Wednesday, June 30, 2010

চিগাৰেটৰ পেকেটত লিখা সেই কালজয়ী গীতটি

১৯৬০ চন। উজানবজাৰৰ এখন বিয়াঘৰত লগ হৈছিল অসমীয়া সাংস্কৃতিক জগতখনৰ কেইবাজনো স্বনামধন্য ব্যক্তি। হীৰেণ ভট্টাচাৰ্য্য, ডঃ নিৰ্মল প্রভা বৰদলৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। বিয়াঘৰত একেলগে বহি আড্ডা দি থাকোতেই হঠাতে হীৰেণ ভট্টাচাৰ্য্য দেৱে এটা প্রস্তাৱ দিলে গীত এটি ৰচিবলৈ। কিন্তু গীতটি ৰচনা কৰিব লাগিব তিনি মিনিটত আৰু সুৰো দিব লাগিব তিনি মিনিটত। কথামতে কাম। ডঃ নিৰ্মল প্রভা বৰদলৈ বাইদেউৱে গীতটি লিখাৰ দায়িত্ব ল'লে। কিন্তু লিখিবলৈ একো কাগজ বিচাৰি নোপোৱাত হীৰেণ ভট্টাচাৰ্য্য দেৱে আগবঢ়াই দিয়া তেখেতৰ খালী চিগাৰেট পেকেটৰ ভিতৰছোৱাতে নিৰ্মল প্রভা বৰদলৈ বাইদেউৱে গীত লিখা কাম আৰম্ভ কৰিলে।বিয়াঘৰৰ মণ্ডপত কলপুলিৰ আগবোৰ বতাহে কোবাই আছিল। সেই দৃশ্যটো চাই চায়েই তিনিমিনিটত গীত এটি লিখি উলিওৱা হ'ল। এতিয়া সুৰ দিয়াৰ দায়িত্ব পৰিল তাত উপস্থিত থকা জয়ন্ত হাজৰিকা দেৱৰ ওপৰত। তেখেতেওঁ তিনি মিনিটতে গীতটি সুৰ দি উলিয়ালে। সৃষ্টি হ'ল এটি কালজয়ী গীতৰ - 'আগলি বতাহে কঁপালে কলৰে পাত'



আগলি বতাহে কঁপালে কলৰে পাত (কণ্ঠ আৰু সুৰ : জয়ন্ত হাজৰিকা, কথা : ডঃ নিৰ্মল প্রভা বৰদলৈ)



ডঃ ভূপেন হাজৰিকাৰ হিন্দী চলচ্চিত্র 'মেৰা ধৰম মেৰী মা'

আমি বহুতেই হয়তো এটা কথা নাজানো যে অৰুণাচলৰ প্রথম খন হিন্দী চলচ্চিত্র পৰিচালনা কৰিছিল ডঃ ভূপেন হাজৰিকাই অৰুণাচল প্রদেশ চৰকাৰৰ প্রযোজনাত মুক্তি পোৱা এই চিনেমা খনৰ নাম আছিল 'মেৰা ধৰম মেৰী মা' মুক্তি পাইছিল ১৯৭৭ চনত অৰুণাচলৰ এজন নাট্যকাৰ-অভিনেতা এইচ এন টাটাৰ নাটক এখনৰ আলমত চলচ্চিত্র খনৰ বাবে চিত্রনাট্য ৰচনা কৰিছিল ডঃ ভুপেন হাজৰিকাই নিজেই এই ৰঙীন চলচ্চিত্র খনত অভিনয় কৰিছিল এইচ এন টাটাকে ধৰি মালা, টাডু টায়ুং আদি অপেচাদাৰী শিল্পী সকলেসম্পাদনা আৰু চিত্রগ্রহণত আছিল ক্রমে, বিজয় চৌধুৰী আৰু অজয় মিত্র সঙ্গীত দিছিল ডঃ ভুপেন হাজৰিকাই অলপতে এই চিনেমা খনৰ প্রিণ্ট অৰুণাচল চৰকাৰে উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে

(ফটোঃ 'মেৰা ধৰম মেৰী মা'-ৰ চিত্রগ্রহণৰ সময়ত অৰুণাচল প্রদেশত ডঃ হাজৰিকা)

