অলপ সময়ৰ পাছতে উপলব্ধি কৰিলো, মেট্রৰেলৰ সেই ডবাটোৰ আটাইবোৰ যাত্রীয়ে মোৰ মুখলৈ মুখ মেলি চাই আছে, কি হৈছে একো তত ধৰিব পৰা নাই তেওঁলোকে। তেতিয়াহে ভাবিলো ইমান জোৰকৈ হাঁহিব কিহে পাইছিল? মোৰ সেই সময়ত অৱস্থা কি হৈছিল বুজাবলৈ ভাষা বিচাৰি পোৱা নাই। একেবাৰে 'ফাট মেলা বসুমতী, পাতালে লুকাও' অৱস্থা। মুৰটো কেইছেকেণ্ড মান তল কৰি থাকিলো। ভাগ্য ভাল সেই সময়তে 'পেটেল নগৰ মেট্র ষ্টেচন' পোৱাৰ কথা ঘোষণা কৰিলে ঘোষিকাই। গন্তব্য স্থান পোৱাৰ আগতেই নামি দিলো। আৰু অলপ সময় তাত থাকিলে লাজতে যেন মই মুছকছ হে হৈ যাম। মেট্রৰেলৰ পৰা নামি কেৰাহিকৈ ডবাটোলৈ চালো। তেতিয়াও দুজনমানে মোলৈকে চাই আছিল মুখ মেলি। পুনৰ তল মুৰ কৰি ৰখি থাকিলো বেলেগ এখন ট্রেইনৰ অপেক্ষাত আৰু শপত খালো কেতিয়াও বাচ অথবা মেট্রৰেলত ভৃঙ্গেশ্বৰ শৰ্মাৰ লেখনি নপঢ়ো।


Wednesday, July 14, 2010

সেই নিচুকনি গীতবোৰ

এতিয়াও মনত আছে, ৰৰ ডাঙৰৰৰা গালি খোৱৰ পাছত যদি মন চন বেয়া কৰি থাকো সন্ধিয়া আমাৰৰ সন্মুখত থকা চোতাল খনত বহি আমাক ওমলাবলৈ আইতাই আমা কাণে নিচুকনি গীত গাইছিল । আইতাই সম্পুৰ্ণ নামনি অসম থলুৱা সু প্রায়েই এটি গীত গাইছিল "কান কাটা মলুৱা, দুই কানে দিম দলুৱা"(শব্দ বো দুই এটা অলপ খেলিমেলি হব পাৰে)। তেতিয়া হয়তো বয়সো সৰু আছিল, সেইকাণে তাৰ্থ সোধা নহ'ল। কাণ আমি তেতিয়া বু যাওঁ আইতা মিঠা সুৰৰ মায়াজালত। আবদাৰোৰু এটা গোৱানা বুলি। হয়তো নিচুকনী গীত ইয়াকে কয়। সৰুৰু মন বোত এখন আচৰিত পৃথিবী সৃষ্টি কৰে যি, যিখন পৃথিৱীত আমি কথা পাতিছিলো জোন, ৰা, আকাশ, বতাহ লগত। অসমীয়া সমাজ জীনতো নিচুকনি গীত এক বিশেষ স্থান আছে। নিচুকনি গীত মূল বৈশিস্ত্য হ'ল ল্পনাপ্রৱন শিশুসকলক এখন কাল্পনিক পৃথিৱীৰ লগত চিনাকি কৰাই দিয়া। বাস্ত অবস্তা আদি শব্দবো শিশু মনে ঢুকি নাপায়। শিশু মনত জোনবাই এটা উপগ্রহ নহয়, কিয়নো শিশু মনত জোনবাই এটায়েই পৰিচয় "জোনবায়ে মোনা চিলাবলৈ বেজী দিয়ে"প্রচলিত অসমীয়া নিচুকনি গীত সমূহৰ ভিতৰত “অ ফুল অ ফুল নুফুল কিয়”,"শিয়ালী এ নাহিবি ৰাতি, তোৰে কান কাটি লগামে বাটি","আমাৰে মইনা শুব এ" আদি বহুল প্রচাৰিত নিচুকনি গীত। এই থলুৱা নিচুকনি গীত সমুহ পাছলৈ ওলায় আহে গীত ৰূপত।অসমীয়া সঙ্গীত জগত স্বনামধন্য সংগীত শিল্পী সকল হাতত নিচুকনি গীতেবোৰে যেন প্রাণ পাই উঠে। সেয়া লাগিলে জ্ঞানদা কাকতি ‘আমাৰে মইনা শুব এ’, খগেন মহন্তৰ ‘এইটো কা দল, জা দল’,’বাঁ মুঢ়া বগৰীৰ গুড়া’,‘এখন দেশত এক জা আছিল’, মিত্রদে মহন্ত'অ কুলি অ কুলি কু কু কু বুলি আকৌ এবা মাত' , লক্ষ্যহীৰা দাস ডালিম অই ডালিম আমালৈ আনিছা কি' য়েই হওঁক, প্রতিটো গীতেই সহজ সল শিশু মনক প্রদান কৰে এক অনাবিল আনন্দ। অসমীয়া সঙ্গীত জগতত এই গীতবোৰে এতিয়াও এক বিশেষ স্থান দখল কৰি আছে। এতিয়া হয়তো কোনেও সৰু ল’ৰা ছোৱালী ওমলাবলৈ অসমীয়া নিচুকনি গীত নাগায়।ইংৰাজী ‘ৰাইম্’ বোৰে সেই স্থান দখল কৰিলে। কিন্তু কেনেকৈ হেৰাই যাবলৈ দিওঁ আইতা সেই নিচুকনি গীতবোৰৰ মাদকতা?

