Monday, November 15, 2010

যাৰ বাবে 'জয়মতী' আছিল এক অভিশাপ

এজনী ষোল্ল বছৰীয়া ছোৱালী। তেতিয়াও সেই সময়টো তাইৰ বাবে হয়তো পখিলা খেদি ফুৰাৰেই বয়স আছিল। নতুন পৃথিৱী এখন আৱিষ্কাৰ কৰা বয়স সেইটো। এদিন এজন মানুহ আহিল সিহঁতৰ ঘৰলৈ। সেই কিশোৰী জনীক লগ ধৰিলে কলিকতাত ডাঙৰ ডাঙৰ জাহাজ চাবলৈ। ডাঙৰ ডাঙৰ জাহাজ!! সেই সময়ত  সেয়া দেখাৰ সৌভাগ্য কেইজনৰ হয়? তাকো কলিকতাত!! ওলাল তাই জাহাজ চাবলৈ, লগত গ'ল তাইৰ ভায়েক। কিন্ত তাই সঁচাকৈয়ে জাহাজ দেখা পালেনে? জাহাজ দেখিলে ঠিকেই, কিন্তু তাইৰ বাবে ৰৈ আছিল বিস্ময়কৰ, আচহুৱা তিনিটা শব্দ - লাইট, কেমেৰা আৰু একচন। হয়, এয়াই আছিল এগৰাকী কিশোৰীৰ অন্ধকাৰ জীৱন এটাৰ আৰম্ভণি। এই কিশোৰী গৰাকীয়েই আছিল আইদেউ, যাক আমি আইদেউ সন্দিকৈ হিচাবে জানো। এনে এগৰাকী মহিলা, যি গোটেই জীৱনটো কটাইছিল এক অন্ধকাৰ গহ্বৰত। মাথো এটাই আছিল দোষ, প্রথম অসমীয়া চিনেমাখনত অভিনয় কৰিছিল। যাক লৈ আমি এতিয়া গৌৰৱ অনুভৱ কৰো, সেই গৌৰৱখিনিয়েই সেই সময়ৰ ৰক্ষণশীল সমাজখনত কাল হৈ পৰিছিল আইদেউ নামৰ সেই কিশোৰীজনীৰ বাবে। জ্যোতিপ্রসাদ আগৰৱালাই নিজৰ প্রথমখন অসমীয়া চিনেমা নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু সেই চিনেমা খনেই শেষ কৰি দিলে এগৰাকী কিশোৰীৰ জীৱন। সেই চিনেমা খনত অভিনয় কৰাৰ পাছত যেতিয়া আইদেউ নিজৰ ঘৰলৈ ঘুৰি আহিছিল, ৰাইজে জনোৱা নাছিল ফুলৰ থোপাৰে আদৰণি, প্রথমখন অসমীয়া চিনেমাৰ অভিনেত্রী হিচাবে, আদৰণি জনাইছিল ঠাট্টা মস্কৰাৰে আৰু এক তীব্র ঘৃণাৰে। যাৰ ফলত আইদেউৰ গোটেই পৰিয়ালটোক সমাজে বহিষ্কাৰ কৰিছিল। কেৱল সমাজেই নহয় সমাজৰ পৰা বহিষ্কৃত হোৱা পৰিয়ালটোয়েও নিজাকৈ বহিষ্কাৰ কৰিছিল আইদেউক। ঘৰৰ বাৰীৰ চুকত এটা ঘৰত অকলে থাকিবলৈ দিয়া হৈছিল আইদেউক। ঠিক হোৱা বিয়াখনো ভাঙি গৈছিল একমাত্র চিনেমাত 'বঙহৰদেউ' বুলি অইন অভিনেতাক কোৱা বাবেই। ফলত আজীৱন থাকি যাবলগীয়া হ'ল অবিবাহিতা হিচাবে। এইখিনিতে কিছুমান প্রশ্নই মনত খু দুৱনি তোলে। জ্যোতিপ্রসাদ আগৰৱালাই এগৰাকী অবুজ কিশোৰীক এনেদৰে ফুচুলাই চিনেমা কৰোৱাটো কিমান দূৰ ঠিক আছিল? হয়, প্রথম অসমীয়া চিনেমা এখন অসমে পালে, কিন্তু সেইখনে এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰি নিদিলেনে? অভিনয় কৰি কি পালে এই গৰাকী মহিয়সী নাৰীয়ে? জ্যোতিপ্রসাদ আগৰৱালাই চিনেমা খনত ব্যৱহাৰ কৰিয়েই আইদেউক অৱহেলা কৰা নাছিলনে? মাথোঁ অৱহেলা, লাঞ্চনাৰে বহু বছৰ ধৰি অন্ধকাৰকেই সাৱটি থাকিল এইগৰাকী নাৰীয়ে। আৰু যেতিয়া কিছু স্বীকৃতি পাবলৈ আৰম্ভ কৰিলে তেতিয়ালৈ বহু পলম হৈ পৰিছিল। সম্বৰ্ধনা, কিছু আৰ্থিক সাহায্যতেই সীমাবদ্ধ হৈ থকা এই স্বীকৃতিয়ে কিন্তু কেতিয়াও ঘূৰাই দিব পৰা নাছিল আইদেউৰ জীৱনৰ হেৰাই যোৱা ৰং বোৰ। যি গৰাকী নাৰী ৰাষ্ট্রীয় পৰ্য্যায়ত স্বীকৃতি পোৱাৰ যোগ্য আছিল, সেই গৰাকী নাৰীক আমি স্বীকৃতি দিব নোৱাৰিলো। আৰু তেনেকেই আমাক এৰি আঁতৰি গ'ল নীৰৱে বুকুত আজীৱন ভৰি থকা দুখৰ বোজা লৈ। জয়মতী হৈ পৰিছিল প্রতিজন অসমীয়াৰ বাবে আশীৰ্বাদ, কিন্তু এগৰাকী নাৰীৰ বাবে ই আছিল আজীৱন এক অভিশাপ স্বৰূপ।

3 comments:

ankuraj said...

আমি “জয়মতিক” লৈ গৌৰভ কৰিম নে দুখ কৰিম????? তোমাৰ কথাখিনি পঢ়ি মই অলপ সিন্তাত পৰিচো

barnali said...

আটাইত্কৈ আচৰিত কথা যে জ্যোতিপ্ৰ্সাদে চিনেমাখন হৈ যোৱাৰ পাছ্ত আইদেওৰ সৈতে কোনো যোগাযোগ ৰখা নাছিল...

Manash Pratim Saikia said...

জেৰেঙাত জয়মতীক শাস্তি দি থকা দৃশ্যত হেনো তেওঁক মৰা কোব কেইটা ফণী শৰ্মা দেৱে সঁচকৈয়ে মাৰিছিল, বেছি Real Effect আনিবলৈ । আইদেউ সন্দিকৈয়ে যথেষ্ট দুখু পাইছিল ।