Tuesday, October 26, 2010

অয় অয় আকাশ শুব

অয় অয় আকাশ শুব (তলৰ প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰক)


কথা,সঙ্গীতঃ ভূপেন হাজৰিকা
শিল্পীঃ সুমন কল্যানপুৰ
চলচ্চিত্রঃ প্রতিধ্বনি (১৯৬৫)

সুমন কল্যানপুৰ
অয় অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাহাকাৰ হ'ব

সময় যেন স্তব্ধ হয়, হয় ভীত হয়
হয় চকুলোও শিল হ'ব
অয় অয় সময় শুব

পাপ যদি বেয়া কামনা কিয় দিলে
মোহ যদি বেয়া সুৰ কিয় দিলে
ভাঙন যদি বেয়া বিৰহ কিয় দিলে
তাৰ সমিধান কোনে দিব
অয় অয় সময় শুব

সাঁথৰ ভৰা নিশা মোৰ সোণ শুব
বৈধ কি অবৈধ কি প্রশ্ন হ'ব
দিগন্ততে হাহাকাৰ হ'ব

3 comments:

সুশান্ত কর said...

গানটোৰ এটা ৱেব লিঙ্ক দিব পৰা হ'লে আৰু ভাল লাগিলেহেতেন!

সুশান্ত কর said...

অহ ! লিঙ্কটো আছেই দেখোন। মোৰ চকুত পৰা নাছিল। ধন্যবাদ!

হিমজ্যোতি said...

গানটোৰ এটা ৱেব লিঙ্ক দিয়া হৈছে ইতিমধ্যে। ওপৰত প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰিলে গানটো শুনিব পাৰিব