Tuesday, June 29, 2010

প্রসংগ : আলফা চৰকাৰ আলোচনা



আমি সদায় আশাক লৈয়ে জীয়াই থাকো আৰু সদায় থাকিম। আশাবোৰ সোনকালে সফল হোৱাটো সকলোৱে বিচাৰো। অসমৰ ৰাইজো আজি আশাবোৰক লৈয়ে জীয়াই আছে। তেনে বহুতো আশাবোৰৰ মাজৰে এটা আশা হ’ল আলফা-চৰকাৰ আলোচনা খন। বহুতে বহু চেষ্টা কৰিলে। সেই মামনি ৰয়চম গোস্বামীৰ ‘পিচিজি’ ৰ পৰা এতিয়াৰ হীৰেণ গোঁহাইৰ ‘সন্মিলিত জাতীয় অভিবৰ্তন’লৈকে। ‘সন্মিলিত জাতীয় অভিবৰ্তন’ কিছু দূৰ আগবাঢ়িছেও প্রস্তাৱিত শান্তি আলোচনাক লৈ। কিন্তু এতিয়াও যেন বহু দূৰ বাট বাকী। দুটা মুখ্য কাৰকে এই শান্তি আলোচনা খনত বাধা দি আহিছে। ‘সাৰ্বভৌমত্ব’ আৰু ’বন্দী মুক্তি’। চৰকাৰে সাৰ্বভৌমত্বৰ ওপৰত কোনো আলোচনা নিবিচাৰে, কিন্তু আলফা আঁকোৰগোজ। বিশেষকৈ পৰেশ বৰুৱা। আনহাতে চৰকাৰৰ নিজৰ মাজতেই খেলিমেলি, বন্দী মুক্তি কৰিবনে নাই? দিল্লী আৰু দিচপুৰৰ মাজত ল’ৰা ধেমালি খন এতিয়াও চলি আছে। কাৰো সাহস নাই ‘বন্দী মুকলি কৰি দিবলৈ, কাৰণ বন্দী যদি হাবিলৈ পলাই গৈ পুনৰ বন্দুক তুলি লয় তেতিয়া সেই দায়িত্ব মূৰ পাতি লবলৈ কোনেও নিবিচাৰে। এতিয়া আহো সাৰ্বভৌমত্ব প্রসংগলৈ। আলোচনা এটা কৰোতে এই বিষয়টো উত্থাপন কৰিব নোৱাৰাৰ যুক্তি ক’ত? আলোচনা কৰাত বাধা কি?আলোচনা কৰাটোত এইটো নুবুজাই যে দাবীটো মানি লবই লাগিব। আমিনো আলফাক আলোচনাৰ পৰা আঁতৰিবলৈ সুযোগ দিওঁ কিয়?বন্দী মুক্তিৰ কাৰণেও চৰকাৰে ব্যৱস্থা লব লাগে। যাতে আলোচনা থমকি নৰয়। বন্দী মুক্তি দিয়াৰ পাছত আলফাই যদি বিশ্বাসঘাটকতা কৰে, তেন্তে তাৰ বাবে দায়ী হব মাথো আলফা, চৰকাৰ নহয়। কিন্তু এটা কথা ঠিক যে বন্দী মুক্তি কৰি আলোচনাত বহাটোহে অধিক ফলপ্রসূ হ’ব। এতিয়া আহো পৰেশ বৰুৱা প্রসংগলৈ, চৰকাৰে কৈ আহিছে, পৰেশ বৰুৱা নোহোৱাকৈয়ো আলোচনা সম্ভৱ, কিন্তু চৰকাৰে এবাৰ হলেও ভাবি চাইচেনে যে, পৰেশ বৰুৱা এতিয়াও চৰকাৰৰ হাতৰ মুঠিৰ বাহিৰত, আলফা হয়তো আগৰ দৰে শক্তিশালী হৈ থকা নাই, কিন্তু বহিৰাগত শক্তিৰ সৈতে পৰেশ বৰুৱা এতিয়াও শক্তিশালী। বন্দী আলফা সকলৰ লগত আলোচনা কৰি কিবা সমাধান ওলালেই যেনিবা, যদি পৰেশ বৰুৱাই সেইটো মানি নলয় আৰু অসমত তেজৰ নদী বৈয়েই থাকে তেন্তে সেয়া আলোচনাৰ সফলতা ক’ত?গতিকে দুয়োপক্ষই নমনীয় স্থিতি গ্রহন কৰক আৰু শান্তি আলোচনা আৰম্ভ হওক। আলফা চৰকাৰৰ প্রায় ৩০ বছৰীয়া এই যুঁজ খনত হাজাৰ হাজাৰ নীৰিহ নিহত হ’ল। অসমৰ ৰাইজে এতিয়া অলপ শান্তি বিচাৰে।এইটোৱেই অসমৰ ৰাইজৰ বৰ্তমান প্রধান আশা। বৰুৱাদেৱ, তেজৰ ফাকু বহু খেলিলে, এতিয়া আলোচনাৰ মেজলৈ আহক। আৰু গগৈদেৱ, দিল্লী-দিচপুৰৰ মাজত ফুটবল খেলখনত এগৰাকী ৰেফাৰী হিচাবে ভূমিকা গ্রহন কৰক, খেলুৱৈ হিচাবে নহয়।

