
বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে অসমৰ জাতীয় জীৱনতো সঘনাই জড়িত এবিধ বাদ্যযন্ত্র হৈছে - ঢোল
। আমি আমাৰ অতিকে আপোন বিহুৰ লগতে ঢোলটো সাঙুৰি লওঁ যদিও ই যে কেৱল বিহুতে যে ব্যৱহাৰ হয় এনে নহয়
। অন্যান্য বিভিন্ন উৎসৱ পাৰ্বন তথা লোক সংগীতৰ লগতো এই বাদ্যযন্ত্রবিধ জড়িত
। উৎসৱ তথা বিভিন্ন জনজাতি ভেদে ঢোলৰ প্রকাৰো ভিন ভিন
। অসমৰ বিভিন্ন লোকাচাৰ ভেদে ভিন্ন প্রকাৰৰ ঢোল ব্যৱহাৰ কৰা হয়
। তাৰে ভিতৰত প্রধান ঢোল কেইবিধ হ'ল - বৰ ঢোল বা জয়ঢোল, ঢেপাঢোল, বিহু ঢোল ইত্যাদি
। বিভিন্ন ৰাজহুৱা উৎসৱ, সবাহ আদিত বৰ ঢোল বজোৱা হয়
। সাধাৰণতে দেওধানী নৃত্যত জয়ঢোল এক অপৰিহাৰ্য্য অঙ্গ
। আনহাতে ঢেপা ঢোলৰ বহুল প্রচলন আছে দৰং জিলাত
।এই ঢোলৰ এফালে এতৰপীয়া আৰু আনটো ফালে দুতৰপীয়া ছাগলীৰ ছাল ব্যৱহাৰ কৰা হয়
।এই ছাল দুখনৰ মাজত এটা সৰু বিন্ধা থাকে আৰু বজাবৰ সময়ত সেই বিন্ধাৰে পানী সুমুৱাই দিয়া হয়, যাতে ছাল খন সোপোকা হৈ পৰে
।সেইবাবে ইয়াক ঢেপা ঢোল বোলা হয়
। বিহু গীতত ব্যৱহৃত আমাৰ সকলোৰে পৰিচিত ঢোলবিধৰ হাতেৰে বজোৱা বাওঁফালৰ অংশ তৈয়াৰ কৰা হয় ছাগলীৰ ছালেৰে আৰু মাৰিৰে বজোৱা সোঁ ফালৰ অংশ তৈয়াৰ কৰা হয় গৰুৰ ছালেৰে
। এই ঢোলবোৰ সাধৰণতে চাম, কঠাল, আম আদি গছৰ পৰা তৈয়াৰ কৰা হয়
। অকল অসমীয়া সমাজতে যে ঢোলৰ প্রচলন আছে এনে নহয়
। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজতো ঢোল বিভিন্ন ৰূপত দেখা যায়
। বড়ো আৰু ৰাভা সকলে ব্যৱহাৰ কৰা দীঘল আকৃতিৰ ঢোল বিধক
খাম বোলে
। কাৰ্বি সকলে ঢোল কেৱল ছাগলীৰ ছালেৰেহে প্রস্তুত কৰে, ইয়াক
চেং বোলা হয়
। আনহাতে তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাজত ঢোলক
খ্রাং হিচাপে জনা যায়
।বিভিন্ন প্রকাৰৰ খ্রাং বোৰ হ'ল - খ্রামচা, বাৰ', লুৱা, পন্থাই ইত্যাদি
।বৰঢোল বাদন (
তলৰ প্লেয়াৰটোৰ প্লে' বুটামটোত ক্লিক কৰক)
No comments:
Post a Comment