Saturday, July 10, 2010

“ইয়ো বোলে বনগীত, সিয়ো বোলে বনগীত”

বনগীত- অসমীয়া সংগীত জগতলৈ আনন্দিৰাম দাসদেৱৰ এক অনুপম অদান। সম্পূৰ্ণ থলুৱা মাত,কথা,সুৰৰ এই গীতসমুহে শ্রোতাক প্রদান কৰে এক ব্যঞ্জনাময় অনূভুতি। ১৯০২ চনত গুৱাহাটীত জন্মগ্রহন কৰা আনন্দিৰাম দাস দেৱে মুলত: বনগীত সমূহ চনা কৰিছিল থলুৱা অসমীয়া সংগীত স্বকীয়তা ৰক্ষাৰিবলৈ। যি সময়ত অসমীয়া সংগীতে বাংলা গীত সম্মুখ নিজ স্বকীয়তা হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছিল, সেই সময়তে আনন্দিৰাম দাস দেৱে লিখি উলিয়াইছিল প্রথমটো বনগীত ‘কোনেনো সখী জগালে মাতি, শেৱালী ফুলা জোনালী ৰাতি’। আনন্দিৰাম দাসদেৱে লিখি উলিয়াইছিল কমেও তিনিশ বনগীত। মূলতঃ বনগীত সমূহক প্রচলিত থলুৱা বিহুগীতৰে আধুনিক ৰূপ বুলি ক’ব পাৰি যদিও ইয়াত মিশ্রিত হৈ আছে বনঘোষা, টোকাৰী গীত আৰু বহুত থলুৱা সুৰৰ সমাহা। বনগীত সমুহত আছে গ্রাম্য জী সুখ-দুখ, হাহি-কান্দোন আদি লগতে গাঁৱৰ সহজলভ্য প্রাকৃতিক দৃশ্যৰাজি, যিয়ে গ্রাম্য জী এক অপৰূপ সৌন্দৰ্য্য গীত মাজেৰে প্রকাশ কৰে। পঞ্চাশ ষাঠি দশকতে আনন্দিৰাম দাস বনগত সমূহ ৰেৰ্ডিংৰি উলিয়াইছিল এইচ এম ভি, চেনোলা আদি গ্রামোফোন কোম্পানীসমূহে য’ত কণ্ঠদান কৰিছিল বহুতো প্রতিষ্ঠিত শিল্পীয়ে। কিন্তু সেই গীত বো এতিয়া ক’ত আছে সেয়া হয়তো কোনেও নাজানে। আনন্দিৰাম দাস পাছত ৰুদ্র বৰুৱা, কেশ মহন্ত আদিয়ে বনগীতক অসমীয়া সংগীত জগতত এক নতুন মৰ্য্যাদা প্রদান কৰে। হয়তো আমি নতন প্রজন্ম প্রতিনিধি হিচাবে ‘বনকোঁৱৰ'- এই অনুপম গীতবো শুনিব নোৱাৰিলোহেতেন যদিহে জুবিন গাৰ্গে ‘ভ দুপৰীয়া’ আৰু ‘বান্ধৈ’ এই এলবাম দুটা নুলিয়ালেহেতেন। জুবিন এইক্ষেত্রত সচাকৈয়ে ধন্যবাদ পাত্র। আজি হয়তো বহুতো আনন্দিৰাম দাসৰ বিষয়ে অথবা তখেতৰ দ্বাৰা ৰচিত বনগীত সমূহৰ বিষয়ে অজ্ঞ। আজি নতুন প্রজন্ম সংগীতশিল্পী সকলে এই বনগীত সমূহ প্রসাৰৰ ক্ষেত্রত আগভাগ ল’ব নোৱাৰেনে?



