Sunday, December 5, 2010

মাটিৰ শিল্পী, মাটিৰ গান

"অ' পখী ৰৈয়া যা ৰে
পখী ৰৈয়া যাৰে
আমাৰ চিত্তৰ কথা কৈয়া যাৰে"

গোটেই জীৱন লোকগীতৰ সাধনা কৰিছিল যি, কামৰূপী লোকগীতক উচ্চ আসনত প্রতিষ্ঠা কৰিবলৈ যি অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আৰু সফলো হৈছিল, তেখেতেই আছিল স্বনামধন্য শিল্পী ৰামেশ্বৰ পাঠক। গোৱালপৰীয়া লোকগীতৰ বাবে যেনেদৰে প্রতিমা পাণ্ডে, জিকিৰৰ বাবে যেনেদৰে ৰেকিবুদ্দিন আহমেদ, ঠিক সেইদৰে কামৰূপী লোকগীত বুলিলে এটা নামেই পোনপ্রথমে মনলৈ আহে - ৰামেশ্বৰ পাঠক। স্বকীয় পৰিবেশন শৈলী, কণ্ঠৰ মাধুৰ্যৰে মহীয়ান এই গৰাকী শিল্পীৰ জন্ম হৈছিল ১৯৩৮ চনৰ পহিলা মাৰ্চত, বৰপেটা জিলাত। বৰপেটা জিলাতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত আইনৰ পাঠ্যক্রম গ্রহন কৰে। শিক্ষকতাকে কৰ্মজীৱন হিচাবে লৈ শিক্ষকতাৰেই কৰ্মজীৱনৰ সামৰণি মাৰে। আজীৱন লোকগীতকেই মাটিৰ গীত বুলি আকোৱালি লোৱা এইগৰাকী শিল্পীৰ অনাতাঁৰ যোগে প্রচাৰিত প্রথমটো গীত আছিল 'কি দিয়া পুজিম চৰণ মুৰাৰি'। আন এগৰাকী লোকগীতৰ শিল্পী তথা পত্নী ধনদা পাঠকৰ সৈতে একেলগে বিভিন্ন ঠাইত লোকগীতৰ ব্যাপক প্রসাৰৰ ফলতে কামৰূপী লোকগীতে অসমীয়া মুলধাৰাৰ সঙ্গীতৰ লগত একেটা স্থান লাভ কৰে, আৰু ৰামেশ্বৰ পাঠক-ধনদা পাঠক যুটিটো হৈ পৰে  কামৰূপী লোক সঙ্গীতৰ এক অবিসম্বাদী যুটি। টুপুনি টুপুনি অ' আই টুপুনি, অ' পখী ৰৈয়া যা ৰে, ঘন বৰষুণ পিছল মাটি, হৰ হৰ নন্দী ভৃংগী, শঙ্কৰ গুৰু আমাৰে আদি লোকগীতে এটা সময়ত অসমৰ আকাশ বতাহ মুখৰিত কৰি তুলিছিল। অসমত ষাঠি-সত্তৰ দশকত কামৰূপী লোকগীতৰ বিপুল জনপ্রিয়তা হয়তো এইচ এম ভি ৰেকৰ্ড কোম্পানীয়ে সহজে অনুমান কৰিছিল, যাৰ ফলতে ৰামেশ্বৰ পাঠকৰ কামৰূপী লোকগীতৰ কেইবাখনো ৰেকৰ্ড বজাৰত মুকলি কৰি দিছিল। এইচ এম ভিৰ কামৰূপী লোকগীতৰ প্রথম ৰেকৰ্ড খন মুকলি হৈছিল  ১৯৭২ চনত (ৰেকৰ্ড নং  7EPE2506)। দেহৰ ৰন্ধ্রে ৰন্ধ্রে লোকগীতৰ স্বৰ সোমাই থকা এই গৰাকী শিল্পীয়ে বহুদিনৰ অসুস্থতাৰ অন্তত যোৱা ৩ নবেম্বৰ তাৰিখে নীৰৱ মৃত্যুক  আঁকোৱালি ললে। তেখেত আমাৰ মাজত বৰ্তমান নাই, কিন্তু তেখেতৰ অসমীয়া সংগীতলৈ যিখিনি অৱদান সেইখিনিৰে সদায় অসমৰ সঙ্গীত জগতত মহীয়ান হৈ থাকিব। এতিয়া আমাৰ দায়িত্ব হ'ল তেখেতৰ অমৰ সৃষ্টি সমূহ সযতনে সংৰক্ষন কৰি ৰখাটো, হেৰাই যাবলৈ নিদিয়াকৈ।

হৰ হৰ নন্দী ভৃংগী (ৰামেশ্বৰ পাঠক)

Horo Hor Nondi.mp3

1 comment:

Shyamal said...

সচাঁকৈয়ে ৰামেশ্বৰ পাঠক আজি মৰিও অমৰ ৷ তেখেতৰ কণ্ঠৰ দুটা গীত - অ’ পখি ৰৈয়া যা ৰে আৰু টুপুনিৰ কলৰ তলত ঘৰ পাবলৈ নাই