অসমীয়া গীতত নাৰী জীৱনৰ প্রতিচ্ছবি

অসমীয়া সংগীত জগতত নাৰীৰ জীনক লৈ বিভিন্ন সময়ত গীতিকা সকলে গীত চনা কৰি আহিছেনাৰী জী দুখ দুৰ্দশা হতাশা আনন্দ ইত্যাদিৰে ৰা এই গীত সমুহে শ্রোতা হৃদয় জয় কৰি আহিছেনাৰীবাদী গীতিকা হিচাপে প্রথমেই নাম লব লাগিব ডঃ নিৰ্মল প্রভা বদলৈতেখেত 'সন্ধিয়া আকাশত বগলী ৰে' (তুলিকা সেনাপতি কণ্ঠত) গীতটিয়েই হওঁক অথবা সোণ খাৰু নালাগে মোক (দিপালী বৰঠাকুৰৰ কণ্ঠত) গীতটিয়েই হওঁক দুয়োটা গীততেই প্রকাশ পাইছে নতুন ঘ এখনত সোমোৱাৰ পাছত বা সোমোৱাৰ আগে আগে এগৰাকী নাৰীৰ মন অনুভ বোঠিক সেইদৰে আন এগৰাকী স্বনামধন্য গীতিকা শিল্পী ৰূদ্র বৰুৱাৰ গীতটো নাৰী জী হা-হুমুনিয়াহবোৰ সবল ৰূপত উত্থাপিত হৈছে'ৰালৈ সোন নাচাবি তই, ৰা পাব লাজ', 'হয়েৰা জেতুকী বাই', 'তাঁ দোৰেপতি চলাই ঘনেপতি' আদি গীতত প্রকাশ পাইছে সহজ সল গ্রাম্য নাৰী জীৰ বাস্তৱ প্রতিচ্ছবিবোৰ আন এগৰাকী জনপ্রিয় গায়িকা বিউটি শৰ্মা বৰুৱাৰ যেন প্রতিটো গীততেই সোমাই আছে নাৰী জী ডুখৰীয়া ছবিবোৰ 'মাহ হালধিৰে নোৱালে ধোৱালে', 'টোপ টোপ ভাতলি', কোন ৰূপহী, 'বেছিদিন লগতে নাথাকো' আদি গীতবোৰে যেন নাৰী জী বিভিন্ন অনুভ বোকে ব্যক্ত কৰেঠিক সেইদৰে আন কিছুমান গীত যেনে 'গাঁৱৰে জীয়ৰী সপোন সুন্দৰী'(কথা, সংগীতঃ ডঃ ভুপেন হাজৰিকা, শিল্পীঃ গুনদা কৌ), 'অ' মালতী কথা এটি কওঁ, শুনা কান পাতি, মো হেনো বিয়া এই বহাগতে'(কথা, সংগীতঃ ডঃ ভুপেন হাজৰিকা, শিল্পীঃ ঊষা মঙ্গেশকা), ‘ডিঙিৰ সাতেসৰী, পাতে মেজাংকৰি'(কথাঃ লীলা গগৈ, সংগীতঃ মুকুল বৰুৱা, শিল্পীঃ মৃদুলা দাস), ‘হিমলা ওণি মাজেৰে (কথাঃ নকান্ত বৰুৱা, শিল্পীঃ বীৰেন্দ্রনাথ দত্ত), ‘মনে কুটেকুটায় দেহা মেমায়(কথাঃ কীৰ্তিকমল ভূঞা, শিল্পীঃ অনিমা চৌধুৰী), ‘মোৰে' সখী মইনামতী(শিল্পীঃ পাবীন চুলতানা), ‘এই বিহুৰেৰুকা নিশা(শিল্পীঃ ডলী ঘোষ) আদি অলেখ গীতত অঙ্কিত হৈছে নাৰী জী দুখ, হতাশা, আনন্দ, লাজ আদি বিভিন্ন অনুভুতিবোৰৰ এক বৰ্ণময় কলাজ