কথা/সুৰ: আনন্দিৰাম দাস; কণ্ঠ: জুবিন গাৰ্গ

(ছবিত 'বনকোঁৱৰ'
আনন্দিৰাম দাস)

Thursday, July 1, 2010

"নমস্কাৰ, এয়া দূৰদৰ্শন কেন্দ্র গুৱাহাটী"



অ' আমাৰ গাওঁ (ধাৰাবাহিক: বিয়াল্লিশৰ শ্বহীদ)

"নমস্কা্‌ৰ, এয়া দূৰদৰ্শন কেন্দ্র গুৱাহাটী। আজি প্রচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে জনাইছো..."। ঠিক ৬ বজাৰ লগে লগে এনেদৰেই আৰম্ভ হৈছিল গুৱাহাটি দূৰদৰ্শনৰ অনুষ্ঠান সমূহ। ছয় বজাৰ পৰা চাৰে আঠ বজালৈ চলিছিল অনুষ্ঠান সমূহ। ছয় বজাৰ পৰা চাৰে ছয় বজালৈ লৈ চলিছিল বৰগীত, লোকগীত বা তেনেধৰণৰ ভক্তিমূলক তথা শাস্ত্রীয় সংগীত সমূহ। চাৰে ছয় বজাৰ পৰা আৰম্ভ হৈছিল সাক্ষাৎকাৰ, আলোচনা চক্র অথবা চুটি তথ্যচিত্রসমূহ। সন্ধ্যা ৭ বজাত নৰ্থ ইষ্ট নিউজ, সাত বাজি পোন্ধৰ মিনিটত অসমীয়া বাতৰি, মাধুৰিমা কাকতি, বিজু ভৰালী আদিৰ কণ্ঠত। তাৰে পাছতে যেন পৰিয়ালৰ সকলোবোৰ সদস্য টিভিটোৰ সন্মুখত এক হোৱাৰ সময়। চাৰে সাত বজাৰ লগে লগে আৰম্ভ হৈছিল জনপ্রিয় টিভি ধাৰাবাহিক সমূহ। পাপু নিকু সংবাদ, তেজাল ঘোঁৰা, ৰহস্য, বৃকোদৰ বৰুৱাৰ বিয়া, নামঘৰীয়া, ঋতু আহে ঋতু যায়, এই চহৰতে, আজিৰ মানুহ, সুৰঙ্গৰ শেষত, ঘৰত কোন আছে, সুৰুজমুখীৰ স্বপ্ন, চিৰিচ্, বিৰিণা পাতৰ আঙঠি, তদন্ত, মহানগৰ, গধুলি, জীতু নীতুৰ অভিযান, হনুমানৰ সাধু, পথৰুঘাটে ৰিঙিয়ায়, বিয়াল্লিশৰ শ্বহীদ আদি অলেখ জনপ্রিয় ধাৰাবাহিকে গোটেই পৰিয়ালৰ সদস্য সকলক টিভিৰ সন্মুখত বান্ধি ৰাখিছিল। দ্বিতীয় আৰু চতুৰ্থটো দেওবাৰে আবেলি দিছিল জনপ্রিয় কথাছবি সমূহ। কিন্তু এতিয়া সেই ৰামো নাই আযোধ্যায়ো নাই। শ শ চেনেলৰ মাজত হেৰাই গল সেই সুলভ দৃশ্যবোৰ। কিন্তু সেই সময়খিনি হয়তো সদায় সকলোৰে মনত থাকিব, এটুকুৰা স্মৃতি হৈ।


শীৰ্ষ সংগীত : ধাৰাবাহিক 'নামঘৰীয়া'