Monday, October 11, 2010

ডুগ্গল পৰিয়ালৰ কথাৰে



      বিদ্যালয়ৰ শিক্ষক মি. সন্তোষ ডুগ্গলৰ উপাৰ্জন মাহে ২০,০০০ টকা। কিন্তু চলিবলৈ প্রয়োজন হয় ২৪,০০০ টকা। মিচেচ ডুগ্গলে হিচাপ নিকাচ কৰি ‘বেলেঞ্চ চিট্’ খন সদায় মিলাবলৈ যত্ন কৰে। কিন্ত মিলোৱাটো কঠিন হৈ পৰে। তাৰ মাজতে এদিন মি.ডুগ্গলৰ হাতলৈ আহে ইনকাম টেক্স ৰিটাৰ্ণৰ ৭,৬০০ টকা। ইয়াকে লৈ পৰিয়ালটোৰ উলাহৰ অন্ত নাই। চাৰিজনীয়া পৰিয়ালটোৰ এগৰাকীক লাগে আই পড, আনজনক লাগে ডিটিএইচ সংযোগ। মিচেচ ডুগ্গলৰ মন ৰাতি শুবৰ সময়ত ঘেৰঘেৰাই থকা ফ্রীজটো সলোৱাৰ।কিন্তু সকলোৰে আশাত চেঁচাপানী পৰে যেতিয়া পৰিয়ালটোৱে খবৰ পায় মিৰাটত আত্মীয়ৰ বিয়াৰ বাতৰি। কাৰণ বিয়া মানেই যে খৰছৰ এটা উৎসৱ। এনেকৈয়ে ছবিখনত আগবাঢ়িছে ডুগ্গল পৰিয়াল আৰু তেওঁলোকৰ নিম্ন মধ্যবিত্ত জীৱনৰ সৰু বৰ কাহিনীবোৰ।

      প্লেনমেন মোচন পিকচাৰ্চ আৰু ৱাল্ট ডিজনী প্রডাকচনৰ চলচ্চিত্র ‘দো দুনী চাৰ’ত, দিল্লীৰ (হয়তো আন বহু ঠাইৰে)নিম্ন মধ্যবিত্ত জীৱনৰ বাস্তৱ প্রতিচ্ছবি এখন যেন হুবহু ৰূপত অঙ্কিত হৈছে। সেয়া লাগিলে এটা পৰিয়ালৰ আশা নিৰাশাবোৰেই হওঁক অথবা উত্তৰ ভাৰতীয় লোকৰ বিয়াত দেখা পোৱা তথাকথিত ভেমেই হওক অথবা চুবুৰীয়াৰ সৈতে সৰু সৰু কথাত হোৱা কাজিয়া পেচালেই হওঁক নতুবা তাৰ মাজতে তিলটোকে তালটো কৰা অইন ওচৰ চুবুৰীয়া সকলেই হওঁক। যিবোৰ দিল্লীৰ এক সুলভ দৃশ্য। মি.ডুগ্গল ৰূপী ঋষি কাপুৰ আৰু মিচেচ ডুগ্গল ৰূপী নিতু কাপুৰৰ একেলগে প্রায় তিনিটা দশকৰ পাছত যেন এক দুৰ্দান্ত প্রত্যাবৰ্তন। চলচ্চিত্র খনত নাই অইন কোনো গ্লেমাৰ থকা অভিনেতা বা অভিনেত্রী। সেইবাবে হয়তো সিমান প্রচাৰো পোৱা নাই। অথচ আটাইকেইগৰাকী মুখ্য শিল্পীৰ অভিনয় শলাগিবলগীয়া। কম বাজেটৰ চলচ্চিত্রবোৰেও যে কেতিয়াবা এটা চমক দিয়ে ইয়ে এটা উদাহৰণ। হবিব ফইজলে নিজৰ প্রথম খন চলচ্চিত্রৰেই ইতিমধ্যে দৰ্শকৰ মন মুহি পেলাইছে। বহুদিনৰ মূৰত এখন ভাল হিন্দী চিনেমা চাই টোকা এটা লিখাৰ লোভ সামৰিব নোৱাৰিলো। কাৰণ ই যে প্রতিটো ভাৰতীয় নিম্ন মধ্যবিত্ত পৰিয়ালৰ এক সুলভ কাহিনী। স্কুটাৰ এখনৰ পৰা এখন গাড়ী কিনাৰ সপোন আৰু বাস্তৱৰ কাহিনী।





(উল্লেখযোগ্য যে এই কথাছবিখনে শ্রেষ্ঠ হিন্দী চলচ্চিত্রৰ ৰাষ্ট্রীয় বঁটা লাভ কৰিছে)

1 comment:

সুশান্ত কর said...
This comment has been removed by the author.