হিমলা ওণি মাজেৰে (কথাঃ নকান্ত বৰুৱা, শিল্পীঃ বীৰেন্দ্রনাথ দত্ত)


অসমৰ প্রথম খন বিজ্ঞান আলোচনীঃ পশুপালন

অসমৰ প্রথম খন বিজ্ঞান আলোচনী পোনপ্রথম বাৰৰ বাবে প্রকাশ হৈ ওলাইছিল ১৯২৪ চনত। ডাঃ কনক চন্দ্র শৰ্মাৰ সম্পাদনাত ওলোৱা 'পশুপালন' খন মুলতঃ আছিল এখন কৃষি ভিত্তিক আৰু পশুপালন সম্পৰ্কীয় দুমহীয়া আলোচনী। এই আলোচনী খনৰ কপি বৰ্তমান দুৰ্লভ। বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰ প্রাপ্ত মুৰব্বী অধ্যাপক তথা অসমৰ এগৰাকী বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই জামুগুৰিহাটৰ এটা পুথিভঁৰালৰ পৰা 'পশুপালন'ৰ ১১ টা কপি উদ্ধাৰ কৰিছিল। ১৯২৪ চনৰ পৰা ১৯৫২ চনলৈ ১২ বছৰ কাল প্রকাশিত হোৱাৰ পাছত আলোচনী খনৰ প্রকাশ বন্ধ হয়।

অসমৰ প্রথমখন মাইক্র মিনি আলোচনীঃ বিন্দু

বিন্দু, অসমৰ প্রথম খন মাইক্র মিনি আলোচনী পোনপ্রথম বাৰৰ বাবে প্রকাশিত হৈ ওলাইছিল ১৯৭০ চনৰ এপ্রিল মাহত। ডঃ ভূপেন হাজৰিকাৰ সম্পাদনাত প্রকাশ হৈ ওলোৱা 'বিন্দু'ৰ প্রথম সংখ্যাটোৰ লেখক সকল আছিল, ডঃ ভবেন্দ্র নাথ শইকীয়া, নিত্য দত্ত, অন্নদা শংকৰ ৰয়, লক্ষহীৰা দাস, উপেন কাকতি, নিৰোদ চৌধুৰী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট লেখক। এই আলোচনী খনৰ আকাৰ আছিল বহলে ৫.২ ছে.মি. আৰু দীঘলে ৬.২ ছে.মি. আৰু মুঠ পৃষ্ঠা সংখ্যা আছিল ৪৮। আলোচনী খনৰ মূল্য আছিল ৩০ পইচা।

অসম জাতীয় বিদ্যালয় আৰু এক অভিনৱ পদক্ষেপ

আমি আমাৰ ভাষাটোক কিমান ভাল পাওঁ? হয়তো বৰ্তমান অসমীয়া ভাষাটো এনে এটা পৰ্য্যায় পাইছেগৈ যে আপুনি মই হয়তো সম্পূৰ্ণ শুদ্ধ ৰূপত অসমীয়া ভাষাটো ভালকৈ ক'ব বা লিখিব নোৱাৰা হৈ পৰিছো। ইংৰাজী ভাষাৰ দৌৰাত্ম্যত যেন অসমীয়া ভাষাই নিজৰ স্বকীয়তা হেৰুৱাই পেলাইছে। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়ে অসমীয়া ভাষা শুদ্ধকৈ লিখিবলৈ এক অভিনৱ উপায় উলিয়ালে। বিদ্যালয় খনৰ বাচবোৰত অসমীয়া বিভিন্ন শব্দবোৰৰ শুদ্ধ ৰূপটো দেখুওৱা হৈছে। সততে ভুল কৰি অহা শব্দবোৰৰ শুদ্ধ ৰূপ দেখুওৱাই ই যে কেৱল ছাত্র-ছাত্রী সকলকে সহায় কৰিব এনে নহয়। বাচ খন কাষেৰে পাৰ হৈ গ'লে ডাঙৰ লোক এজনেও সেয়া দেখি এবাৰ হলেও চিন্তা কৰিব তেওঁ প্রকৃততে শুদ্ধ ৰূপটো ব্যবহাৰ কৰে নে নাই? অসম জাতীয় বিদ্যালয়লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো, এই অভিনৱ পদক্ষেপৰ বাবে।